ফটাঢোল

ডাবল্ ধামাকা – সঞ্জীৱ মজুমদাৰ

দেওবৰীয়া পুৱা, হেপাঁহ পলুৱাই আৰু অকণ শোৱাৰ আমেজ লওঁ বুলি ভাবি থাকোঁতেই বন্ধু নৱনীলে আহি মোৰ কোঠাৰ দুৱাৰত টুকুৰিয়ালেহি। “মাছৰ চিকুণ মোৱা, টোপনিৰ চিকুণ পুৱা” আপ্ত বাক্যষাৰক সি যেন চ্যালেঞ্জহে দিবলৈ আহিল। “ইমান দেৰিলৈকে শুই আছ?”, বুলি কৈ বিচনাৰ কাষৰ চকীখনত বহি আগদিনাৰ বাতৰি কাকতখনকে মেলি ল’লে। “তইনো ইমান ৰাতিপুৱা  কি বুলি ওলালিহি আজি?” আঠুৱাৰ সন্মুখৰ মূৰ দুটা খুলি গাৰুটো কোলাত থৈ ৰামদেৱ আসনত বহি লৈ সুধিলোঁ‌। সি কিছুসময় মনে মনে থাকিল। তাৰ মুখলৈ চাই গম পালোঁ, নিশ্চয় নতুন কোনো

Read more

বিভিন্নজনৰ একলম – ভাস্কৰজ্যোতি দাস

ফেচবুকৰ অন্যতম হাস্য-ব্যংগ গোট ফটা ঢোলৰ পৰা জন্ম লাভ কৰা অসমৰ প্ৰথমখন ব্যংগধৰ্মী ই-আলোচনী “ফটা ঢোল”য়ে ছটা ঋতুত বাৰটা সংখ্যা প্ৰকাশেৰে সফলভাৱে এটা বৰ্ষ অতিক্ৰম কৰি আন এটা বছৰৰ দিশে বাট বুলিছে৷ এটা বছৰৰ এই পৰিক্ৰমাত ‘ফটা ঢোল’ ই-আলোচনীয়ে জন্ম দিলে বহুকেইজন লেখকক৷ পূৰ্বে বিশেষ লেখা-মেলাত জড়িত নথকা লোকৰ সৃষ্টিৰ জগতখনত এই আলোচনীখন হ’ল এখন কমাৰশাল, য’ত প্ৰতিমাহে দেখা যায় নতুন এচাম সাহিত্য শিকাৰুক৷ এই যাত্ৰা অবিৰত থাকক৷ আহিবলগীয়া সময়খিনিত ন-পুৰণি লেখকৰ সমাহাৰেৰে চৰ্চাৰ আকাশৰ ভোটাতৰা হওক ‘ফটা ঢোল’৷ ☆★☆★☆

Read more

বিভিন্নজনৰ একলম – ভাস্কৰজ্যোতি বৰুৱা

কিছুমান আৰম্ভণিৰ পূৰ্ব প্ৰস্তুতি নাথাকে। ভেটি নিৰ্মাণ হয় অজানিতে। এদিন কাৰোবাৰ চকুত পৰে সেই সুযোগৰ, সিদ্ধান্ত লোৱা যায় আৰু আৰম্ভ হয় এক নতুন যাত্ৰাৰ। ‘ফটা ঢোলৰ’ মাহেকীয়া আলোচনীখনৰ জন্মৰ কথা ভাবিলে এতিয়া মোৰ সেই বিশ্বাসেই গাঢ় হয়। মাত্ৰ কেইজনমান মানুহে আৰম্ভ কৰা ধেমেলীয়া গোটটোৰ সদস্যৰ সংখ্যা বঢ়া আৰু ধেমালিৰ লগতে সাহিত্যৰ হাস্য-ব্যংগ দিশটো চৰ্চা কৰাৰ সদস্যসকলৰ আন্তৰিক প্ৰচেষ্টাই ভেটি এই আলোচনীখনৰ। লগতে অসমৰ প্ৰতিষ্ঠিত লেখকসকলৰ লেখা আনিবলৈ সক্ষম হোৱাটো আলোচনীখনৰ লগত জড়িত সম্পাদনামণ্ডলীৰ অন্যতম কৃতিত্ব বুলিব পাৰি। যিসকল লোকৰ আন্তৰিক

Read more

বিভিন্নজনৰ একলম – নৱজিত বৈশ্য

ধেমালী কৰিবলৈ লগ লগা আভাসী জগতৰ এমুঠি মানুহে যদি অসমীয়া ব্যঙ্গ সাহিত্যৰ প্ৰতি সামান্যতমো অৰিহনা আগবঢ়াব পাৰে, তেন্তে আকণ্ঠ ৰাজনীতিৰ  বোকাত বুৰ গৈ, যশস্যা আৰু আত্ম-প্ৰতিষ্ঠাৰ নিগনি দৌৰত অংশ গ্ৰহণ কৰা তথাকথিত সাহিত্যিকসকলৰ সংগঠনবোৰ নিজেই অপ্ৰাসঙ্গিক হৈ পৰিব৷ ব্যঙ্গ সৃষ্টিৰ আঁৰত যি প্ৰতিভা আৰু সমাজবোধ থাকে সেয়া অতি উচ্চ স্তৰৰ৷ সামাজিক কেৰোণসমূহক ধেমালীৰ চলেৰে জনগণৰ বোধগম্য কৰি তুলি সেইবোৰৰ সমাধানৰ প্ৰসঙ্গত নতুন দিশ উন্মোচনৰ এক ফলপ্ৰসূ প্ৰয়াস হ’ল ব্যঙ্গ সাহিত্য৷ ব্যঙ্গৰ মহত্ব এইখিনিতে যে হাঁহি থাকোতে কেতিয়ানো এক সুতীব্ৰ সমাজবোধে

Read more

মাজুলী যাত্ৰা – অনুৰূপ মহন্ত

১৯৮৪ চনৰ কাহিনী। মোৰ আচল ঘৰ দেৰগাঁৱত যদিও কৰ্মসূত্ৰে মই তেতিয়া নগাঁৱত থাকোঁ। নতুনকৈ বিয়া কৰাই পত্নী ৰেখা আৰু মই চৰকাৰী বাসগৃহত থাকোঁ। সেই সময়ত টেলিফোনৰ সু-ব্যৱস্থা নাছিল। চিঠি পত্ৰৰেই খবৰ বাতৰিৰ আদান প্ৰদান হৈছিল। সেইদিনা মই আনদিনাৰ দৰেই চাকৰিৰ পৰা ঘূৰি আহি ঘৰ সোমাই দেখোঁ, ৰেখা কান্দিকাতি বিয়াকুল। কি হ’ল সুধি বুজিলোঁ মাজুলীৰ আহঁতগুড়িলৈ বিয়া দিয়া মোৰ বাই শাহুৰ স্বামী অৰ্থাৎ মোৰ শালপতিৰ অকাল বিয়োগ ঘটা বুলি চিঠি আহিছে। চিঠিৰ তাৰিখ চাই বুজিলোঁ ইতিমধ্যে তিলনী পাৰ হৈ গৈছে কালি।

Read more

বৰফৰ ঠাৰি – বিজয় শংকৰ বৰ্মন

আমি পাঠশালা স্কুলত পঢ়া দিনৰ কথা। তেতিয়া স্কুললৈ যোৱাৰ পৰত মাহঁতে আমাৰ হাতত লেজাৰত কিবাকিবি খাবলৈ বুলি পইছা দি পঠিয়াইছিল। প্ৰায়েই পাঁচ পইছা, কাচিৎহে দহ পইছা দিছিল। পাঁচ পইছাত তেতিয়া আমি পাঁচটা খেজুৰ পাইছিলোঁ। কেতিয়াবা এখন জোন বিস্কুট কিনি খাইছিলোঁ। ছাত্তাৰ বুলি এজন বেপাৰী আছিল। তেওঁ এতিয়াও আছে। আমাৰ স্কুলত পঢ়া দিনকেইটাৰ স্মৃতি ছাত্তাৰ অবিহনে সম্পূৰ্ণ নহয়। ছাত্তাৰ আছিল ওখই প্ৰায় তিনি ফুট। লাঠি এডালত ভৰ দি বেঁকাকৈ জঁপিয়াই জঁপিয়াই খোজ কাঢ়ে। কান্ধত জোলোঙা। জোলোঙাত বগৰীৰ বতৰত বগৰী, জলফাইৰ দিনত

Read more

ফটাপ্ৰেম – পৰীস্মিতা দাস

চতুৰ্থ শ্ৰেণীত পঢ়ি থকা সময়ৰ কথা৷ তেতিয়া আমাৰ চৰকাৰী বিদ্যালয়খনত ল’ৰা-ছোৱালীৰ মাজত কোনো ভেদভাৱ নাছিল৷ ৰোল নম্বৰ অনুযায়ী ল’ৰা-ছোৱালী সকলোৱে একেলগে বহে৷ সেয়েহে ল’ৰা-ছোৱালীৰ মাজত মিলাপ্ৰীতিও বহুত৷  কিন্তু এটা ক্ষেত্ৰত ল’ৰাবোৰ বৰ বদমাচ৷ সিহতে ওচৰৰ অমৃত খুৰাহঁ‌তৰ খেজুৰজোপাৰ পৰা বেগ ভৰ্তি কৰি কৰি খেজুৰ আনে, কৰুণাহঁ‌তৰ বেতবাৰীৰ পৰা বেতগুটি আনে, বিদ্যালয়ৰ চৌহদৰ ভিতৰৰ কদম গছজোপাৰ পৰা কদম ফুল পাৰি পাৰি আনি আমাক দেখুৱায়, কিন্তু আমি বিচাৰিলেই জিভা উলিয়াই সিয়াঁৰি দিয়ে৷ কিন্তু বদমাচ ল’ৰাবোৰৰ মাজত এজন ল’ৰা কিছু ব্যতিক্ৰম৷ সি পাৰি

Read more

বিভিন্নজনৰ একলম – মৌচুমী দাস

অসমীয়া হাস্যব্যংগ ই-আলোচনী “ফটা ঢোল”ৰ বৰ্ষপূৰ্তি উপলক্ষে আলোচনীখনৰ লগত পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে জড়িত সকলো কৰ্মকৰ্তালৈ মোৰ ফালৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ৷ এই চেগতে লেখক, পাঠক আৰু প্ৰতিটো সংখ্যাৰ সম্পাদকৰ সহযোগিতাৰ ফলশ্ৰুতিত যেন আগন্তুক দিনত আলোচনীখনৰ গুণগত মানদণ্ড উন্নীত হৈ গৈ থাকে তাৰেই কামনা কৰিলোঁ৷ দৈনন্দিন জীৱনৰ খামখেয়ালি, সামাজিক আৰু ঘৰুৱা দায়িত্বৰ মাজতো যিসকলে ব্যংগৰ চৰ্চা বৰ্তমানেও কৰি আছে তেওঁলোকলৈ শতকোটি প্ৰণাম৷ হাঁহিৰে জগত জিনাৰ এই ‘কলা’ প্ৰতিজন মানুহৰ অন্তৰত ঠাই পাওক লগতে ব্যংগৰ চৰ্চা অব্যাহত থাকক সেই আশাৰে আলোচনীখনৰ দীৰ্ঘায়ু

Read more

সোণাৰুফুলৰ দৰে – মাধুৰীমা ঘৰফলীয়া

সোণাৰু ফুলবোৰ… বতাহত হালিজালি নাচি থকা সোণাৰু ফুলবোৰ… দেউতাৰ বৰঘৰৰ চালিখন বীৰৰ দৰে দাঙি ধৰি ৰখা খুঁটাটোত এসময়ত ফুলা সোণাৰু ফুলবোৰ…. সোণাৰুৰ বাবেই চিনাকী হৈছিলোঁ হালধীয়াৰ সৈতে! হালধীয়া বাবে জনা নাছিলোঁ সোণাৰুক! আপোনবোৰো কোনোবাখিনিত সোণাৰু ফুলৰ দৰে! ভালপোৱা বাবেই আপোন নহয় ,আপোন বাবেই ভালপোৱাৰ সৃষ্টি! তথাপি হেৰাই যায় বহু কথা সময়ৰ সতে। থাকি যায় মাথো স্মৃতিবোৰ লঠঙা সোণাৰুৰ খুঁটাবোৰৰ দৰে। আবেগবোৰ ধৰি ৰাখি জীৱনৰ বাবে। শব্দবোৰ এনেকৈ খেলিমেলি হৈ তাইৰ মনৰ মাজত কেৱল আজিয়েই নহয় প্ৰায়ে খুন্দিয়াই ফুৰে। সুউচ্চ অট্টালিকাটোৰ

Read more

ইস্তাহাৰ – সোণটো ৰঞ্জন বৰুৱা

“দাদা,  প্ৰতিটো দলেই হাই-ফাই নিৰ্বাচনী ইস্তাহাৰ ৰাইজৰ আগত দাঙি ধৰিছে,  এতিয়া আপুনি কি কি প্ৰতিশ্ৰুতি দিব ৰাইজক?”  মই  মাফিয়া দলৰ সভাপতিজনক পোনপতীয়াকৈ সুধি দিলোঁ। তেৱোঁ তৎক্ষণাত মুৰব্বী সুলভ কন্ঠৰে উত্তৰ দিলে,- “চোৱা, আনৰ দৰে মিছা কথাৰে আকাশত চাং-পতাৰ নিচিনাকৈ প্ৰতিশ্ৰুতিৰ ঘোষণা কৰাৰ আমাৰ দৰকাৰ নাই। আমি ভোটাৰক যি ক’ব লাগে একেবাৰে চিধাকৈ কৈ কম।” সভাপতিয়ে নিৰ্বাচনী ইস্তাহাৰ তৈয়াৰ কৰিবলৈ ততাতৈয়াকৈ মাতি পঠিয়াইছিল। আচলতে কামটো পলমেই হৈছিল,  আনবোৰ দলে কেতিয়াবাই কৰিলে। তেওঁ ক’লে,  ক’ত ক’ত তেওঁৰ কিমান মানুহে দলৰ টিকট লৈ

Read more
1 51 52 53 54 55 115