ফটাঢোল

স্মৃতিভাৰ – দীপামণি শইকীয়া

  sometimes memories sneak out of our eyes and roll down our cheeks!   পাৰ হৈ অহা বাটলৈ উভতি চালে, সময়ৰ সোঁতত এৰি আহিব লগীয়াখিনিয়ে দুখ আৰু ক্ষোভৰ শিল হৈ  আমাৰ উশাহবোৰ গধূৰ কৰি তোলে। কিন্তু পাৰ হৈ অহা সেই সুন্দৰ সময়ে আমাৰ জীৱনক একেদৰে  হাঁহিৰে ধন্যও কৰে। তাৰে কত কাহিনী লৈ মনত পৰিলে এতিয়াও মৌন ওঁঠত হাঁহিৰ ফুল ফুলি উঠে। জীৱনতো সুখ-দুখ, হাঁহি-কান্দোনৰে এক বৰ্ণাধ্য আয়োজন!  মূলতঃ বাস্তৱৰ পৰা তুলি সামান্য সা-সলনি কৰি লিখা তাৰেই  কিয়দংশ, ১/ স্কুললৈ বাচেৰে

Read more

বীৰেণৰ বিৰহ – অভিজিত মেধি

একালৰ বিখ্যাত নিবনুৱা বীৰেণৰ একে গাঁৱৰে প্ৰমিলা ওৰফে ফাপেৰীৰ লগত ‘ব্ৰেক-আপ’ হোৱাৰ আজি দুবছৰ হ’ল। প্ৰথম অৱস্থাত অলপ দুখ হৈছিল, বুকুখন তাৰ বিষাইছিল কোনোবাখিনিত। কিন্তু লাহে লাহে সি ফাপেৰীক স্মৃতিৰ এন্ধাৰ চুকলৈ ঠেলি পঠিয়ালে। সুখী এতিয়া সি, মুম্বাইৰ দৰে চহৰত সৰুকৈ হ’লেও চাকৰি এটা পালে। নতুন জীৱনৰ পাতনি মেলিছে সি। আজিকালি ফ্লাইটত অহা-যোৱা কৰে বীৰেণে। বহুদিনৰ মূৰত বিহু বুলি অসম আহিবলৈ ওলাইছে সি। মুম্বাই এয়াৰপোৰ্টত বহি ব’ৰ্ডিং আৰম্ভ হোৱালৈ ৰৈ আছে। ঠিক তেনেতে : এক্সকিউজ মি! প্ৰায় ছয় ফুট ওখ,

Read more

মোবাইল ফোনৰ সৎ-ব্যৱহাৰ – চবিনা ইয়াছমিন

ৰাতিপুৱাই আজি ঘটনা ঘটিল৷ বোলো ৰাইজক সাউতকৈ কৈ থৈ যাওঁ৷ যাতে ভৱিষ্যতে সাৱধান হ’ব পাৰে৷ ৰাতিপুৱা ৬.৩০ মানত ল’ৰা স্কুললৈ ওলাই গৈছে৷ তলৰ গ্ৰীল আৰু শ্বাতাৰখন সেয়ে খুলাই আছিল৷ ল’ৰা যোৱাৰ পিছত দৌৰা দৌৰি বাকীবোৰ কাম কৰিছোঁ৷ এওঁ বিচনাতেই আছে৷ একদম উশাহ নসলোৱাকৈ কোনোবাই বাহিৰৰ পৰা বাইদেউ বাইদেউ বুলি চিঞৰিছে৷ লগতে কলিং বেলো বজাইছে৷ সমানে দুৱাৰখনত ঢকিয়াইছে৷ মই বোলো ৰাতিপুৱাই কোন আহিল৷ তাকো ইমান উৎপাত কৰি চিঞৰিছে৷ ততাতৈয়াকৈ গৈ দুৱাৰ খুলিলোঁ৷ দেখিছোঁ কেবাৰীৱালাটো৷ সি আকৌ মোৰ চিনাকি৷ প্ৰায়ে বটল, কাগজ

Read more

মূৰা ভাঙি দিম – বি এন ৰূপম

: তোমাক সঁচাকৈ বহুত ভালপাই পেলাইছোঁ বিদিশা৷ : ময়ো তোমাক বহুত ভালপাওঁ প্ৰাঞ্জল৷ : তোমাৰ এটা এটা কথা মোৰ কাণত বাজি থাকে প্ৰতিনিয়ত৷ : মোৰ আকৌ প্ৰতিপল প্ৰতিক্ষণত তোমাৰেই ছবি ভাঁহি থাকে৷ : এইদৰে চিৰজীৱন তোমাৰ চকুত মই ভাঁহি থাকিব বিচাৰোঁ, মোৰ প্ৰতিটো পল হৈ থাকক তুমিময়…৷ : মোৰো একেই কামনা৷ কথা দিয়া মোক প্ৰাঞ্জল এইদৰে সদায়ে ভালপাই যাবা! : আস্বাস নিদিও, মই তোমাক বিশ্বাস দিম বিদিশা৷ বিশ্বাসেহে আমাক উপলব্ধি কৰায় ভালপোৱাৰ৷ : ময়ো বিচাৰোঁ তেনে বিশ্বাসৰ উপলব্ধি, ভালপোৱাৰ প্ৰথম

Read more

বিধাতাৰ ডাটা – দেৱজিত শইকীয়া

ডিজিটেলি চাবলৈ গ’লে বৰ্তমান মানুহৰ জীৱন আৰু ডাটাৰ মাজত একো পাৰ্থক্য নাই৷ ডাটা অন মানে জীয়াই আছে, ডাটা অফ মানে চেটেপ৷ মোৰ লগৰ এজনৰ ছোৱালী এজনী পচন্দ হ’ল৷ ৰূমমেটটোক ক’বলৈ হে পালে, সিজনে বোলে দৌষ্ট চিন্তা নকৰিবি কালিলৈকে মই তাইৰ ডিটেইলচ ডাটা আনি তোক দিম৷ ময়ো আচৰিত! কি তামাম কাৰবাৰ, ক’বলৈ গ’লে একদম চাকৰিৰ প্ৰপত্ৰ ভৰোৱাৰ সময়ত গাঁঠি দিয়া বায়’-ডাটাখনৰ দৰেই৷   বান্ধৱী এজনীৰ বিয়াৰ বাবে ল’ৰাজন প্ৰায় ঠিক হৈছিলেই, সম্বন্ধীয় খুড়াক এজন আহি বোলে মই ল’ৰাটোৰ বিষয়ে যিখিনি ডাটা

Read more

আৰে বিবি আইটী – সোমকান্ত শইকীয়া

আমি হাইস্কুলত পঢ়াৰ দিনত ইংৰাজী পাঠ্য পুথিত Rabbits Rabbits and Rabbits নামৰ পাঠ এটা আছিল৷ পাঠটোৰ মূল বিষয় হ’ল- এসময়ত কেনেকৈ অষ্ট্ৰেলিয়াত ৰেবিট নামৰ বগা-এন্দুৰ বিধৰ বংশ বৃদ্ধি হৈ এটা সহজে সমাধান কৰিব নোৱৰা ৰাষ্ট্ৰীয় সমস্যাৰ সৃষ্টি কৰিছিল। অৱশ্যে, আজিৰ এই লিখাটোৰ উদ্দেশ্য Rabbit ৰ বিষয়ে বা সেই সময়ত অষ্ট্ৰেলিয়াত সৃষ্টি হোৱা সমস্যাৰ কথা বৰ্ণনা কৰা নহয়৷ আমি ক’ব খুজিছোঁ আন এটা হাস্য ৰসিক অথচ জানিবলগীয়া বিষয় সম্পৰ্কেহে। আমাক দশম শ্ৰেণীত ইংৰাজী পঢ়াইছিল প্ৰধান শিক্ষকে নিজে। ইংৰাজীৰ লগতে গণিত বিষয়টোও

Read more

মামা ভাগিন বৃত্তান্ত – ডলী তালুকদাৰ

আপোনালোকে ভাবিছে বোধহয় যে মই দেউতাৰ ফটা সোঁৱৰণী কিয় লিখিবলৈ ওলাইছোঁ। মই কোনো গল্প, প্ৰবন্ধ বা নিজৰ কোনো ফটা বা মিঠা সোঁৱৰণী নিলিখি দেউতাৰ ফটা সোঁৱৰণী লিখিবলৈ ওলাইছোঁ যে? হয় মই আজি আপোনালোকক মোৰ দেউতাৰ কিছুমান ৰসাল অভিজ্ঞতাৰ কথা ক’ম। যিবোৰ দেউতাই আমাক আজিও সাধুৰ নিচিনাকৈ কয়। আমিও বৰ ৰস পাওঁ। সেয়েহে ভাবিলোঁ আপোনালোকৰ লগতো ভগাওঁ।   সেইসময়ত দেউতা চফল ডেকা। বিয়া কৰোৱা নাই। শিক্ষা সাং কৰি চাকৰিত সোমাইছেহে। উজান বজাৰত ভাড়াঘৰ লৈছে। অকলে থাকে। পানবজাৰত অফিচ। গতিকে উজান বজাৰৰ

Read more

মৌ-কথা! – জ্যোতিৰূপম দত্ত

মোৰ সংসাৰখন মৌ-মাখি সাম্ৰাজ্যৰ দৰেই৷ সাক্ষাৎ মৌমাখি মানে আমাৰ এওঁৰ কথাকেই কৈছোঁ! বিয়াৰ আগতে ৰসে চৌ চৌ! মৌ-বৰষা মাত৷ মুখত, কথাত, আচাৰ-ব্যৱহাৰ সকলোতে মিঠা, মিঠা মৌ! পিচে সংসাৰৰ পকনীয়াত পৰাৰ পিছতহে গম পালোঁ যে মৌখিনিৰ দৰেই গোঁ-গোঁৱনিও মৌ-মাখিৰ জীৱনৰ এটা অপৰিহাৰ্য্য অংশ৷ সবাতোকৈ ডাঙৰ কথা যে দেখাত নিৰীহ হ’লেও মৌ-মাখিয়ে এক অব্যৰ্থ তথা শক্তিশালী শেল অনবৰতে কঢ়িয়াই লৈ ফুৰে আৰু প্ৰয়োজন হলেই সেইপাট অস্ত্ৰ অব্যৰ্থভাৱেই ব্যৱহাৰ কৰে! পিচে এটা কথা নকলে নহ’ব, ইমানদিনে উদয়াস্ত অহৰ্নিশে নিখুঁতভাৱে সংসাৰৰ কামবোৰ নিয়াৰিকৈ সমাধা

Read more

তই-মই : মনোজ নেওগ

শীতৰ কোব বাঢ়িছে দিনে দিনে! এইকেইদিন আমাৰ মাজত কথা বতৰাবোৰ শীতকাললৈয়ে হৈছে, মানে ক’ল্ডক্ৰীম – টুপী – মাফলাৰ – শ্বল – হাতমোজা। কেতিয়াবা জলা চাতনি আৰু পকৰিৰ কথা পাতোঁ, আকৌ কেতিয়াবা জলকীয়া আচাৰ, বুট ভজা। এদিন যদি জেকেট – চুৱেটাৰৰ কথা পাতিম, আনদিনা গৰম গৰম আলু চপৰ কথা পাতিম। শীতকালত লগ পালে এনেকুৱা কথাই পাতিব লাগে চাগে, আৰুনো কি পাতে আৰু! সিদিনা আবেলিৰ কথা, ডুবযোৱা বেলিটো চাই চাই আমি ভেড়া নোমৰ পৰা ঊণ কেনেকৈ তৈয়াৰী হয় সেই বিষয়টোৰ পৰা জাঁপমাৰি

Read more

আমাৰ এওঁৰ হাতৰ ভাতসাজ – কৃষ্ণা বৰা ফুকন

এদিন অফিচৰ পৰা আহি এওঁ বোলে, : আজি মই ভাত ৰান্ধিম, তুমি ৰেষ্ট লোৱা। মই বোলো, : হয়নেকি, বেচ তেন্তে৷ বঢ়িয়া; গ’ এহেড। সন্তুষ্টিৰ হাঁহি এটা মাৰি এপ্ৰ’নখন পিন্ধি লৈ পকেটত হেতা, চুৰি আটাইসোপা ভৰাই লৈ (তেহে হেনো চেফৰ ফিলিংচতো আহে) সোমাল পাকঘৰত। ঢাকি থোৱা ইটো সিটো চাই তিয়াই থোৱা বুট এমুঠি খালে, দিনৰ ভাজি অকণ খালে। খাই বৈ আঙুুুলিৰে কিবা হিচাপ কৰাৰ দৰে কৰি লৈ কাঁহী এখন ওলিয়ালে(হয়তো পাচলি কাটিবলৈ)মই বোলো, : চব্জী কাটি থৈছোঁ মই৷ ঠিক তেনেতে ফোনটো

Read more
1 49 50 51 52 53 72