ফটাঢোল

গোলচক্কৰ – বি.এন ৰূপম

চাওক কাকতি, আপোনাক এনেই ইয়াত ঘোঁৰা ঘাঁহ কাটিবলৈ মেনেজাৰ পাতি বহাই থোৱা নাই৷ এই সমান্য সৰু কাম এটা কৰাৰ ঔকাদ নাই! আজি মোক by hook or by crook গোটেই ৰিপোৰ্ট লাগিবই৷ অফিচৰ MDৰ ৰুমৰ পৰা ডাঙৰ ডাঙৰকৈ শব্দবোৰ-ধমকিবোৰ আহি আছে৷ MD আহিয়ে মেনেজাৰক মাতি নি পাঠ পঢ়াই আছে৷ গোটেই ষ্টাফ কেইজনে ভয়তে পেপুৱা লাগিছে৷ MDৰ ড্ৰাইভাৰজনক সুধিলে ৰাতিপুৱাই ৰাতিপুৱাই চাৰৰ ইমান খং যে কিয়? তেওঁ ক’লে যে কাম কৰা তিৰোতাজনী অহা নাই সেয়ে বাইদেউৱে গালি দি দি চাৰৰ হাতেৰে বাচন

Read more

ভোট চিলি – প্ৰদীপ বৰা

কি বস্তু এইটো? পঢ়ুৱৈসকল নিশ্চয় আচৰিত হৈছে। আচৰিত হ’বৰে কথা। আমেৰিকাৰ এগৰাকী সুন্দৰীক যদি আপুনি ভোট জলকীয়াক প্ৰসাধনৰ সামগ্ৰী হিচাবে উপহাৰ দিয়ে তেন্তে আপুনি কি বুলি তাইক বুজাব? তাইতো অসমীয়া নুবুজে চিলি বুলি ক’লে হয়তো জলকীয়া বুলি বুজিব কিন্তু প্ৰেমানন্দইটো ভোট জলকীয়াৰ ইংৰাজী নাজানে গতিকে অৰ্ধ শতকৰ জপনাৰ কাষত অৰ্ধাংগিনী হিচাবে মনোনয়ন দিবলৈ মনোযোগ দিয়া বিদেশিনী জয়শ্ৰী স্মৃথক প্ৰেমানন্দই ভোট জলকীয়াৰে নিৰ্মিত অদ্ভুত প্ৰসাধনৰ সামগ্ৰী বিধৰ কথা ভোট চিলি বুলিয়েই হোৱাটচএপৰ জৰিয়তে প্ৰকাশ কৰিলে। কিন্তু জয়শ্ৰীয়ে বুজা নাই। হোৱাট ইজ

Read more

চুলাই – দেৱজিত নাথ

গোলাঘাট, যোৰহাটত লোকেল চুলাই খাই বহুত মানুহ মৰিল ,বহুত এতিয়াও চিকিৎসাধীন! দুখজনক! মৰ্মান্তিক ঘটনা! দুখীয়া চাহ বাগিচাৰ এই মানুহবোৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছোঁ। কিন্তু কিছুমান কথা চিন্তা কৰিবলগীয়া। এই যে চুলাই খোৱা মানুহবোৰ, অকল চাহ বাগিচাৰ অঞ্চলতেই নাই। অসমৰ বিভিন্ন গাঁৱে-ভূঁয়ে, চহৰে-নগৰে সকলোতে বিচাৰি পোৱা যায়। এই মদাহীবোৰ য’তে ত’তে পোৱা যায়। এই ঘটনাটো হোৱাৰ পিছত বহুতে হয়টো ভাবিছে এইবোৰ অঞ্চলত আৰু মানুহে চুলাই খাব ভয় কৰিব বা চুলাই বন্ধ হৈ যাব। সংবাদ মাধ্যমৰ আগত বহুত মাদাহীয়ে আৰু কেতিয়াও মদ

Read more

ৰামানুজ গোস্বামীলৈ এখন মুকলি চিঠি– অভিজিত কলিতা

মৰমৰ ৰামানুজ, মৰম ল’বা। আশাকৰোঁ তুমি ভালে আছা। মোৰো ভালেই। কেৱল এই বুঢ়া বয়সত বিদেশী ভাষা কেইটামান শিকিব লগা হোৱাৰ বাবে কষ্ট পাই আছোঁ। বাৰু সি যি কি নহওক, তোমাৰ ৰংপুৰ এক্সপ্ৰেছ ‘বিস্ময়’ত ধাৰাবাহিক ভাৱে প্ৰকাশ হোৱা বুলি শুনি বৰ সন্তোষ পাইছোঁ। তুমি ভাল লিখা, তোমাৰ কলমৰ জোৰ আছে, চিন্তাৰ গভীৰতা আছে, মনত সততা আছে, তোমাৰ লেখা ভাল হ’বই। কিন্তু এটা কথা তুমি ভালদৰে বুজা নাই যেন লাগিছে, ভাল লিখিলেই জানো ভাল বিখ্যাত চাহিত্যিক হ’ব পাৰি? আচৰিত নহ’বা? ভাল সাহিত্য

Read more

ৰচনা-স্ক্ৰীণশ্বত এক অস্ত্ৰ — ৰিমঝিম বৰঠাকুৰ

আজিলৈকে মহিলাৰ চকুপানীয়ে আটাইতকৈ ডাঙৰ অস্ত্ৰ হিচাপে পৰিগণিত হৈ আহিছিল যদিও বৰ্তমান আটাইতকৈ ভয়াবহ অস্ত্ৰবিধ হ’ল স্ক্ৰীণশ্বত। আচলতে ইয়াক চাইলেণ্ট উইপন বুলিও ক’ব পৰা যায়। স্ক্ৰীণশ্বত নামৰ অস্ত্ৰপাত আহি কেতিয়া কেনেকৈ সংগোপনে আপোনাক আক্ৰমণ কৰিবহি আপুনি গমেই নাপাব। মাত্ৰ ই অপেক্ষা কৰে সুযোগলৈ। সুযোগ পালেই ই টোপা কাড়তকৈ দ্ৰুতবেগত আহি বিন্ধিব। স্ক্ৰীণশ্বত কাক বোলে? ব্যক্তি এজনৰ যিকোনো ডাটা মোবাইল বা কম্পিউটাৰৰ জৰিয়তে ছবি আকাৰে সংগ্ৰহ কৰাকে স্ক্ৰীণশ্বত বোলে। সাধাৰণতে স্ক্ৰীণশ্বত যিকোনো কামতে ব্যৱহৃত হয় যদিও চ’চিয়েল মিডিয়াত ইয়াক ওপৰত উল্লেখ

Read more

এই যে আপগ্ৰেড নোহোৱা সাধুবোৰ– বাসৱদত্ত দাস

প্ৰায়ে মই ভাবোঁ, এই যে সৰুতে শুনা সাধুবোৰ; তাৰ কাহিনীবোৰৰ বহুকেইটা যে মোৰ মনঃপুত নহ’ল – তাক বাৰু সলনি কৰিব পৰা নাযায় নে! এই ধৰক তেজীমলাৰে সাধুটো। তেজীমলাই নমৰাকৈয়ে জানো মাহীমাকৰ অত্যাচাৰৰ কথা পিতাকক ক’ব নোৱাৰিলেহেঁতেন? আকৌ, সেই পাৰকেইটাৰ একতাৰ কাহিনীটো। জালখনৰ সৈতে উৰি যোৱাৰ পিছত সিহঁতৰ কি হ’ল? জালখনৰ পৰা মুকলি হ’ব নোৱাৰিয়ে তেনেকুৱাকৈ উৰিবলৈ বাধ্য হৈছিল সিহঁত; পিছত সিহঁতে জালখনৰপৰা নিজকে এৰুৱালে কেনেকৈ? নে সিহঁতে আন এডাল গছত আশ্ৰয় ল’বলৈ জালেৰে সৈতে নামোঁতে ডালে-পাতে জোঁট-পোট লাগি তাতে ফচি

Read more

‘দাদা’ সমীপেষু – জ্যোতিৰূপম দত্ত

মৰমৰ দাদা, আমি ভালেই আছো৷ কাঁটাতাৰ পাৰ হৈ এইফালে টালি-টোপোলা বান্ধি গুচি অহাৰ পাচত বৰ ব্যস্ত হৈ পৰিছিলো৷ কিছুদিন ঘৰ-বাৰী ঠিকঠাক কৰোতেই গ’ল৷ তাৰ পাছত খেতি-বাতি, ব্যৱসায়-বণিজ আদিৰ কামতেই বৰকৈ ব্যস্ত হৈ পৰিলো৷ সেয়ে খবৰ বাতৰি দিবলৈ সময়েই পোৱা নাছিলো৷ আজি অলপ সময় উলিয়াই চিঠি এখনেই লিখো বুলি বহিছো৷ প্ৰথমতে ফোন কৰিম বুলি ভাবিছিলো৷ পিছে তোমালোকৰ ফোনটো নধৰেই দেখোন, নেটৱৰ্ক বেয়া চাগৈ৷ আমাৰ ইয়াত নেটৱৰ্কৰ অসুবিধা নাই৷ আগতকৈ নেটৰ স্পীডো ভাল হৈছে৷ তোমালোকৰ তুলনাত এইফালে ৰাস্তা-ঘাটৰো অসুবিধা নাই৷ তোমালোকেও সোনকালে

Read more

হেৰি, কথা এটা কওঁ? – অভিজিত মেধি

হেৰি, ৰ’বচোন ৰ’ব, আপোনাৰ লগত কথা অলপ আছিল। বিচাৰিয়েই আছিলোঁ আপোনাক বুজিছে, ভাগ্যৰ বলতহে যেনিবা লগ পালোঁ আজি! আচ্ছা শুনকনা, কথা এটা কওঁ। এহ্, এইডাল লুক নিদিবচোন। এই “যি আছে জল্দি ক’” লুকটো একেবাৰে ভাল নালাগে! কিনো উল্টাই আছে আপুনি? না আপোনাৰ কিবা ইয়াণ্ডাবু সন্ধি চাইন কৰিবলৈ আছে, না কাশ্মীৰৰ কিবা এটা মীমাংসা কৰিবলৈ আছে। এন আৰ চি আৰু নাগৰিকত্ব সংশোধনীতো বাদেই দিয়ক। সেইবোৰৰ মাথা মুণ্ড আপুনি একো বুজি নাপায়, এনেই এনেই ছোচিয়েল মিডিয়াত পণ্ডিত চেলাই থাকিব নালাগে। চিধাচিধি ক’লোঁ

Read more

চমুটোকা-শহুৰবাৰী — সোণটো ৰঞ্জন বৰুৱা

শহুৰবাৰী, প্ৰায় প্ৰতিজন জোঁৱাইৰ বাবে ভোগালী ঠাই। যেতিয়া পত্নীয়ে হেতা চৰুৰ ওপৰত বিৰক্ত হৈ দুদিনমান ছুটি উপভোগ কৰিবলৈ মাকৰ ঘৰলৈ নাক পোনাই তেতিয়া চতুৰ জোঁৱায়েও শহুৰেকৰ ঘৰলৈ বুলি টোপোলা বান্ধে। গোটেই বিশ্বত শহুৰবাৰীহীন জোঁৱাই খুব কাচিতহে দেখা যায়। কেতিয়াবাতো এনে জোঁৱাইও দেখা যায় যাৰ এন আৰ ছিৰ কোনো ঠিকনা নাথাকে কিন্তু শহুৰবাৰী এখন থাকে। এটা কথা ভাবিলে আচৰিত হওঁ, পৌৰাণিক গ্ৰন্থসমূহত শহুৰবাৰীৰ বিষয়ে বিশদ বিৱৰণ দেখা নাযায়। নাজানো কিয় অতীতৰ মহান মহান লেখকসকলে এই বিষয়টো ইমান অৱজ্ঞা কৰি চলিলে। এনে

Read more

গাড়ীৰ বিষয়ে এখন সঁচা ৰচনা– প্ৰিয়ম প্ৰীতম

আৰম্ভণি: গাড়ী এবিধ ঘৰচীয়া যন্ত্ৰ। দুঠেঙীয়া, তিনিঠেঙীয়া, চাৰিঠেঙীয়া আদি গাড়ীৰ বিভিন্ন প্ৰকাৰৰ প্ৰজাতি যদিও নিৰন্তৰ বিৱৰ্তন আৰু ক্ৰমবিকাশৰ ফলত এঠেঙীয়া, ছয়ঠেঙীয়া, দহ-বাৰঠেঙীয়া পৰ্যন্ত গাড়ী দেখিবলৈ পোৱা যায়। ভাৰতীয় পৰম্পৰাত প্ৰাক-বৈদিক যুগৰে পৰা গাড়ীৰ এক বিশেষ স্থান আছে। তলত সেই বিষয়ে চমুকৈ আলোচনা কৰা হ’ল। সাংস্কৃতিক গুৰুত্ব: ভাৰতীয় সংস্কৃতিৰ লগত গাড়ীৰ সম্পৰ্ক বৰ মধুৰ। সেয়া লাগিলে ধিনচাক পূজাৰ সংগীতচৰ্চাই হওক বা ফেচবুকীয়া মডেলিঙেই হওক, প্ৰায় সকলোতে এখন হ’লেও গাড়ী দেখিবলৈ পোৱা যায়! কিছুসংখ্যক নাৰীৰ গাড়ীৰ প্ৰতি এনে দুৰ্বাৰ আসক্তি দেখি কোনো

Read more
1 54 55 56 57 58 84