মাগুৰবৰণীয়া – পৰী পাৰবীন
মই বেমাৰীজনীক আজি এজনে সুধিলে, গা কেনেকুৱা ? মই বোলো, “এক মিনিট, আইনাখন চাই আহো”, তাৰ পাছত উত্তৰ দিলো, “মাগুৰবৰণীয়া”। ☆★☆★☆
Read moreমই বেমাৰীজনীক আজি এজনে সুধিলে, গা কেনেকুৱা ? মই বোলো, “এক মিনিট, আইনাখন চাই আহো”, তাৰ পাছত উত্তৰ দিলো, “মাগুৰবৰণীয়া”। ☆★☆★☆
Read moreপ্ৰেমিকা: তুমি মোক কিমান ভালপোৱা? প্ৰেমিক: মোৰ বুকুৰ ধপধপনি শুনি অনুমান কৰাচোন মোৰ ভালপোৱাক। ফোনটো বুকুতে লগাই প্ৰেমিকে ক’লে। প্ৰেমিকা: অহ এম জি, ইমান ঢপঢপনি তোমাৰ বুকুৰ। প্ৰেমিক: এতিয়া কোৱা তোমাক মই কিমান ভালপাওঁ। প্ৰেমিকা: হুহ হ’ব সেইবোৰ যে মোৰ প্ৰতি থকা ভালপোৱাৰ কাৰণে হোৱা ধপধপনি হ’বই নোৱাৰে। সেইবোৰ তোমাৰ বুকুত জমা হোৱা কফৰ ঘূৰঘূৰণিহে। সদায় কিমান কওঁ চিগাৰেট কমাই খাবলৈ, কথা ক’লে শুনিলেহে। প্ৰেমিকাই কথাকেইটা কৈ শেষ কৰিলে কি নকৰিলে সিফালৰ ফোনটো কটা গ’ল আৰু এতিয়ালৈকে বোলে প্ৰেমিকৰ নম্বৰটো
Read moreবাইদেউৱে লেনিয়াই ভিনিক সুধিলে … বাইদেউঃ হেৰি, মোক নো আপুনি কিমান ভাল পাই হয়নে? ভিনিঃ সেইটো নো সুধিব লগিয়া কথানে? মই তোমাক নিজতকৈও বেছি ভাল পাওঁ। বাঃ মিছা কথা ন’কবা!! আপুনি মোৰ কথা অলপো চিন্তা নকৰে। ভিনি: চোৱা ভালপোৱাৰ ক্ষেত্ৰত চিন্তা কৰিবলৈ কোনোৱে সময় নাপাই হে। বাঃ হ’লেও আপুনি মোৰ আনন্দ ফূৰ্টিৰ বাবে কিবা এটাতো ভাৱক। ভিনি: কিয় নেভাবিম বাৰু? চোৱা অহা জানুৱাৰী মাহত আমাৰ বিয়াৰ দহ বছৰ হ’ব। সেইকাৰণে মই তোমাক ফুৰাবলৈ আন্দামান-নিকোবৰ দ্বীপপুঞ্জত যাম। বাঃ সচাঁনে??? শুনিয়েই কিবা
Read more‘ফটা-ঢোল’ত পদ্যৰ জোঁৱাৰ আমিও নাথাকোঁ বহি, পদ্য এটা আপলোডাম নুঠিলেও নুঠক হাঁহি ৷ টে’ট পাছ কৰি শিক্ষক হ’লো কৰিলো ডি এল এড, টে’টনী এজনীৰ প্ৰেমত পৰি সপোন দেখিলোঁ এ টু জেড ৷ পৰামৰ্শ মানি প্ৰিয় বন্ধুৰ তেওঁলৈ কৰিলোঁ ফোন, মনৰ কথা খুলি ক’লোঁ তেওঁৰ উঠিল খং ৷ ফোনটো দিলে দেউতাকক দেউতাক আকৌ ‘হিটলাৰ’, ফোনতে দিলে মোক ধমকি “ঐ বেটা হুচিয়াৰ ৷ নাচাবি মোৰ ছোৱালীৰ ফালে পিঠি ফালি দিম তোৰ, পুলিচৰ সৈতে মোৰ উঠা-বহা দেখুৱাম ৰঙা-ঘৰ ৷” ধমকি শুনি প্ৰেম পলাল
Read more“কি অ’ আইতু, সিদিনা পথাঅৰ খাল সিঁচি ইমান মাছ পালি,আমাক দেখো এটাও নিদিলি৷” ভাদমহীয়া নামত বীৰেনৰ লগৰ মুনিনৰ মাকে তামোল এখন খুজোঁতেই পুতলীয়ে মনতে গুজৰি গুমৰি থকা খংটো দমাই সুধিলে৷ আচলতে সিদিনা আইতুৰ গিৰিয়েক মনিৰামে খাল সিঁচি পোৱা মাছ বলীধৰক ভায়েকৰ ঘৰলৈ দিছিল৷ গাঁৱৰ ইঘৰে সিঘৰে এনেকুৱা আদান প্ৰদান থাকেই৷ পুতলীহঁতক নিদিয়াত সেইদিনাৰ পৰাই খং উঠি আছিল৷ “নহয় অ’ নবৌ দুটামান গয়ৈ পোনা আৰু পুঠি মাছ পাইছিল৷ শিৱককাইটি গৈ ওলোৱাত দুটামান দি পঠাইছিলোঁ আকৌ৷” “আইতু, আসৈ নামাতিবি হেই হয়িমন্দিঅত বহি৷
Read moreফটাঢোল সম্পাদনা সমিতি হাস্য ব্যংগৰ মাহেকীয়া ই-আলোচনীখন আপোনালোকৰ হাতত তুলি দিবলৈ পাই আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ৷ আলোচনীখনত “ফটাঢোল” গোটৰ সদস্যসমূহে গোটত প্ৰকাশিত কৰা লেখাৰপৰা সম্পাদকে প্ৰকাশৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা লেখা তথা সাহিত্য জগতৰ প্ৰতিষ্ঠিত আৰু জনপ্ৰিয় লেখকৰ লেখা সংগ্ৰহ কৰি সম্পাদনা কক্ষত বৰ্ণাশুদ্ধিকে আদি কৰি অলংকৰণ, আপল’ডিং আদি বিভিন্ন স্তৰৰ মাজেদি পাৰ হৈ আপোনাসৱৰ আগত প্ৰকাশিত ৰূপত আহি পৰেহি৷ ইয়াত সম্পাদকৰ লগতে সম্পাদনা কক্ষৰ প্ৰতিজন ব্যক্তিৰ মাহজোৰা প্ৰচেষ্টা তথা পৰিশ্ৰম নিহিত থাকে৷ আহকচোন, আপোনাসৱক হাঁহি বিলোৱাৰ আমাৰ
Read moreচৰিত্ৰ চিনাকি #বুদ্ধিৰাম :- বিয়াল্লিচ বছৰ বয়সৰ গৃহস্থ, পেচা হাটে বজাৰে বাৰীৰে হাঁহ-পাৰ, পাণ, তামোল বেচিবলৈ মাজে মাজে লৈ যায়। ঘূৰি আহোঁতে ঘৰত লগা টুকটাক কিবাকিবি কিনি আনে। #গোলাপী: বুদ্ধিৰামৰ পৰিবাৰ। বয়স পঁইত্ৰিছ বছৰ মান হৈছে। #স্থান ছিপাঝাৰৰ ভিতৰুৱা গাঁৱৰ পুৱাবেলা বুদ্ধিৰাম :-অ শুন্চা ! এই ডাড়ি কাটা বিলেদ খানেদি কোনে কি কাটছিলেই ? গোলাপী: কিয়ানো, কি হৈছি ? বুদ্ধিৰাম:- ডাড়ি কেইদাল কাটা যাৱা নাই ! এখান নতুন বিলেদ !! কানীয়াৰ দোকানৰ পে পদ্ধিনা আইনছিলোঁ ! গোলাপী: – সেক
Read moreমানুহজনৰ বিষয়ে কি বুলি কম! মানুহজন একেধাৰে এজন সু-বক্তা, শ্ৰোতা, সমাজকৰ্মী, পাঠেকী, ভকত সকলো। সৰু ঠাইখনত মানুহজন এজন অপৰিহাৰ্য মানুহ। তাতে মানুহজন খবৰৰ ভাণ্ডাৰ। আপুনি সোধকচোন নাজিৰাৰ অমুকক চিনি পায়? চৈধ্য গোষ্ঠী গায় দিব। আহোম বামুণ কোঁচ কলিতা সকলো তেওঁৰ মিতিৰেই কিবা নহয় কিবা প্ৰকাৰে। আকৌ সোধকচোন দুমাহৰ আগৰ ঘটনাৰ কথা। আপুনি “লাইভ টেলিকাষ্ট” দেখি যাব। অমুকৰ জীয়েকৰ ৰিজাল্ট কওঁক… ছোৱালীজনীৰ দিনপঞ্জী গাই দিব। ৰ’ব ৰ’ব মানুহজনৰ চিনাকি শেষ হোৱা নাই, তেওঁৰ নামৰ পাছত থকা উপাধি চাগে মানুহে পাহৰিলেই …অমুক
Read more“আহ ঐ আহ! ওলাই আহ! খেদ ঐ খেদ! বিদেশীক খেদ!”- সমদলৰ আগত ফেঁহুকায়ে চিঞৰি চিঞৰি গলা ফুলাই আগুৱাইছে। বাটতে এটা ফৰেইনাৰক দেখা পাই হাতত থকা টাঙোন ডালেৰে টঙনিয়াব যাওঁতে নিজৰ মূৰতহে খুন্দা লাগিল। ফেঁহুকায়ে সাৰ পালে। দেখিলে আঠুৱা টনা ডাং ডালকে জোৰেৰে ধৰি আছে সি! “আহ ঐ আহ, ওলাই আহ”ৰ এই ভক্তিমূলক, স্তুতিমূলক বাক্যশাৰী অসমৰ এটি জাতিৰ পৱিত্ৰ মন্ত্ৰ। জন্মৰ পৰা মৃত্যুলৈ এই বাক্যশাৰী শৰীৰৰ কোঁহা কোঁহে তেজৰ পানীৰ স’তে মিলি থাকে। সিদিনা গুৱাহাটীৰ চিটিবাছত ইয়াৰ উত্তম প্ৰয়োগ ফেঁহুকায়ে দেখা
Read more