ফটাঢোল

মহিষাসুৰৰ হাঁহি – প্ৰীতিশা গোস্বামী

মোৰ স্মৃতিৰ টোপোলা মেলি উলিয়াই অনা এই হাঁহিটো দুৰ্গা দেৱীয়ে নিধন কৰা মহিষাসুৰৰ হাঁহিৰ তুলনাত কোনো গুণে কম নহয়। ক’ব পাৰি সাইলাখ একে!! অত্যন্ত ভয়ঙ্কৰ…যেন দহ মুৰীয়া অসুৰৰ অট্টহাস্য। সকলোৱে বুজাকৈ অলপ বহলাই কওঁ, এই হাঁহিৰ ৰহস্য। শীতৰ দিন তেতিয়া । আইতা ঢুকোৱাৰ অশৌচ পালন কৰি আছিলোঁ । আইতা বৰদেউতাৰ ঘৰত আছিল বাবে সকামৰ সকলো কাম-কাজ তাতেই চলিছিল। ঘৰৰ আঁতৰত থকা খুড়া-খুড়ী, পেহা-পেহী, দাদা-ভাইটিৰে ঘৰ ভৰপূৰ তেতিয়া। সেইকেইটা দিনত স্কুল অথবা পঢ়া-শুনা নাছিল যিহেতু আমি পিলিঙাকেইজনে দিন-ৰাতি একাকাৰ কৰি কেৱল

Read more

দণ্ডিনাথ কলিতাৰ ব্যংগাত্মক গদ্য ৰচনাৰ ওপৰত চমু আলোকপাত – চবিনা ইয়াচমিন

অসমীয়া ভাষা সাহিত্যৰ উন্নতি আৰু সমৃদ্ধিৰ পথত একাগ্ৰভাবে জড়িত থকা এজন প্ৰখ্যাত সাহিত্যিক হ’ল দণ্ডিনাথ কলিতা৷ তেওঁৰ জন্ম হৈছিল ১৮৯০ চনৰ ৩০ জুনত তেজপুৰ নগৰৰ কেতেকীবাৰী গাৱঁত৷ তেওঁৰ পিতৃ আছিল মঙ্গলৰাম কলিতা আৰু মাতৃ আছিল জোনাকী কলিতা৷ তেওঁলোকৰ সৰ্বমুঠ পাঁচোটা সন্তানৰ ভিতৰত দণ্ডিনাথ কলিতা আছিল দ্বিতীয়৷ কলিতাদেৱৰ দেউতাক আছিল এজন দুখীয়া খেতিয়ক৷ পাঁচোটি সন্তানক স্কুলত পঢ়োৱাতকৈ খেতিপথাৰত মনোযোগেৰে কাম কৰাটোতহে দেউতাকে অধিক গুৰুত্ব দিছিল৷ কিন্তু দণ্ডিনাথ কলিতাৰ আছিল শিক্ষাৰ প্ৰতি অসীম ধাউতি আৰু বুদ্ধিমত্তা অত্যন্ত প্ৰখৰ৷ আৰ্থিক অনাটন আৰু পাৰিবাৰিক

Read more

মতিভ্ৰম – অমিতাভ মহন্ত

আদিত্য প্ৰতীম বৰুৱা৷ জন্মস্থান লক্ষ্মীমপুৰ, কৰ্মসুত্ৰে বৰ্তমান নতুন দিল্লীৰ নিবাসী৷ বৃত্তিসুত্ৰে আদিত্য এজন চিকিৎসক৷ চাকৰিৰ খাতিৰত মৰমৰ ঘৰখন এৰি দিল্লীত থাকিলেও মনটোৱে নামানে৷ সেয়ে সময়, সুবিধা পালেই ছুটী লৈ আদিত্যই প্ৰায়েই লক্ষ্মীমপুৰলৈ ঢাপলি মাৰে, লৰ মাৰে তাৰ আপোন ডিক্ৰঙৰ পাৰলৈ৷ সুবিধা কৰিব পাৰিলেই অসমলৈ স্থায়ীভাৱে ওভতি আহি অসমৰ বাবে কিবা এটা কৰাৰ মন৷ এইকেইদিন আদিত্য ঘৰতেই আছে৷ বন্ধু-বান্ধৱ, চুবুৰীয়া, সম্পৰ্কীয় লোকসকলৰ সৈতে দিনবোৰ বৰ সুন্দৰকৈ পাৰ হৈ গৈছে৷ দিল্লী যোৱাৰ দিন চমু চাপি আহিছে, কথাটো মনত পৰিলেই তাৰ মনটো মৰহি

Read more

দ্বিতীয় সংখ্যাৰ আঁ‌ৰৰ কথা

ফেচবুকৰ অন্যতম হাস্যব্যংগ গোট ‘ফটা-ঢোল’ৰ ব্যংগ সাহিত্যক জনপ্ৰিয় কৰাৰ প্ৰয়াস ‘ফটাঢোল’ ই-আলোচনীখনৰ দ্বিতীয় সংখ্যাটোৰ সম্পাদনাৰ দায়িত্ব দিয়াত শংকিত হৈ পৰিছিলো। কিয়নো সাহিত্য-চর্চাৰ সকলোতকৈ জটিল বিভাগটোৱেই হৈছে ব্যংগ সাহিত্য। প্ৰস্তাৱনা সংখ্যাটোৰ জনপ্ৰিয়তাও মোৰ শংকাৰ কাৰক হৈ পৰিছিল। পঢ়ুৱৈৰ বৰ্দ্ধিত প্ৰত্যাশাই নতুন সম্পাদকৰ ওপৰত দায়িত্বৰ ভাৰ বঢ়াই তোলাটো স্বাভাৱিক। এই গুৰুভাৰ উঠাবলৈ কিঞ্চিৎভাৱেও যদি সফল হৈছো তেন্তে তাৰ শ্ৰেয় সম্পাদনা সমিতিৰ লগত জড়িত প্ৰতিজন ব্যক্তি, ফেচবুক গোট ‘ফটা-ঢোল’ৰ প্ৰতিজন সদস্য তথা ভিন্ন সময়ত যথাগত উপদেশ দিয়া প্ৰতিজন সুহৃদ ব্যক্তি। আলোচনীখনৰ জন্মলগ্নৰে পৰা

Read more

পেহী মূতা – ভাস্কৰ জ্যোতি বৰুৱা

বিয়া-বাৰুত বিলনীয়া হৈ পাইছেনে ? আজিকালি কেটাৰিং ছাৰ্ভিছ থকা বিয়াৰ কথা কোৱা নাই। আগতে ডেকা ল’ৰাই লাগি ভাগি দিয়া বিয়াৰ কথা কৈছো। আমাক চিনাকি মানুহ এজনে তাহানি বিয়া এখনৰ খোৱা ঘৰত দেখা পাই সুধিছিল, “তোমালোকে ইয়াতো লাগি আছা নেকি?” হয়, ঘৰৰ পৰা বহু দূৰত লগৰ ল’ৰাৰ সম্পৰ্কীয়ৰ ঘৰতো আমাক দেখা গৈছিল বিলনীয়া ৰূপত। এনে বিয়াবোৰত এটি বিশেষ চৰিত্ৰক আমি প্ৰায়ে লগ পাইছিলো। কেতিয়াবা গৃহস্থৰ ওচৰ চুবুৰীয়া হিচাপে, নতুবা কেতিয়াবা গৃহস্থৰ সম্পৰ্কীয় ৰূপত। কেতিয়াবা যদি তেওঁ‌ এজন যুৱক, কেতিয়াবা আকৌ তেওঁ‌

Read more

আপদীয়া প্ৰেমপত্ৰ – বিজয় মহন্ত

মৰমৰ, এইয়া ফেনখন চলাই লৈছো, আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি। ফেনৰ অবাধ্য বতাহজাকে কাগজখিলা উৰুৱাই নিছে। চাও, ফেনখন অফ কৰি দিওঁ। সাত বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? সিদিনা আছিল জোনাকেৰে জিলমিলাই থকা এক সন্ধিয়া৷ ফৰিং ফুটা জোনাকত তোমাৰ জিলমিলাই থকা মুখখনে বৰকৈ আমনি কৰাত বাইক উলিয়াই ঢাপলি মেলিছিলো তোমালোকৰ ঘৰৰ আগলৈ। ভাবিছিলো কিজানি তোমাক দেখা পাওঁ। নাই চোতালত কোনো নাছিল। আছিল মাথো তোমাৰ মৰমৰ ফাপৰে ধৰা কুকুৰটো। ফাপৰে ধৰিলে যদিও সি বৰ ধুনীয়া। কিয়নো সি যে

Read more

সাক্ষাৎকাৰ – কেনী বসুমতাৰী

কেনী বসুমতাৰীৰ বিষয়ে ~~~~~~~~~~~~~~~~~~~  কেনী দেউৰী বসুমতাৰী আজি অসমীয়া বোলছবি জগতৰ এক পৰিচিত নাম। বলিউডৰ কেইবাখনো কথাছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰি পৰ্দাত ভুমুকি মৰা কেনী বসুমতাৰীয়ে জনমানসত প্ৰতিস্থা লাভ কৰিবলৈ সক্ষম হয় তেওঁৰ ২০১৩ চনত মুক্তি প্ৰাপ্ত অসমীয়া চলচিত্ৰ “লোকেল কুংফু”ৰ জৰিয়তে। অসমৰ বোলছবি জগতৰ মৃতপ্ৰায় অৱস্থাত “লোকেল কুংফু”য়ে দৰ্শকলৈ এক আশাৰ ৰেঙণি কঢ়িয়াই আনে। অতি কম বাজেটৰ এই চলচিত্ৰখনৰ সুন্দৰ পৰিচালনা তথা সুন্দৰ অভিনয়েৰে ৰাষ্ট্ৰীয় পৰ্য্যায়তো সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ কেনী সক্ষম হয়। কেনী দেউৰী বসুমতাৰীৰ জন্ম গুৱাহাটীত।

Read more

মণিকুন্তল – গীতাশ্ৰী কলিতা

(লেখিকাৰ একাষাৰ: মণিকুন্তল এক ভালপোৱাৰ অনুভৱ। মণিকুন্তল কোনো এক সঁচা কাহিনীৰ ভিত্তিত লিখা হোৱা নাই। ভিন্ন ঘটনাৰ পৰা হোৱা অনুভৱ কিছুমানে মনত বহুদিনৰ পৰা দোলা দি আছিল। তাৰে লগত কল্পনাৰ ৰহণ সানি দিয়া লিখিত ৰূপ মণিকুন্তল। ফেচবুকৰ ব্যংগ গোট ফটা-ঢোলৰ সদস্য হোৱাৰ দিন ধৰি নানাজনৰ বহুত লিখা পঢ়িলো। উন্নত মানদণ্ডৰ ব্যংগ ৰচনাবোৰ মাজত নিজে কিবা লিখি পোষ্ট কৰাৰ সাহসেই হোৱা নাছিল। কিন্তু মঞ্চখন ব্যংগৰ লগতে আনধৰণৰ লেখাৰ বাবেও মুকলি কাৰণে এদিন সাহস কৰি এটা খণ্ড পোষ্ট কৰিছিলোঁ। বুজিছিলো মণিকুন্তল কোনোফালৰ

Read more

বিকাশ মামাৰ (ডাঃ বিকাশ বৰুৱা) সৈতে কিছু অন্তৰংগ আলাপ – চবিনা ইয়াচমিন

নব্বৈৰ দশকৰ পৰা আজি লৈকে অসমীয়া ব্যংগ সাহিত্য জগতত তোলপাৰ লগোৱা বিশিষ্ট ব্যংগ লেখক ডা° বিকাশ বৰুৱাক চিনি নোপোৱা মানুহ হয়তো নোলাব ৷ সাহিত্য জগতত তেওঁ “বিকাশ মামা” নামেৰে জনাজাত৷ সেইদিনা দহ জুলাই ৷ দিনৰ এঘাৰ বাজি দহ মিনিট পাৰ হৈছে ৷ বাহিৰত চিপ্ চিপ্ বৰষুণ ৷ মই মামাক লগ ধৰিম বুলি মনতে বহু দিনৰ পৰা ভাবি আছিলো৷ এইবাৰ সুযোগ এটা পালো ৷ ই-আলোচনী “ফটাঢোলৰ” চলিত মাহৰ সম্পাদক ভাতৃ অভিজিৎ মেধিৰ সৈতে কথা পাতি আলোচনীখনৰ বাবে লেখা এটা বিচাৰি তেওঁৰ

Read more

ৰুম নাম্বাৰ থাৰ্টিন – উৎপলা কৌৰ

সুগন্ধি বতাহ এজাকৰ দৰে সোমাই অহা ক’লা শাৰী, শ্লীভলেছ ব্লাউজ পৰিহিতা লনী দেহৰ মহিলাগৰাকীৰ পেন্সিল হিলৰ খট্ খট্ শব্দত হোটেলৰ লবীত বহি থকা আটাইয়ে মূৰ তুলি চালে। মানুহগৰাকীৰ আয়ত চকু, জোঙা নাক,  আবেদনময় ওঁঠযোৰ তথা সুললিত কথা-বাৰ্তাই তাত বহি থকা আটাইবোৰ চকু তেওঁৰ ওপৰতে স্থাপন কৰিছে যদিও মহিলাৰ কিন্তু সেইবোৰত ভ্ৰূক্ষেপ নাই। ‘ৰিচেপচন’ত ফৰ্মেলিটিজবোৰ সম্পূৰ্ণ হোৱাৰ পাছত একেই লয়লাস ভংগীমাৰে লিফ্টৰ দিশেৰে তেওঁ আগুৱাই গ’ল। সৰু চহৰখনত থকা সেইখনেই একমাত্ৰ ভাল আৰু ব্যয়বহুল হোটেল আৰু সেইখন হোটেলৰ আটাইতকৈ ভাল আৰু

Read more
1 3 4 5 6