ফটাঢোল

প্রেমত ঘূৰে ভূমণ্ডল – সঞ্জীৱ মজুমদাৰ

চাকৰি জীৱনৰ প্ৰথম অৱস্থাত গুৱাহাটীৰ ঘৰখনলৈ বৰ মনত পৰি আছিল। ব’হাগ বিহু আহি পোৱাত মনটো গুৱাহাটীলৈ বুলি উৰা মাৰিলে। গৰু বিহুৰ আগদিনাখনেই দুটা কেজুৱেল লিভ সাঙুৰি, ছুটি লৈ নাইট চুপাৰযোগে ঘৰ পালোহি। গৰু বিহুৰ দিনা চানমাৰী বিহুৰ প্ৰথমদিন। সন্ধিয়া সাজি-কাছি যাবলৈ ওলাওঁতেই শিৱসাগৰৰপৰা মোৰ ৰুমমেট প্ৰসেনজিতৰ ফোন আহিল, –  “কল’নীত ‘চি’ টাইপ কোৱাৰ্টাৰ এটা এলট কৰিছে।” প্ৰায় সাত মাহৰ প্ৰতীক্ষাৰ মূৰত কোৱাৰ্টাৰ ‘এলট’ হোৱা বুলি শুনি মনটো ভাল লাগি গ’ল। “পিছে এটা প্রব্লেম আছে। আমাৰ লগত আৰু দুজন বেলেগ মক্কেলো

Read more

মৃত ভৰিটো – মাধুৰিমা ঘৰফলীয়া

আনদিনাৰ দৰে সেইদিনাও ভৰি দুটা ধুলিৰে পোত খাই আছিল। সেই ধুলিবোৰৰ মাজত উত্তৰ ভাৰতৰ হাড় কঁপোৱা জাৰে চিৰিলা-চিৰিল কৰি যোৱা মাছৰ বাকলিহেন ভৰি দুটা লুকাই আছিল। পিচে ভৰি দুটাৰ শক্তি কম নহয়। সেই দুটা ভৰি চোঁচৰায়েই মানুহজনীয়ে কলনীৰ মাজত থকা ডাঙৰ পাৰ্কখন অকলে অকলে বাঢ়নীৰে চাফা কৰে। পুৱাৰ পৰা দুপৰীয়ালৈকে একেৰাহে বাঢ়নিৰে সৰাৰ পাছত চাফা হোৱা পাৰ্কখন পাছবেলালৈ সৰু সৰু ল’ৰা-ছোৱালীৰ লগতে সিহঁতৰ মাক-দেউতাকবোৰে আড্ডা মাৰিবলৈ আহি কিবা-কিবি খাই লেতেৰা কৰি পেলায়। মানুহজনী যেতিয়া প্ৰথম এই কামটোত সোমাইছিল তেতিয়া সম্ভ্ৰান্ত

Read more

আধুনিক সাধু – নাজিয়া হাচান

১) ফুচফুচি ভেদুলা বুঢ়াই নাতিনীয়েক ফুচফুচিক বিয়া দিবলৈ বুলি ল’ৰা এটা বিচাৰিলে৷ ফুচফুচিজনীৰ পঢ়া শুনাত মানে একেবাৰে মন নাই৷ বৰ গাধী আৰু বুৰ্বক প্ৰকৃতিৰো তাই৷ দিনৰ দিনটো তলৌ-তলৌকৈ মাথো ঘূৰি ফুৰে৷ কিবা ক’লে কিবা বুজি বহি থাকে৷ সেয়ে অতি সোনকালে ককাক ভেদুলায়ে লেটেকুলৈকে তাইক বিয়া দিব বুলি ঠিক কৰিলে৷ তাকে শুনি ফুচফুচিৰ বৰ আনন্দ৷ দিনৰ দিনটো তাই লেটেকু জোপাৰ তলতে আজিকালি গৈ বহি থাকে৷ ফুচফুচিয়ে গমকে নেপায় ককাকে ঠিক কৰা ল’ৰাটোৰ নাম যে লেটেকু! ২) ফেচবুক চিন্তাধৰে বহুত চিন্তা কৰি

Read more

সাধুকথা নহয়, ৰগৰহে – কবীন্দ্ৰ ডেকা

১) বাদুলিয়ে হেনো সকলোকে ঠগি ফুৰে। কথাটো শুনি হাতীৰ বৰ খং উঠিল। সি ভাবিলে, সামান্য বাদুলি এটাৰ ইমান বুদ্ধি থাকিব পাৰেনে! বাৰু, ই মোক কেনেকৈ ঠগে মই চাই লওঁ‌! এইবুলি হাতীটোৱে বাদুলিক বিচাৰি ওলাল। বহুত দূৰ গৈ বাটত বাদুলিক দেখা পাই ক’লে — “ঐ বাদুলি, এইফালে আহ, এইডাল চেহেৰা লৈ তই হেনো সকলোকে ঠগি ফুৰ! বাৰু চাওঁ‌চোন তোৰ কিমান ক্ষমতা আছে, মোক ঠগিব পাৰিবি?” বাদুলিয়ে থতমত খালেও পিছমুহূৰ্ত্ততে কৈ উঠিল, – “মহাৰাজ, এনেকৈ হঠাতে ঠগো বুলি ঠগিব পাৰি জানো! মই

Read more

অণুগল্প – আত্ৰেয়ী গোস্বামী

(১)জুঠা চিক্‌চাক্‌ ছোৱালীজনীয়ে বিয়াৰ আগতে নিজৰ ভাই-ভনী দুটাৰ জুঠাও নাখাইছিল৷ বিয়াৰ পিচত শাহুৱেকে ভাতৰ কাষত দিয়া পোৰা মাছৰ পিটিকাকণ লিৰিকি-বিদাৰি থাকিছিল৷ ল’ৰা-ছোৱালী দুটাই কৈশোৰ গৰকোঁতেহে তেওঁ গম পালে স্বামীৰ শৈশৱৰে পৰা নলে-গলে লগা বান্ধৱীজনী বিয়া নোহোৱাৰ আচল কাৰণটো৷ (২)দেউতা বিয়ালৈ মাত্ৰ কেইদিন মান থাকোতে কাম কৰি আহৰি নোপোৱা মানুহজনী বিচাৰি তাইৰ ৰূমটোতে পালেগৈ৷ কাপোৰ জাপি আছিল৷ তাইৰ মেজখনৰ কলম এটা হাতলৈ তুলি ক’লে,- “হেৰা,  তাই এইবোৰ সব্‌ এৰি থৈ যাব নহয়“৷ :আমাকো৷ মানুহটোৱে হুকহুকাই কান্দি পেলালে৷ (৩)পাগলী মনৰ কথাবোৰ খুলি

Read more

অণুগল্প – পৰিস্মীতা বৰদলৈ

১)মন্থৰা অৰূপহঁতৰ পৰিয়ালটোৱে মিলা-প্ৰীতিৰেই দিন নিয়াইছিল। পিচে যেতিয়াৰ পৰা মাখনী নামৰ মানুহজনীৰ সিহঁতৰ ঘৰলৈ ঘনাই আহ-যাহ হ’বলৈ ধৰিলে ঠিক তেতিয়াৰে পৰাই ঘৰখনত খুট-খাট নুগুচাই হ’ল৷ ২)দেহাৱসান যোৱা দুটাবছৰে মানুহজনীৰ বুকুত বলি থকা ধুমুহাজাকৰ কালি অৱসান ঘটিল। তাৰ ঠাইত এজাক বৰষুণে আহি মানুহজনীৰ কপালৰ ৰঙাখিনি ধুৱাই নিলেহি৷ দুফালে দুকুৰা জুই জ্বলি উঠিল ৷একুৰা জ্বলিল মানুহজনীৰ বুকুত নিজে নিজে আৰু আনকুৰা জ্বলালে হাতত জোৰ লৈ তেৰ বছৰীয়া ল’ৰাটোৱে বগা  ধূতী পৰিধান কৰি৷ ৩)মৰূদ্যান অভাৱ-অনাটনে জুৰুলা কৰা ঘৰখনত ভূতৰ ওপৰত দানহ পৰাদি হঠাতে

Read more

হাঁহি – গীতিকা শইকীয়া

ৰ’ব ৰ’ব! হাঁহিৰ ওপৰত কিবা জ’ক্ হ’ব বুলি ভাবিছে নেকি? নে কিবা কাহিনী! নে হাঁহিৰ ওপৰত কিবা সৰস ৰচনা! তেনে একো নহয়। আমাৰ সকলোৰে জীৱনত আমৃত্যু পৰ্যন্ত হাঁহিৰ লগত এক এৰাব নোৱাৰা সম্বন্ধ আছে। তাৰেই ওপৰত সামান্যকৈ পৰ্যালোচনাৰ বাবে এই লিখনি। মানুহে হাঁহে কিয়…… মানুহে হাঁহে কিয়—এই প্ৰশ্নটোৱে যুগ যুগ ধৰি সমাজবিজ্ঞানী, মনোবিজ্ঞানী তথা নৃত্বত্ব বিজ্ঞানীসকলৰ মনোযোগ আকৰ্ষণ কৰি আহিছে। সকলো বয়সৰ আৰু সকলো সংস্কৃতিতে সকলো মানুহেই হাঁহে আৰু স্বীকাৰ নকৰিলেও সকলো মানুহেই জীৱনৰ বহুখিনি সময় এই হাঁহি-ধেমালিৰে কটায়। আনকি

Read more

মেৰা নাম জ'কাৰ -দিগন্ত কুমাৰ ভট্টাচাৰ্য

‘তই এটা ভাল ক’মেডী মানুহ আছে ৰে’ – ঘৰৰ ওচৰৰ গেলামালৰ দোকানী বিহাৰী মহাবীৰে এদিন মোক সৰু থাকোতে কৈছিল। এই ক’মেডী শব্দটো প্ৰথম শুনিছিলো তেওঁৰ মুখত। শব্দটোৰ অৰ্থ মই সেই সময়ত বুজা নাছিলো।মই আচলতে কি, কেনেকুৱা – ভাবিবলৈ চেষ্টা কৰিছিলো,যিটোৰ কাৰণে মহাবীৰে মোক ক’ব লগা হৈছিল মই হেনো ক’মেডী মানুহ’! মোৰ চকু দুটা দেখিলেই হেনো মই যে ‘এটা ক’মেডী মানুহ আছো’ সেইটো ধৰিব পাৰি। মোৰ হাঁহিটো বেয়া। হাঁহিলে মোক বেয়া দেখি। বেয়া দেখি বুলি নকওঁ, একেবাৰে অদ্ভূত দেখি। জোৰেৰে হাঁহিলে

Read more

জীৱনদায়িনী ঔষধ – অলকেশ ভাগৱতী

ৰাতিপুৱাই অন্তৰত খুব বেয়াকৈ আঘাত পালো ৷ টকাৰ কাৰণে মানুহবোৰ যে পশুতকৈও অধম হৈ গৈছে সেয়া আজি মৰ্মে মৰ্মে উপলব্ধি কৰিছো ৷ টকাৰ প্ৰয়োজন নিশ্চয় আছে ৷ কিন্তু টকাতকৈওতো ডাঙৰ বস্তু এটা পৃথিৱীত আছে ৷ আচলতে আছে নহয়, আছিল ৷ এতিয়া মানৱতাবোধ বুলি কোনো বস্তু কাৰোৱেই অন্তৰত নাই ৷ সকলো মাথো টকাৰ পিছত দৌৰিছে ৷ পৃথিৱীখনেই আজি দেখোন পণ্য !! টকা নাথাকিলেও টানি টুনি হ’লেও জীৱনটো কিবাকে চলাই আছো ৷ ভগৱানৰ কৃপাত আন বিশেষ একো দুখ নাই যদিও সামান্য এটা

Read more

লাভ-লেটাৰ অব ৱাই-টু-কে ! – জ্যোতিৰূপম দত্ত

দুহেজাৰ চনৰ কথা৷ তেতিয়া মই দিল্লীত৷ ৱেষ্ট পেটেল নগৰৰ ভাড়ালৈ লোৱা এজনীয়া ৰূম এটাত কোনোমতে মুৰ গুজি আছিলো৷ দিল্লীত থকাৰ উদ্দেশ্য আছিল দুটা৷ কম্পিউটাৰ নেটৱৰ্কিঙৰ এডভান্সড ক’ৰ্চ এটা কৰা আৰু লগতে কিছু অভিজ্ঞতা গোটোৱা৷ কেইমাহমানৰ ভিতৰতে সৰুকৈ চাকৰি এটাও যোগাৰ কৰি ললো৷ দিল্লীৰ সীমামূৰীয়া ৰোহিনী অঞ্চলৰ চেক্টৰ-চিক্সত চাকৰি৷ পুৱা ছয়বজাতেই ৱেষ্ট পেটেল নগৰৰ বাছষ্টপৰ পৰা ৰোহিনীৰ চেক্টৰ-৬ লৈ ৫৭০ নম্বৰৰ ডি.টি.চি. বা ব্লু-লাইনৰ বাছ ধৰিব লগা হয়৷ পুৱা সাতবজাৰ পৰা তিনিবজালৈ চাকৰি৷ গধুলিকৈ ক্লাছ৷ দিনবোৰ বাৰুকৈয়ে চলি গৈছিল৷ তাত থাকোতে

Read more
1 107 108 109 110 111 115