ফটাঢোল

সময়ৰ খণ্ডচিত্ৰ – হিমাংশু শৰ্মা

সেয়া আছিল ২০০৫ কি ৬ চনৰ কথা। ব’হাগ পাৰ হৈ যোৱাৰ পিছত চেগাচোৰোকাকৈ আহি থকা দুই এজাক বৰষুণ পৃথিৱীখন জীপাল কৰি তুলিছে। পথাৰবোৰত অলপ অচৰপ পানী উঠিছে। নতুনকৈ পৰা পানী পাই ঘাঁহ-বনবোৰ সজীৱ হৈ উঠিছে, ঠিক স্কুলীয়া শিশু এজাকৰ দৰে। চৌদিশে এক সুন্দৰ পৰিৱেশ। কিন্তু প্ৰাকৃতিক পৰিৱেশ সুন্দৰ হ’লেও দেশৰ অৱস্থা সিমান এটা ঠিক নহয়। হাতত উদ্যত অস্ত্ৰ লৈ স্বাধীনতাৰ সন্ধানত ওলাই আহিছে এজাক পাহোৱাল অসমীয়া ডেকা। মই তেতিয়া কলেজীয়া ছাত্ৰ। দেহত নতুন তেজৰ পিৰপিৰণি আৰম্ভ হৈছে। এই বিপ্লৱত ইতিমধ্যে

Read more

সাক্ষাত্_কাৰ – বাসৱদত্ত দাস

আমাৰ নতুন চম্পাসুৰে হেনো “ফটাঢোল”ৰ এই মাহৰ সাক্ষাৎকাৰ শিতানৰ বাবে অসমৰ এগৰাকী বিখ্যাত সংগীতশিল্পীৰ ওচৰ চাপিছে । আলোচনীখনৰ শাৰদীয় সংখ্যাটিত আমি এইগৰাকী প্ৰতিষ্ঠিত শিল্পীৰ জীৱনৰ কিছু অপ্ৰকাশিত কাহিনী হয়তো পঢ়িবলৈ পাম ।বিখ্যাত লোকসকলৰ অখ্যাত কাহিনীবিলাক জানিবলৈ পোৱাৰ মজাই বেলেগ, নহয়নে? পিছে পঢ়ুৱৈসকলে এটা কথা জানি হয়তো আচৰিত হ’ব যে পোনতে চম্পাসুৰে কিন্তু আন‌ এজন বিশ্ববিখ্যাত ব্যক্তিৰহে সাক্ষাৎকাৰ লোৱাৰ মানসেৰে ব্যক্তিগৰাকীৰ অফিচিয়েল ই-মেইল আই ডিলৈ এটা অনুৰোধ প্ৰেৰণ কৰিছিল, যি অনুৰোধ ৰক্ষা কৰি ব্যক্তিগৰাকীয়ে তেওঁক সাক্ষাতৰ বাবে এটা তাৰিখো দিছিল ।

Read more

একপি চেল্ফিৰে শ্রদ্ধাঞ্জলী – ৰিমঝিম বৰঠাকুৰ

মহেন্দ্ৰ দত্ত। মানুহজন এই অঞ্চলটোতে জনপ্ৰিয় এজন ব্যক্তি। বয়সীয়ালৰ পৰা কণমানিটোলৈকে মানুহজনক ভালপায়। ভালপোৱাৰে বাৰু কথা। এই মানুহজনে সমাজৰ হিতে কম কাম কৰে নেকি! আৰু আটাইতকৈ ভাল গুণটো হ’ল তেওঁ সকলো বয়সৰ সকলো শ্ৰেণীৰ মানুহৰ লগতে মিলি যায়। পেছাত এজন হাইস্কুলৰ শিক্ষক আছিল মহেন্দ্ৰ দত্ত। আজি কিছুবছৰৰ আগতে অৱসৰ লৈ এতিয়া গোটেই সময়খিনি সমাজৰ নামত দিছে। তেওঁ জড়িত নাথাকে ক’ত? অঞ্চলটোৰ সৰু-ডাঙৰ সকলোবোৰ অনুষ্ঠানতে ভাগ লোৱাৰ উপৰিও দুৰ্গা পূজা, বিহু কমিটী, স্কুল-কলেজৰ প্ৰত্যেকখন কমিটীৰে এজন বিশিষ্ট সদস্য দত্ত। মানে একেষাৰতে

Read more

মাধ্যাকৰ্ষণিক ত্বৰণ, দুৰ্ঘটনা আৰু বোনলেচ চিকেন – দেৱজিত শৰ্মা

উচ্চতৰ মাধ্যমিকৰ পাছত স্নাতক মহলাৰ বিজ্ঞান শাখাত পদাৰ্থ বিজ্ঞানকে সন্মানীয়(মেজৰ) হিচাপে লৈ জাগীৰোড মহাবিদ্যালয়ত নাম ভৰ্তি কৰিলোঁ ৷ সাংঘাতিক ভাল নহ’লেও কাম চলাব পৰা শিক্ষাৰ্থীয়েই আছিলোঁ ৷ শ্ৰেণীত নাম ভৰ্তি কৰাৰ পাছত প্ৰথম কামটোৱেই আছিল, নিজৰ কেটেগৰীৰ বন্ধু বিচৰা ৷ দুই দিনৰ ভিতৰতেই অনুপম শৰ্মা,কমলদীপ কাকতি আৰু পূৰ্বৰে চিনাকি গুণীন্দ্ৰ শইকীয়াৰে সৈতে ভাল দল এটা গঠন কৰা হ’ল ৷ এই দলটোৱে মাজে মাজে কলেজ বাংক মাৰি চিনেমা চোৱাৰ পৰা জৈন চুইট শ্বপৰ চাহ চিঙৰাৰ সোৱাদ বা গণেশ টকিজৰ কাষত পোৱা

Read more

নিমখ ভণ্টি আৰু মোৰ সোণালী স্মৃতি – পদ্মজা বৰুৱা মহন

প্ৰায় পাঁচবছৰমানেই হ’ল পেহীদেউহঁতৰ ঘৰলৈ নোযোৱা। সংসাৰৰ বিভিন্ন লেঠাৰপৰা ওলাবই নোৱাৰি। সিদিনা বোলো যাওঁ। আবেলি খাই বৈ গধূলী পেহা-পেহী, ভণ্টিহঁতৰ লগত কথা চোবাই আছোঁ।তেনেতে বাহিৰত পেহীক মতা শুনিলোঁ৷ : অ’ খুৰীদেউ। শুলেই নি। নিমখ ভণ্টি আহিছে বোলে বহুদিনৰ মূৰত। চাই মাত এষাৰ লগাওঁ বুলি আহিলোঁ৷ ভিতৰত মই আচৰিত হ’লোঁ। নিমখ ভণ্টি! পেহীৰ ছোৱালীয়েহে মনত পেলাই দিলে, সোণটো দাদাহঁত আহিছে।(সোণটো সিহঁতৰ পৰিয়ালৰ নিচায়েকৰ ল’ৰা।) : এ মিনিবা, সৰু দাইৰ বিয়াত যে..মনত নাই..! অ’ এতিয়াহে মনত পৰিল। মনত পৰি হাঁহিও উঠিল৷ ঘটনাটো

Read more

পাদেই লখিমী – মনজিত

দুপৰীয়াৰ সময়। বেলিটোৱ HD qualityৰে ৰ’দ এজাক এৰিছে। বাছেৰে এফালে যাত্ৰা। বহুত নহ’লেও মোটাড়মুটি ভিৰ এটাই আছিল বাছখনত। কপালৰ বলত অলপ দূৰ যাওতেই বহিবলৈ চিট এটা পালো যেনিবা। দূৰণি-বটীয়া যাত্ৰাত বহিবলৈ নাপালে দিগদাৰ । তাতে গৰমো বেছি। খিৰিকী কাষৰ চিট পাই ফূৰ্তিতে সুহুৰি এটি ওলাই গ’ল। ভাবিলো দীঘলীয়া বাট যেতিয়া অলপ শুয়ে লোৱা যাওক। চিলমিলকৈ টোপনিটো আহিছিল হে। ঢেৰেকনি যেন শব্দত উচপ খাই উঠিলো। ক’ত কিনো হ’ল বুলি চাই দেখো পিছৰ চিটৰ ৰূপহী বাইদেউক ফোনতে কোনোবাই এন্টাৰটেইন কৰি আছে। হাঁহিৰ

Read more

মোৰ গুল্টি পূৰাণ – পৰশমণি কাশ্যপ

স্কুলৰ পৰা আহি ঘৰ পাইছিলোহে মাথোন। হঠাতে দুৰৰ পৰাই দেখিলো ধেপেচী আহি আছে অকলে। পথটো খালি। ভৰ দুপৰীয়া বাটত পৰুৱা এটাও নাই। মনটো কুটকুটাই উঠিল। পুৰণি হিচাপ এটা আছে। এবছৰৰো পুৰণি। : বাবা¸ ভাত বাঢ়িছো আহ। মায়ে চিঞৰিছে। : বাথৰুমৰ পৰা আহিছো ৰহ! ৰিঙিয়াই গেঞ্জিৰ তলত গুল্টিখন লুকুৱাই কৰদৈজোপাত উঠিলো। আমাৰ পদুলিৰ কাষতে পুৰণি কৰদৈজোপা। আনদিনা কাৱৈ মাছ ভজা হলে সোনকালে ভোক লাগে। কিন্তু আজি তাইক দেখাৰ পিছত ৰব নোৱাৰিলোঁ। সুযোগ সদায় পোৱা নাযায়তো। পাতঠেনাৰ মাজত সোমালে দূৰৰ পৰা একো

Read more

বৰুৱাৰ ডায়েৰী – অভাৱেই আৱিষ্কাৰৰ মূল : মৃদুল নাথ

(১) : মৰিলি নেকি ঐ তই? দৰ্জাৰ ঢকঢকনিৰ মাজতে বৰুৱা দাৰ উষ্ম কণ্ঠস্বৰৰ প্ৰকোপত মই হঠাৎ সাৰ পাই গ’লোঁ। মবাইলটো চাই দেখিলোঁ ৰাতিপুৱা সাত বাজিছে, তাৰমানে মাত্ৰ পাঁচ ঘণ্টাহে শুব পালোঁ। যোৱা ৰাতি টিভিত চিনেমা এখন চাই থাকোঁতে ভালেখিনি ৰাতি হ’ল। সচৰাচৰ ৰাতিৰ সাঁজটো মই চাৰে ন মান বজাতে খাওঁ আৰু চাৰে দহ বজাত মোৰ নাসিকা গৰ্জন আৰম্ভ হয়। ‘খোৱা’ৰ পিছতে যদি মই ভালপোৱা কিবা আন কাম আছে, সেয়া হৈছে ‘শোৱা’। বহুতকে কোৱা শুনোঁ, নিজৰ বিছনাখন নহ’লে হেনো টোপনি ভালকৈ

Read more

মোবাইল মহাকাব্য – পৰিস্মিতা বৰদলৈ

ৰিধিমাই স্কুল বাছত উঠিয়েই সদায় বহা চিটটোত বহি আজি আহিবলগীয়া ৰচনাৰ বিষয়বোৰ ভাবি আছে৷ হওঁতে তাই কেইবাখনো ৰচনা মুখস্থ কৰি আহিছে৷ চমুটোকাও চাইছে৷ কিন্তু চমু টোকা পাঁচটা বিষয়ৰ ওপৰত লিখিবলৈ আহিব, তাতকৈ এটা বিষয়ৰ ওপৰত লিখিবলৈ অহা ৰচনাখন লিখা কামটোৱেই উজু হ’ব, এইবুলি ভাবিয়েই স্কুল পোৱালৈকে তাই চিটটোত আউজি লৈ চকুমুদি ৰচনা কেইখন আওঁৰাই থাকিল৷ স্কুলত শিক্ষকে সেই তিনিখন ৰচনাৰ ভিতৰতে যিকোনো এখন আহিব বুলি কৈয়ে থৈছে৷ সেয়ে তাই বেলেগ চাই অহা নাই৷ সেইকেইখনকে উৰাইঘূৰাই মুখস্থ কৰিছে এইকেইদিন৷ পিচে তাইৰ

Read more

প্ৰফেচন – শংকৰজ্যোতি বৰা

দুদিন মানৰ পৰা মনটো বহুত বেয়া৷ ভিতৰি ভিতৰি বৰ অশান্তিত ভুগি আছোঁ৷ আমাৰ অঞ্চলৰ মই এজন সফল সামাজিক ব্যক্তি৷ সৰুৰে পৰা সামাজিক প্ৰায়বোৰ অনুষ্ঠানতে দেহেকেহে লাগি দিওঁ৷ তাৰ মাজতে পঢ়া শুনা সমাপ্ত কৰি সৰু হ’লেও চৰকাৰী চাকৰি এটাতো সোমালোঁ৷ যিটোৱে সামাজিক ক্ষেত্ৰত মোক এটা ভাল পজিচন দখল কৰাত বহুত সহায় কৰিলে৷ কথাবোৰ ধুনীয়াকৈয়ে চলি আছিল৷ এদিন হঠাৎ মোৰ সমবয়সীয়া বন্ধু জংঘলৰ পৰা উভটি আহিল৷ দুদিন মানতে সি প্ৰায়বোৰতে প্ৰভুত্ব দেখুৱাবলৈ ধৰিলে৷ ৰাইজেও তাক মোতকৈ অধিক গুৰুত্ব দিবলৈ ধৰিলে৷ এক ডেৰ

Read more
1 38 39 40 41 42 84