ফটাঢোল

ফটাপ্ৰেম – দিম্পল কলিতা

মন্দিৰৰ সন্মুখতে লগালোঁ বেনাৰখন, অলপ আগতে প্ৰেছৰ চিনাকি ল’ৰাজনে সেইখন দি গ’ল। “নৱজোৱান যুৱক সংঘৰ উদ্যোগত বহাগী উৎসৱ”। এইবাৰৰ বেনাৰখন বেচ ডাঙৰ হৈছে মানে এইবাৰ বিহু হিট আমাৰ। ৰাতিৰ আন্ধাৰতে গোটেইকেইটাই মিলি বেনাৰখন লগালোঁ। আন্ধাৰৰ বাবে বেনাৰখনত থকা কণ্ঠশিল্পী কেইজনৰ মুখকেইখন স্পষ্টভাৱে দেখা নাছিলোঁ। কিন্তু মই জানো যে তাতে থকা ছোৱালী কণ্ঠশিল্পী কেইজনীৰ এজনী হ’লেও মোৰ পচন্দ হ’বই। পাঁচজনী ছোৱালী কণ্ঠশিল্পীৰ পৰা এজনী মোৰ চকুত নপৰিব নে! পৰিব পৰিব!কাইলৈ ৰাতিপুৱা সিহঁতৰ চকুত চকু দিম। বিহুলৈ আৰু বেছিদিন নাই। চান্দা তোলা

Read more

আজৱ দুনিয়া কী গজৱ কাহানী – মানবেন্দ্ৰ কুমাৰ শৰ্মা

উদক ভেটা ৰখীয়া পাতিব নালাগে বুলি সৰুৰে পৰা শুনি আহিছিলোঁ যদিও উদ হ’লে কোনোকালে দেখা নাছিলোঁ। পিচে তেওঁৰ মতি-গতি চাই মোৰ এনে লাগিল যেন মোৰ সমুখত উদ এটাইহে মাছৰ বাবে খাপ পিটি আছে। মাছ ধৰিবলৈ সকলোৱে চেষ্টা কৰাৰ দৰে ময়ো কৰিছিলোঁ। এবাৰ বৰশি বাবলৈ যাওঁতে মোৰ লগৰজনে টুপুৰ-টুপুৰকৈ তেত্ৰিছটা মাগুৰ ধৰা সময়লৈ মই আনকি দৰিকণা এটাও খালৈত ভৰাব পৰা নাছিলোঁ। মাছ ধৰাত আচলতে জন্মগতভাবে মই তেনেকুৱা পাকৈতেই নাছিলোঁ। তথাপি দেখাক দেখি মাছ ধৰিবলৈ কৰা মোৰ সেই প্ৰচেষ্টা অব্যাহত আছিল। সেই

Read more

মহিমা – ঈশান জ্যোতি বৰা

“পখিলা নহ’ব পাৰোঁ-সেইটো সুকীয়া কথা৷ কিন্তু ভাল-ভাল বস্তুত পৰি তাৰ পৰা ৰস চুহিখোৱাত আমি পিচে পখিলাতকৈ কোনো গুণে কম নহওঁ দেই৷ আৰু যেতিয়া সেই ৰসকণত ‘ভকতি’ৰ ভাৱ ব্যাপক মাত্ৰাত সোমাই থাকে, তেতিয়া সেই ৰস পান কৰাৰ আনন্দ আৰু উৎসাহ বিশ-ত্ৰিশ শতাংশমান বাঢ়ি যায়৷ নে কি কৱ সনাতন?” “একদম সঁচা কথা, একদম সঁচা কথা৷ পাখি দুখন নাথাকিল কি হ’ল, আমিও পখিলাৰ নিচিনাই৷” নামঘৰৰ বাটচ’ৰাতে ৰৈ সনাতন আৰু মই-ভকতিসম্পৰ্কীয় এক তত্ত্বগধুৰ আলোচনাৰ পাতনি মেলিছোঁ৷ অইন ভকত-বান্ধৱসকল নামঘৰৰ ভিতৰত৷ আজি যিহেতু ভাদ মাহ

Read more

জহৰ মেহমুদ ইন হংকং – সঞ্জীৱ মজুমদাৰ

চল্লিছৰ দশকত হিন্দী চলচিত্ৰত ভুমুকি মৰা এগৰাকী কৌতুক চৰিত্ৰাভিনেতা হৈছে ধূমল। ধূমলৰ বৰ্ণনা দিবৰ প্ৰয়োজনেই নাই, এক কথাত ধূমল ঠিক আমাৰ বিজয় মহন্তৰ দৰেই আছিল। আপডেট দিয়ক বা নিদিয়ক, কাৰণ থাকক নাথাকক, চবেই দেখামাত্ৰেই কেৱল হাঁহে আৰু হাঁহে। গতিকেই আজিৰ পটভূমিত ধূমলৰ অভিনীত কাহিনীৰে “ফটা-ঢোল”ৰ বিশিষ্ট অভিনেতা আৰু অভিনেত্ৰী সমূহক লৈ নতুনকৈ চিনেমাৰ কথা ভবা হৈছে। গাঁওখনত খঙাল পালোৱান এজন আছে, পালোৱানজনৰ (কিয় জানো ভাস্কো মহাজনৰ চেহেৰাটো মনলৈ আহিল) জীয়েক চামেলী (ধৰিত্ৰী শৰণীয়াৰ বাহিৰে বেলেগক ভাবিবই নোৱাৰিলোঁ) গাঁৱৰেই দুখীয়া  নিমাখিত

Read more

দি ডায়মণ্ড নেকলেচ (মূলঃ গ্যে দে মোপাছাঁ) – অনুবাদঃ গীতিকা শইকীয়া

তেওঁ এগৰাকী অত্যন্ত সুন্দৰী, মৰমলগা যুৱতী, যাৰ জন্ম বিধাতাৰ কিবা ভুলতহে যেন কেৰাণীৰ ঘৰত হৈছিল। তেওঁৰ বিবাহৰ সময়ত কোনো যৌতুক নিব পৰাকৈ সক্ষম নাছিল, অথবা বিবাহক লৈ তেনে কোনো বিশেষ আশাও নাছিল, নাছিল সমাজৰ কোনো ধনী, খ্যাতি সম্পন্ন বিশিষ্ট ব্যক্তিৰ লগত চা-চিনাকি, নাছিল কাৰোবাৰ লগত প্ৰেম-ভালপোৱাৰ কোনো সম্বন্ধ, বিবাহ কৰাৰো কোনো আশা, তথা বিশেষ কিবা অৰ্থই নাছিল। তাৰ পৰিৱৰ্তে শিক্ষা বোৰ্ড কাৰ্যালয়ৰ এজন সাধাৰণ বৰ্গৰ কেৰাণীৰ লগতেই তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁ নিজকে আকৰ্ষণীয়কৈ সজাব পৰাৰ সাধন নোহোৱাৰ বাবে একেবাৰেই

Read more

আপদীয়া পদ্য – ধনজিৎ বৰুৱা

(১) গুছি গ’ল শকুনি থাকি গ’ল সঁচ সকলো ঠাইতে গজে হৈ বৰ গছ দেশ জাতি সমাজ মাত্ৰ কথাৰ ৰেৱাজ মানৱ সম্পদ বধি কৰে তচ-নচ   (২) দপ্তৰ নহয় যেন বাদুলীৰ হে মুখ টেবুলৰ তলে পিৰিতী যত নষ্ট সুখ বুকু এহাত গৰ্ব আলবৎ এদিন খৰ্ব পোতা কিম্বা চিতা বাপু, চাৰিহাত জোখ ৷ (৩) কৰ্ফাল খাই নামি আহিলোঁ চিটিবাছৰ পৰা সাষ্টাংগে প্ৰণামী সাৱটি ল’লোঁ ধৰা জাৰি জোকাৰি ধূলি থিক থাক কৰি চুলি বাছ নহয় ডাৰলিং যেন তোমাৰ প্ৰেমৰ গড়া ☆★☆★☆

Read more

বনভোজ – অনুৰূপ মহন্ত

১৯৬৫ চন মানৰ কাহিনী৷ গোলাঘাটৰ নতুনকৈ স্থাপিত হোৱা কলেজ এখনৰ দুজন শিক্ষক, এগৰাকী শিক্ষয়িত্ৰী আৰু অধ্যক্ষ সহিতে মুঠ পঁচিশজনমান ছাত্ৰ-ছাত্ৰী আৰু এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে ডিচেম্বৰ মাহৰ ২৬ তাৰিখৰ দিনা কাজিৰঙাত বনভোজ খাবলৈ যাবলৈ মন কৰিলে৷ সেই সময়ত আজি কালিৰ দৰে বেচৰকাৰী বাছৰ সুবিধা নাছিল, সেই বাবে তেওঁলোকে চৰকাৰী বাছ আস্থানত আবেদন জনাই ভাড়াত এখন চৰকাৰী বাছৰ যোগাৰ কৰি ল’লে৷ অধ্যক্ষজন বৰ কাঢ়া। শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলোৱেই তেখেতক ভয় কৰে৷ তেখেতৰ প্ৰত্যক্ষ সহযোগ আৰু নিৰ্দেশনামতে সকলোৱে দায়িত্ব ভগাই ল’লে৷ আৰু সেই

Read more

বলাৎকাৰ – বিতোপন গৌৰাত্ৰ

সৰল মনা পৱন কাইটিৰ বিয়া খন বহু পলমকৈ হ’ল। পিচে ন-বৌজনী..! ককাইটিতকৈ কেৱল বয়সৰ ফালৰ পৰাই নহয়, সকলো ফালৰ পৰাই ডাঙৰ আৰু আহল বহল! পিচে মাষ্টৰনী মানুহজনী কথাই বাৰ্তাই কিন্তু ঠিক- ঠাক। ঘৰখন হ’ল পিচে পা-পোৱালীহে নহ’ল। নহ’ল আৰু নাই! দন্দ খৰিয়াল নোহোৱাকৈ চলি আছে – সেইটোহে আচল কথা। বিএ পাছ অন্তৰ চাফ ককাইটি কথা বতৰা, আলোচনা আদিত মুঠেই পাৰ্গত নহয়। শব্দৰ ইফাল সিফালে সমস্ত বিষয়বস্তুক বুমেৰাং কৰে। এবাৰ চান্দা তুলিবৰ বাবে গাৱঁৰ ল’ৰাহঁত পৱনৰ ঘৰ সোমালে। ইচ্ছাকৃত ভাবেই টকা

Read more

উদ্ভিদ আৰু মানৱ সভ্যতা – আইনুল হক

উদ্ভিদ আৰু মানৱ সভ্যতা অতিজৰে পৰা ইটোৱে সিটোৰ সু-সম্পৰ্ক। তাৰেই ঘাইকৈ তিনিটা দিশ আলোচনা কৰিলোঁ। সেইবোৰ ক্ৰমে _ -জৈৱিক (Biological) -পৰিবেশীয় (Environmental) –অৰ্থনৈতিক (Economic) জৈৱিক হিচাপে – উদ্ভিদৰ প্ৰথম গুৰুত্বপূৰ্ণ মূল্যটোৱে হ’ল জৈৱিক মূল্য। আমাৰ পৃথিৱীখনত থকা উদ্ভিদসমূহে বাস্তৱতন্ত্ৰৰ(পৰিবেশতন্ত্ৰ) লগত জড়িত হৈ খাদ্যশৃংখলৰ জৰিয়তে শক্তিৰ প্ৰবাহ (Energy current or Energy wave) অক্ষুন্ন ৰাখিছে আৰু পৰিবেশতন্ত্ৰৰ উৎপাদনশীলতা বজাই ৰাখিছে। পৃথিৱীখন একেলগে এটা ডাঙৰ পৰিবেশতন্ত্ৰ সেয়েহে কোনো এটুকুৰা ঠাইৰ পৰিবেশতন্ত্ৰৰ অৱনমনে পৃথিৱীৰ অন্য ঠাইৰ তন্ত্ৰক প্ৰভাৱ পেলায়। যি প্ৰভাৱ আধুনিক যুগৰ কাৰিকৰী

Read more

ক্লীন চুইপ ইগনেচিয়াছ (মূল: জেফ্ৰী আৰ্চাৰ) – অনুবাদ: ৰিণ্টুমনি দত্ত

ইগনেচিয়াছ আগাৰ্বিয়ে যিদিনা নাইজেৰিয়াৰ বিত্তমন্ত্ৰীৰ দ্বায়িত্বভাৰ লৈছিল,  সেইদিনা সাধাৰণ নাইজেৰিয়াবাসীৰ মনত কোনো বিশেষ উৎসাহ নাছিল৷ তেওঁলোকৰ বাবে এয়া আছিল এক অতি সাধাৰণ নিত্য-নৈমিত্তিক ঘটনা৷ জনতাৰ মনত এনে ভাৱ জগাটোৱেই অতি স্বাভাৱিক আছিল৷ কাৰণ দুৰ্নীতিত নিমজ্জিত নাইজেৰিয়াত যোৱা সোতৰ বছৰত বিত্তমন্ত্ৰীৰ দ্বায়িত্ব লোৱা ইগনেচিয়াছ হ’ল সোতৰ নম্বৰ ব্যক্তি৷ গতিকে তেওঁৰ দ্বায়িত্বভাৰ গ্ৰহণ দেশবাসীৰ বাবে আছিল একেবাৰেই গুৰুত্বহীন এক খবৰ৷ কাৰণ,  তেওঁলোকে জানে যে কেইদিনমান পিছত সোঁৱে-বাঁৱে দুৰ্নীতি কৰি ইগনেচিয়াছেও দেশ এৰি পলায়ন কৰিব নাইবা জেললৈ যাব৷ নাইবা সেইবোৰ আন একো নহ’লেও

Read more
1 34 35 36 37 38 115