ফটাঢোল

লোকেল ট্ৰেইন-পৰীশ্যামলী ভূঞা

এবাৰ মুম্বাইৰ লোকেল ট্ৰেইনত উঠাৰ কথা ভাবিলোঁ। লগৰী হিচাপে ঘৰুৱা কামত সহায় কৰি দিয়া সহায়কাৰী গৰাকীক বাচি ল’লোঁ। লোকেল মানুহ। ট্ৰেইনৰ লগত অভ‍্যস্ত। গতিকে তাইৰ লগতে যাত্ৰা কৰিলে সুবিধা হ’ব বুলি ট্ৰাই কৰি চাবলৈ যথাসময়ত ষ্টেচনত পৰ দিলোঁগৈ। নিৰ্দিষ্ট সময়ত ট্ৰেইন আহি পালেহি। উঠোঁ বুুলি আগবাঢ়িব লওঁতেই দেখিলোঁ মানুহে মোক উঠাইহে দিলে। পাছফালৰ পৰা অহা জাক এটাই মোক উঠাই লৈ আহিল। যেন ভূণ ভূণাই থকা মাখিৰ ডাঙৰ জাক এটাহে। জাকটোৰ দ্বাৰা সহায়হে হ’ল। বিনা কষ্টত ডাঙৰ দূৱাৰেদি ভিতৰ পালোঁগৈ। কেতিয়ানো

Read more

লকডাউন ষ্টৰী- বি এন ৰূপম

ফাৰ্মাচীখনৰ বাহিৰত ডাক্তৰৰ গাড়ীখন দেখি বৰষুণত তিতি তিতিয়েই ফাৰ্মাচীখনলৈ গ’লো৷ বহি থকা ল’ৰাজনক সুধিলোঁ, “ডাক্তৰ আছে নেকি?” :- অঁ আছে চাৰ৷ কিবা আছিলে? :- কথা এটা আছিল৷ :- যাওক ভিতৰৰ কেবিনটোলৈ৷ মই কেবিনটোলৈ গৈ সেউজীয়া পৰ্দাখন আঁতৰাই মাত দিলোঁ, “চাৰ…” :- অ’ কোন? ‘মই ৰ’ব’ – বুলি কৈ চাৰৰ ওচৰলৈ গ’লোঁ৷ :- কি হ’লনো! কোনবা! আগতে দেখা মনত পৰা নাই! :- এ মানে চাৰ, মোৰ মানুহজনীৰ খুব গা বেয়া, পেটৰ বিষ, অৱস্থা বেয়া৷ ব’লকচোন চাই আহিব৷ :- হেই কি কোৱা

Read more

হিচাপ- আদিত্যজ্যোতি বৰঠাকুৰ

(১) : “আৰৰে, চৰ্মা ছাৰ, আহক না মালিক, লেকিন বহহত দিন কে বাদ আহিছে মালিক…..” : “অ’ হে…. বহুত দিন বজাৰৰ এইফালে অহাই হোৱা নাছিল।” : “আপনি লেকিন মালিক এ’কদম বদলা নাই….এ’কদম ৱহী কাম ৱহী আছে….বহকনা মালিক…..আৰে চম্ভু, চৰ্মা ছাৰ কে খাতিৰ চাঁ আনিবি।” : “আছো আৰু হে….বুঢ়া হ’লোঁ আৰু, ক’তনো একেই আছোঁ…..চাহ-তাহ নালাগে দিয়া।” : “নাই নাই মালিক……আৎসা কওক, কি দিখাব আপনাক….” : “চিমেণ্ট অলপ লাগিছিল, অলপ সৰহকৈ লাগিছিল হে….ঘৰ এটা সাজোঁ বুলি ভাৱিছিলো।” : “আৰৰে লেই যাওক না

Read more

বীণাপাণি আৰু হানী  – পাৰ্থপ্ৰতিম বুজৰবৰুৱা 

ছানী ছানী ছানী ছানী পানী পানী পানী পানী…… : ধেই, কিহৰ অর্ডাৰ দিছ মায়েৰক? এইমাত্র আহি ঘৰ সোমাইছ, আৰু কিহৰ অর্ডাৰ? পানী লাগে নিজে লৈ খা। ইহ একেবাৰে নবাব ওলাইছে। : উহ পাপা কি বকি থাকাহে তুমি? ক’ত কাক অর্ডাৰ দিলোঁ‌? পানী নাখাওঁ‌ মই, গান গাইছোঁ‌। ইমান যে আউটডেটেদ নহয় তুমি। : ইহ গান গাই সি। সেইটো কিবা গান হ’ল তাৰ। মাকৰ মূৰটো গাইছে তাৰ। : পাপা যা তা কথা নক’বা দেই, এনেই টেমা গৰম হৈ আছে। এইমাত্র পূজাৰ বজাৰ

Read more

লকডাউন, এখন গোলাকাৰ ৰুটি, পত্নীৰ গাড়ীচালনা, আলু পৰঠা ইত্যাদি… -হিমাংশু ৰাজখোৱা

ৰুটি খাবলৈ মই বেয়া নাপাওঁ কিন্তু নিজে বনাব নাজানো। চাকৰি সূত্ৰে, ডিফু চহৰত কটোৱা বাধ্যতামূলক বৰলা জীৱনৰ দিনকেইটাৰ বাদে যেতিয়াই ঘৰত থাকোঁ তেতিয়াই এসাজ অন্ততঃ ভাতৰ বদলি ৰুটি খাবলৈ চেষ্টা কৰোঁ। সম্প্ৰতি চলি থকা লকডাউনৰ কালছোৱাৰ বাদে ডিফুত অৱশ্যে কেতিয়াও মই নিজে ৰুটি বনোৱাৰ চেষ্টা কৰা নাছিলোঁ। হঠাৎ, লকডাউন আৰম্ভ হোৱাৰ দ্বিতীয় দিনা ৰাতিপুৱা জানো কি মন গ’ল ৰুটি বনোৱাত লাগি গ’লোঁ‌। লকডাউন মানে মোৰ আকৌ চাকৰিলৈ নোযোৱাকৈ থাকিলে নহয়, নিয়ম মাফিক আমাৰ দায়িত্ব পালন কৰিবলৈ যাবই লাগে। তথাপি আগৰ

Read more

সপোনৰ শেষত- উৎপলা শইকীয়া

পলাশীয়ে আহি তাইক খবৰটো দিয়াৰ পৰা তাইৰ মনটো বৰ ভাল লাগি আছে। হওক তেওঁ এতিয়াৰ পৰা শান্তিত তাইৰ প্ৰিয় জুতিটো ল’ব পাৰিব। চহৰৰ পৰা পাঁচ কিলোমিটাৰমান দূৰত সিহঁতৰ গাঁওখন। সৰুৰে পৰা একেলগে খেলি-ধূলি ডাঙৰ হোৱা তাই পলাশী আৰু জবা, তিনিওজনীয়ে এইবাৰ নতুনকৈ চহৰৰ কলেজত নাম লগাইছে। সিহঁতৰ এই ঠাইকণ গাঁওৱেই যদিও উজনি নামনি সংযোগী ঘাঁইপথটোৰ দ্বাৰা সৃষ্ট চাৰিআলিটোৰ বাবেই আন গাঁৱতকৈ অলপমান আগবঢ়া। চাৰিআলিৰ লগতে থকা হায়াৰ চেকেণ্ডেৰীখনতে তিনিও পঞ্চম শ্ৰেণীৰ পৰা একেলগে পঢ়িছিল। গাঁৱৰ পৰা চহৰলৈ যোৱা মানেই চহৰৰ

Read more

বুটাম টিপা পাৰ্থ- সোণটো ৰঞ্জন বৰুৱা 

ভোট দিবলৈ আহি সন্মুখত হাত, হাতুৰী, কাঁচি, কাটাৰী, ধনু-কাঁড়, তলা, ফুল আদি চিহ্ন দেখি অৰ্জুন জঠৰ হৈ পৰিল। ক’ত টিপিব? চিন্তাত বুটাম টিপিবলৈ আগবঢ়োৱা হাত গৈ মূৰ  পালেগৈ। অসহায় দৃষ্টিৰে কৃষ্ণৰ মুখলৈ চালে, কেচ কি কৃষ্ণই চকুৰ দৃষ্টিতে বুজি পালে। বেটা পুনৰ মোহৰ জালত পৰিল, পুনৰ গীতা জ্ঞান দিব লাগিব এতিয়া। “বুটাম টিপা  পাৰ্থ!” “হে মধুসূধন! বেলট বাকছৰ চিহ্নবোৰ দেখি মোৰ অংগ শিথিল হৈ পৰিছে। কোন পক্ষে বুটাম টিপো মধুসূধন? প্ৰথমতে থকা মন্ত্রী মহোদয়ক, যি নিজ কৰ্মৰে জগত বিখ্যাত! নে

Read more

মাস্ক-প্ৰমথ হাজৰিকা

গান গাই গাই বাইক ৰাইডটো এনজয় কৰি কৰি তিনি আলিটো পাবলৈ এশ মিটাৰমান থাকোঁতে মুখত হাত দি দেখোঁ সৰ্বনাশ। আজিও লাগি নাহিল জহনীত মৰা মাস্কখন। তোৰ শিক্ষা নহ’ল আৰু মিষ্টাৰ বিজয় বুলি স্বগতোক্তি কৰি ৰাস্তাৰ কাষত ৰৈ দি চিন্তা কৰিলোঁ কি কৰা যায়। দুদিন মানৰ আগতে মোক এইটো কাৰণতে বাঘে ধৰাদি ধৰিছিলেই এই তিনি আলিটোতে চি আৰ পি কেইটামানে। “বাইক মে স্পীদত আহোঁতে এডাল ৰবৰ কাণ চে এৰ খাই গল সেইকাৰণে বতাহ মে মাস্ক উৰ গিয়া” মিছা কাহিনী বনাই ৰক্ষা

Read more

হাঁহ-কোমোৰা, পঁ‌ইতাচোৰা আৰু জাহাজী কলৰ কাহিনী-প্ৰদীপ বৰা 

ভূমণ্ডলত  প্ৰবল পৰাক্ৰমী কৰুণাসুৰৰ অখণ্ড অত্যাচাৰৰ ফলত  মানৱ জাতিৰ ধন জন মন মগজু এফালৰ পৰা তচনচ কৰি পেলাইছে। দুৰ্বল লোকৰ দেহত ই কেনেবাকৈ লম্ভিলে একেবাৰে সিপুৰীলৈ পঠিয়ায়। কৰুণাসুৰৰ গ্ৰাসৰ পৰা হাত সাৰিবলৈ অদ্ভুত নীতি নিয়ম মানি চলিবলৈ আপুনি বাধ্য৷ কৰুণাসুৰৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি কৰুণাময়ক হাজাৰবাৰ ভকতি কৰিয়ো সুফল পোৱাৰ সম্ভাৱনা ক্ষীণ। কিন্তু কৰুণাসুৰৰ পৰা বাচিবলৈ গুৰুজনাৰ দুটামান নীতি প্ৰণিধানযোগ্য। এক নম্বৰত, মুখমণ্ডল কাপোৰে আৱৰি ৰখা দুই নম্বৰ, কৰমৰ্দনৰ সলনি  নমস্কাৰ দিয়া। ইয়াৰ উপৰিও আমাৰ ককাহঁতে আগৰ দিনত এটা নিয়ম

Read more

আকৌ কমিনাপন- ৰমেন কুমাৰ দাস

যোৱাকালি ৰাতিৰ ঘটনা। :: হেল্লো হেল্লো… কোনে ক’লে..! চিলমিলিয়া টোপনিৰ জালত ফ’নটো কোনোমতে উঠালোঁ। :: দাদা আপোনালৈ বহুত বহুত ধন্যবাদ দেই। ফ’নৰ সিমূৰৰ পৰা উদ্বেগপূৰ্ণ অথচ সুললিত এক নাৰী কণ্ঠ। নাৰী কণ্ঠই মোৰ কৰ্ণ-মূলত ঠেকা খোৱাৰ লগে লগে মোৰ টোপনি ক’ৰবাত পলাই দৌৰ মাৰিলে। তাতে আকৌ নাৰী কণ্ঠৰ হৃদয়ৰ নিভৃত কোণৰ পৰা মোলৈ ধন্যবাদ! আবেগ অনুভূতিক সাময়িক ভাবে নিয়ন্ত্ৰণ কৰি যিমান পাৰোঁ সিমান কোমল সুৰেত উত্তৰ দিলোঁ…. :: বাৰু কওকচোন, কিয়বা ধন্যবাদ দিলে? আপোনাক মই এতিয়াও ঠিক চিনিব পৰা নাই

Read more
1 23 24 25 26 27 72