ফটাঢোল

গৰম দিনৰ পদ্য – সত্যজ্যোতি কাশ্যপ

(ক) শাওনমাহৰ আকাশত খাঁও খাঁও সূৰ্য্য ৷ গৰমৰ প্ৰতাপত যেন হেৰাই যাব ধৈয্য ৷ বৰষুণৰ চিন নাই, বিদ্যুতৰো হায় হায়, ইমান গৰম কৰোঁ কেনেকে বাৰু সহ্য ৷   (খ) গছ কটাৰ প্ৰতিফল হাতে হাতে পালোঁ ৷ নতুন কিয় নুৰোলোঁ আজিহে ভাবিলোঁ ৷ ছাঁ এডোখৰ নাই, গৰমত জীৱ যায়, নৰক যন্ত্ৰণা জীয়াই থাকোঁতেই দেখিলোঁ ৷ (গ) কনবাপুৱে গৰমত মাৰিছে বিচনী ৷ লগতে খাইছে তেওঁ ঢোকে ঢোকে পানী ৷ বৰষুণৰ নাই নাম , ফেন এচিৰো নাই কাম , চোতালতে শোৱাৰ কথা আছে

Read more

ডিলিউচন – বৰ্ণালী ফুকন

ক্ষীণ দীঘল বৈ পৰা চুলিৰে তাহানিৰ বিস্মিতাজনী যেন হঠাৎ তাৰ কাষেদি পাৰ হৈ ডনবস্ক’ স্কুলৰ বাছখনত উঠিলগৈ। ডিঙি মেলি চাবলৈ যাওঁতেই ল’ৰাটোৱে ভাস্কৰৰ হাতখন ধৰি টানিলে, “দেতা বাছ আহিল।” সেইটো সময়তে ষ্টিফেন্সৰ বাছখনো ৰ’লহি! আৰু তাৰ চকুৰ সন্মুখেদি ডনবস্ক’ৰ বাছখন পাৰ হৈ গ’ল। ল’ৰাক বাছত উঠাই দি লাহে লাহে সি ঘৰমুৱা হ’ল। যোৱা কালি বেদান্তৰ বিয়াত কইনা আনিবলৈ গৈ তাৰ গোটেই ৰাতি টোপনি নাহিল৷ আজি সেইবাবে অফিচ ছুটী লৈছে সি৷ ল’ৰাক পুৱা বাছত উঠাই দিয়াটো তাৰ ডিউটি৷ ঘৈণীয়েকে ল’ৰাক স্কুললৈ

Read more

চিলনীৰ জীয়েকৰ সাধু (ৰিমিক্স) – মণিষা কাকতি

এসময়ত এখন দেশত এজন মানুহ আছিল। মানুহজনৰ অগাধ ধন-সম্পত্তি আছিল, কিন্তু মনত সুখ নাছিল। কাৰণ তেওঁ ল’ৰা সন্তানৰ মাজত নিজৰ সুখ বিচাৰি আছিল। ল’ৰা সন্তান বিচাৰি তেওঁ বহুত পূজা-পাতল কৰিছিল। কিন্তু মূৰকত বাৰেপতি ছোৱালীহে পাইছিল। খঙত একো নাই হৈ মানুহজনে প্ৰতিবাৰে ঘৈণীয়েকক গালি-শপনি পাৰি, মাৰধৰ কৰি, ঘৈণীয়েকৰ ওপৰতে বৰমতা চেলাইছিল। দিনচেৰেক পিচত ঘৈণীয়েক আকৌ গা-ভাৰী হোৱাত তেওঁ সেইবাৰ টানকৈ শুনাই কৈছিল, “এইবাৰো যদি ছোৱালীয়ে ওপজে, তেন্তে তোকে, ছোৱালীকে ঘৰৰ বাহিৰ উলিয়াই দিম। মনত ৰাখিবি কথাষাৰ।” সন্তান জন্ম হ’বৰ দিন চমু

Read more

যোৰানাম গাবলৈ ওলাবি দেই – সদানন্দ দত্ত

ৰহিলাই মামনিৰ ঘৰলৈ গৈ ক’লে –”এই কেইদিন মোৰ কামবোৰ, ইমান বেছি হৈছে?” মামনি:–হেৰা, এতিয়া কামৰ কথা কৈ নাথাকিবা দেই। বিয়াখনলৈ যাব লাগিব দেই। ছোৱালীজনীৰ মাকে ইমান দঢ়াই দঢ়াই মাতিছে বিয়াখনত ভালকৈ লাগি-ভাগি তুলি দিবলৈ। ৰহিলা:–ঔ আই, বিয়াখনত নালাগিম কেলেই। ছোৱালীজনীৰ কোন কোন আছে জানিলা নে নাই? মামনি:–জানিছোঁ, মোমায়েক দুজন আহি ইটো-সিটো কৰি আছে। দদায়েক-খুৰীয়েক আহিল, বৰমাক-বৰদেউতাক আহি আছে বোলে, গধুলি পাবহি।ভালকৈ খীৰাব লাগিব, সকলোৰে চাকৰি আছে। মনিষাক ক’লা নে আহিবলৈ? ৰহিলা:–কৈছোঁ, কৈছোঁ। আজি মূৰত তেল দিয়া আছে,নাহিলে নহব বুলি কৈছোঁ।

Read more

নকৰিবলগীয়া চিন্তা – লখিমী হাজৰিকা

১) বনকৰা ছোৱালীজনীয়ে মূৰত লেপি দিয়া হেনাসোপাৰে সৈতে শইকীয়ানী শীতৰ ৰ’দজাকৰ উম লোৱাত ব্যস্ত। : বাইদেউ চিলিণ্ডাৰ শেষ হ’ল। : ঐ মৰতী, কি অদৰকাৰী কথা কৈ থাকহি। চাৰলৈ ফোন নকৰ কিয়? : কৰিছিলো। চাৰ বিজি আছে বোলে। : এইসৱৰপৰা শান্তি নাই! কিবা এটা সুস্থিৰে কৰিব নোৱাৰি৷ বুলি ভোৰভোৰাই শইকীয়ানীয়ে নিজৰ ফোনটো আনিলেগৈ। : হেৰা, তুমি কেতিয়ামানে আহিবা? : মই অলপ ব্যস্ত হৈ আছোঁ। পুৱাটো তোমাৰ লেকচাৰ লিখোঁতেই গ’ল! চিলিণ্ডাৰটো খুৱাই ল’ব নোৱাৰিবানে? টিইট ..টিইট.. টিইট.. শইকীয়াই পুৱাই লিখি থৈ যোৱা

Read more

ভদ্ৰদাৰ চাৰ্জিকেল ষ্ট্ৰাইক – বিদ্যুত বিকাশ দত্ত

সেইবোৰ এয়াৰচেল জহন্নামে যোৱাৰ সময়ৰ কথা। হাতত পইচাৰ নাটনি। দুমাহৰ বাবে পে’ হ’ল্ড হৈ আছে। ঘৰত ৰেচন পাতি আছে বুলিহে চলি আছো। তেনেতে খবৰ ওলাল খুলশালী ছোৱালীজনীৰ বিয়া। বাজেট কৰি কষ্ট কৰিবলৈ মোক পৰিবাৰে নিদিয়ে! মই আফিছৰ পৰা আহি পোৱাৰ লগে লগে শ্ৰীমতীয়ে হাতত চাহ একাপ সহ এখন দীঘল লিষ্ট দি দিলেহি।মই জানোঁ, চাহকাপ গছৰ পাত আৰু মই বলি দিবলৈ চোঁচৰাই নিয়া এটা পঠা ছাগলী। লিষ্টখন চাই মোৰ খং নুঠিল। মই জানোঁ, খুলশালীৰ বিয়াত মোৰো দ্বায়িত্ব আছে। আৰু ইহঁতক ভালকৈ

Read more

বিশেষ একো নাই – সোণটো ৰঞ্জন বৰুৱা

কিছুদিনৰ আগতে বিয়া এখনত তাৰ লগত বহু বছৰৰ পাছত মুখামুখি হলোঁ। মই বাৰু তাক দেখিলেই চিনি পালোঁ কিন্তু সিও পালে। পিছে সি মোক চিনি পোৱাতহে আচৰিত হলোঁ। নহ’মনো কিয়, কলেজ এৰাৰ পোন্ধৰবছৰৰ পাছত সহপাঠীয়ে এনেদৰে চিনি পোৱাটো আচৰিত কথাই দিয়কচোন। বিশেষকৈ তেতিয়া , যেতিয়া আপোনাৰ কঁকালৰ আশেপাশে চৰ্বীৰ পাহাৰ, আগৰ ফুলৰ দৰে চেহেৰাৰ ঠাইত ফুলি যোৱা শৰীৰ, কেইবা তৰপো মেকআপৰ তলত বয়স লুকুৱাবলৈ কৰা নিষ্ফল প্ৰচেষ্টা আৰু আঙুলিত ধৰি থকা ল’ৰা এটা অপোনাৰ লগত থাকে।ইফালে ল’ৰাৰো আচৰিত হোৱাৰ পাল, এবাৰ

Read more

এক্স কিউজ মি – মৌচুমী গগৈ

মুনমীৰ নিজৰ ওপৰতেই খং উঠিল! তাইৰ বাৰু কি দৰকাৰ আছিল মৃদুলক মিছামিছিকৈ জোকাই লোৱাৰ। মৃদুলেও যে তাইক ধেমালিতে এসেকা দিব, সেইটো তাই ভাবিবই পৰা নাছিল। মৃদুল আৰু মুনমীৰ বিয়া হোৱা ডেৰ বছৰমান হৈছে। দুয়োজনৰ মাজত থকা প্ৰেমৰ সম্পৰ্কৰ পৰিণতিতেই বিবাহ নামৰ পবিত্ৰ বান্ধোনত দুয়ো আবদ্ধ হৈছে আৰু সিহঁতৰ মাজত ভালপোৱা তথা বুজাবুজিৰ অভাৱ হোৱা নাই। মৃদুলৰ অফিচৰ কাম এটাত কলিকতালৈ যাব লগা হোৱাত মুনমীকো লগত লৈ গৈছিল। অফিচৰ কামৰ লগতে অলপ ফুৰিও আহিব পাৰিব। যোৱাকালি সিহঁতৰ কলিকতাৰ পৰা গুৱাহাটীলৈ উভতি

Read more

আপদীয়া পদ্য – প্ৰদীপ পাটগিৰি

এক) প্ৰকাশ হ’ল চূড়ান্ত এন আৰ চিৰ তালিকা খচৰাত নাম নথকা সকলৰ মনত পীড়া তথাপি শান্ত অসম মমতা দিদিহে গৰম টেঁটু ফালি চিঞৰি হ’ব যে আধামৰা।       দুই) অসমৰ সাংসদ দিল্লীত নিমাতী কইনা অসমৰ নাই যেন কোনো সমস্যা-যাতনা সংসদত বহি আৰাম কৰি মাজে মাজে ঘূমটি মাৰি সম্পত্তি গোটোৱাৰ কৰে পৰিকল্পনা।   তিনি) লাখ লাখ টকাৰে কিনি ডাঙৰ চাকৰি কাৰাবন্দী জনপ্ৰতিনিধিৰ পুত্ৰ জীয়াৰী এতিয়া পাইছে মজা দুঃচিন্তাত জীৱন কুঁজা কিদৰে ঘূৰে পলকতে জীবন ঘড়ী। ☆★☆★☆

Read more

শৰ্মা চাৰৰ কুবুদ্ধি – সিদ্ধাৰ্থ শৰ্মা

১) গুৱাহাটীত পঢ়ি থকা দিনৰ কথা। তেতিয়া দুই এটা চিগাৰেট খাইছিলোঁ। লগৰ এজন আছিল। নিজে চিগাৰেট নিকিনে। সদায় শেষৰ ফাল খুজি খায়। ডায়লগ এটাই- চিগাৰেটৰ শেষৰ ফালৰ সোৱাদ আৰু নতুনকৈ হোৱা প্ৰেমৰ সোৱাদ একেই। তাৰ বৰ সুন্দৰ ফ্ৰেন্স কাট দাঢ়ি আছিল। তাৰ গাৰ্লফ্ৰেণ্ডেও হেনো সেই ষ্টাইলত ফিদা আছিল। এদিন খং উঠিল। সদায় শেষৰ কণ খাই মোক প্ৰথম প্ৰেমৰ সোৱাদৰ পৰা বঞ্চিত কৰে। কু বুদ্ধিয়ে বাহ ল’লে। চিগাৰেট এটা কিনি জুইশলা কাঠি দুটা লৈ খাৰ থকা মূৰ দুটা ভাঙি ধূপৰ কাঠি

Read more
1 39 40 41 42 43 115