ফটাঢোল

বিভিন্নজনৰ একলম – ৰিমঝিম বৰঠাকুৰ

প্ৰথমতেই ক’ম যে, ফটা ঢোল এক হাঁহিৰ নিজৰা য’ত হাঁহিবোৰ খিলখিলাই থাকে আৰু ওচৰলৈ গ’লে আমাৰ গালে-মুখে ছটিয়াই দিয়ে। আপোনাৰ মন বেয়া লাগিছে ফটা ঢোলৰ মজিয়াত ভৰি দিয়ক আৰু আপোনাৰ ওঁঠত সানি লওক একাজলি হাঁহি। সঁচা অৰ্থত ফটা ঢোল এক হাঁহিৰ ৰহঘৰা যিয়েই আমাৰ জীৱনটোক হাঁহিৰে সজাবলৈ শিকাইছে। যদিও ফটা ঢোলৰ লগত মোৰ সম্পৰ্ক হোৱা চাৰিমাহমানহে হৈছে, এই কেইমাহতে বুজি উঠিছোঁ মোৰ জীৱনত ফটা ঢোলৰ প্ৰভাৱ। মই হাঁহি বেয়া নাপাওঁ। হাঁহি ধেমালিৰে জীৱনটো সজাবলৈ কোনেনো ভাল নাপায়? কিন্তু আজিৰ এই

Read more

দৰাৰ লগত যোৱাৰ অভিজ্ঞতা(১৯৬০) – ৰুবী বৰা বৰদলৈ

বহাগ মাহ।গাঁৱৰ ভৱ দাইটিৰ ল’ৰা খগেনৰ বিয়া।খগেনৰ ভতিজাক অকণৰ লগত একেলগে পঢ়া কৃষ্ণৰ মনটো এনেয়ে ভাল লাগি আছে।সি সদায় স্কুলৰ পৰা আহি ভাতকেইটা খায়েই পথাৰৰ পানী ভাঙি লৰ ধৰে বিয়া ঘৰ বুলি।বিয়া ঘৰত অ’ত-ত’ত ঠিয়া-ঠিয়ি কৰি আলেখ-লেখ চাই থাকোঁতেই এদিন অকণৰ দেউতাকে তাক ক’লে— ::: ঐ ল’ৰা, চাওঁ এইফালে আহচোন!এই ফলাখৰিবোৰ সৌ ভঁৰালৰ তলত থ’বগে’ পাৰিবি? তই যদি গোটেইসোপা খৰি থৱগে’,তোক দৰাৰ লগত নিম যা। দৰাৰ লগত নিব!কৃষ্ণ!! কথাষাৰ বিশ্বাস কৰিব নোৱাৰি সি ভেবা লাগি চাই থাকিল অকণৰ দেউতাকৰ মুখলৈ।

Read more

বাপ শাস্ত্ৰ – অতুল নাথ

যোৱা দেওবাৰে যে লগ পাইছিলো সেই বাপ, কালি গধূলি আহি ওলালহি। মুখৰ গোন্ধ, থৰক বৰক খোজতে উমান পালো নাড়ী শুদ্ধি কৰি একেবাৰে ৰজা হৈ আহিছে। বহিবলৈ দি অহাৰ কাৰণ সুধিলো। ভাবিলো শ্ৰীমতী খোজকাঢ়ি উভতি অহাৰ আগতে বাপক বিদায় দিব পাৰিলে ভাল। “খুড়াৰ দহা কাজলে মাতিবলৈ আহিলো আৰু আপোনাকো কথা দুটামান ক’বলৈ আছে” বুলি দোৰোলখোৱা জিভাৰে বাপে আৰম্ভ কৰিলে- “Man is mortal. মানুহ মৰণশীল, মহাত্মা গান্ধীয়ে গীতাত কৈছে আৰু ৰবীন্দ্ৰনাথেও পটঞ্জলীত কৈছে। কিন্তু আপুনি কিয় মোৰ জীয়াই থকা খুড়ীজনীক মৰিল বুলি

Read more

মানিক দেউৰ টিকনিডাল – প্ৰান্তৰ ভাগৱতী

আশীৰ দশকৰ প্ৰথম ভাগৰ কথা। আমি আঠ দহ বছৰীয়া। সেই সময়ত আমাৰ অঞ্চলত মানিক দেউৰ বেলেগ ডিমাণ্ড। মানিক দেউ মানুহজনো সৰবৰহী। মিঠা বৰণীয়া শীৰ্ণকায় শৰীৰ, পিন্ধনত ধুতী- পাঞ্জাবী, মুখত ধেমেলীয়া হাঁহি।পাতল চুলিকোছাৰ পিছফালে দীঘল টিকনি এডাল । এই বোলে পূজা এভাগ হে পাতিব লাগে,বিদ্যালয়ত সৰস্বতী পূজা,  বিয়াৰ দিন চোৱা,অন্নপ্ৰাশন,ঘৰ লোৱা, দোকান লোৱা, কোনোবা ছোৱালী পুষ্পিতা হ’ল – যোগ কি পৰিল ?  পতি হিতা নে পতিহীনা নে বেশ্যা নে আৰু কিবা কিবি !!!  দান কি দিব লাগিব ; ৰাজহাঁহ এযোৰ নে

Read more

মন্ত্ৰৰ ওলোটা প্ৰভাৱ — সোমকান্ত শইকীয়া

এয়া প্ৰায় ৪৬ বছৰৰ আগৰ কথা। মই তেতিয়া নামৰূপত চাকৰি কৰি আছিলোঁ। এবাৰ মোৰ আৱাস গৃহতে মই আৰু মোৰ তেজপুৰৰ সহকৰ্মী বন্ধুৱে দেওবৰীয়া দুপৰীয়া এটাত ভাত পানী খাই বৈ কথা পাতি আছিলোঁ। তেনেকুৱাতে পদুলি মূৰৰ পৰাই –“জয় ভোলে নাথ, জয় ভোলে নাথ ” বুলি চিঞৰি গেৰুৱা বসন পৰিহিত সন্ন্যাসী সদৃশ মানুহ এজন সোমাই আহিল। আমাক বাৰাণ্ডাতে দেখাৰ কাৰণে বাৰাণ্ডালৈকে সোমাই আহিল। মই সাধু বাবাক কিবা এটা দি বিদায় দিওঁ বুলি ভাবি ভিতৰলৈ উঠি গ’লোঁ। ইফালে সোমাই আহিয়েই বাবাই মোৰ বন্ধুৰ

Read more

লাষ্ট ৱাৰ্নিং – কাজল প্ৰিয়া

তেতিয়া মই খুব সম্ভৱ তৃতীয় শ্ৰেণীত হবলা! আছিলো আকৌ বাঘৰ আগতেল খোৱা এজনী। গছে বনে বগাই ফুৰা এজনী বনৰীয়া বান্দৰী। স্কুল ছুটিৰ পিছত আনৰ বাৰীৰ গছে লতাই বগাই বগাই ঘৰ পাওঁহি মানে কেতিয়াবা দুপৰীয়াৰ পৰা আবেলি হয়, মায়ে বাটলৈ চাই চাই চকু বিষায়। এবাৰ লেটেকু গছত বগাওঁতে টুপুককৈ খহি পৰিলোহি বিহলঙনীৰ মাজত বৰ বিশেষ দুখ নাপালো যদিও ঘৰত গম পাই ভালকৈ এজাউৰী দিলে “লাষ্ট ৱাৰ্নিং”ও পালোঁ। সেইদিনাৰ পৰা জপিয়াই ফুৰা মুক্ত বিহংগৰ ঠেঙত এৰাল লাগিল। মোৰ বুকুত সাগৰ সদৃশ জোৱাৰ-ভাটা

Read more

বিড়িয়েই প্ৰেমৰ ধ্বংসৰ মূল – চবিনা ইয়াচমিন

দেউতা আছিল প্ৰতিৰক্ষা বাহিনীৰ কৰ্মকৰ্তা৷ সাংঘাতিক অনুশাসন আৰু পৰিপাটিকৈ আমি থাকিব লগা হৈছিল৷ কোনো কথাৰ অনুমতি বিচাৰিবলৈ আমি পোনে-পোনেই দেউতাৰ কাষ চাপি কোনো দিনেই নাপালোঁ৷ মায়েহে পাৰ্‌মিচন লয় আমাৰ হৈ৷ ঠিক একেই স্বভাৱৰে আছিল দেউতাৰ সহকৰ্মী গোস্বামী খুৰা৷ খুৰাৰ ছোৱালী নিৰ্মালী আছিল মোৰ সমনীয়া৷ দেউতাহঁতৰ প্ৰশিক্ষণ শিবিৰত প্ৰতি বছৰেই আকৌ উৎসৱ উদযাপনৰ দিশটোত বিশেষ গুৰুত্ব দিয়া হয়৷ তাৰ ভিতৰত দুৰ্গোৎসৱ মোৰ অতি প্ৰিয়৷ কাৰণ বছৰটোৰ এটা সময়তে নিৰ্মালীক মই আটাইতকৈ বেছি সময় লগ পাওঁ৷ সেই সময়কণেই আছিল দুৰ্গোৎসৱৰ সময়ছোৱা৷ এই

Read more

বিভিন্নজনৰ একলম – মনজিত বৰা

অতীজৰে পৰা আমাৰ বদনাম আছে যে হাস্যব্যংগত আমি অসমীয়ামখা তেনেই পিছ পৰা। হঁহাত সদায় কৃপণালি কৰোঁ। অৱশ্য ফেচবুক অহাৰ পৰা শেহতীয়াকৈ এই ধাৰাত বহুখিনি উন্নতি কৰিছো। নতুন নতুন হাস্য ৰসৰ সৃষ্টি হ’ব ধৰিছে ৰাইজেও প্ৰাণখুলি হঁহাৰ অভ্যাস গঢ়ি তুলিছে। হাস্যৰসৰ এই উত্তৰণৰ বাটত “ফটা ঢোল” ই মেগাজিনখন অন্য এক মাইলৰ খুঁটি। সহজলভ্য স্থূল হাস্যৰসৰ পৰা ফালৰি কাটি আহি, বহু ন-পুৰণি তথা প্ৰতিষ্ঠিত লিখক লেখিকাৰ উন্নত সৃষ্টিৰ সমাহাৰেৰে অসমীয়া হাস্য-বংগৰ সাংস্কৃতিক আন্দোলনৰ জাকত জিলিকা সদস্য হোৱা যেন অনুভৱ কৰিছোঁ। অত্যন্ত প্ৰতিভাৱান

Read more

উপলক্ষ্য – অসমী গগৈ

দিনজোৰা ব্যস্ততাৰ অন্তত ঘৰখন নিতাল মাৰেগৈ মানে নিশা দুপৰ হলগৈ। মানুহটোৱে ক’ম ক’ম বুলি ভাবি থকা কথাটো ক’বলৈ সুযোগেই নাপালে। মানুহটো চহকী মানুহঘৰৰ বনকৰা মানুহ। কেতিয়াৰ পৰা সি মানুহঘৰত কাম কৰি আছে তাৰ নিজৰে মনত নাই। তাৰ পিতাকো আছিল এইখন ঘৰৰে বনকৰা মানুহ। সৰুৰে পৰা পিতাকৰ সৈতে অহা যোৱা তাৰ এইখন ঘৰলৈ। প্ৰকাণ্ড চৌহদটোৰে প্ৰকাণ্ড ঘৰখনক লৈ তাৰ কৌতূহলৰ অন্ত নাছিল।  তাৰ কি সৰু চহৰখনৰ প্ৰায়বোৰ মানুহৰ বাবেই ঘৰখন এক কৌতূহল। ওখ পকীবেৰেৰে ঘেৰা বাটৰ পৰা একোকে নেদেখা ঘৰখনৰ প্ৰতি

Read more

বিভিন্নজনৰ একলম – অসমী গগৈ

১৮৪৬ চনত অৰুণোদই কাকতে আৰম্ভ কৰা অসমীয়া আলোচনীৰ জয় যাত্ৰাত এক নতুন সংযোজন ই- আলোচনীসমূহ। বিশেষকৈ হাস্য ব্যংগ গোট “ফটা ঢোল”ৰ ই-আলোচনীখনে অসমৰ প্ৰথমখন হাস্য ব্যংগ ই আলোচনী হোৱাৰ মৰ্যদা কঢ়িয়াই থাকিব চিৰদিন, বিশেষকৈ ইয়াৰ উচ্চ মানৰ বাবে। কাৰণ, আৱেগৰ ঢৌত উটি-ভাঁহি ইয়াৰ জন্ম হোৱা নাই। অসমীয়া ভাষা সাহিত্যৰ প্ৰতি থকা দায়বদ্ধতাৰেহে ইয়াৰ জন্ম। কেৱল সাময়িক মনোৰঞ্জনৰ বাবে নহয়, সৃজনীমূলক বা মৌলিক লিখনিৰে সমৃদ্ধ ই-আলোচনীখনে অসমীয়া সাহিত্যৰ ৰথৰ জয়যাত্ৰা ৰসৰাজৰ দৰেই অক্ষুণ্ণ ৰাখিবলৈ আজি এবছৰে অবিৰতভাবে দায়িত্ব কান্ধ পাতি লৈছে।

Read more
1 50 51 52 53 54 115