ফটাঢোল

যি কথা তুমি ফিল নকৰিলা – মানসী গগৈ

শুই উঠিয়ে তোমাক চাৰ্জত দিলোঁ।৮-৩০ বজাত মই ওলাই গ’লোঁ। তেতিয়ালৈকে চাগে তোমাৰ ফুল চাৰ্জ হৈছিল। কিন্তু তোমাক লগত নিবলৈ পাহৰিলোঁ। বাচত উঠিহে গম পালো তুমি নাই। বুকুখন ধিপ্ ধিপাই গ’ল।হাত-ভৰিও যেন অৱশ হৈ পৰিল ।দীঘল দিনটো আগত পৰি আছে।কি যে শূণ্য লাগি গ’ল বুকুখন।নিজৰ ওপৰতে খং উঠিল। চলমান বাচৰ খিৰিকীৰে উদাস দৃষ্টিৰে বাহিৰলৈ চাই বিমৰ্ষ মনেৰে অফিচ পালোগৈ। গোটেই দিনটো তোমাক ইমান মিচ্ কৰিছোঁ। তুমি অলপ সময় কাষত নাথাকিলেই এনে লাগে যেন তোমাক হেৰুৱাইছোঁ। মোৰ অসাৱধানতাৰ সুযোগ লৈ আনে তোমাক

Read more

ফটা লিমাৰিক – ধনজিত বৰুৱা

বজাৰত ঘূৰা এজনী কুখ্যাত বুঢ়ী ছাগলী অফিচাৰজনৰ কাগজ কামুৰি আধাই নিলে টপালি অবুজন তাই ভেবেলী মক্কেলক পালে আবেলি লাখটকীয়া চহীবোৰক দুয়োটাই ৰাতিটো আছে পাগুলী ☆★☆★☆

Read more

সময় – প্ৰণীতা গোস্বামী বৰঠাকুৰ

সময় হেনো গতিশীল কেৱল আগুৱাই যায়, হাতৰ মুঠিত ৰাখিব খুজিলেও পিছলি ওলাই যায়। নামী দামী হাতঘড়ীবোৰ পিন্ধি সময়ক বান্ধিব খোজো, কৰিব লগীয়া কামবোৰহে কিন্তু সময়মতে কৰিব নোৱাৰোঁ। সময়ৰ লগত খোজ মিলাবলৈ নতুন নতুন আঁচনি লওঁ, সময়ৰ মূৰত আঁচনিসমূহ ফাইলতে বন্ধ পাওঁ। সময়ে কিন্তু প্ৰতিখোজতে আমাক শিক্ষা দি থৈ যায়, বয়সৰ লগত অভিজ্ঞতাবোৰেও জীৱনৰ ৰস পান কৰায়। জ্ঞানীজনে সময়ৰ লগত নিজকে আগুৱাই নিয়ে, অজ্ঞানীজনেহে নিমিলা তালত হিয়া ঢাকুৰিয়াই মৰে। সময়ৰ সোঁতত উটি-ভাহি গৈ নিজৰ নেহেৰুৱাবা অস্তিত্ব, সময়তহে তুমি ফলাফলটো পাবা এতিয়াই

Read more

শ্যামলীৰ সপোনটোৰ পাছত – অঞ্জলি গগৈ বৰগোহাঞি

আজি দুদিনমানৰ পৰা শ্যামলীয়ে ৰাতি ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত একেটা সপোনকে দেখি হঠাৎ সাৰ পাই যায় । তাৰ পাছত তাই হাজাৰ চেষ্টা কৰিও চকুত টোপনি আনিবলৈ সক্ষম নহয় । উজাগৰে থাকি বিচনাত ইকাতি-সিকাতি কৰি থাকিবলৈও তাইৰ ভাল নালাগে । গিৰিয়েকৰ গাত ভৰি এখন তুলি সিহঁতৰ একমাত্র ৮ বছৰীয়া ছোৱালী ৰিয়া টোপনিত লালকাল দি থাকে সেই সময়ত । অৱশ্যে গিৰিয়েক অনিমেশও টোপনিত ভাল । এবাৰ টোপনি অহাৰ পাছত পুৱা ৬ বজাৰ আগতে সাৰ নাপায় । ওচৰত গভীৰ টোপনিত লালকাল

Read more

ধনী আৰু চহকীৰ তফাৎ – প্ৰতিভূ দত্ত

ঘটনাৰ দৃশ্যপটঃ ২০১৬ চনৰ নবেম্বৰ-ডিছেম্বৰ মাহৰ ভাৰত । বিমূদ্ৰাকৰণৰ সময়ত চাৰিওফালে ধনৰ উজান । শ্ৰীমানৰো ধনী হ’বৰ মন । খালে ডোঙে ধনৰ টোপোলা বিচাৰি ফুৰোতে হাতত লাগিল এটা চাকি। তাৰ পাছত… ঘটনাটোঃ “আলাদিনৰ নেকি বাৰু?”, বুলি ভাবি চাকিটোত মোহাৰি দিওঁতে চাকিটোৰ পৰা সঁচাকৈয়ে এটা জিন ওলাই আহিল । “হুকুম কৰক মোৰ আকা । মই আপোনাৰ এটা আশা পূৰণ কৰিম ।”,জিনটোৱে হাত জোৰ কৰি কলে । “মই বিচাৰো সকলোৱেই মোক ধনী হিচাবে চিনি পাওক, চহকী হিচাবে চিনি পাওক ।”, শ্ৰীমানে উত্তৰ

Read more

আপদীয়া পদ্য- ৰাজীব শৰ্মা

(১) পৰিৱৰ্তনৰ শ্লোগানেৰে বহিলো মই গাদীত সা-সম্পতিৰ মিছা হিচাপ দিলো প্ৰজাৰ বেদীত ভোটত জিকি গঢ়ো চৰকাৰ পঢ়া-শুনাৰ নাই দৰকাৰ লংকালৈ গ’লেই ৰাৱণ বিশ্বাস এই নীতিত (২) নোবোলো বুলিছিলো কদাপি বঢ়া বচন ফটামুখ মেলিলে সৱাই দিয়ে ধোৱন কোনোৱে পায় বঁটা কোনোৱে আকৌ গতা কথাৰ বৰ পাক মুহূৰ্ততে বাজে বাজন (৩) পূৰ্বজন্মৰ কৰ্মফল পৰজন্মত ভোগে ৰজাইও ভাগ্যত সকলো হেৰুৱাই মাগে খাটি খোৱা প্ৰজা নাই কোনো বোজা মাংস খাই ভাল পাওঁ বাঘ আছিলো চাগে ☆★☆★☆

Read more

ৰাসৰ সঁচা অনুভৱ – প্ৰাঞ্জল আৰ এম শইকীয়া

আঘোণৰ পূৰ্ণিমাত মাজুলীৰ ৰাস পিলিঙা ডেকাই নিমাতী ঘাট কৰিলেহি গ্ৰাস ৰাস চোৱাৰ লৈ গইনা আনিবলৈ মন কইনা ফেৰীৰ পৰা নামিয়েই বাইক চালনৰ ত্ৰাস ! শৰতৰ পূৰ্ণিমাৰ নিশা শুভ্ৰ জ্যোতি ক্ৰমান্বয়ে বাঢ়ি যায় মটৰ চাইকেলৰ গতি কে টি এম নাইবা পালছাৰ লগত থাকেই দি এচ এল আৰ ৰাসথলীতে প্ৰেম হয় সাক্ষী জগতৰ পতি । মাজুলীৰ ৰাসত এতিয়া আধুনিকতা বাঢ়িল ব্যৱসায়ৰ জাকজমকতাৰে বহু পৰিৱৰ্তন আহিল সত্ৰবোৰ অৱশ্যে ব্যতিক্ৰম বহুত বাধাকো কৰি অতিক্ৰম সাতামপুৰুষীয়া কৃষ্টি ধৰি ৰাখিছে হ’বলৈ নিদি কাহিল ! ☆★☆★☆

Read more

নিৰামিষ – উজ্জ্বল দীপলু গগৈ

গুৱাহাটীত ভাৰাঘৰ লৈ থকাৰেপৰা কাৰো ঘৰত খবৰ নিদিয়াকৈ ঘপহকৈ আলহী হৈ যোৱাৰ অভ্যাসটো বাদেই দিছিলো ৷ হঠাৎনো সেইদিনা কি মন গ’ল, খবৰ নিদিয়াকৈ চিনাকি মানুহ এঘৰলৈ অফিচৰপৰা বাহিৰে বাহিৰে গুচি গ’লো ৷ মনতে ভাবি গ’লো বন্ধুৰ ঘৰত আজি দকচি খাম ৷ খুৰীদেউ মানে বন্ধুৰ মাকে ভাল মাংস ৰান্ধে, সেয়েহে লগত মিঠাই নিয়াতকৈ মুৰ্গীৰ মাংস অকণমানকে নিলো৷ গৈ পাওঁতে ঘৰত অকল খুৰা আৰু খুৰীদেউহে আছিল ৷ বন্ধু বাহিৰলৈ ওলাই গৈছিল যদিও মোক তেওঁলোকে আথে-বেথে নি ভিতৰত বহুৱালেগৈ ৷ ময়ো খুৰীদেউলৈ চাই

Read more

ছেল্ফীৰ দহবিধ উপকাৰিতা – মনমী ভট্টাচাৰ্য্য

গৱেষণাৰ ওৰ:::ফটো মোৰ চখ। জনাই নজনাই ক্লিক কৰি ভাল লাগে। পিছে ছেল্ফী-গ্ৰুপফীৰ কৌশল আয়ত্ব কৰাত অমুকী অপাৰগ। সিদিনা তাৰ পৰিণাম ভূগিলো। মানে পাৰ্টী এটাত মান বচাই আহিবলৈ কি কি যে কৰিবলগীয়া হ’ল। ভেৰী ইচমাৰ্ট এজনীয়ে টো মুখ টিপি ঢেকেৰী জাতীয় কিবা এটা ভোৰভোৰালে। এই কথাই কথা নহয়।ঢেকেৰী টেগ আঁতৰাবলৈ ছেল্ফীৰ ওপৰত পাৰদৰ্শিতা দেখুওৱা অত্যাৱশ্যকীয়। কাৰিকৰী দিশত পণ্ডিতালি দেখুওৱাৰ চূড়ান্ত মূৰ্খামি কৰিব নোৱাৰি। জ্ঞানগৰ্ভ গৱেষণা এটিকে প্ৰস্তুত কৰা যাওক। পইণ্ট নোট ডাউন কৰি ললো। ,,,,ছেল্ফীৰ দহবিধ উপকাৰিতা,,, ছেল্ফী মাথোঁ এটি শব্দ

Read more

ফটা-চিটা প্ৰেমপীৰিতি – কৃষ্ণা বৰা ফুকন

বহু বছৰ আগৰ কথা। প্ৰেম নামৰ বাগিচাত মই হেন Fool ৰ আশে পাশে ভোমোৰা উৰিছিল হে…দেতাই এনেকুৱা বেজালি কৰিলে যে ভোমোৰাই ৰেণু নিবলৈ নাহি চিধা কঁদোৰ দৰে চোঁচা হে লোৱা হ’ল।গুৱাহাটীলৈ আহি মই কলেজত নাম লগাইছো আৰু। এনেই মই অলপ ল’ৰামতীয়া আছিলো। বয়জ কাট চুলি, জিনচ, টি -চাৰ্ট এনেকুৱা বোৰ বেছি পিন্ধো। ছোৱালীৰ লগত ইমান কথা নিমিলে। মানে মই বৰ পেনপেনাই থকা বিধৰ নহয় আৰু আনে থাকিলেও বেয়া পাওঁ। বিহাৰী ল’ৰা এটাৰ লগত ভাল friendship হ’ল। তেতিয়া মোৰ এটাই ফান্দা

Read more
1 6 7 8 9