ফটাঢোল

মন্থৰা আইতা : নীলাক্ষী কাকতি

: খটং–কেৰ ৰ ৰ গেটখন খোলাৰ শব্দটো শুনি ৰিমলীয়ে ড্ৰয়িংৰুমৰ নেটৰ পৰ্দাখনৰ ফাকেদি চাই দেখিলে তাইৰ বান্ধৱী তথা প্ৰতিবেশী মিকুৰ আইতাক সোমাই আহিছে৷ : কোনোবা আহিছে হ’বলা! ৰিমলিৰ মাক সবিতাই ক’লে৷ : উম৷ আচলজনীয়ে আহিছে৷ মন্থৰা আইতা৷ আমাৰ আইতাই যে এওঁৰ লগত কিয় থাকে মই বুজি নাপাওঁ মা৷ মিকুৰ মাকজনী ইমান ভাল তথাপিও অনবৰতে বদনাম গায় থাকে তেওঁৰ৷ কাৰো ভাল কথা নকয় তেওঁ৷ আচলতে ৰিমলিয়ে ‘মন্থৰা আইতা’ বুলি মতা মানুহগৰাকীৰ নাম বকুলী বৰুৱা৷ পিচে তেওঁৰ তলখুচৰীয়া আৰু চকুচৰহা স্বভাৱৰ বাবে

Read more

ৰাধা এবাৰ হাঁহি দিয়া : ৰমেন কুমাৰ দাস

আজি মোৰ লগৰটোৰ হেভী দুখ। দুখ মানে একেবাৰে গভীৰ। মই কোনোপধ্যেই তাক বুজাব পৰা নাই৷ বোলো, “লুইতেহে জানে বঠা কিমানলৈ বহে”, আমিনো কোন কুটা! আমিনো কি বুজিম মোৰ লগৰটোৰ বুকুত আজি কিমান ওজনৰ হাতুৰীৰ কোব পৰিল৷ সি কোৱা মতে, আজি তাৰ হ’বলগীয়াজনীক তাৰ জীৱনৰ পৰা বিদায় দিবলগীয়া হ’ল৷ দেৱালীৰ ফটকাৰ শিহাত জুই লগোৱাৰ পিছত দুবাৰ মান পিৰিক-পাৰাক মাৰি ফুটো ফুটো কৰি ফটকাটো নুফুটাকৈ ৰৈ যোৱাৰ দৰে তাৰো হওঁ হওঁকৈ থকা বিয়াখন অৱশেষত ভাগিল৷ বৰ বেদনাদায়ক৷ আজি সন্ধিয়া, তাৰ দুখটো অলপ

Read more

পিয়াঁজৰ দাম – উজ্জ্বল দিপ্লু গগৈ

ঠাণ্ডা দিন বুলি RUMDEVৰ মিউজিক চিডি আৰু চ’ডা চলি আছিল বন্ধু এজনৰ ৰূমত৷ কামৰ ব্যস্ততাৰ মাজতো অলপ ৰিলিফ ল’বলৈ কেতিয়াবা অলপ এনে মিউজিক শুনা যায়, কিন্তু সেইবোৰতো মোৰ লগৰ অভাৰস্মাৰ্ট কেইটামানে মোডীৰপৰা হিমন্তবিশ্বলৈকে, ৰাহুল গান্ধীৰপৰা শশী থাৰুৰলৈকে, NRCৰপৰা লাডাখলৈকে, বেংকৰ ডুবো ডুবো অৱস্থাৰপৰা তই মোৰপৰা লোৱা 1000 টকাতো কেতিয়া ঘূৰাই দিবিৰপৰা আৰম্ভ কৰি পত্নীয়ে অনলাইন শ্বপিং কৰি ক’ত বেম্ব’ দিলেৰপৰা গৈ পিয়াজৰ দাম নাচিকৰফালে যে 8/9টকা চলি আছে চব কথা আৰম্ভ কৰি দি আমাৰ দুটামানৰ মূৰটো গৰম কৰি দিয়ে৷ কথাৰ

Read more

সাৱধান : লুনা বৰা

সুবিশাল ঘৰটোৰ গেটখন খুলিবলৈ ৰৈ গ’ল সিহঁত। গেটৰ এটা চাইদৰ পকা খুটাত ‘বৰুৱা’ খোদিত কৰা আছে। আনটো ফালে গেটখনতে তাঁৰ এডালেৰে বান্ধি ওলোমাই ৰখা ফলক এখন লগোৱা আছে। হয়তো নতুন…..”কুকুৰৰ পৰা সাৱধান”। : ডাঙৰ মানুহৰ ঘৰত এনে ফলক থকাটো এটা ট্ৰেণ্ড। : হ’লেও দে চোন, ভয় লাগে পাই, যি হে এটা, এটা ৰাখে, পালে বখলিয়াই শেষ কৰিব৷ : সেই হিচাবে সেইবোৰক চোৱা চিতা কৰা মানুহো ৰাখে। বল ভয় নকৰিবি। এনেও দিনত, ৰূমত, বান্ধোনত ৰাখে। গেটখন খুলি তিনিওটা লাহেকৈ সোমাই যায়।

Read more

এখন অঘোষিত যুদ্ধ – খনিন্দ্র ভূষণ মহন্ত

মানুহজনক চিনি পাওঁ। মানুহজন বুলি কোৱাতকৈ ল’ৰাজন বুলি ক’লেহে বেছি মিলিব। তেনেকৈ ইমান দেখা-সাক্ষাত নহয় যদিও বছৰ দিনৰ মূৰত সভাই-সমিতিয়ে লগ পাওঁ। হাঁহি এটা মাৰোঁ। সিফালৰপৰা গোমাকৈ হ’লেও সঁহাৰি এটা পাওঁ। এনেকৈয়ে চলি আছিল দিনবোৰ। সৰুৰেপৰাই কবিতাৰ প্রতি দুর্বলতা এটা আছে। মইনা পাৰিজাতে সেই ৰাপটো বঢ়োৱাত যথেষ্ট সাৰ-পানী যোগান ধৰিছিল। এতিয়া ফেচবুকটো হোৱাৰপৰা বহুখিনি সুবিধা হৈছে। সাহিত্যও চর্চাৰ বিভিন্ন গোটবোৰত অন্তর্ভুক্ত হ’ব পাৰিছোঁ, স্বনামধন্য কবিসকলৰ লেখা সঘনাই পঢ়িবলৈ পাইছোঁ (যিটো আগতে কাকত-আলোচনীৰ বাদে আন ক’তো পোৱা নগৈছিল, তাকো নির্দিষ্ট সময়ৰ

Read more

মেচী দা : চিত্ৰলেখা দেৱী

হাইস্কুলত পঢ়ি থকাৰ সময়ৰ কথা। আমাৰ ঘৰৰেই স্কুলখন যেন। বেছিভাগ ছাত্ৰ-ছাত্ৰীয়েই স্থানীয় —- লগতে শিক্ষক-কৰ্মচাৰী সকলো। গতিকে আমাৰ একো ভয়-ভীত কৰিব লগা নাই। আমি পাঁচজনীয়া এটা গ্ৰুপ — ৰেখা, দীপা, অনিমা, নিৰু আৰু মই। আমাক গোটেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ভালদৰে জানে; ভালত ভাল আৰু বেয়াত যমকাল। স্থানীয় বুলি আমাক দূৰৰখিনিয়ে সমীহো কৰে। বিদ্যালয়ৰ যিকোনো কামতে আমি পাঁচজনীয়া দলটোৱেই সদায় আগবাঢ়ি যাওঁ। একেখন বেঞ্চতে আমি পাঁচোজনী বহোঁ — আগ বেঞ্চত। আনবোৰ শ্ৰেণীৰ ল’ৰা-ছোৱালীবোৰে ৰটেচন কৰি বহে –আমি কিন্তু নকৰোঁ যি শ্ৰেণীতেই

Read more

পীৰা – বীৰা – পীড়া (ব্যঙ্গ নাটিকা) : গীতাৰ্থী গোস্বামী

(মঞ্চৰ এফালে অসম প্ৰগতি কাকতৰ কাৰ্য্যালয়, এফালে ফণীধৰ বৰুৱাৰ চোতাল। বৰুৱাৰ কাণ দুখন অলপ গধুৰ) বৰুৱা : (মোবাইলত নম্বৰ টিপি কাণত মোবাইল লৈ) হেল্ল’ হেল্ল’। অসম প্ৰগতিৰ সম্পাদকৰ অফিচ হয়নে? সম্পাদক : হয়, কওকচোন। বৰুৱা : নহয়? ছেঃ ভুল নম্বৰ লগালোঁ নেকি? সম্পাদক : হয়, হয়। ময়ে অসম প্ৰগতিৰ সম্পাদক। আপুনি কি ক’ব খুজিছে কওক। বৰুৱা : অ’ হয় হয়। মোৰ নাম ফণীধৰ বৰুৱা। মই দফলাচুকৰপৰা কৈছোঁ। সম্পাদক : দফলাচুকৰপৰা? বৰুৱা : হেৰি পগলাচুক নহয়, দফলাচুক, দফলাচুক। সম্পাদক : ঠিক

Read more

আঘোণৰ পথাৰত ধান চোৰ – মৃদুলা গগৈ

কাউৰীয়ে কা নকৰোতেই শেৱালি শোৱাপাটিৰপৰা উঠি আহিল। নিজে বিচনাৰপৰা উঠি আহোঁতেই গিৰীয়েক বীৰেণকো ঠেলা এটা মাৰি থৈ আহিছে। হ’লেও বীৰেণ এটা ঠেলাতে উঠা মানুহ নহয়। চাৰি পাঁচবাৰ চিঞৰিলেহে উঠি আহে। শেৱালি উঠা গম পাই জায়েক মালতীও বিচনাৰপৰা উঠি আহিল। এইকেইটা দিনত শেৱালিহঁতৰ গাত তত নাই। পথাৰত ধানে ভৰ পক দিছে। সোনকালে ধানখিনি পথাৰৰপৰা ঘৰ সোমোৱাবহি লাগে। কেনেবাকৈ বতৰ বেয়া হ’ব লাগিলেও কমখন পয়মাল হ’বনে? এইকেইদিনত শেৱালিহঁতৰ ঘৰখন বুলিয়ে নহয় গাঁওখনৰ সকলোৰে চিন্তা পথাৰৰ ধানখিনি আনি ভঁৰালত সোমোৱাটো। সকলো আঘোণৰ সোণগুটিখিনিক

Read more

সপোন – পাৰিজাত ফুকন

সপোন দেখাটোও এক বাহাদুৰিয়েই। ইচ্ছা কৰিলেই সপোন দেখিব নোৱাৰি যিহেতু। অৱশ্যে সপোন বিশেষেও কথা আছে। হ’ল বুলি আৰু সপোনত যদি ওৰে ৰাতি ভূতৰ খেদা খাই দৌৰি ফুৰিব লগা হয়, তেন্তে কাৰনো মন যাব সপোন দেখিবলৈ! এইক্ষেত্ৰত ম‌ই অলপ বিশেষত্ব থকা। মানে যেতিয়াই নুশুও কিয় আঙুলি মূৰত হিচাপ কৰিব পৰা দুই চাৰি দিনক বাদ ম‌ই সপোন দেখিমেই। সেইবুলি সপোনবোৰ একে ডিজাইনৰো নহয়। সদায় বেলেগ বেলেগ। তাতকৈ ডাঙৰ কথা কিছুমান তাৰে ফলিয়ায়ো। ঘৰৰ মানুহক ক‌ওঁতে ভেকাহি মাৰে যে সেইকাৰণে বাদ দিলো ক’বলৈ

Read more

চিজিল পতিৰ বেচিজিল পত্নী – ৰীতা সোণোৱাল

বিয়া হোৱাৰ পাছত ন কইনা চাবলৈ অলেখ মানুহ আহে। মই কইনা হৈ নতুন ঘৰখনলৈ অহাৰ পাছত মোক চাবলৈও যথেষ্ট মানুহ আহিছিল। আলহী অহাৰ পাছত পাকঘৰলৈ যাওঁ চাহ জলপানৰ যোগাৰ কৰিবলৈ। মই পাকঘৰত সোমোৱাৰ লগে লগে এওঁ প্ৰায় দৌৰ মাৰি আহে মোৰ কাষলে। মই মনতে ভাবোঁ, মই যে কিমান লাকী! মোক সহায় কৰিবলৈ দৌৰি আহিছে। আলহীৰ বাবে চাহ জলপান সজাওঁ, এওঁ ওচৰত ৰৈ চাই থাকে। লাহেকৈ কয়, মিঠাইৰ ৰঙটো প্লেটখনৰ লগত নাই মিলা। এইবাৰ এওঁ লাগি যায় প্লেট সজাবলৈ…. চিকচিকিয়া কাচৰ

Read more
1 36 37 38 39 40 84