ফটাঢোল

চেন্টু দাঃ কল্পনা আৰু বাস্তৱ-ৰিংকু সমাদ্দাৰ-(প্ৰিয় লেখক বৈদুৰ্য্য বৰুৱাৰ সৈতে এটা ভাল লগা দিনৰ আত্মকথা”)

 যি সকলে “বিস্ময়”ৰ পাতত বৈদুৰ্য্য বৰুৱাৰ উপন্যাস পঢ়িছে তেওঁলোকক নতুনকৈ চেন্টুদা কোন সেয়া চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। হয়, সেই চেন্টুদা, নামেই যাৰ পৰিচয়।লেখকজনক বহুতেই নাজানে, চিনি নাপায়। অথচ তেখেতৰ উপন্যাসৰ মূল কেন্দ্ৰীয় চৰিত্ৰটোক কোনে নাজানে! আৰু তাৰ সমান্তৰালকৈ অপু আৰু জগু নামৰ তীখৰ কুকুৰটো! কি নাখাইছিল সি! বিড়িৰ বাহিৰে আপেল, আঙুৰ, কল, মধুৰীআম, অমিতা, মাছ, মাংস, কণী, ভাত, ৰুটি, দৈ, মদ সকলো খাইছিল সি। কেতিয়াবা নিজকে সোঁধো,মই চেন্টুদাক কিয় ভালপাওঁ? তেতিয়াই বৈদুৰ্য্য দাৰ চিৰসেউজ সৃষ্টিবোৰৰ পৃষ্ঠা সমূহ লুটিয়াই চাওঁ।

Read more

কণী-পুৰ্নানন্দ শৰ্মা

মাৰ্চ মাহৰ ফটাঢোলৰ সম্পাদক মহোদয়ে ফাটাফাটি লেখা এটা লাগে বুলি এদিন ইনবক্সত মেচেজ এটা দিলে৷ মেচেজটো পঢ়িয়েই মোৰ মূৰটো ঘূৰাবলৈ ধৰিলে৷ হাত-ভৰি কপিবলৈ ধৰিলে৷ কাৰণ এয়াটো এটা মেচেজ নহয়, বুকুৰ আপোন ফটাঢোলৰ নিৰ্দেশ৷ কি লিখিম? কাৰ বিষয়ে লিখিম? ফাটাফাটি লেখা মানে ৰচনা এখন লিখিব লাগিব৷ ৰচনা!  আস!! মোৰ বাবে এই ৰচনা শব্দটো কম আহুকলীয়া নে?  ৰচনা শব্দটো অহাৰ লগে লগে মনত পৰিল ছয়মাহিলী পৰীক্ষাত ৰচনা লিখি নম্বৰৰ ঠাইত কণী এটা বহি থকাৰ সেই আপুৰুগীয়া দৃশ্যটো ৷ গতিকে ঠিক কৰিলো মই

Read more

সৰলতাৰ চানেকি- চিন্ময় শইকীয়া

পি চি অ’ বোৰেই সকলো আৰু তেতিয়া। মোবাইলতো বহু দূৰৰে কথা, পি চি অ’লৈ গৈ ৰৈ থাকিব লগা হৈছিল এষাৰ কথা পাতিবলৈ! সেই সময়ত মোৰো আছিল পি চি অ’। কণফাৰেঞ্চ লিংক কৰি দিবৰ বাবে আন এটা লেণ্ড ফোনো ৰাখিছিলোঁ। সেই নম্বৰটোতে ফোন আহিছিল বিভিন্নজনৰ। ফোন কৰিব ককায়েকে, বাপেকে, লগৰ কোনোৱে, কোনোবা আপোনজনে ৰৈ থাকেহি সেইসকলৰ লগত কথা পাতিবলৈ আৰু ফোনেকলটো পোৱাৰ পাছত, মাতষাৰ শুনাৰ পাছত, সেই প্ৰতিজনৰ মুখত দেখিছিলোঁ সুখ, মন মুকলিৰ এমোকোৰা হাঁহি! আমাৰ গাঁৱৰে এজনৰ কথা৷ তেওঁ মোৰ

Read more

ইউৰেকা, ইউৰেকা-নয়নজ্যোতি বৰঠাকুৰ

আমাৰ মৰমৰ ফটাঢোলৰ এগৰাকী অন্যতম সদস্যা নীলাক্ষি বাইদেউৰ এইকেইদিন গা সাতখন-আঠখন একেবাৰে৷ সকলোৱে ভৱাতকৈ অলপ বেছি কাৰণ ফটাঢোলৰ বাৰ্ষিক অধিৱেশন পুনৰ বাৰ ২৩ ফেব্ৰুৱাৰীত হ’ব বুলি ইতিমধ্যেই ওপৰমহলৰ পৰা এক জাননী প্ৰেৰণ কৰিলেই, তাতে আকৌ এগৰাকী অন্যতম প্ৰশাসকো। সেয়েহে মাহৰ প্ৰথম দিনটোৰপৰাই কাকতি দা, শংকৰ দা, মানৱ দা, ৰীমা বা, বাৰ্বি বা, ডা° বাবু পাৰ্থ দা যিটি কথাতে ফোন কৰি ব্যতিবস্ত কৰি তোলে৷ তাতেই আকৌ চকু চৰহা এজাকে অনুষ্ঠানত আলু খোৱাব, হাঁহ নুখুৱাই, বগা ছাগলী কিয় মুঠতে নানান প্ৰকাৰে চাপত

Read more

দলঙৰ সিপাৰৰ হাঁহ পোৱালি ভিন্নস্বাদ-সৌমিত্ৰ যোগী

কলঙৰ পাৰত জন্ম আৰু এখন বিখ্যাত নদীৰ পাৰত ডাঙৰ-দীঘল হ’লেও সকলো ধৰণৰ দলঙৰ সৈতে মোৰ পৰিচিতি নাছিল৷ দলঙৰ সৈতে মোৰ আচল পৰিচয় হয় বন্ধু এজনৰ বিয়া খাবলৈ গৈ৷ আচলতে নিশা বিবাহযাত্ৰী হিচাপে বাছত আছিলোঁ যদিও ৰাতি দলঙেই পাৰ হৈছোঁ নে পাহাৰেই পাৰ হৈছোঁ একো গম পোৱা নাছিলোঁ, কিন্তু বন্ধুৰ অনুৰোধক্ৰমে আঠমঙলা খাবলৈ যাব লগা হোৱাত উভতি আহোঁতে চকুৰে সকলো পৰিষ্কাৰকৈ দেখি থাকিলোঁ৷ বন্ধু সপত্নীক মাজৰ ছীটত বহিছে৷ মই আগৰ ছীটত, পাইলটৰ সৈতে৷ গাড়ীখন দলং উঠিবলৈ লওঁতেই দেখিলোঁ এখন সাংঘাতিক ছাইনব’ৰ্ড৷

Read more

উল্টা-পুল্টা- জ্যোতিৰ্ময় কলিতা

 (১) ক’ৰ পৰানো এই ফিৰফিৰিয়া বতাহজাক আহি দেহটো শীতল কৰি পেলালে৷ চেঁচাত একেবাৰে গাৰ নোম ডাল ডাল হ’ল৷ পুহ, মাঘমহীয়া দিন নহয় যদিও ঠাণ্ডাটো কমিবৰে হোৱা নাই৷ তাতে আৰু চাৰিওফালে বিয়াৰ জোৱাৰ৷ সদায় সদায় ৰাতিখন শান্তিত শুব নোৱাৰি৷ স্পীকাৰত ধুম ধুমকৈ বজোৱা গীত শুনিম নে আকাশমাৰ্গত ফুটোৱা বোমাৰ শব্দবোৰ৷ মুঠৰ ওপৰত শান্তি নোহোৱা হৈছে৷ এনেই ৰাতিপুৱা সাৰ নাপাওঁ ১০-১১ বজালৈ৷ মায়ে সদায় কয় পুৱাই উঠিবি, পুৱাই উঠিলে ঘৰৰ দুটামান কাম হয়৷ লাগিলে দিনটো আৰু শুই থাকিবি৷ কথাটো হওঁতে হয় পিছে

Read more

আমাৰ এওঁ আখ্যান -কৃষ্টি কেন

১/ মই : এইটো মাহত আৰু মই তোমাক পইচা দিব নোৱাৰোঁ মোৰ বহুত টান চলিছে শেষত। এওঁ : ঠিক আছে তেতিয়া হ’লে মোক ৫০০ টকা ধাৰলৈ দিয়া। তুমি দৰ্মহা পালেই মই তোমাক ঘূৰাই দিম। এদিন ক্ৰিকেট খেল চাই থাকোঁতে এওঁ : সদায় সদায় গোটেই দিনটো ক্ৰিকেট আৰু ক্ৰিকেট,  মই যে আছোঁ মানুহজনী খবৰেই নাই, মই ঘৰ এৰি গুছি যাওঁ। মই : (কমেণ্ট্ৰিৰ সুৰত) পেহলি বাৰ কদমো কা বেহটৰিন ইষ্টেমাল৷ ২/ সেইদিনা মই টিভি চাই আছিলোঁ, আমাৰ এওঁ চাহ লৈ আহিল

Read more

পদুম পুখুৰীৰ ভাওনা-অৱন্তী গোস্বামী

হেৰ থোলোক মই কথা এষাৰহে ভাবিছো পাই? হেৰ! গাঁওখনত আজি অলপদিনৰ পৰা অথন্তৰবোৰ হৈ আছে অ, মই মনতে বোলো এই কথাই কথা নহয়, নামঘৰ ভাগতে কিবা দায় দোষ লাগিছে নেকি? নহ’লে হেৰৌ কিহৰ জগৰ লগালো অ’ ডাঙৰীয়াৰ ওচৰত? তাকে বোলো মনতে ভাওনা এভাগীকে ৰাইজ, ভকত সকলোৱে গোট খাই পাতিম বুলি ভাবিছো। থোলোকে বোলে দাইটি কথাষাৰ ময়ো মিহি মিহিকৈ নভবাকৈ থকা নাই। এটা কাম কৰ তেনেহ’লে, অহাকালিলৈ গগণ মুক্তিয়াৰক কথাটো কাণ চোৱাই, গাঁ‌ৱৰ ৰাইজকো নামঘৰলৈ মাতি দে। পিছদিনা বোৱাৰী পুৱাতে থোলোকে

Read more

বুদ্ধিজীবি -মনজিৎ

১) : ঐ চুল কাটনা হে? : বহক না দাদা৷ কেনকে কাটিম কক? : ইয়ে চাইড চে চটা চটা কৈ কাট দৌ৷ চুল পক গেয়া হে৷ : হ’ব দাদা৷ : আটচে চে কাটনা খাৰাব কৰনে চে দেখ লেনা : আপনি চিন্তা নকৰিব দাদা৷ ধুনীয়াকে কাটি দিম ট’ কাষৰ চকী খনত বহি চুলি কাটি থকা অৱস্থাত শুনা কথোপকথন৷ ইয়াত হিন্দীত কৈ থকাজন বাহিৰাগত খাটি অসমীয়া আৰু খিলঞ্জীয়া বিহাৰী নাপিত৷ দুদিন পিছত ভাষা সংস্কৃতিৰ সংকটৰ বাবে হোৱা আন্দোলনৰ একেবাৰে আগত টেঁটুফালি জয়

Read more

মোৰ চেণ্ডেলপাট -ৰঞ্জু হালৈ মুনি

মোৰ শৈশৱৰ কথা অলপ কৈছোঁ দেই ৰাইজ৷ সৰুৰে পৰা দাদাহঁতে মানে য’লৈ গৈছিল মোকো লগত লৈ ফুৰিছিল৷ সেয়েহে মই অলপ খটৰনাক টাইপৰ৷ এবাৰ দেউতাই বজাৰৰ পৰা মোক এযোৰ চেণ্ডেল আনি দিছিল৷ চেণ্ডেলযোৰ মানে মোৰ বৰ মৰমৰ৷ আমাৰ স্কুলত এটা গ্ৰুপ আছিল৷ যিটো গ্ৰুপক নেকি ছাৰসকলে পৃথিৱীৰ সাতটা আচৰিত বস্তুৰ ভিতৰত এটা বুলি নাম দিছিল৷ গ্ৰুপটোৰ কথা পিছত লিখিম৷ আজি মোৰ চেণ্ডেল পাটৰ কথা লিখিম৷ স্কুলৰ পৰা আহিয়ে বহী-কিতাপ দলিয়াই খেলিবলৈ গৈছিলোঁ৷ সন্ধিয়া যেতিয়া পঢ়াৰ টেবুলত বহোঁ টোপোনিয়ে হেঁচা মাৰি ধৰে৷

Read more
1 32 33 34 35 36 84