ফটাঢোল

ঈদ মোবাৰক – শ্ৰীমন্ত শৰ্মা

পুৱা ন-মান বজাত কলিং বেলৰ মাত শুনিয়েই অনুমান কৰিলোঁ কৰিম চাচা আহিছে৷ দুৱাৰখন খুলি দিওঁতেই মোৰ অনুমানক সত্য প্ৰতিপন্ন কৰি চাচাই মাত লগালে- “ছাৰ, ঈদ মোবাৰক৷” আনদিনা মোৰ বাৰীখন চিকুণাবলৈ আহিলে চাচাই মোক “নমস্কাৰ” বুলি সম্ভাষণ জনায়৷ কিন্তু বছৰৰ দুটা বিশেষ দিনত সম্ভাষণটো সলনি হৈ “ঈদ মোবাৰক” হয়গৈ৷ সম্ভাষণ হোৱাৰ লগতে শব্দ দুটাৰ আন এক বিশেষ তাৎপৰ্যও আছে৷ সেই শব্দ দুটাৰে আচলতে কৰিম চাচাই মোক সাংকেতিক ভাষাত কয়, “আজি এনেই অহা নাই দেই, ছাৰ৷ নাতিকেইটালৈ কিবা এটা নিব পৰাকৈ টকা

Read more

চান্দাৰ ধান্দা – ধূৰ্জ্জটি কাকতি

গেট খোলাৰ শব্দ শুনি ৰমেশ ভাগৱতীয়ে বাতৰি কাকত পঢ়ি থকাৰ পৰা মূৰ তুলি চালে৷ ওচৰৰে ক্লাবৰ ল’ৰা কেইজন গেট খুলি সোমাই অহা দেখি মনৰ ভিতৰতে গুণা-গঁথা কৰিলে, “দূৰ্গা পূজা কমিটি, কালী পূজা কমিটি, থিয়েটাৰ কমিটি সকলোৱে চান্দা নিলেই দেখোন, এই কেইটা আকৌ কিয়বা আহিল?” “ছাৰ, পেপাৰ পঢ়িছে?” ভাগৱতীৰে প্ৰাক্তন ছাত্ৰ সঞ্জীৱে মাত লগালে৷ এনেও বাৰু তেখেত যিহেতু অৱসৰপ্ৰাপ্ত অধ্যাপক, সেইকাৰণে বাকী মানুহেও ভাগৱতীক “ছাৰ” বুলিয়ে মাতে৷ “অ’ আহা আহা, বহা, কি সকামত বা আহিলা?” “ছাৰ, ভাল কাম এটাৰ কাৰণেই আহিছো৷

Read more

লভ এট ফাৰ্ষ্ট চাইট – ৰক্তাভ কুমাৰ

প্ৰেমৰ কিবা সাংবিধানিকভাৱে গৃহীত বয়স আছেনে নাই মই নাজানোঁ আৰু যদি আছে তেতিয়াহলে মোৰ জীৱনলৈ প্ৰথম প্ৰেম নামি অহা বয়সটো আইনমতে গ্রহণযোগ্য হয়নে নহয় সন্দেহ আছে। যদি সেইটো বয়সত প্ৰেমত পৰাটো ভাৰতীয় আইনমতে দণ্ডনীয় তেন্তে ইমান মুকলিমূৰীয়াকৈ কথাখিনি উল্লেখ কৰি নিজেই নিজৰ বিপদ চপাই অনা যেন মোৰ অনুভৱ। অৱশ্যে প্ৰেমত পৰা যিকোনো বয়সেই যে মা-দেউতাহঁতৰ বিশ্বাসৰ পৰিপন্থী সেইটো হ’লে নুই কৰিব নোৱাৰি। পঢ়ি থকা কালত ল’ৰা প্ৰেমত পৰিছে মানে সি ৰসাতলে গৈছে আৰু যদি কেনেবাকৈ কোনোবা চুবুৰীয়া বা আত্মীয়ৰ চকুত

Read more

প্ৰতিবাদ – মানস শইকীয়া

“তাৰমানে তহঁতে কালিলৈ প্ৰতিবাদ কৰিবিয়েই! ভাল কথা৷ পিছে,যোগাৰ পাতি হৈছেগৈ নে?”, প্ৰতিবাদ কাৰ্যসূচীৰ নিমন্ত্ৰণ দিব অহা ল’ৰাহঁতক ৰমণী কেৰাণী ওৰফে ৰমণী কলিতাই সুধিলে৷ কাৰ্যসূচীৰ আহ্বায়ক প্ৰণৱে বোলে, “দাদা,সেইবোৰ সৱ ৰেডি আছে৷ কঠীয়া তিনিমুঠি কিনি আনিলোঁ৷ নাঙলটো বিচাৰোতে কষ্ট হ’ল অৱশ্যে! পিছত, সেই আপোনাৰ সূৰ্য্য মিস্ত্ৰীৰ ঘৰত যেনেতেনে এটা পালোগৈ৷ ঘূণ লাগিছিলেই আৰু! মামৰ-চামৰ গুচাই থৈ আহিছোঁ৷” “অলৰেডি দুটা চেনেলক খবৰ দিছোঁ৷ লাইভ ক’ভাৰেজ দিব বোলে৷”, লগত অহা সুৰজিত বোলাটোৱে উৎসাহেৰে মাত লগালে৷ কলিতাই বোলে ঠিক আছে, “মই এপাক মাৰিম যা”৷

Read more

থুলোকৰ চেন্নাই যাত্ৰা – ডা° পাৰ্থসাৰথি ভূঞা

হেমেন্দ্ৰ মাষ্টৰৰ ল’ৰা গোলোক আৰু থুলোক। বৰপুত্ৰ গোলোক সৰুৰে পৰাই অতি মেধাবী আৰু ভালদৰে মেট্ৰিক, হায়াৰ চেকেণ্ডাৰী আৰু তাৰ পিছত ইঞ্জিনিয়াৰিং পাছ কৰি বৰ্তমান বিদেশৰ তেল কোম্পানী এটাত কৰ্মৰত। জন্মতেই থুলন্তৰ থুলোক আকৌ একেবাৰেই পঢ়া শুনাত মন নথকা। মাষ্টৰে হালোৱা এছাৰীৰ কোব দি দিয়ো তাক মেট্ৰিকৰ ডেওনা পাৰ কৰাব নোৱাৰিলে। সেয়ে বৰ্তমান ঘৰৰ খেতি বাতিৰে তদাৰক কৰে। অৱসৰপ্ৰাপ্ত মাষ্টৰ আৰু তেওঁৰ পত্নীয়ে পিচে এতিয়া মাজে মাজে কথা পাতে যে ভালেই হ’ল, ইয়াৰ পঢ়া শুনা নহ’ল, আমাৰ দুটাৰ এই বয়সত এতিয়া

Read more

ব্যঙ্গ কিবা এটা – মৃদুস্মিতা বৰবৰা

কলেজৰ পৰা আহিয়ে মাক দেখিলোঁ বিছনাত তললৈ পেট পেলাই উচুপি আছে৷ চিৰিংকৈ মাৰিলে বুকুখন৷ মা কন্দাত ভাল৷ পৰিলেও কান্দে (পৰেও এমাহত এবাৰ মানকৈ), জোৰোণলৈ গৈ ইমান কান্দে যে মানুহে খবৰ কৰে দৰাটো বৰ বেয়া নি, দৰাঘৰীয়াই কইনাৰ মুখলৈ চাই প্ৰশ্ন কৰে-“ইনাই বিনাই কান্দিছে যে?” মুঠতে মুখখন মেলি যেনেকৈ কান্দে বাৰ বিয়াৰ ভিডিঅ’ মানুহক দেখুৱাবই নোৱাৰিলোঁ৷ লাজেই লাগে৷ জোৰোণখন কাটি দেখাওঁ৷ আজিও এয়া দহদিনৰ পৰা নৈমিত্তিক ঘটনা হৈছে৷ মা হয় মন মাৰি বহি থাকে নাইবা কান্দি থাকে৷ লাহেকৈ ক’লোঁ, মানুহ হোৱাহেঁতেন

Read more

স্বাধীনতাৰ সন্তান – কৌশিক দাস

মই থকা বৃদ্ধাশ্ৰমখনৰ যুৱ পৰিচালকজনে খবৰটো দিলে, “ককা, আপোনাৰ ডাঙৰ ল’ৰাটো আহিছিল!” “কিয়? বৰবোপা দেখোন এক তাৰিখে আহি গৈছেহে ! অহামাহৰ বৰঙণিটোও দি গ’ল নেকি?” “নহয়! আপোনাৰ জন্মদিন আয়োজন কৰিছে। নিমন্ত্ৰণ দিবলৈ আহিছিল। ” অ! মোৰ ঘৰত মোৰ জন্মদিনত মোকেই নিমন্ত্ৰণ দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে! সেইটোনো কি ইমান উৎসাহত ওফন্দি উঠিবলগীয়া কথা হ’লহে? ” তেনেকৈ নক’ব,ককা! কিমান দেশে-বিদেশে নিচান উৰিব কাইলৈ! গৌৰৱময় ইতিহাসে প্ৰাণ পাব নেতাৰ মুখত ,টিভি,ৰেডিঅ’,সংবাদ মাধ্যমৰ মধ্যমণি হৈ পৰিব, আপুনি! “ সকলোৱে জানে …মই কি’হত কিমান স্বাধীন!

Read more

আভিজাত্য – উৎপলা শইকীয়া

অফিচৰ বিশেষ অনুষ্ঠানতহে সাধাৰণতে পিন্ধা বাদামী ৰঙৰ ফ্ল’ৰেল প্ৰিন্টৰ শাৰীখন শ্ৰাৱণীয়ে বৰ পৰিপাটিকৈ পিন্ধি ঘৰৰ তলাটো মাৰি ওলাই আহিল। পদ পথটো পাৰ হৈ ৰাস্তাৰ সিটো পাৰ পাওঁতে তাই আনদিনাতকৈ অলপ বেছি সময় ল’লে, কাৰণ আছিল তাই আটোমটোকাৰিকৈ ৰখা তাইৰ একমাত্ৰ ওখ ছেণ্ডেলযোৰ। এপাতৰ ফিটাডালৰ ছিগো ছিগো অৱস্থা। আজি বহুদিনৰ মূৰত লগ পাব তাইৰ এসময়ৰ হোষ্টেলৰ ৱালমেট নিমিক মানে নিমিষা দত্তক। যাৰ লগত এসময়ত দাঁতত ভাতটো লাগিলেও সেই অনুভৱৰ ভাগ বতোৱাৰা কৰিছিল দুয়ো। ৱালমেট যদিও বিষয় একে আছিল বাবে দুয়ো আছিল

Read more

মহিলাজনীৰ সেই চিঞৰটো – মণ্টু কুমাৰ ডেকা

পৰম বন্ধু গুৱাহাটীত থাকে৷ ঘৰলৈ গ’লে তাৰ ভাড়াৰূমত এদিন বা দুদিন নকটালে মো়ৰ মনেই নভৰে৷ পল্টন বজাৰৰ ৰেইলৱে ষ্টেচনৰ পৰা অ’টো ভাড়া কৰি প্রত্যেক বাৰেই তাৰ ৰূমত নিশাটো কটাই দ্বিতীয় দিনা ঘৰলৈ যোৱাটো, কেতিয়াবা আকৌ তাৰ ৰূমত আগ দিনা থাকি পিছদিনা ৰাতিপুৱা ট্রেইন ধৰা৷ সি নহ’লে নহয়েই৷ সৰুকালৰ মোৰ পৰম বন্ধু৷ বন্ধুবৰে প্রতি বছৰে ৰূম সলনি কৰে৷ কেতিয়াবা মালিগাঁৱত, কেতিয়াবা গনেশগুৰিত, কেতিয়াবা ছয় মাইল৷ বন্ধুৱে পিচে পাহাৰত থাকি হে ভাল পায়৷ গতিকে প্রত্যেক বাৰেই অচিনাকি পাহাৰীয়া বাটেৰে অ’টো লৈ ৰাতি

Read more

এক্সেপচনেল – পৰিস্মিতা বৰদলৈ

ৰাতিপুৱাতে নিউজপেপাৰখন হাতত লৈ চাহকাপত চুমুক দিছো মাত্ৰ৷ তেনেতে গেটখনৰ কৰ্কশ শব্দটোৱে মোৰ মনোযোগত যতি পেলালে৷ মূৰ তুলি চাই দেখোঁ আমাৰ হেৰম্ব দাৰ ল’ৰা ডেভিদ৷ এইটো ল’ৰাৰ নামটো সদায়েই মনত থাকে মোৰ বেলেগবোৰৰ নাথাকিলেও৷ হেৰম্ব দাই বৌৰ গাত লেঠা হ’বৰে দিনাখনৰেপৰাই এক্সেপচনেল নাম বিচাৰি কম হাবাথুৰি খালেনে বাৰু? সন্তান ল’ৰা হ’লে কি কি নাম দিব বা ছোৱালী হ’লে একা? তাকে লৈ নাম চিলেক্ট কৰোঁতে কৰোঁতে এখন মহাকাব্য লিখিব পৰা হ’লগৈ৷ ইংৰাজী, হিন্দীকে আদি কৰি কোৰিয়ান,স্পেনিছ যিকোনো ভাষাৰে হিৰো হিৰোইনৰো নামো

Read more
1 41 42 43 44 45 115