ফটাঢোল

অ’ মোৰ সুৰীয়া মাত – নিৰ্মালী সন্দিকৈ

অ’ মোৰ সুৰীয়া মাত – নিৰ্মালী সন্দিকৈ :মোৰ ল’ৰা ‘ডিজনী হোম’ত পঢ়িব। এইটো মোৰ অপিনিয়ন নহয়, লাষ্ট ডিচিছন। তুমি তাৰ ফৰ্ম আনিবলৈ লাইনত খাড়া হ’বও নালাগে। মই আৰ্লি মৰ্নিং গৈ নিজে লাইন পাতিম। তুমি জাষ্ট প্ৰে’ কৰিবা। যদি তাকো নকৰা, মোৰ নৌ প্ৰব্লেম। আই ৱিল মেনেইজ। :সি ওমলা ঘৰলৈ যাব। তাকো তিনিবছৰ সম্পূৰ্ণ কৰি। এইটো মোৰো লাষ্ট ডিছিচন। :ঔ ৰিয়েল্লী? লগৰ চবেই তাক বুদ্ধু বুলি মাতিব জানা। বনিহঁতে ৰাইমচ্ গালে সি “কল কল কল আহাঁ দল বল” গাই শুনাব, আৰু

Read more

মিছা নকওঁ – মণিষা কাকতি

অৱশেষত ভগৱানে চূড়ান্ত সিদ্ধান্ত লৈ পেলালে। নাই.. আৰু সহ্য কৰা নহ’ব। মনুষ্যজাতিক এসেকা দিয়াৰ সময় সমাগত। নিজ হাতেৰে সৃষ্টি কৰা জীৱ বুলি মৰম কৰোঁতে কৰোঁতে লাই পাই মূৰৰ ওপৰত উঠিছে। সকলো বস্তুৰে এটা সীমা থাকে। এই সীমা অতিক্ৰম কৰাসকলক ৰেহাই দিয়াতো অনুচিত। পাপ-পূণ্য, ভাল-বেয়াৰ চিনচাব নোহোৱা কৰিবলৈ মানুহ কোন? ভগৱান অভী ভি জিন্দা হেঁ য়াৰ। দোষ-গুণ বুলিলে মনুষ্য জাতিৰ মাজত কিজানি অকল দোষহে ওলাব। মানুহ মানেই দোষৰ সমষ্টি। তথাপি ভগৱানে ভাবিলে যে শাস্তিবোৰ এটা এটাকৈ দিয়া যাওক। হয়তো এটা দোষৰ

Read more

ক্ষোভিত হৃদয়ৰ মৌন প্ৰতিবাদ- অৰুন্ধতি কাশ্যপ

ঘড়ী চাই অৰুন্ধতী উচপ খাই উঠিল ।চাৰে সাত বাজিছে।”হ’ল আৰু আজি” বুলি মনতে ভাবিলে।ন বজাত অফিচ পাব লাগিব ।সদায় পলম হয় তাইৰ ।তাতে আজি সকলোৰে মৰমৰ কলিতা দাৰ বিদায়সভা।বহুত কাম আজি অফিচত ।দুই এজন বাহিৰৰ মানুহো আহিব।সকলোবোৰ নিয়াৰিকৈ হ’ব লাগিব।আগতে অফিচৰ যিকোনো কাৰ্য্যসূচীতে কলিতা দাই কাৰো একো অসুবিধা হ’ব নিদিয়ে ।সেইজন মানুহৰ বিদায়সভাত খেলিমেলি হ’লে কিমান বেয়া লাগিব।মই নাই বাবে এনেকুৱা হ’ল বুলি কলিতা দাই দুখ নকৰিব নে?? সেইবাবে কালিতে  দাস চাৰে  সকলোকে সোনকালে উপস্থিত থাকিবলৈ কাঢ়া নিৰ্দেশ  দি থৈছে

Read more

কণপাই পাৰ্টীৰ নিৰ্বাচনী ৰণসজ্জা – অভিজিত কলিতা

কণপাইসকলে সকলো বেয়া কাম কৰিব পাৰে কিন্তু যি কৰে অপেনলি কৰিব, তাত কোনো লুকঢাক নাই। (এইটোৱেই প্ৰমাণ যে কণপাইৰ হিডেন এজেণ্ডা থাকেই, এনেকে কথা কোৱা সকলোৰে থাকে) সেয়ে কণপাইসকলে মুকলিকৈ স্বীকাৰ কৰে যে ধৰ্ম চৰ্ম, সমাজ সেৱা, মানৱ কল্যাণ, মৌলিক অধিকাৰৰ যুঁ‌জ, এই সকলোবোৰৰ পিছত সকলোৰে এটাই ধাণ্ডা, সেইটো হ’ল ক্ষমতা। মানে চলে বলে কৌশলে কোনো এখন ঠাইৰ ৰাজনৈতিক অধিকাৰ হস্তগত কৰি সেই ঠাইখনত সম্পদবিলাকৰ ওপৰত অধিকাৰ সাৱ্যস্ত কৰাই কণপাইধৰ্মীসকলৰ মূল লক্ষ্য। বহুতে কামটো পোনে পোনে নকৰে, মুখলজ্জাৰ ভয়ত তাক

Read more

ভক্তৰ স্বগতোক্তি! – জ্যোতিৰূপম দত্ত

ঘৰখন নচলা হৈছে৷ বহু কষ্ট৷ কি কৰিম? আগতেও অৱস্থা বেয়া আছিল, পিছে এতিয়া বৰ বেয়ালৈ গৈছে৷ নতুন ৰজাক ঢোলে-ডগৰে আমিয়েই আদৰি ৰাজপাটত বহুৱালো৷ সুখৰ দিন ঘূৰি আহিব বুলি আমাৰ বিশ্বাস আছিল৷ ৰজাৰ প্ৰতিদ্বন্দীৰূপে এগৰাকী আদহীয়া ৰাজকোঁৱৰ নথকা নহয় অৱশ্যে৷ পিছে কথা কামৰ লাগবান্ধ নোহোৱা বুৰ্বক ৰাজকোঁৱৰজনালৈ ৰাইজে পিঠি দি তপস্বীজনাকেই ৰজাৰ আসনলৈ আদৰিলে৷ সকলো জাগতিক সুখলৈ পিঠি দিয়া তপস্বী, ফকীৰৰ দৰে এজন মানুহ৷ শিক্ষা-দীক্ষাৰ কোনো ঠিকনা নোহোৱা, বিয়া কৰায়ো তিৰোতাক এৰি থৈ দেশে বিদেশে উৰুলিপুঙাৰ দৰে ঘূৰি ফুৰা মানুহজনক ৰজা

Read more

ৰসাৱতাৰ – ঈশান জ্যোতি বৰা

(১) গছৰ ডালত দুটা কল খোৱা বান্দৰ৷ গছজোপাৰ স্থায়ী ঠিকনা কৃপাবৰ বৰুৱাৰ পাছফালৰ বাৰী। গছজোপাৰ নাম আম৷ বয়স ষাঠী। ৰ’দৰ চমকনিত চমকি থকা এক স্বাস্থ্যোজ্জ্বল চেহেৰা আৰু এটা মহামূল্যৱান কথা৷ নহ’লে ৰৌ-ৰৌ নৰকত পচি মৰাৰ আশংকা আছে৷ সেইটো হ’ল বৰুৱাৰ বাৰীত শুকাই কৰ্কৰীয়া মৰা ৰসহীন জেওৰাবোৰ আজিকালি পাবলৈ নাই। মাঘ বিহুৰ ‘চুৰ কৰোঁ আহহঁত’ নামৰ শতাব্দীপুৰণি কালচাৰটোৰ দ্বাৰা পৰিচালিত হৈ চোৰে কাহানিবাই লৈ গৈ সেইসোপাক মেজিত দাহ কৰিলে। নোপুৰিবনো কিয়! বৰুৱাই জেওৰাসোপা একেবাৰে টেঁটুৰ গুৰিলৈকে চেপিলে৷ পিছে ৰসৰ নামত ফুটাকড়ি

Read more

বেল বাজাও : ডা° পার্থসাৰথি ভূঞা

“এইজনী তাইৰ মাহীমাকহে, বিৰাট বদমাছ। তাইক খুব অত্যাচাৰ কৰে গিৰিয়েকে, ইহঁতেই বিয়া দিছিল সেইডাললৈ” হস্পিটেলৰ পৰা ঘৰলৈ আহি সোমাওঁতেই মায়ে মোৰ শ্ৰীমতীক এনেদৰে কৈ থকা শুনা পালোঁ। এতিয়া ভাদ মাহ। এই মাহটোত নামতিসকলৰ সাধাৰণ জ্ঞান বহুত বৃদ্ধি পায়। নাম সামৰি প্ৰসাদ লোৱাৰ সময়ত দেশ দুনীয়াৰ বিভিন্ন কথা ওলাই। আজিকালি মানুহৰ ইঘৰ সিঘৰ ফুৰা একেবাৰে কমি গ’ল। গতিকে বহু কথা গম নোপোৱাকৈ থাকে। পিচে এই মাহটোতে সকলো লেটেষ্ট নিউজ সকলোৰে জ্ঞাত হৈ যায়। বৰ্তমান ডিজিটেল যুগ। সেয়ে এতিয়া হেনো এগৰাকীয়ে আন

Read more

অ’ মোৰ আপোনাৰ দেশ – হেমন্ত কাকতি

আপোনালোকে সকলোৱে জানেই যে অসমীয়া ভাষাৰ All round development ৰ কাৰণে মই day and night কিমান effort দি আছোঁ, সেই কথা নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই, So মই directly লৈ যাব বিচাৰিম মোৰ লগত হোৱা সেই বিশেষ সাক্ষাৎকাৰটো লৈ যিটো 99.99 FM radio ষ্টেচন যোগে প্ৰচাৰ হৈছিল৷ তাৰ recorded version টো আপোনালোকৰ আগত শুনাব বিচাৰিছোঁ৷ 99.99 FM radioৰ ষ্টুডিওত RJ চুলবুলিৰ লগত এখন্তেক! RJ চুলবুলি: হেলৌ গুৱাহাটী! নমস্কাৰ! গুড মৰ্নিং! আদাব! এয়া আপোনালোকে শুনি আছে অসমৰ নাম্বাৰ ওৱান এফ এম

Read more

কূউল মানুহ – বাসৱদত্ত দাস

মেণ্টোছৰ চল্‌তি হোৱাৰো বহু আগৰে পৰা সমাজত প্ৰজন্মই প্ৰজন্মই এমুঠিমান এনে অৱতাৰী পুৰুষৰ আৱিৰ্ভাৱ হৈ আহিছে, যিসকলে নৌজন্মোতেই কমনচেঞ্চৰ বিশাৰদ হৈ আহে। তেওঁলোকৰ কমনচেঞ্চ ইমান গভীৰ, ইমান ব্যাপক যে সৃষ্টিকৰ্তাই আনৰ ভাগৰো কমনচেঞ্চখিনি তেওঁলোকৰ মগজুতেই বাকি দি পঠিয়াই দিয়া যেন লাগে। কমনচেঞ্চৰ খোৰাকেৰে অতিপুষ্ট এইসকল লোককে আখ্যা দিব পাৰি “কূউল মানুহ (c’ooo’l man)” হিচাপে। কূউল মানুহবোৰে সেইসকল লোককহে গণ্য কৰে, যিসকল ইতিমধ্যেই গণ্য-মান্য; নাইবা যিসকলৰ আগত তেওঁলোক গণ্য আৰু মান্য। তাত বাদে যদি কোনোবা ৰাম, যদু, মধুৱে “গণ্য-মানোচিত” কাম কৰিবলৈ

Read more

দ্য ৰেইনকোট – সৌমিত্ৰ যোগী

স্মাৰক-১ দাম্পত্য অভিজ্ঞতাৰে পুষ্টসকলে নতুনকৈ ঘৰ পাতিবলৈ লোৱাসকলক দিয়া গণ্ডা গণ্ডা পৰামৰ্শৰ ভিতৰৰ অন্যতম কথাটো হ’ল মহাদেউ-পাৰ্বতী দুয়ো পৰস্পৰৰ ‘প্ৰফেছন’ বুজি পোৱাটো বাঞ্ছনীয়। নহ’লে ছাইড এফেক্ট বাঢ়ে। একে বৃত্তিৰ হ’লে বহুত জঞ্জাল কমে বুলি এইসকল লোকৰ মাজত একধৰণৰ অন্ধবিশ্বাস প্ৰচলিত আছে। কথাবোৰ কিমান সঁচা, কিমান মিছা ধৰাটো টান। ধৰিবলৈ বেছিকৈ আগবাঢ়ি গৈ থাকিলে কেতিয়াবা পাল্লা ভাৰী হৈ গৈ থাকে। মাষ্টৰৰ ঘৈণীয়েক মাষ্টৰণী, ডাক্তৰৰ ঘৈণীয়েক ডাক্তৰণী, ব্যৱসায়ীৰ ঘৈণীয়েক দোকানী হ’লে কিমান বেয়া বা কিমাননো ভাল? গিৰীয়েক-ঘৈণীয়েক দুয়োটা উকীল হ’লে ক’তনো ভাল?

Read more
1 34 35 36 37 38 84