ফটাঢোল

নয়ন – বৈদুৰ্য্য বৰুৱা

বেটাৰী ৰিক্সাখন লৈ নিশা অমল ঘৰলৈ উভতিছিল। পিছফালে ৰাজু। ৰাতি চাৰে দহটাৰ পাছত আৰু ভাড়া পোৱাৰ আশা কম থাকে। এইসময়ত আৰু দোকানে বজাৰেও মানুহ নাথাকে বা চহৰখনলৈ ট্ৰেইন বাছ আহিবলৈও নাথাকে। যাত্ৰীৰ বাবে খাপ পিতিও লাভ নাই। গতিকে অমল ঘৰমুৱা হৈছিল। গাঁৱৰে ৰাজুও তাৰ ৰিক্সাখনত জাঁপ মাৰি উঠিল। বোলে ভালেই হ’ল তোক পালোঁ। বাইকখন পাংচাৰ হ’ল। ৰবিৰ দোকানত পেলাই থৈ আহিছোঁ। কালিলৈ ৰাতিপুৱা লৈ যাম। সিহঁতে ইটো সিটো কথা পাতি আহি আছিল। নগৰখন কিছু দূৰ পাৰ হৈছিল সিহঁত। নিজান বাট

Read more

ফটাঢোলৰ জ্বালা – সদানন্দ ভূঞা

ৰাইজসকল,  আজি মোৰ জীৱনৰ লটিঘটিৰ বিষয়ে ক’ব খোজা নাই । আজি মই ক’ব বিচৰা লটিঘটি সমূহ হ’ল ফটাঢোল প্ৰীতি সন্মিলনীৰ লটিঘটি। আই ঐ, কি যে লটিঘটি হ’ল ঐ। কওঁনো কি স’তে বাৰু ? নাপায় দেই নাপায়, কাৰো জীৱনত এনেকুৱা লটিঘটি হ’ব নাপায়। নক’লেনো আপোনালোকে কেনেকৈ জানিব? সেয়ে জনায়ে দিওঁ আৰু ন? তেন্তে মোৰ দুখৰ লটিঘটিখিনি শুনক আৰু৷ বিগত ৩০ চেপ্তেম্বৰ’ ২০১৮ তাৰিখে গুৱাহাটীৰ শিল্পগ্ৰামত ফটাঢোল প্ৰীতি সন্মিলনখনি অনুষ্ঠিত হৈ গ’ল। ময়ো যাম বুলি সিদ্ধান্ত লৈ যোৱা বিছ চেপ্তেম্বৰত লিডুলৈ গৈ

Read more

এখন সাহিত্য সভাৰ প্ৰতিবেদন – নীলাঞ্জনা মহন্ত

স্থানঃ বিশ্ব দৰবাৰ কালঃ ভৱিষ্যত পাত্ৰঃ টাইম মেচিন ৰাইদাৰ্চ সদৌ বিশ্ব সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনখনি সুকলমে এই বছৰ মঙল গ্ৰহৰ জেতুকা গাৱঁত হৈ যায়৷ মঙলীয়ানসকলে খোৱা বোৱা আদি কৰি অতিথি পৰায়ণতাত অলপো কৃপনালি কৰা চকুত নপৰিল৷ এসময়ত কেকোঁৰাজাতিৰ জনৈক পৃথিবীয়ান এজনে ভুলতে সাঁজৰ বটলেৰে তৈয়াৰ কৰা পৰীক্ষামূলক ৰকেট এটাত উঠি পৃথিৱীৰ পৰা ফোঁ-ফোঁৱাই আহি মঙল গ্ৰহ পাইছিলহি৷ উৰি আহোঁতে গুৱাহাটীৰ চিল্কালয়ত দৰদাম কৰি থকা প্ৰেয়সীকো টানি লৈ আহে কাৰণ দুয়োয়ে “মিছন চায়না” নামৰ বোলছবি এখন চাই থাকোঁতে এসময়ত চকুলো টুকি

Read more

চকা – ড° সমাদৃতা গোস্বামী

দেওবাৰৰ দিনটোত বাপেক পুতেক হালৰে মোবাইল ফোনটোক লৈ টনা আজোৰা লাগে৷ কথাটো মই বুজিব নোৱাৰোঁ৷ কেতিয়াবা দুয়োটাই একেলগে মোবাইল ফোনটোলৈ চাই খুকখুকাই হাঁহে৷ ইমান পঢ়া-শুনা কৰিলোঁ যদিও ফোনটোত হাঁহিবলগীয়া ইমাননো কি ৰসাল কথা থাকে সেয়া মই আজিও নুবুজিলোঁ৷ মই গ’লে পৰিৱেশটো এনে কৰে যেন ৰকেট চায়েঞ্চৰ কথাহে দুয়োটাই মোবাইলত পঢ়ি আছে! সিহঁতে কি চায় জনাৰ ইমান উপায় নাই৷ সুধিলেও ল’ৰাই কয়, : যোৱা তুমি ভাত ৰান্ধাগৈ৷ : যোৱা তুমি চাহ বনোৱাগৈ৷ : যোৱাচোন যোৱা ফ্ৰেন্স ফ্ৰাই বনাই আনা৷ দেউতাক আৰু

Read more

অসম বন্ধ – অসমী গগৈ

আজি প্ৰায় এমাহেই হ’বৰ হ’ল, ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত কেইচলামান টিনপাতেৰে চালি সাজি থাকিবলৈ লোৱাৰ। পথালিয়ে তেৰ ফুট আৰু দীঘলে ছফুটমানৰ এই ঠাইকণ পাবলৈও কি হাঁহাকাৰ কৰিবলগা নহৈছিল! সৰুৰেপৰা একেলগে খেলি ডাঙৰ হোৱা নকুলৰ লগত হতাহতি পৰ্যন্ত লাগিব লগা হৈছিল। হয়, এই সময়ত সকলোৱে সকলোবোৰ কৰিবলৈ সাজু, মূৰ গুজিবলৈ যেতিয়া এটুকুৰা ঠাইৰ কথা আহি পৰে। সিও সকলো সীমা অতিক্ৰম কৰিবলৈও ৰাজী আছিল। কেইবাদিনো ধৰি নেৰা নেপেৰাকৈ বৰষুণ দি আছিল। গোটেইখন বোকা। চোতালখনতো কঠীয়া ৰুব পৰাকৈ বোকা। খাবলৈ নাপাই গৰুবোৰে হেম্বেলিয়াই

Read more

চিনাকি – চন্দনা শৰ্মা

তীব্ৰ উৎকণ্ঠা আৰু আবেগৰ আতিশয্যত কঁপিছে জগদীশ। “কালিলৈ সন্ধিয়া আহিবা” বুলি জয়াই কোৱাৰ পৰাই তাৰ বুকু দুৰুদুৰু কঁপে কিয় বাৰু, ইচাতি বিচাতি গা হৈ আছে। জিঅ’ ফোনটো লোৱাৰ পিছত পুৱা গধূলি মিচকল মাৰি মাৰি, হিতেশৰ দোকানৰ মিঠাপাণ খুৱাই খুৱাই জয়াক পতাইছে। চিপচ্‌ আৰু ডেৰী মিল্ক চকলেটৰ ধাৰ হিতেশৰ দোকানৰ বাকীৰ বহীত লাগি আছে। হিতেশে কথাই প্ৰতি তাল মাৰি মাৰি তাক সোঁৱৰাই দি থাকে। ধাৰ লাগিলে লাগক, জয়া পতিলেই হ’ল বুলি ভাৱি সি লাগি আছে। ফাইনেন্সৰ পৰা জিঅ’ ফোন সি এনেয়ে

Read more

গুপ্তধন – ৰূপম কলিতা

গধুলি চ’কৰ পৰা আহি থাকোঁ‌তে খুদি খুৰাই আমাক লগ পাই কাইলৈ সিহঁতৰ ঘৰলৈ যোৱাৰ কথা ক’লে৷ আমাক লগতলৈ এক গোপন মিচনত নামিব৷ আমিও বৰ উৎসাহেৰে হ’ব বুলি কৈ আহিলোঁ৷ আমি মানে শান্তণু, নিলয় আৰু মই৷ খুদি খুৰা এসময়ত স্বাধীনতা বিচাৰি অৰণ্যত যোৱা সংগ্ৰামী বাহিনীৰ সদস্য আছিল৷ পিছত আত্মসম্পৰ্ণ কৰি ঘৰলৈ আহি সা-সংসাৰত মগন হ’ল৷ এই খুদি খুৰাকে আমি এসময়ত বৰ ভয় কৰিছিলোঁ ৷ মাহঁ‌তেও খুদি খুৰাক কৈ থৈছিল:- “আমাৰ চলি কেইটাই কিবা বেয়া কাম কৰা দেখল্লি পিটবা খুদি বাপু”– বুলি৷

Read more

বিকাশ – সোণটো ৰঞ্জন বৰুৱা

কালি তাক লগ পাইছিলোঁ, সৰু চাহৰ দোকান এখনত সি চাহ খাই থকা অৱস্থাত। প্ৰথমে দূৰৰ পৰা দেখি সি হয়নে নহয় বিশ্বাস হোৱা নাছিল, কিন্তু ওচৰলৈ গৈ দেখিলোঁ হয়, সিয়েই হয়। পিছফালৰ পৰা তাৰ কান্ধত চাপৰ এটা মাৰিলোঁ। সি তৎক্ষণাত ঘূৰি চালে। সি কিবা কোৱাৰ পূৰ্বেই মই প্ৰশ্ন কৰিলোঁ, : কি হে, তুমি ইয়াত চাহ খাই আছা আৰু চাৰা দুনিয়াই তোমাৰ অপেক্ষাত ৰৈ ৰৈ পাগল হৈ গৈছে। কিমান বছৰ হৈ গ’ল, এবাৰ হ’লেওতো মুখ দেখাব পাৰা ন? সি একাগ্ৰতাৰে মোৰ কথা

Read more

তীখৰ আখ্যান – অনুৰূপ মহন্ত

ৰাইজ, তীখৰক চিনি পাইছেনে বাৰু? কেনেকৈনো পাব! মই চিনাকি কৰাই দিয়াই নাই৷ ‘ফেদুৱা বুঢ়া’ মনত আছে নহয় চাগে, নাতিটো যে বৰ উৎপতীয়া আছিল! তাৰ নামেই তীখৰ আকৌ৷ ফেদুৱা বুঢ়াৰ নামৰ দৰেই তীখৰৰো আচল নামটো কি আছিল সকলোৱেই পাহৰিলে৷ কিন্তু গাঁও খনত তীখৰ বুলি ক’লে চিনি নোপোৱা মানুহ নোলাবই৷ কিয়নো চিনি নাপাব, আমাৰ তীখৰে কাম নকৰে নহয়, ‘কাৰনামা’হে কৰে৷ আহকচোন তীখৰৰ ‘কাৰনামা’ কেইটামানৰ আমিও সোৱাদ লওঁ৷ (১) তীখৰ তেতিয়া ‘ক মান’ শ্ৰেণীৰ ছাত্ৰ। বৰ দেউতাকৰ ল’ৰাটোক যোৱা দেখি তীখৰেও বিদ্যালয়লৈ যাবলৈ

Read more

এঞ্জেলৰ চেলফি: দেৱাংগ পল্লৱ শইকীয়া

পিছফালটো আকাশত আৰু আগফালটো ভূমিত থকা মটৰচাইকেল এখন কলিয়া বৰপিতাইৰ গাৰ কাষতে ভোঁউউউ কৈ ৰ’লহি। দুপৰীয়াৰ ভাতমুঠি ধৰি বৰপিতায়ে হাতত বিচনীখন লৈ ৰাস্তাৰ দাঁতিতে থকা গছজোপাৰ তলত খন্তেক জিৰাইছিলহি। ভিতৰুৱা গাঁৱৰ ঠাই। এনেকুৱা মটৰচাইকেল নাই। গতিকে হঠাতে কেঁচা বাটৰ কাষত এইখন ৰখোৱাত বৰপিতাই উচাপ খাই উঠিল। আকাশত থকাজনে মানে পিছত বহি অহাজনে চকুৰ পৰা ৰামধেণুৰ ৰঙৰ চশমাযোৰ খুলি বৰপিতাইক সুধিলে – : এক্সকিউজ মি আংকেল! এঞ্জেল ব্লুৰ ঘৰটো মানে ক’ত হয়? দেখাই কিনে দিয়কনা! খালী গাৰে হাতত বিচনী লৈ বহি

Read more
1 17 18 19 20 21 115