ফটাঢোল

লিমাৰিক – ধনজিত বৰুৱা

১) বোলো লিভাইচ জিন্সেৰে তেওঁ প্ৰিন্সেচ ৰ’জ যতে পাই ততে দিয়ে চেলফিৰ প’জ ৰক আৰু ৰোল কৃষ্টি, নকলৰ সৃষ্টি, চামথিং হেপেনিং, লিটল অভাৰ ডজ ২) বাইক দি উমলাই ৰমলাৰ পুত্ৰ, শব্দই কৈ দিয়ে তেওঁৰ গতিগোত্ৰ৷ চনে এদিন বেলটালে, আধা গা চেলখালে, বাপেকেই দি আছে পুৱাই গোমূত্ৰ৷ ৩) মহাদেৱৰ মহাশিচ যেন তেওঁ কিং লিয়েৰ হাঁহি-মাতি পান কৰে জীৱনৰ বহু টিয়েৰ আশীৰ্বাদৰ যেন ৰং হলাহল মায়াৰ চং যাত্ৰা জীৱনৰ অগ্ৰগামী কেতিয়াবা বেক গীয়েৰ৷ ৪) জখলা নহলেও নাই মাৰি কথাৰ মহলা মিহিৰামে বগাই

Read more

অসমীয়া হাস্য-ব্যংগ সাহিত্য – চমু আলোকপাত – জীমণি গগৈ

অসমীয়া ভাষা-সাহিত্যই  লাভ কৰা কালৰে পৰা দৰাচলতে অসমীয়া হাস্য-ব্যংগ সাহিত্যই নিজৰ বিকাশ যাত্ৰা অব্যাহত ৰাখিছে৷ কিন্তু সেয়ে হ’লেও সাহিত্যৰ অনান্য বিভাগতকৈ (কবিতা, গল্প, উপন্যাস আদি) অসমীয়া হাস্য ব্যংগ সাহিত্যৰ বিকাশৰ যি গতিধাৰা সেয়া কিন্তু লক্ষণীয়ভাৱে মন্থৰ৷ মন কৰিব লগীয়া কথাটো হ’ল হাস্যৰসাত্মক সাহিত্য আৰু ব্যংগ সাহিত্য ইটো সিটোৰ পৰিপূৰক যদিও দুয়োটা কিন্তু পৃথক ৰচনা৷ হাস্য ৰসাত্মক সাহিত্যত যদিহে ব্যংগ নাথাকে তেনে ৰচনা লঘু কৌতুকধৰ্মী ৰচনালৈ পৰ্যবসিত হ’ব পাৰে৷ আনহাতে হাস্য নথকা কেৱল ব্যংগবোৰ বহুসময়ত গালিৰ শাৰীলৈ নামি যোৱাৰ সম্ভাৱনীয়তা থাকে৷

Read more

কৌতুকৰ পেৰা

দেৱজিত শৰ্মা আপেল দা: হেৰা, নেমুত ৰস আছেনে? বেপাৰী: হয় দাদা, কুঁহিয়াৰতকৈ বেছি আছে৷ আপেল দা: আমাৰ আকৌ বাৰীৰ নেমু সাংঘাতিক হজমী৷ ৰাতি কটাৰীৰে কাটিলে পুৱালৈ নালটোহে থাকে; কটাৰীখন হজম হৈ যায়৷ বেপাৰী: (ধূতি পাঞ্জাবী পিন্ধি থকা দাদালৈ চাই) লৈ যাওক দাদা৷ আমাৰ নেমুৰ ৰিজাল্ট আৰু ভাল৷ এই নেমু পুৰুহিতে খালে ৰাতিপুৱালৈ টিকনিডাল হে থাকে, মানুহটো হজম হৈ যায়৷■■ পাপৰি দত্ত শিৱৰাত্ৰিৰ গেট-টুগেদাৰ৷ ডিব্ৰুগড়ৰ পৰা ৰমেনে কেইবাটাও বন্ধ মিলাই গুৱাহাটীলৈ গৈছে গেট-টুগেদাৰত অংশ গ্ৰহণ কৰাৰ উদ্দেশ্যে আৰু একেলগৰ স্কুলৰ বন্ধু

Read more

সৰুমাছ – আদিত্যজ্যোতি বৰঠাকুৰ

কিছুমান কথাত তাৰ দৰে ঠাণ্ডা মানুহৰো বৈদ্য খং উঠে৷ খঙৰ ভমকত যা তা কাম কৰি দিবলৈ মন যায়৷ এই দেওঁবাৰ এটাৰ কথাকে ধৰক…. দেওঁবাৰ বুলি পুৱা ৯ টা ১০ টা মান বজাত শুই উঠি “বে’ড টি” একাপ পোৱাতো তাৰ দৰে ঠাণ্ডা মানুহে মৌলিক অধিকাৰ বুলিয়েই ভাৱে৷ কিন্তু হিটলাৰী শাসন ব্যৱস্থাত কি মৌলিক অধিকাৰ…..কি কৰ্ত্তব্য.! ! ! পুৱা ৬ নাবাজোতেই তাক তাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হ’ল ঘৰলৈ আলহি অহাৰ অজুহাতত, ধেৰ কাম থকাৰ অজুহাতত……বজাৰ-সমাৰৰ মূল দায়িত্ব অৰ্পনেৰে৷ একেবাৰে পুৱাই পুৱাই

Read more

ফটাঢোলত ভাওনাৰ আখৰা – দিগন্ত বৰুৱা

আগকথা  (এই লেখাটো কাকো জনমানসত হেয় প্ৰতিপন্ন কৰিব’লৈ নাইবা কাৰো মনত আঘাত দিবৰ বাবে লেখা নাই৷ মনত ভাৱ এটা উপজিল, লেখিবলৈ লৈছো৷ কাহিনীভাগৰ লগত কোনো বিষয় বা ব্যক্তিৰ মিল দেখা পালে ই কাকতালীয় বুলি ধৰি ল’ব৷ সকলো নামৰ লগত থকা সম্বন্ধ বোৰ উঠাই দিলো৷ তাৰবাবে সকলোৰে ওচৰত ক্ষমাপ্ৰাৰ্থী৷ ) প্ৰথম খণ্ড = সোণটোৰ স্বগতোক্তি ডুডুম•••••ডুডুম•••••ডুডুম••••• গমগমাই বাজি উঠা দবাৰ শব্দই ৰজনজনাই গ’ল সন্ধিয়াটো৷ গাওঁখনৰ সকলোৰে মনবোৰ কিবা এটা অজান আনন্দত আত্মহাৰা হৈ উঠিল৷ এৰা, বহুদিনৰ মুৰত গাওঁখনত আনন্দৰ বন্যা ববলৈ

Read more

খাৰখোৱা বুফে  – বিক্ৰমজিৎ কাকতি

‘বুফে’ পাৰ্টি বোৰ যেতিয়া ফ্ৰান্সৰ পৰা আহি আমাৰ এই বন্ধপ্ৰদেশ পালেহি তেতিয়াৰ পৰা তাৰ ৰেহৰূপ মানে গৌহাটীয়া লোকেল ভাষাত “থপৰা“ চেঞ্জ হৈ গল৷ অন্নপ্ৰাসন্নৰ পৰা মৃতকৰ ভোজলৈকে লাহে লাহে খাৰখোৱা buffetএ অধিকাৰ কৰিবলৈ আৰম্ভ কৰিলে৷ ইউৰোপত এই buffet পাৰ্টিত যিবোৰ খোৱা পৰিবেশন কৰা হৈছিল তাত এনে ধৰণৰ খাদ্য দিয়া হয় যিবোৰ খাবলৈ Knife ব্যৱহাৰ কৰিব লগা নহয় যাতে মানুহে সহজতে কাঁটা অথবা চামুছৰে খাব পাৰে৷ কিন্তু আমাৰ খাৰখোৱা buffetত কেতিয়াবা এনে খাদ্য পৰিবেশন কৰা হয় যত কাঁটা অথবা চামুচ বাদেই

Read more

টীপু পুৰাণ – নীলাক্ষী দেৱী ডেকা

আমাৰ টীপুৱে কিয় গাৰ্লফ্ৰেণ্ড নবনাই সেইটো আপোনালোকৰ জ্ঞানাৰ্থে জনাব বিচাৰোঁ যে তাৰ মাকৰ ৰাতিপুৱা দুটা ল’ৰাক স্কুললৈ সাজু কৰোতে হোৱা কষ্টখিনি টীপুৱে বুজে৷ তাৰে লগতে যদি টীপুৰ গাৰ্লফ্ৰেণ্ডকো স্কুলৰ বাবে পিন্ধাই উৰাই সাজু কৰিব লগা হয় মাকৰ কিমান বেছি কষ্ট হব তাকেই ভাবক৷ গতিকে টীপুৱে গাৰ্লফ্ৰেণ্ড নবনায়৷ কোনো ল’ৰা ফ্ৰেণ্ডো নবনাই কাৰণ সিহঁতে ধোখা দি দিব৷ এইখিনিলৈকে কথাবোৰ ঠিকেই আছিল৷ কিন্তু ময়ো টীপুৰ মাকহে৷ সকলো কথা হজম হলেও এই ধোখা দিয়াৰ কথাটো মোৰ মুঠেও হজম হোৱা নাই৷ গাৰ্লফ্ৰেণ্ড নবনাই বাৰু

Read more

তিতা -কেঁহা – হিমাংশু ভাগৱতী

চুন ৰহা হে না তু ৰো ৰহা হু মেই .. এখন দেশত লোহিত নদীয়াল বাস কৰিছিল । বাস কৰিছিল মানে ,খিলঞ্জীয়া নাগৰিক। লোহিত নদীয়ালৰ বয়স কিমান ভালকৈ কোনেও নাজানে, আচলতে কোনেও জানিব নিবিচাৰে । উৎসৱে পাৰ্বনে নহ’লে নহয় ধৰণৰ এক পৰম্পৰা হৈ গৈছে কাৰণেহে সেইবোৰ দিনত লোহিত নদীয়ালক সকলোৱে বিচৰাৰ দৰে কৰে , এনেয়ে ক’ত পৰি থাকে খবৰ নাই । খবৰ লবলৈ কাৰো আহৰি নাই , সকলো ব্যস্ত যে ; ইমান কাম থাকে সকলোৰে। এইবিলাক লৈ লোহিত নদীয়ালৰ কোনো আক্ষেপো

Read more

পেটকুলি – ধুৰ্জ্যতি কাকতি

এখন গাঁৱত বুঢ়া এটা আছিল ৷বুঢ়া আছিল মস্ত কুৰ্চুটিয়া আৰু পেটকুলি ৷ সদায় পৰৰ দুখত সুখী৷ ভাই ভাইৰ মাজত কাজিয়া লগোৱা, পতি পত্নীৰ মাজত কাজিয়া লগোৱা, সকলো সামাজিক কামত বাধা দিয়া,উন্নতিৰ কামত বাধা দিয়া, সৰু সুৰা কথাতে মানুহৰ ওপৰত কেচ দিয়া, বুঢ়াৰ সেইয়াই কাম ৷ তাতেই বুঢ়াৰ ফুৰ্ত্তি ৷ উপায় নেপাই গাঁৱৰ মানুহে বুঢ়াক একঘৰীয়া কৰিলে ৷লাহে লাহে বুঢ়াৰ বেমাৰ হ’ল ৷ কোনেও খবৰ নকৰিলে ৷ বুঢ়াই গম পালে এনেকে হলে নহ’ব ৷ মৰি পৰি থাকিব কোনেও গম নাপাব।গতিকে এদিন

Read more

এনেই যা তা -অমিতাভ মহন্ত

– দাদা, দাদা! ! – কি হ’ল? ? – মোক বচাওক দাদা৷ – এক মিনিট৷ আজি আমাক নতুন ইউনিফৰ্ম দিছে৷ আগতে চেলফী এখন মাৰি লওঁ৷ – দাদা, সেইবোৰ পিছত কৰিব৷ পলম কৰিলে মই মৰি যাম৷ – আগতে মোৰ হাতখন এৰক হে৷ হাতখন বন্ধ কৰি ৰাখিলে কেনেকৈ বচাম৷ – অহ, চ’ৰী চ’ৰী৷ দুখ পাইছে? – অলপ টানিছে৷ ষ্টিল ইট্ ইজ অ’কে৷ কওঁক এতিয়া৷ – মোক বচাওক প্লিজ৷ – চাওক এটা কথা আগতেই ক্লিয়াৰ কৰি দিওঁ৷ বচোৱা কামটো নৰমেলী পুলিচ আৰু ডাক্তৰৰ৷

Read more
1 37 38 39 40 41 42