ফটাঢোল

এম আই চেফ টুনাইট – বৰ্ণালী গগৈ

দিল্লীৰ পৰা মোৰ গুৱাহাটীলৈ অহাৰ পাছৰ দিনবোৰৰ কথা। দিল্লীৰ ‘বেচ’ এৰি গুৱাহাটীত নতুনকৈ কাম আৰম্ভ কৰা তেতিয়াও বেছি দিন হোৱা নাই। অসমৰ সংবাদ জগতখনৰ সৈতে সামান্য পৰিচয় হৈছে, কৰ্মসূত্ৰে এজন-দুজন সাংবাদিক বন্ধু গোট খাইছে। কিন্তু মোৰ কাম যিহেতু ‘ৱাইল্ড লাইফ কনজাৰ্ভেচন’ৰ সৈতে জড়িত গতিকে ‘মেইনস্ট্ৰিম মিডিয়া’ৰ বেছি মানুহ মই চিনি নাপাওঁ। যি এজন-দুজনৰ সৈতে চিনা-পৰিচয় হৈছিল, তেখেতসকল আছিল আমাৰ ৱাইল্ড লাইফৰ কিবা প্ৰ’গ্ৰেমৰ ‘কভাৰেজ’ৰ কাৰণে যাওঁতে লগ পোৱা। তেনেকৈ কালামাটিৰ ফেষ্টিভেলত এজন নতুন সাংবাদিক বন্ধু পালো। ‘কালামাটি ইক’টুৰিজিম ফেষ্টিভেল’ মানাহ

Read more

আফটাৰ অল মই এটা ধদুৱা ল'ৰা – নাজিফ হাজৰিকা

: বাবা উঠ আকৌ, চাৰে নটা বাজিল দেখোন। এতিয়ালৈকে মায়ে আহি চাৰিবাৰমান জগালে। এটা চকু মেলি ঘড়ীটোলৈ চাই দেখিলোঁ ৯:৩৭। লগালগ উঠি দাঁতব্রাছ কৰি, মুখ ধুই চাহ একাপ খাই এমাহমান নোধোৱা জিনছ পেন্টটো পিন্ধি ল’লোঁ । গা-নোধোৱাও আজি চাৰি দিনমান হ’ল। এসপ্তাহ ধৰি পিন্ধি থকা স্পৰ্টিংটো গাত সুমুৱাই বাইকখন লৈ ঘৰৰ পৰা ওলাই আহিলোঁ। মদনৰ দোকানত বাইকখন ৰখাই : দে মদন, পেকেট এটা দে। – ১৫ টকা এটা উলিয়াই মদনক দি ক’লো। মদনে KP ৰ পেকেট এটা ছিঙি দিলে। জৰ্দাখিনি

Read more

হোলী হেই–দীপিকা ডেকা

“আদমে-ৰাদমে হোলী হেই ৰসিয়া” অৰ্থ কি নাজানিছিলোঁ। এতিয়াও তাৰ অৰ্থ বিচাৰি পোৱা নাই। আচলতে অৰ্থ আছেনে নাই তাকো নাজানো। মাত্ৰ গাইছিলোঁ চিঞৰি চিঞৰি। মাঘ-ফাগুন আহিল কি নাহিল, আমাৰ বাবে কিন্তু হ’লী আহিছিল। বিদ্যালয়লৈ যাওঁতে-আহোঁতে আমাৰ মুখত আছিল মাথোঁ হোলী গীত। সুৰ-তাল উঁফৰি পৰিছিল আমাৰ গগণফলা চিঞৰত। মাথোঁ আমি হোলী আহিছে বুলি সকলোকে জনাব লাগে। অবুজ মনতো যেন কিবা এটা ফাগুনৰ বতাহ লাগিছিল। পাঠশালাৰ পৰা উভতি অহাৰ সময়কণ যেন অকল আমাৰ আছিল। আলিবাটেৰে কোন গৈছে চাবলৈ আমাৰ সময় নাই। কিতাপ কঢ়িওৱা

Read more

অভিজ্ঞতা – প্ৰাঞ্জল অনুভৱী

যাত্ৰী: দুপৰীয়া চিটি বাছেৰে দিশপুৰৰ পৰা পল্টন বজাৰলৈ উভতিছোঁ। মোৰ সন্মুখৰ চিটত দুজন যাত্ৰীয়ে কথা পাতিছে। প্ৰথম যাত্ৰী: কণ্ডাক্টৰ দচ তেহা বেছি নিলো কেন? দ্বিতীয় যাত্ৰী: এচি বাছ যে তাই। প্ৰথম যাত্ৰী: এছি বাছ? এটা আবাৰ কি? দ্বিতীয় যাত্ৰী: গায় ঠাণ্ডা হাৱা লাগছে না? প্ৰথম যাত্ৰী: ঠাণ্ডাৰ দিনে এছি না নিলে কি হয়না? দ্বিতীয় যাত্ৰী: বাছটাই যে এচি। প্ৰথম যাত্ৰী: ধুৰ বেটা! বিড়ি খাৱাৰ দহ তেহা এমনি গেলো। কবি বন্ধু: বন্ধু পেচাত ঠিকাদাৰ। হঠাতে এদিন হুৰমুৰকৈ তেওঁ মোৰ কোঠালৈ সোমাই

Read more

সপোন – প্ৰদীপ পাটগিৰি

শ্ৰদ্ধাৰ দৰ্শকবৃন্দ, শুভ সন্ধিয়া ৷ আন্তৰিক নমস্কাৰ ৷ সন্ধিয়া আঠ বজাৰ আমাৰ ‘ফাটা-ফাটি’ নিউজ চেনেলৰ অতি জনপ্ৰিয় অনুষ্ঠান ‘তৰ্কা-তৰ্কি’লৈ মই প্ৰদীপ পাটগিৰিয়ে আপোনাকলোক সকলোকে স্বাগতম জনাইছোঁ ৷ আজি আমি মানৱ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়, স্পৰ্শকাতৰ বিষয় আলোচনা কৰিবলৈ ওলাইছোঁ ৷ আশাকৰোঁ অনু্ষ্ঠানটো চাই আপোনালোক সকলোৱে বিৰাট ভাল পাব, তামাম উপভোগ কৰিব ৷ অনুষ্ঠানটো হ’ব সম্পূৰ্ণ ব্যতিক্ৰমী ৷ আজি আমি বিগত দিনবোৰৰ দৰে হৈ-হাল্লা কৰি আপোনালোকৰ কাণৰ পৰ্দা ফটাবলৈ চেষ্টা নকৰোঁ ৷ ডিঙিৰ সমস্ত সিৰ ফুলাই গালি-গালাজ কৰি আমনি নকৰোঁ

Read more

মোৰ ফে'চবুক যাত্ৰাৰ সেই ৰোমাঞ্চক কাহিনী – দিপালী বসুমতাৰী

“ফেচবুকে কি দিলে?” বুলি যদি কোনোবাই মোক একাষাৰে সোধে…মই ক’ম,-“ই মোক কাহানিয়ো নভবা, নেদেখা বিচাৰি নোপোৱা বহুতেই….(?) দিলে।”..স্মার্ট ফোনটো লোৱাৰ পিছৰে পৰা ল’ৰাটোক ‘ ৱাট্ চ- এপ’ আৰু ‘ফেচবুক’ একাউণ্টটো খুলি দিবলৈ জোৰ দিলোঁ। সি নিদিয়েহে নিদিয়ে ৷ ক’লে ..”নালাগে দে .., এইবোৰ ভাল বস্তু নহয়।” মই কলোঁ ..”কি আৰু ভাল হ’ব লাগে..মইতো য’তে -ত’তে হাত নিদিওঁ নহয়।” এইদৰে গ’ল দহদিন মান ৷ আকৌ ক’লোঁ, “দে না বাবা! মোৰ লগৰ সবৰে ‘ৱাটচ্- এপ’ ,’ফেচবুক’ আছে,। সিহঁতে মোৰ কণ্টেকত আহিবলৈ বিচাৰি

Read more

নাৰদৰ অসম ভ্ৰমণ – সোনটো ৰঞ্জন বৰুৱা

দেৱৰাজ ইন্দ্ৰ ইন্টাৰনেট সেৱাক লৈ কিছুদিনৰ পৰা তামাম পৰেচান হৈ আছে। ইমান শ্লৌ……কেতিয়াবা কেতিয়াবাতো দেৱতা সকলে পঠিওৱা ৱাটচএপ মেচেজ এক প্ৰহৰৰ পাচতহে পাইছেহি । মেচেজ পোৱাৰ পাছত তেখেতে সেই আনলৈ ফৰৱাৰ্ড কৰিবলৈ যোৱা মানে আনে হজম কৰিও হালধীয়া হয় । অসমৰ পেছেঞ্জাৰ ট্ৰেইনক গৰুগাড়ীৰে পিচ পেলোৱা স্পিডৰ দৰে যিহে নেটৰ অৱস্থা… ধুই!! এনেকৈ পাৰিনেকি ?…. দিনটোলৈ যিমান জিবি ফ্রি নেট পায় তাৰ আধাও শেষ কৰিব নোৱাৰি। বহুতদিনৰ পৰাই দেৱৰাজে জিঅ’ৰ কথা শুনি আছে, বহুত সস্তাতেই ফৰ জি’ৰ হাইস্পিড দি আছে

Read more

পেডমেন আৰু পদ্মাৱত – ৰুপল নাথ

যোৱা দেওবাৰৰ কাহিনী৷ সপ্তাহৰ আন দিন কেইটাত ঘৰত থাকিবলৈ সুবিধাই নাপাওঁ৷ কোনো বন্ধৰ দিন হ’লে বেলেগ কথা; এনেয়ে হ’লে বিভিন্ন কামত ঘৰৰ বাহিৰতে বেছিভাগ সময় পাৰ হয়৷ ৰাতিটোহে ঘৰত থাকিবলৈ পাওঁ৷ সেইবাবে সুবিধা পালেই পৰিয়ালটো লৈ এপাক ফুৰিবলৈ ওলাই যাওঁ। সেইদিনা কিন্তু কেনিও ওলাই যোৱাৰ মন নাছিল। দিনটো ঘৰতে কটাম বুলি ৰাতিপুৱাই ঠিৰাং কৰিলোঁ‌৷ শ্ৰীমতীয়ে কিন্তু নামানে, আজি ক’ৰবালৈ এপাক যাবই৷ কথাটো অযুক্তিকৰ নহয়৷ ঘৰ, চাকৰি, ল’ৰা-ছোৱালীৰ লগত লাগি থাকোতেই সময়বোৰ পাৰ হয়৷ মিটিৰ-কুটুমৰ ঘৰলৈ এপাক যাবলৈও সময় নোলায়৷ সেইবাবে

Read more

গাঁৱলীয়া! – জ্যোতিৰূপম দত্ত

বন্ধৰ দিনকেইটাত বৰ দিগদাৰ৷ ল’ৰা-ছোৱালীহালে এই পাৰৰ বাহৰ দৰে ফ্লেটটোত সোমাই থাকিবলৈ নোখোজে৷ পৰিবাৰৰো খেংখেঙনি৷ ইফালে কৰবালৈ ফুৰিবলৈ যোৱা মানেই শ্বিলং! তাৰ বাহিৰে আন জেগালৈ যাবলৈ কোনেও মন নকৰে৷ পিছে আজি হঠাতে ইহঁতক এটা চাৰপ্ৰাইজ দিবলৈ মন গ’ল৷ কথাটো হ’ল যে সিদিনা বহুদিনৰ মুৰত গনেশগুৰিত বিনন্দক লগ পালো৷ সি মোৰ স্কুলীয়া বন্ধু৷ সৰু সুৰা দুই-এপদ বস্তু কিনিবলৈ গুৱাহাটীলৈ আহিছে হেনো৷ মই খবৰ খাতি ললো৷ কি কৰি আছে সুধিলো৷ : এহ, আমাৰ কথানো কি ক’ম৷ খেতি-বাতিকেই কৰি কোনোমতে চলি আছো আৰু৷

Read more
1 98 99 100 101 102 115