ফটাঢোল

আচাৰ – মনালিছা গগৈ

দেশৰ পৰিস্থিতি বিৰাট বেয়া৷ শত্ৰুপক্ষই য’তে ত’তে ব’ম পেলাব পাৰে গোলাবাৰি কৰি দিব পাৰে সাৱধান৷ মআপা বাচিছো হেৰৌ আজি৷ লগৰ এজনীয়ে দিলে বগৰী অলপ৷ তাকে বোলো আচাৰ বনাই থওঁ৷ যুদ্ধ চুদ্ধ হ’লে আটকত খাবলে হ’ব৷ খোৱাবস্তুৰ নাটনি হয় না যুদ্ধ হ’লে৷ ইনেই মই আচাৰ প্ৰতিবছৰে থওঁ৷ নাখাই যেনিবা কোনেও৷ আগতে খাইছিল৷ বেছি ভাল পালে হপায় খাই আজিকালি হিংসাতে নেখায়৷ মই হেনো তেল সোপা নষ্ট কৰিবলেহে আচাৰ থওঁ আমাৰ পেটকুলীৰ কথা সেয়া৷ বাৰু৷ আগৰ আচাৰ পেলাই বটল ধুই শুকুৱাই ল’লোঁ৷ তেল

Read more

গালি খালোঁ যেতিয়া এইটোকো খাওঁ – সদানন্দ দত্ত

কলেজ এখনৰ এটা বিভাগত পঢ়ি থকা মিচিং সম্প্ৰদায়ৰ ছাত্ৰ এজনৰ দেউতাকজন বৰ সচেতন। তেখেতে বিভাগৰ অধ্যাপক এজনৰ লগত চিনাকি হৈ নিজৰ ল’ৰাটোৱে যাতে উচিত শিক্ষা গ্ৰহণ কৰি ভাল হ’ব পাৰে আৰু ভৱিষ্যতে এজন সুনাগৰিক হৈ চাকৰি কৰিব পাৰে তাকে চিন্তা কৰি মাহেকৰ মূৰত এপাক মাৰে। ঘৰৰপৰা আহোঁতে হাতত কিবা এপদ বস্তু আনি অধ্যাপকজনক দি আপোন হৈ পুতেকৰ খা-খবৰ লয় আৰু এদিন থাকি ঘৰলৈ যায়গৈ। অধ্যাপকজনেও সৰল মনৰ মানুহজনক অতিথিস্বৰূপে এদিনৰ বাবে পাই নানা কথা পাতি পিছদিনাখন বিদায় দিয়ে। মিচিং সমাজত

Read more

টিক্ টক্ চজিনা – দিপীকা ডেকা

মাক : “যাচোন চজিনাখিনি ৰান্ধগৈ। মই কাটি-কুটি ধুই থৈ আহিছোঁ। সৰিয়হখিনি থেতালি থৈছোঁ। তই মাত্ৰ আলু, পিয়াঁজ আৰু মছলাখিনি যোগাৰ কৰি ল’লেই হ’ব। বিলাহীও দি দিবি।” পাকঘৰৰপৰা উধাতু খাই আহি হাতত ৰিম’টটো লৈ টিভিৰ চুইছটো অন কৰি থকাৰ লগে লগে কথাকেইটা কৈ মাইনাৰ মাক বিছনাত উঠিল। ভাত খোৱাৰ পৰলৈকে পাঁচখনমান চিৰিয়েল চাবলৈ পাব তেওঁ। লগতে বিহুলৈ বুলি ল’বলগীয়া কাপোৰ আৰু গহণা দুপদমানৰো ডিজাইনো পাই যাব। টিকটিকাই থকাৰ মাজতে মাকৰ কথা শুনি প্ৰথমতে মুখখন বিকটাইছিল যদিও পিছমুহূৰ্ততে কিবা এটা ভাবি মিচিকিয়া

Read more

টুইটীৰ দিনপঞ্জী – কুকী কল্পিতা মহন্ত

ৰাতিপুৱা ৫.৩০ মান বজাত সাৰ পালোঁ। মা উঠি মৰ্নিংৱাক কৰিবলৈ যাবলৈ ল’লে। মই সেৱা এটা কৰি মাক সম্ভাষণ জনালোঁ। মায়ে মোৰ মূৰটো পিটিকি মৰম কৰি দিলে। মোৰ জোৰ কৈ চুচু কৰিব লাগিছিল। উৎপাত কৰি আছিলো কাৰণে মায়ে মোক আগফালে বহাই থৈ গ’ল। মই প্ৰথমতে গৈ পুখুৰীৰ পাৰটো চাই ল’লো কনামুছৰী কেনেবাকৈ পৰিছে নেকি আকৌ। এই খাবলৈ নোপোৱা কেইটায়ে আমাৰ পুখুৰীৰ মাছ কেইটাহে পাই খাবলৈ। নাই, সিহঁত আজি মোৰ ভয়ত অহা নাই। অহা হ’লে মই সিহঁতক সুদাই নেৰোঁ। বা আৰু দাদা

Read more

হেপ্পী হোলী..এক নষ্টালজীয়া – সুপ্ৰিয়া সূত্ৰধৰ

কাঠৰ গেটত তলা মাৰি, দুৱাৰ জপাই, দুৱাৰৰ চুকত লুকাই থাকোঁ আগতে। ঘৰখনত যেন মানুহেই নাই, এনে ভাবত। তাৰ পিছৰ সেই কাঠৰ গেট বগাই, গাঁৱৰ দাংকাটি আবিয়ৈ পেহীকেইজনী আহে মাক ৰং সানিবলৈ। প্ৰথমতে ফাকুগুৰিৰে আৰম্ভ কৰে, তাৰ পিছত ক্ৰমে গোবৰ পানী, চৰুৰ ক’লাখিনি আৰু একেবাৰে শেষত মাজচোতালত পানী ঢালি নেকনেকীয়া বোকা কৰি লৈ তাত আটাইমখাই দবৰা-দবৰি লাগে। উল্লেখযোগ্য যে এই খেলত কোনো পুৰুষ মানুহৰ স্থান নাথাকে। কেৱল তিৰোতা আৰু খুচুৰা পইচা কেইটা। সেইকেইটাক হাজাৰ মানা কৰিলেও বোকাত লেটি ল’ব পৰাৰ ইমান

Read more

গোঁসানী অ’ -পাৰ্থ প্ৰতিম শৰ্মা

মই ধেমালি কৰি থাকি ভাল পাওঁ। অৱশ্যে সকলো সময়তে ধেমালি কৰি থকাও নহয়। কিন্তু কেতিয়াবা এনেকুৱা কিছুমান মুহূৰ্ত্তত ধেমালি কৰা যায় যে পিছত ভাবিলে নিজৰেই আচৰিত লাগে। তাৰিখ- ১১ নৱেম্বৰ ২০১৭। ঘৰত দেউতা-ভনী সকলোৰে বেমাৰ। ৰাতিপুৱা দৌৰা-দৌৰিকৈ টিকট কাটি দিল্লীৰপৰা ঘৰলৈ বুলি বিমানত বহিছোঁ। দৌৰা-দৌৰিৰ কোবত একো খাবলৈও নহ’ল। তদুপৰি বিমানত বহিলে কিয় নাজানোঁ, মোক ভোক-পিয়াহে আগুৰি ধৰে। ভাবি-চিন্তি অলপ গধুৰ খানা এটাই খাওঁ বুলি ফ্ৰাইড ৰাইচ আৰু জুচৰ অৰ্ডাৰ দিলোঁ। ধুনীয়া বিমান পৰিচাৰিকাগৰাকীয়ে মোক ফ্ৰাইড ৰাইচ আৰু জুচৰ পেকেটটো

Read more

গ্ৰাহক – ৰাজীৱ শৰ্মা

দোকানৰ জাপখন খুলি সাৰি-পুচি চাকি গছি এই জ্বলাও আৰু তেনেতে সদায় অহাৰ দৰে হেম খুড়া ওলালহি। হেম খুড়াক দেখি মোৰো খঙটো উঠি আহিল। মনতে বোলো চেহ্ এইজনাৰ পৰা ৰক্ষা নাই!পুৱাই মূৰটো গৰম কৰিবলৈ আহি ওলালহি। হওঁতে এইখণ্ডত মোৰ দোকানখন ভালেই চলে। লাভ বৰ বেছি নহয় যদিও কোনোদিন অধিক লাভৰ পাছত দৌৰা নাই। গাঁৱৰে সকলো মোৰ দোকানৰ গ্ৰাহক।সকলোৱেই চিনাকি, সকলোৱেই ঘৰৰ। বেছি লাভ কৰিমনো কেনেকৈ! দোকানখনৰ পৰা টুকটাককৈ ঘৰখনহে চলাই থকাৰ দৰে হৈছে। তাৰ মাজতে এই হেমখুড়াৰ দৰে মানুহবোৰ আছেই!যিমান কম

Read more

নাচনী ভূত – নাজিয়া হাছান

মানুহজনে খেতি পথাৰৰ কাম কৰি চোতালখনত আহি বহিছেহে মাত্ৰ। ঘৰৰ মানুহগৰাকী তেওঁৰ; ভিতৰৰ পৰা ফাগুনৰ বতাহজাক হেন গতিত হু- হুৱাই আহি; মানুহজনৰ কাষত খুটাটো হেন হৈ থিয় দি ৰ’ল আৰু কঁকালত এখন হাত থৈ অসাধাৰণ ভঙ্গীত মানুহজনক ক’বলৈ লাগিল… : হেৰী..! এইবাৰ বহাগত মই বিহু নাচ প্ৰতিযোগিতাত ভাগ লম। আৰু বিহু নাচৰ জৰিয়তে অসমৰ নাম আমি মহিলাবোৰে উজ্জ্বল কৰিম। চিনেমাত মহিলাৰ দ্বাৰাই সন্মান আহিছে। খেল জগততো আমাৰ নাৰীয়েই গোটেই পৃথিৱীখনক পিছ পেলাই দেশলৈ সন্মান কঢ়িয়াই আনিছে। গতিকে বিহু নাচটোক আগত

Read more

চাৰ্জিকেল ষ্ট্ৰাইক – কাবেৰী মহন্ত

বহুত দিনৰপৰা এটা সাংঘাতিক চাৰ্জিকেল ষ্ট্ৰাইক কৰিম বুলি ভাবি আছোঁ৷ কিন্ত ভাবোতেই দিন গৈছে, কৰিবহে পৰা নাই৷ কেতিয়াবা যদি বতৰে বিধি পথালি দিছে, কেতিয়াবা আকৌ কোনোবা “বিন বুলায়ে মেহমানে”! হ’ল বুলিও ইমান ঠাণ্ডা দিনত এনেয়ে একো কৰিবলৈ মন নাযায়,তাতে চেগাচোৰোকাকৈ দি থকা অত্যাচাৰী বৰষুণজাকৰ বাবে কিবা এটা কৰিবলৈ সাহসে নুকুলায়৷ আচলতে ষ্ট্ৰাইকটো অত্যন্ত জৰুৰী আৰু দৰকাৰী হৈ পৰিছে, সময়ো পাৰ্ফেক্ট৷ ল’ৰা ছোৱালীৰ পৰীক্ষা শেষ হৈছে আৰু এতিয়া “এজ মাই উইছ টাইম” আৰম্ভ৷ এইয়াই উত্তম সময়৷ এই “এজ মাই উইছ টাইম”

Read more

ভাওনাৰ প্ৰেম গাঁথা – মিনতি মহন্ত

বহুত বছৰৰ আগৰ কথা৷ এখন মহাপুৰুষীয়া সত্ৰৰ বছৰেকীয়া অংকীয়া নাটৰ ভাওনাৰ (সেই সত্ৰত আজি পৰ্য্যন্ত মৃদংগহে প্ৰচলিত, খোলৰ নহয়) দুই তিনিখন গাঁও মিলি বৰ নামঘৰৰ ৰভাঘৰত অভিমন্যুক সপ্তৰথীয়ে বেঢ়ি বধ কৰা ভাওনাৰ পুৰ্ণদমে আখৰা চলিছে। আখৰা চাওঁতেই চকুৰ পানী উলায়। গাঁৱৰ এজন হৃষ্ট পুষ্ট ভদীয়া নামৰ ডেকাক ভীমৰ ভাও দিয়া হৈছে। কোনোমতে তৃত্বীয় শ্ৰেণীলৈকে পঢ়া ভদীয়াই বচনবোৰ মুখস্থ কৰিব পৰা নাই। বৰ বায়ন গোঁসাইজনাৰ পৰা সদায় গালি খায়। মাজু গোঁসায়ে সুত্ৰৰ ভাও আৰু সৰু গোঁসায়ে কৃষ্ণৰ ভাও প্ৰত্যেক বছৰে লোৱাটো

Read more
1 52 53 54 55 56 84