ফটাঢোল

মাই হেড – সদানন্দ দত্ত

জিংকুমণি বৰা ৰতনলালৰ নুমলীয়া পুতেক৷ সি পঢ়াত অতি বেয়া বাবে বাপেকৰ মহা চিন্তা৷ কেনেকৈনো ল’ৰাটোক ভাল শিক্ষা দিব পৰা যায় তাৰেই চিন্তাত ৰাতি টোপনী নাহে৷ নিজে ভালদৰে পঢ়া-শুনা নকৰি ধিতিঙালি কোবাই থাকি ল’ৰালি কাল পঠিয়াই এতিয়া ৰতনলালে পস্তাইছে৷ কোনোৰকম চুচৰি নৱম মান শ্ৰেণীটো পাছ কৰিলে আৰু পঢ়িবলৈ মন নকৰি স্কুল এৰিলে৷ বয়স নৌ হওঁতে বিয়াও পাতিলে৷ সংসাৰ চলাবলৈ টান পাই এতিয়াহে বুজিছে পঢ়া-শুনা কৰাটো কিমান জৰুৰী কাম৷ এতিয়া পুতেকক ইংৰাজী শিকাই ডাঙৰ মানুহ কৰিব পাৰিলেই ৰক্ষা পৰে৷ বিদ্যালয়ত পঞ্চম শ্ৰেণীত

Read more

চেনিৰাম ফটাঢুলীয়াৰ আখ্যান -অসমী গগৈ

কিছুবছৰৰ আগৰ কথা৷ কলেজত নামভৰ্তিৰ সময়ত আমাৰ চেনিৰামৰ পুৱা নবজাৰ পৰা চাৰিবজালৈ কলেজৰ সন্মুখত ডিউটি থাকে সদায়৷ তেনে এটা দিনতে এগৰাকী অতি সুন্দৰী চকুত পৰিল৷ বচ কোনে পায়৷ আঁতিগুৰি উলিওৱাত ওস্তাদ চেনিৰাম লগত এজন লৈ সুন্দৰীৰ ঘৰত হাজিৰ৷ সুন্দৰীয়ে নাম লগোৱা কলেজৰ ছাত্ৰ বুলি পৰিচয় দিয়াত খাতিৰ বাঢ়িল৷ মাক জীয়েকৰ সৈতে কথাৰ পাগ উঠাই থাকোতেই পিতৃৰ প্ৰৱেশ ঘটিল৷ এইবাৰ চেনিৰামে পিতৃৰ তৈলমৰ্দন আৰম্ভ কৰিলে৷ : ছাৰ নমস্কাৰ৷ : নমস্কাৰ তোমালোক? : আমি ……… কলেজৰ ছাত্ৰ৷ : কিবা কামত আহিলা? :

Read more

বিয়াৰ লাড্ডু – অসমী গগৈ

বিয়া বুলি ক’লেই “মন মে লাডু ফুটা“ৰ বয়স৷ ইতিমধ্যে কেইবাজনেও চাহজলপান খাই কেইবাখনো ফুলাম গামোচা নিলেই৷ সপোনত কেইবাবাৰো হনীমুনো কৰি আহিলো৷ বিয়া সকামলৈ সাজি কাচি যাওঁতে যাওঁতে কেইবাযোৰো চেণ্ডেলৰ গতি লাগিল৷ সপোনটোৰহে গতি নলগা হ’ল৷ ঘৰলৈ মানুহ-দুনুহ আহিলে, কৰবাত কাৰোবাক লগ পালে মোলৈ দৰা বিচাৰিবলৈ কোৱাটো ঘৰৰ সকলোৰে এটা নিয়মৰ দৰে হ’লগৈ৷ মুঠৰ ওপৰত পিঠিত “ফৰ চেল“ লগাই ঘূৰিবলৈহে বাকী৷ বহুত দিনৰ মূৰত সিদিনা পেহীৰ ল’ৰাটো আহি ওলালহি৷ পেহাই চাহবাগানত কাম কৰে৷ হাতত লৈ অহা চাহপাতৰ টোপোলাটোৱে আমাক আটাইতকৈ সুখী

Read more

হেৰাই যোৱাৰ গান – প্ৰাঞ্জল অনুভৱী

তুমি মোৰ পৰা বহুত দূৰৈত থাকা৷ অথবা ওচৰত থাকিও দূৰৈত৷ তুমি মোৰ কোন? মোৰ সৈতে তোমাৰ সম্পৰ্কই বা কি? তেজৰ সম্পৰ্ক? সমাজ পাতি দিয়া এটা সম্পৰ্ক? অথবা তোমাৰ নৈকট্যত কটোৱা কিছু সময়ৰ বাবে গঢ় লৈ উঠা এটা আত্মিক সম্পৰ্ক? মোৰ জীৱনত তোমাৰ ভূমিকাই বাৰু কিমান? – এনেধৰণৰ কিছুমান প্ৰশ্নই মাজে মাজে মোৰ মনত দোলা দি যায়৷ নৈশ বাছৰ যাত্ৰাপথত তোমাৰ স’তে মোৰ চিনাকি হ’ল৷ কথা পাতিলো৷ আৰু আচৰিত ভাবে লক্ষ্য কৰিলো, তোমাৰ আৰু মোৰ চিন্তাৰ কিছুমান অদ্ভুত সাদৃশ্য। তুমি গান

Read more

ভোলাৰ প্ৰসাদ – প্রাঞ্জল হাজৰিকা

আমাৰ সৰুকালটো আজিৰ শিশুৰ দৰে  ডিজিটেল ভার্চুৱেল পৃথিৱীখনতে সীমাবদ্ধ নাছিল। মুকলি পথাৰ, শৰীৰৰ উৎকৰ্ষ সাধন কৰা খেল বোৰ খেলিয়েই ডাঙৰ দীঘল হৈছিলোঁ‌। দুষ্টামিও কৰিছিলোঁ‌। তাহানিৰ সেই খেলৰ লগৰীয়া মিকিৰ, চু-কন, থুপুকা, ফেলেক আৰু গাধৈ কেউটাই এতিয়া ডাঙৰ লোক৷ আমি কেইটা সততে কেতিয়াও লগ এৰা দিয়া নাছিলোঁ‌৷ ভিন্ন স্কুলৰ হ’লেও স্কুল ছুটীৰ পিছত পোনছাটেই জেঠাইদেউহঁতৰ ঘৰৰ আগফালৰ প্ৰকাণ্ড শিমলু গছজোপাৰ তলত লগ হওঁ‌হি৷ এই নামবোৰে বিশেষ বৈশিষ্ট্য বহন কৰিছিল৷ থুপুকা চাপৰ আছিল৷ কোৱাৰিৰে লেলাৱটি সৃষ্ট জলাধাৰ এটা বহুদিনলৈকে বৈ থাকিছিল৷ তাৰ

Read more

খঁৰা শিয়ালৰ বিয়া – শংকৰজ্যোতি বৰা

বালিকা- আপেল দা,আপুনি ইমান বয়সলৈকে বিয়া নাপাতিলে কিয়? আপেল- কি জানা,মই মোৰ কাৰণে সঠিক মানুহ এজনী লগ নেপালো।আই থিংক মই মোৰ কাৰণে পাৰফেক্ট মানুহ এজনীৰ সন্ধানত আছোঁ‌। বালিকা-হৈছে আৰু।এনেকৈ থাকোতে বিয়াৰ বয়স পাৰেই হ’লহি ।আপুনি ইমান বয়সলৈকে এজনীও ভাল ছোৱালী লগ নেপালেনে? আপেল-পাইছিলোঁ‌।বৰ ধুনীয়া আছিল।দেখিবলৈ ধুনীয়া,আচাৰ ব্যৱহাৰ সুন্দৰ, ঘৰখনো বৰ ভাল আছিল। বালিকা- তেতিয়া হ’লে বিয়া নাপাতিলে কিয়? আপেল-নহয় অ’।তায়ো মানে এটা পাৰফেক্ট ল’ৰা বিচাৰি আছিল যে। সেইকাৰণেই….. (2) দিগন্ত দা- আইজনী, তুমি ডাঙৰ হৈ কি হ’বা? কস্তুৰী- দিতা, মই

Read more

MISS ৰ বাহাদুৰী – দেৱভূষণ

ছোৱালীবিলাকে নামৰ আগত যে মিছটো লগায়, সেইটো কিন্তু কম বাহাদুৰীৰ বস্তু নহয় দেই৷ কিছুমান ঠাইত বৰকৈ নকয় এইভাগ শব্দ৷ গতিকে কোনোবাই কোৱা শুনিলে মানুহে অলপ আচহুৱা যেন পায়৷ গতিকে মিছটো বেলেগ কিবা হৈ পৰাৰো সম্ভাৱনা নথকা নহয়৷ সঁচা ঘটনা এটা৷ এবাৰ আমাৰ ঘৰলৈ মামাৰ ঘৰৰ ওচৰৰ ল’ৰা এজন আহিছিল৷ কাষৰ ঘৰলৈ ফুৰাবলৈ লৈ গৈছিলোঁ৷ মানুহঘৰত দুজনী ছোৱালী আছিল৷ কথা-বতৰা হ’ল ঘৰৰ মানুহৰ লগত৷ ডাঙৰ ছোৱালীজনী ওলালহি আলহীৰ আগত৷ ল’ৰাজনে ছোৱালীজনীক সুধিলে, ” তোমাৰ নামটো কি?” “মিছ টুমণি দত্ত” – ছোৱালীজনীয়ে

Read more

জোখ (অণু গল্প) – উৎপল জোনাক হাজৰিকা

“তই তাইক মনৰ কথা খুলি কোৱা হ’লে তাইৰ কোলাত থকা মৰম লগা কেঁচুৱাটোৰ বাপেক তই হ’লিহেঁতেন৷” চিগাৰেটডালত প্ৰয়োজনতকৈ বেছি জোৰে হোপাটো মাৰি জয়ন্তই ভোৰভোৰালে৷ ভালপোৱাৰ নীলা চাদৰখন লেটিয়াই লোৱা সীমান্তই মিচিকিয়াই হাঁহি জয়ন্তলৈ চালে৷ “তাই যে সুখী সেই সুখতে ময়ো সুখী৷ মোৰ ওচৰত থাকি তাই দুখ পালে মই জানো সুখত থাকিব পাৰিলোহেঁতেন?” *****  

Read more
1 6 7 8