ফটাঢোল

আপদীয়া পদ্য — প্ৰবীণ কুমাৰ বৰদলৈ

(১) শুনিছেনে সভাসদ বৰঢোলৰ মাত বতা চৰাই তেলটুপি বাজে নানা হাত প্ৰতশ্ৰুতিৰ আহে বান বিজুলীয়ে কাঢ়ে প্ৰাণ ক’ত লুকাও বসুমতী তুমি দিয়া ফাট ৷৷ (২) চল কৰি চকীখনত বহিলো যেতিয়া কোনেও নোৱাৰে মোক উঠাব এতিয়া লগত আছে মোৰ সাঙ্গোপাঙ্গ সাহিত্য সাধনাৰ তেওঁলোকো অঙ্গ ইয়াতকৈ ওখখনত বহিবলৈ পাম কেতিয়া ৷৷ (৩) “ই এণ্ড ডি”ৰ ঠিকাদাৰ মি: বৰুৱা নাম “চিক্সটি-ফৰটি কমিচন”ত মথাউৰি বন্ধা কাম বৰপূত্ৰৰ পাঁচখন ৱীয়েৰ-বাৰ সৰুটোৰ দহখন নাইট-চুপাৰ বৰুৱানীয়ে ভাবে বছৰটোত তিনিবাৰ আহক বান ৷৷ (৪) কণ্ঠলেঙুটি ডিঙিত পিন্ধে তেওঁ

Read more

ফটাপ্ৰেম – হেমন্ত কাকতি

বিশ্ব ইতিহাসৰ মহানতম প্ৰেমিক, ডাণ্টে, মজনু, দেৱদাস বা ইমৰাণ হাচমী আদিৰ শাৰীত নপৰিলেও মোৰো প্ৰেম কাহিনী কোনো গুণে কম নাছিল৷ তেওঁলোকে যেনেকৈ প্ৰেমত পৰি হাবুডুবু খাইছিল মোৰো প্ৰায় তেনেকুৱাই কাহিনী আছিল। কোনেও নিলিখিলে বাবেই মই নিজেই লিখিবলৈ ওলাইছো; তফাৎ মাত্ৰ ইমানেই যে তেওঁলোকৰ প্ৰেমৰ নিজৰা দুয়োফালৰ পৰা কুলু কুলু সুৰেৰে বৈ গৈছিল আৰু আমাৰ একপক্ষীয় ভাবে আৰু বিশেষ এটা বৈশিষ্ট আছিল এই প্ৰেমৰ নিজৰা বৈছিল প্ৰায় ডেৰকুৰিজনী লায়লা, বিয়েট্ৰিচ, পাৰো, মল্লিকা শ্ৱেৰাৱত আদিৰ বাবে৷ যি মূলা বাঢ়ে তাৰ দুপাততেই চিন৷

Read more

বিতচকু –প্ৰণীতা গোস্বামী বৰঠাকুৰ

ক’ত গ’লি হয়নে মোৰ মৰমৰ সোণাই তই নহ’লেই মোৰ দিনতে আন্ধাৰ; নোৱাৰো এৰিব তোক নিদ্ৰাত থকাৰ বাদে, নকৰো অৱহেলা অকণো দেখিলেও বেয়া আনে। নাক-কাণৰ সহায়ত তোক বহুৱাই থওঁ জেগাত পৰ বুলি ভয়তে থওঁ কেতিয়াবা মূৰত উঠাই, ভিন ভিন ৰূপত তই আছ বিৰাজ কৰি ব্যক্তিত্বও বঢ়াইছ তই বয়স অনুযায়ী। সৰুতে ভাবিছিলো তই থাকিলে লগত মেধাবী লাগিব মোক আনৰ আগত, ভুলটো ভাঙিল মোৰ অতি সোনকালে যেতিয়া বুজিলো তই চিনাকি দৃষ্টিৰে। জাতিৰ পিতাকো তই আছিলি শুৱাই তোৰ সেই আকাৰে পাইছিল তেওঁৰ নামত ঠাই।

Read more

কুইক জোক– সোণটো ৰঞ্জন বৰুৱা

(১) ফ্ৰম ঋতুপৰ্ণাজ কিটচেন ঋতুপৰ্ণা : মা, আজি বঢ়িয়া দিছ এটা শিকি আহিছো, বনাই ফেচবুকত দিলে তামাম লাইক কমেন্ট পাম, তামাম হিট হ’ব ফটো। মনা, বিজুহঁততো বৌম জ্বলিব। বনাওনে মা? মাক : হেই যি কৰ কৰি থাক, খালি ফটো মাৰি ডাষ্টবিনত পেলাই দিবি সেইসোপা, কাৰোবাক খোৱাই লৈ ব্ৰেকিং নিউজ কৰি নিদিবি হলে। আমি খুড়াৰৰ ঘৰত খামগৈ আজি। (২) মিছেচ কাকতি : নিজকে ইমান জনা-শুনা বিদগ্ধ পণ্ডিত বুলি যহাই ফুৰা, কিন্তু য’তে ত’তে ভুল কৰি ফুৰা কিয় হে? মিষ্টাৰ কাকতি :

Read more

মনটো খেলিমেলি কৰি থকা চিন্তাবোৰ –দিম্পল কলিতা

আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা মৰ্মে… আজিকালি সকলো পৰিয়ালে এটা ল’ৰা আৰু এজনী ছোৱালী হ’লেই পৰিয়াল পৰিকল্পনা মানিবলৈ লৈছে… যদি এনেকৈয়ে সহাৰি জনাই ৰাইজে… ইয়াৰ পৰিণতি স্বৰূপে সংসাৰৰ পৰা খুলশালী নামৰ সুন্দৰ প্ৰজাতিটো বিলুপ্ত হোৱাৰ পথত।। বৰলা ডেকা সমাজৰফালৰ পৰা কিবা আন্দোলন হ’ব লাগে …মই আছো ★★★★

Read more

তেৰে মেৰে দৰমিয়া – নয়নমণি হালৈ

ৰাস্তাত যেন জুই জ্বলিছে, কিন্তু তাতোকৈ বেছি জুই জ্বলিছে পেটত৷ জালুকবাৰীৰ পৰা চান্দমাৰীৰ ফালে গৈছিলো কিবা এটা কামত, কাম শেষ হোৱালৈ পেটত জুই জ্বলিল৷ জুলাই মাহৰ দুপৰীয়া, তাতে মাহৰ শেষ| বাবলু আৰু মোৰ পকেট জাৰি-জোকাৰি কিবাকৈ চিটিবাছৰ ভাড়াটোহে ওলাল৷ এসাজ ভাত এতিয়া দুঃস্বপ্নৰ দৰে৷ মাহৰ আৰম্ভণিতে ঘৰৰ পৰা পইছা আহে, সেইকেইটা দিনত গোটেই গুৱাহাটীখনত আমাৰ অখণ্ড প্ৰতাপ৷ পাৰ্ক, ৰেষ্টুৰেণ্ট, চিনেমা, পাণদোকান সকলোতে আমাৰ অবাধ ৰাজত্ব৷ ক্লাছলৈ বুলি ওলাই আহি বিশ্ববিদ্যালয়ৰ গেটৰ সন্মুখত পোলাও মাংসৰে ৰাজসিক ভোজন কৰো, তাৰপিছত চিগাৰেটেৰে মুখশুদ্ধি!

Read more

পত্ৰবন্ধু – কৃষ্ণা বৰা ফুকন

স্কুলত থাকোতে কেইখনমান আলোচনী খুউব পঢ়িছিলো। বিস্ময়, মায়া, তৃষ্ণাতুৰ, ৰহস্য , মৌচাক, প্ৰান্তিক, ৰংঘৰ, পূবালী। কেতিয়াবা দেতাই “ষ্টাৰডাষ্ট” নামৰ ইংৰাজী আলোচনী এখনো আনিছিল। সেইখন অৱশ্যে পঢ়া নাছিলো, মানে নোৱাৰিছিলো। তাত থকা হিন্দী চিনেমাৰ নায়ক নায়িকাৰ ফটোত দাড়ি মোছ, তিল, চেলাউৰী আঁকিছিলো। ওপৰত উল্লেখ কৰা কেইখনমানত পত্ৰবন্ধু নামেৰে শিতান এটা আছিল। ভাইটি আৰু মই পোষ্ট কাৰ্ডত খুউব নাম ঠিকনা পঠাইছিলো। ক’ৰবাত ক’ৰবাত উলাইছিলো আৰু সেই জহতে অসংখ্য চিঠি পাইছিলো, অসমৰ বিভিন্ন ঠাইৰ পৰা। মুকুন্দ দা মানে আমাৰ ডাকঘৰৰ ডাকোৱালজনৰ চাইকেলখন আহি

Read more

সম্পাদকৰ সংসাৰ– লিপিকা কৌশিক

পাচলি বজাৰত সম্পাদক (দোকানীলৈ চাই): হেৰা, এই ৰঙালাওটো বৰ ডাঙৰ, অলপ কাট পেষ্ট কৰি দিবাহে ! চাহৰ হোটেলত সম্পাদক : পইচা কমকৈ ৰাখক, শিঙৰাৰ ভিতৰত কেৰেককৈ মস্ত আদা এডোখৰ চোবালো, কি স্পেলচেক কৰে আপুনিহে জানে দেই! শ্বপিং মলত সম্পাদক: দোকান বেছি হ’ল বুলিয়ে সৱ ফোল্ডাৰতে সোমাব নালাগে, ভাল চাই ছৰ্টলিষ্ট কৰি যি কিনিব খুজিছা কিনা। ভাতৰ টেবুলত সম্পাদক: হেৰা, দাইলত নিমখ কম হৈছেহে, অলপ এডিট কৰি দিয়া। আৰু মাংসখিনিও বৰ চুটি হৈছে, দীঘল কৰি দিয়া। কৃষ্ণ প্ৰভু! মাংস কেনেকৈ দীঘল

Read more

ফটাপ্ৰেম – বৰ্ণালী ফুকন

ক্লাছ এইটৰ পৰা আমাৰ লগৰ দুই এজনী প্ৰেমত পৰিবলৈ ধৰিছে। টিফিনত আমি কেইজনীমানে সিহঁতক বেৰিকুৰি ধৰো, প্ৰেম কাহিনী শুনিবলৈ। প্ৰেমিকৰ চিঠি দুই এখন পঢ়াৰো সৌভাগ্য ঘটিল। তেজেৰে লিখা চিঠি পঢ়ি শিঁয়ৰি উঠো। কিমান ভাল পালে বাৰু এনেকৈ তেজেৰে প্ৰেমিকালৈ চিঠি লিখিব পাৰে। তাহাঁতৰ প্ৰেম কাহিনীয়ে আপ্লুত কৰে আমাক। আমি প্ৰেমিক নথকা কেইজনীয়ে নিজৰ ফুটা কপালখনকে দুখ দিওঁ। আমি কেইজনীয়ে কথা পাতো, তেজেৰে নালাগে বাৰু চিঞাহীৰেই লিখচোন আমালৈ চিঠি এখন কোনোবাই। মনৰ দুখ মনতে মাৰ যায়। আইনাখনৰ আগত নিজকে চাই ভাবো,

Read more

মিছেছ কলিতাৰ চিন্তা–জীমণি গগৈ

মি:কলিতা: হেৰা, এইবাৰ মাইনাৰ বাৰ্থডে’ত কাকতি, শৰ্মা, আৰু বৰুৱাৰ পৰিয়ালৰ কোনো নাহিল যে ? মিছেছ কলিতা: মাতিলেহে আহিব। মি:কলিতা: নামাতিলা নেকি? আগৰকেইবাৰত মাতিছিলা যে? মিছেছ কলিতা: যোৱা কিছুদিনত মোৰ কেইবাটাও আপডেটত তেওঁলোকে এটাও লাইক, কমেণ্ট দিয়া নাই। চ’ এইবাৰ নামাতিলোঁ যাহ্!! ★★★★

Read more
1 2 3 4 5 7