সংখ্যাৰ আঁৰৰ কথা
তেওঁলোকে কৈছিল বিশেষ একো কৰিব নালাগে৷ সঁচা আছিল কথাষাৰ- আলোচনীৰ সৈতে জড়িত ব্যক্তিসকলক গোটেই মাহটো যেতিয়াই তেতিয়াই চৰ্চৰণি খাবলৈ বাধ্য কৰোৱাৰ বাহিৰে একোৱেই নকৰিলোঁ মই৷ এপ্ৰিল মাহ, মেছেঞ্জাৰত দেবজিৎ শৰ্মাদাৰ বাৰ্তা পালোঁ- “ফোন নংটো পাম নেকি, সম্পাদনা সম্পৰ্কীয় কথা আছিলে৷” মগজু ঘোদালি পেলালোঁ যদিও কি কথা হ’ব পাৰে একো উলিয়াব নোৱাৰিলোঁ৷ ফটাঢোল গোটত তেতিয়ালৈ মই বেবেৰিবাং এসোপা লিখি মাজে মাজে পোষ্ট কৰি থাকোঁ৷ প্ৰথমবাৰলৈ ই-আলোচনীৰ জানুৱাৰী সংখ্যাত মৃদুল নাথদাদাৰ তগিদাত গল্পৰ নামত কিবা এটা লিখিছিলোঁ৷ এতিয়া এই বেবেৰিবাঙসোপা লিখাৰ কাৰণে
Read more