সুৱদী সোঁৱৰণ- টুনুজ্যোতি গগৈ
এক নয়নপুৰত এগিলাচ আপং…. গংগামোহন মিলিৰ ‘দিচাং মুখত এবাটি আপং’ কবিতাটিৰ লগতে হোমেন বৰগোহাঞিৰ কেইবাখনো সুখপাঠ্য ৰচনাত আপং পানৰ বিষয়ে পঢ়াৰ পাছৰ পৰা বেছি নহ’লেও অন্ততঃ এবাটি আপং পান কৰাৰ ইচ্ছা এটা মনৰ মাজত প্ৰায়ে জাগৰুক হৈ উঠিছিল৷ কিন্তু আপং খোৱাৰ সেই ইচ্ছা সহজে পূৰণ নহৈছিল৷ ডিব্ৰুগড়ত থাকোঁতে কেইবাজনো মিচিং বন্ধু-বান্ধবীক ঘৰৰ পৰা আপং আনিবৰ বাবে অনুৰোধ কৰিছিলোঁ যদিও কোনেও বিভিন্ন অসুবিধাবশতঃ মোৰ অনুৰোধ ৰাখিব পৰা নাছিল৷ গুৱাহাটীলৈ অহাৰ পাছত বিশ্ববিদ্যালয় জীৱনত লগ পোৱা মাজুলীৰ মিচিং বন্ধু এজনে প্ৰায়ে গুৱাহাটীলৈ
Read more