ফটাঢোল

তেজে-পুঁজে জীৱন- ৰঞ্জিত হাজৰিকা

সম্বন্ধত একো নহয় যদিও চুবুৰীয়া হিচাপে তেওঁক দাদা বুলি মাতোঁ আৰু ভাবোঁও সেইদৰেই৷ দুবছৰমানৰ আগেয়ে চাকৰিৰ পৰা অৱসৰ লৈছে যদিও এতিয়াও থুলন্তৰ চেহেৰা তেওঁৰ৷ গাৰ ৰং এই যেন তেজে ফুটি যাওঁ, ফাটি যাওঁ৷ খোৱা-বোৱাতো আগৰণুৱা৷ স্বভাবত একেবাৰে চিধাচিধি৷ দাদাই কাৰো অহিত চিন্তা কৰাৰ উদাহৰণ নাই৷ দাদাৰ কেৱল এটাই দোষ আৰু সেই দোষটোৰ বাবেই বহুতে তেওঁৰ পৰা আঁতৰি থাকিব বিচাৰে৷ চেঙেলীয়াসকলৰ ভাষাত তেওঁ “কিছু কামোৰ”৷ আচলতে দাদাই অনবৰতে নিজৰ গাত কিবা নহয় কিবা এটা অসুখ লাগি থকা বুলি ধাৰণা এটা লৈ

Read more

মিতিৰৰ মহত্ব- চন্দ্ৰমা খাউণ্ড

সন্ধিয়াৰ আগে আগে ৰুমমেট ভণ্টিজনীৰ লগত ওলালো তিনিআলিৰ দোকানলৈ। ৰাতি ভাতৰ সলনি খাব পৰা কিবা এটা আনোগৈ বুলি। সেইকেইদিন দীঘলীয়াকৈ অসম বন্ধ দি আছে। গোলাঘাটত ভালকৈ প্ৰভাৱ পৰিছে। কেইবাদিনো বজাৰৰ ফালে যাব‌ই পৰা নাই। তাতে জ্বলা জুইত ঘিঁউ হৈ আমাৰ ৰুমৰ চিলিণ্ডাৰৰ গেছ শেষ হ’ল। দুখক কোলাই পাছিয়ে যেনে তেনে সামৰি কাষৰ ৰুমটোতে এসাজ ৰান্ধিলো। ভণ্টিজনীৰ দেউতাকে চিলিণ্ডাৰ আনি দিয়াৰ কথা, কিন্তু বন্ধৰ বাবে আহিব পৰা নাই। বেলেগৰ ৰুমৰ গেছ ব্যৱহাৰ কৰি থাকিবলৈও ভাল নালাগে। গতিকে ভাবি গুণি বেলেগ কিবা

Read more

ট’বেক্অ’ ইজ্ ইনজুৰিয়চ টু হে’লথ্- পৰীস্মিতা গগৈ

বতৰটো গোমা কৰি আহিছে। পাতলকৈ দুছাটিমান বতাহো বলিছে। দূৰৈৰ আকাশত মাজে মাজে চিকমিকাই উঠিছে বিজুলী। নন্দই তপিনা দাঙি দাঙি মাজে মাজে ওপৰলৈ চাই যিমান পাৰে সিমান বেগত চাইকেলখন চলাই নিছে ঘৰ অভিমুখে। বৰষুণ পৰাৰ আগত ঘৰ সোমাব নোৱাৰিলে দিনটোৰ কষ্ট অথলে যাব। এইকণ যোগাৰ কৰিবলৈকে দিনটো কমখন কষ্ট কৰা হ’ল নে! সেই পুৱা ভীমকল এটাৰে চাহকণ খাইয়ে ওলাই আহিছিল সি। মনত পৰাৰ লগে লগে পকেটত কাগজেৰে বান্ধি অনা বস্তু দুটা হাতেৰে এবাৰ চুই চালে। আছে, আছে নুৰাটো ভালকৈয়ে আছে। হওকতেও,

Read more

আমাৰ চেনেহৰ লেণ্ডলাইন ফোনটো- কমলা দাস

আমি ছোৱালী হৈ থকা সময়ত লেণ্ডলাইন ফোনটো আমাৰ বাবে এক হেঁপাহৰ সম্পদ আছিল। বহুত আনন্দৰ, সুখৰ স্মৃতি জড়িত থকা ফোনটো পিছে সেই সময়ৰ সকলো মানুহৰ বাবে প্ৰয়োজনীয়ও নাছিল আৰু সুলভো নাছিল। এটা অঞ্চলত আঙুলিৰ মূৰত গণিব পৰা কেইঘৰমান মানুহৰ ঘৰত হে ফোন আছিল। যাৰ ঘৰত আছিল, সেইঘৰ মানুহ ধনী বুলিয়েই পৰিগণিত হৈছিল। অৱশ্য তাকে লৈ মানুহঘৰৰ কোনো অহংকাৰ নাছিল। বৰং কোনোবাই ফোন কৰিব আহিলে ভালেই পাইছিল। দূৰৰ পৰা কোনোবাই যদি কাৰোবাক ফোন কৰিম বুলি নিৰ্দিষ্ট সময়ত মাতি দিবলৈ কয়, তেন্তে

Read more

আধুনিক সুখ- সোমেশ্বৰ বৰা 

আমাৰ তেখেত কালি তেখেতবৰ হাতলৈ গৈছিল। তেখেতবৰ হাতৰ পৰা কেইটামান তেখেত কেৰেলা আনিছিল। খাবলৈ যে ইমান তেখেত তেখেত ঐ। এয়া আছিল তিতাৰমৰ ঘৈণীয়েকে তিতাবৰৰ তিতাকেৰেলাৰে তাহানিতে খোৱা এসাঁজৰ কথা। আজিৰ তিতাৰমৰ ঘৈণীয়ে কয়, ঐ শুনিছ, ভাত খাৱ যদি তিতাকেৰেলা এপোৱা লৈ আহিবি। মোৰ ত্ৰিট এটা আছে। মই বাহিৰত খাম। তিতাৰামৰ ঘৈনীয়েকে বন্ধন গোটৰ লোন এটা লৈ i-phone কিনিলে আৰু এতিয়া ফে’চবুক কৰে।তিতাৰামে তিতাবৰীয়া বজাৰত তিতা কেৰেলা বেছি বন্ধন গোটৰ লোন মাৰে। ভাল বেয়া নিচিনিলোঁ, পিচে থাৰে-ইচাৰে মতা মাতষাৰ, হে’ৰি, শুনকচোন,

Read more

সমালোচনাৰ কথা- উৎপল দত্ত

মন কৰিবচোন, চিনেমা এখন চাই উঠি সকলো সমালোচক হৈ উঠে। হওঁতে সকলােৰে মন এটা থাকে কিবা এটা মতামত দিয়াৰ, গতিকে দিয়ে বাৰু। মতামত দিয়াত আপত্তি নাই, কিন্তু কিছুমানে যে বিচাৰকৰ দৰে ৰায় দিয়ে, কিছুমান আছে আৰু এখোপ ওপৰলৈ যায়, দেশপ্ৰেম, জাতীয়তাবাদ সকলো আহি মূৰত হেঁচা মাৰি ধৰে! চাবই লাগিব চিনেমাখন, নহ’লে অসমীয়া সংস্কৃতি যাবগৈ। আৰে! চলচিত্ৰ সমালোচনা কি ইমান উজু? চিনেমা নিৰ্মাতা আৰু সমালোচকৰ মাজত মতৰ মিল খুব কমেইহে দেখা যায়। এবাৰ এজন সমালোচকক সোধা হ’ল – অমুক চিনেমাখন কেনে?

Read more

সৃষ্টি বিভ্ৰাট- হেমন্ত কুমাৰ বৰা

লেখকসকল বিভিন্ন প্ৰকাৰৰ৷ সকলোৰে নিজস্ব স্বকীয় শৈলী, গতিশীলতা, সৃষ্টিশীলতা আৰু আবেগিক পৰিপক্বতা আছে৷ মুঠতে সকলোৰে কল্পনাৰ ঘোঁৰাৰ পৰিধি, বেগ আৰু তাল (rythm) বেলেগ বেলেগ৷ এয়া সেই সময়ৰ কথা যেতিয়া আমাৰ পুৰণা এডমিন অবিৰাম কলিতাদেৱ, বহু বছৰৰ আগতে, প্ৰথম বাৰৰ বাবে ফটাঢোল আলোচনীৰ সম্পাদনাৰ দ্বায়িত্ব পাইছিল৷ তেখেত বৰ সৰবৰহি আৰু অনুসন্ধিৎসু প্ৰাণী যি সদায় নতুন পৰীক্ষামূলক গবেষণা কৰাত অগ্ৰগণী৷ স্বাভাবিকতেই আলোচনীখনৰ সৰ্বাংগীণ উন্নতিৰ বাবে তেখেতৰ উৰ্বৰ মস্তিস্কত এটি অনন্য পৰিকল্পনাৰ জাগৰণ ঘটিল৷ সেই মুহূৰ্তত তেখেতে গা ধোৱা ঘৰত সোমাই নিজৰ মাহেকীয়া

Read more

আমাৰ ঘৰৰ ফ্ৰীজটো- ড° অজন্তা দাস

ষাঠিৰ দশকতেই মোৰ দুবছৰ মান বয়সতেই তিনিচুকীয়াত থাকোঁতে দেউতাই এটা ফ্ৰীজ কিনিছিল, হিমালাক্স কোম্পানীৰ। হাতীদাঁতৰ ৰঙৰ ফ্ৰীজটো ৫ ফুট মান ওখ আছিল। অভিযন্তা দেউতাই কাম চাবলৈ ঢলা, ফিলোবাৰী আদি ঠাইলৈ গ’লে বাটে ঘাটে দৈ, ক্ৰীম, মাছ আাদি বিভিন্ন বস্তু সস্তাতে এগালমান কিনি গোটাই পিটাই আানিছিল বাবে বস্তু থ’বলৈ ফ্ৰীজটোৰ প্ৰয়োজন হৈছিল। কিন্তু মজাৰ কথা যে ঘৰত সৰহকৈ এনে বস্তু গোট খালেহে মায়ে ফ্ৰীজটো চলাইছিল , নহ’লে তাক বন্ধ কৰি থোৱা হৈছিল। কাৰণ ফ্ৰীজটো ইলেক্ট্ৰিক ফ্ৰীজ নাছিল৷ কেৰাচিনতহে চলিছিল। ফ্ৰীজটো অন

Read more

কানি- ৰূপম দত্ত

বাছ চলাই আছোঁ। তিনিচুকীয়া ফালে আহিলে তিনিচুকীয়াত নামি ঘৰলৈ আহোঁ। দিনটো ঘৰত আৰাম কৰি আবেলি আকৌ বাছত। দৈনন্দিন মোৰ এই ৰুটিন চলি আছে। নাইটচুপাৰৰ যাত্ৰাৰ মাদকতা আৰু ৰোমাঞ্চ এক বুজাব নোৱাৰা অভিজ্ঞতা। আমাৰ খোৱা, শোৱা সকলো বাছতেই। কেবিনত এটা বাকচত আমাৰ দাঁত ব্ৰাছ, টুথ পেষ্ট, চুলিত ঘঁহা তেল, ক্ৰীম, পাউদাৰ সকলো থাকে। এই কেবিনটো আমাৰ বেডৰূম, ড্ৰয়িংৰূম। চাইডৰ ডিকিত পাম্প মৰা এটা ষ্টভ, কেৰাহী দুখন, চছপেন দুটা, বটোৱা এটা কাঁহী-বাটি, হেতা। প্লাষ্টিকৰ বৈয়ামত হালধি, নিমখ, তেজপাত, ডাইল, শুকান জলকীয়া সদায়

Read more

বৃত্ত- অভিজিত মেধি

 (১) তেতিয়া ” কেতিয়াৰ কথা আছিল জানো? বোধহয় তৃতীয়মান শ্ৰেণীত পঢ়া সময়ৰ! সহোদৰা সম্পত্তি হিচাপে পোৱা টিনৰ বাকচ এটাত কিতাপ-বহী কঢ়িয়াই ঘৰৰ কাষৰে প্ৰথামিক বিদ্যালয়লৈ যোৱা দিনৰ। এদিন লাগিল বাইদেউৰ লগত মহাৰণ এখন। তাই বোলে মোৰ বাকচ লৈ মোৰ ওপৰতেই বাহাদুৰী! লাগিল মোৰো এটা জেদ। নতুন টিনৰ বাকচ এটা মোক লাগিবয়ে। মাৰ ওচৰত দাবীটো লৈ গ’লোঁ। মা আছিল চৰকাৰৰ দৰে উদাসীন মানুহ, পাত্তায়ে নিদিলে। ইপিনে মই আছিলোঁ কেজৰীৱাল টাইপ। অনশনত বহি গ’লোঁ, কন্দা-কটা হুলুস্থূল এখন লগাই দিলোঁ। বিচৰা ফলাফল নোপোৱাত

Read more
1 28 29 30 31 32 84