ফটাঢোল

আকৌ কুৰুক্ষেত্ৰৰ আখৰা –

খণ্ড (৭) সন্ধ্যাৰ লগে লগে স্কুলৰ মুকলি  অডিটেৰিয়ামত ইতিমধ্যে দুই এজনকৈ আহি পাৰি থোৱা তিৰ্পালত বহিছিল হে৷ কাওবয় কেপ , বাৰ্মুডা পেন্ট আৰু কলা টিচাৰ্ট পৰিহিত ডাইৰেক্টৰ ভাস্কৰ দাস মানে ভাস্কো মহাজন আহি গপাগপ কাঠৰ চকীখনত বহি দিলেহি ৷ সকলোৰে লক্ষ্য ভাস্কৰৰ হাতত থকা কাগজখনলৈ৷ মনত উচ্‌পিচ্‌ ডাইৰেক্টৰ মহাজনে কাক বা কি ৰ’ল দিয়ে৷ সকলোৱে ভাস্কৰ বহি থকা চকীৰ চাৰিওফালে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টচিট চাবলৈ অহা ছাত্ৰ ছাত্ৰীৰ দৰে জুম বান্ধি ধৰিলেহি৷ ভাস্কৰে বোলে এতিয়ালৈ কাকো ৰ’ল দিয়া নাই৷ মই দুদিনমান

Read more

মোৰ গান হওক – খনিন্দ্র ভূষণ মহন্ত

সেই মইনা পাৰিজাতৰ দিনৰ পৰাই গান গোৱাৰ অভ্যাস এটা গঢ় লৈ উঠিছিল। শনিবাৰে আবেলি গান এটা শিকায়, আমি দেওবাৰে সেইটো গাব লাগে। যিখিনি ল’ৰা-ছোৱালীৰ গান শুনি ছাৰজনৰ লগতে তাত উপস্থিত থকাকেইজনৰ কর্ণ-কুহৰত অসহনীয় কম্পনৰ সৃষ্টি কৰে তেওঁলোকক পোনছাতেই থিয় হৈ থকা শাৰীৰ পৰা বহিস্কাৰ কৰা হয়। বাকীখিনিক তবলা আৰু হার্মনিয়ামৰ হৈতে গানটোৰ আখৰা কৰায়। “ইহঁতৰ ভিতৰত কাৰোবাৰ যদি সেই দিনা কিবা অসুবিধা হয়, তেতিয়া তহঁতৰ মাজৰ পৰা কোনোবা এটাই স্থানটো পাবি।”-মনটো ভাল লগাবলৈ কোনোবা এজনে তেনেকৈয়ে কয়। অমুকা সদায় সেই

Read more

টলষ্টয়ৰ প্ৰেৰণাদায়ক গল্প এটাৰ অনুবাদ – বিকু বৰা

এজন মানুহৰ দুজন পুত্ৰ — ৰাম আৰু শ্যাম । যদিও দুয়োজন সহোদৰ আছিল সিহঁতৰ স্বভাৱ-চৰিত্র এজন আনজনৰ সম্পূৰ্ণ বিপৰীত আছিল । ৰাম আছিল অতি কৰাইচ অন্যহাতে শ্যাম আছিল অতি হাতখোলা বিধৰ । তেওঁলোকৰ পত্নী সকলেও দুয়োজনৰ এই স্বভাৱৰ বাবে চিন্তিত আছিল । ঘৰৰ মানুহেও তেওঁলোকক বহুত বুজালে কিন্তু ৰাম বা শ্যাম কোনোৱে নিজৰ মত পৰিৱৰ্তন নকৰিলে । এবাৰ তেওঁলোকৰ গাঁৱলৈ এজন সাধু পুৰুষৰ আগমন ঘটিছিল । বৃদ্ধ দেউতাকে ভাবিলে এই সমস্যাৰ সমাধান তেওঁকে সোধা হওক আৰু পিছদিনা তেওঁ সাধুজনৰ ওচৰলৈ

Read more

ফটাঢোল এডভেন্সাৰ (অষ্টম খণ্ড) – হেমন্ত কাকতি/বিজয় মহন্ত

মুৰ্গা ফচা যেন দেখি বিজয়ক চকু টিপ দি ওচৰৰ ৰেষ্টুৰেন্ট এখনলৈ মাতি লৈ গ’লো৷ প্ৰায় আধা ঘন্টা আলোচনাৰ মুৰত সি কলে, “মই ভাৰতৰ গুজৰাটি মানুহ, মোৰ নাম দাবাং পেটেল৷ আপোনালোকে বিশ্বাস কৰিব পাৰে৷ এইটো ‘বস্তু’ৰ খালী প্ৰমান কৰি দিয়ক, বাকী মোৰ ওপৰত এৰক৷ কীমত কী চিন্তা মত কৰো ভাই, য়ে লো হমাৰা কাৰ্ড!” “আপকা সামনে প্ৰুফ কৰ দেতা হু” বুলি কৈ বিজয়ৰ পৰা হাতৰ টিপতে তাবিজ টো লৈ ডিঙিত পিন্ধি ললোঁ৷ “মেৰে সাথ আও!” পেটেল আৰু বিজয় পিচে পিচে মোৰ

Read more

ফটা পদ্য – হেমেন ডেকা

সঁচাক মিছা- মিছাক সঁচা কৰাটো সেৱকৰ নীতি সতিনীৰ যাত্ৰা ভংগ কৰে আপোনাৰ নাক কাটি৷ সমাজসেৱক দেখিছো কত দন্দুৰা-ডাংকাটী সশব্দে মেদিনী কঁপাই বচন মাতে দিন-ৰাতি৷ সৱতে চাগে ত্ৰিপাপ যোগ- সেয়েহে টেকেলি কাতি সাপৰ দৰে মোট্ সলাই কোনে আছে খুঁটি৷ সন্তৰো ডুবে নাওঁ- কাৰণ পকনীয়াযুক্ত সুঁতি সহস্ৰ কুম্ভীৰেও খাওঁ খাওঁকৈ ৰুদ্ধ কৰে গতি৷ সময় এনেকৈয়ে উৰে- হেঁপাহবোৰো যায় টুটি সাতে-সতৰে এতিয়া উদ্গতিৰ জ্বলে লালবাতি৷ ☆★☆★☆

Read more

ওফাই-দাং মৰা জোঁৱাই – ৰিমঝিম বৰঠাকুৰ

ওফাইদাং মৰা জোঁৱায়েক এইবাৰ দুদিনমান থকাকে শহুৰেকৰ ঘৰলৈ গৈছে । বিয়াৰ সাতবছৰমান হৈ গ’ল এইবাৰেই চাগে প্ৰথমবাৰৰ বাবে দীঘলীয়াকৈ শহুৰেকৰ ঘৰত থাকিব। ইমান বছৰৰ মূৰত জোৱায়েক দুদিনমান থকাকৈ আহিছে শাহু-শহুৰৰ ফূৰ্তিটে গাত তত নোহোৱা হৈ আছে। শহুৰেকেটো বহুত প্লান কৰি থৈছে জোৱায়েক আহিলে কি খুৱাব, কি দেখুৱাব, ক’লৈ ফুৰাবলৈ নিব ইত্যাদি। প্ৰথমতে ঘৰৰ ফল-মূলৰ বাগিছাখনকে দেখুওৱা যাঁওক বুলি লৈ গ’ল জোৱায়েকক। প্ৰথমতে ৰবাব টেঙাৰ গছৰ পৰাই আৰম্ভ কৰিছে। শহুৰ: বুইছা এইকেইজোপা ৰবাব টেঙাৰ গছ কেনেকৈ হ’ল গমেই নাপালো মাত্ৰ গুটিকেইটা

Read more

হৰি নামৰ ৰস – প্ৰদীপ বৰা

৩০ মে ২০১৮, নামঘৰত মাধৱদেৱৰ তিথি পালন কৰিবগৈ লাগে। শইকীয়াৰ গা সাতখন আঠখন কৰিব লাগিছে। মানে তেত্ৰিশ কোটি দেৱতাক যিজনে যুদ্ধত জিনি থৈছে, সেইজনৰ কথাকে কৈছো। ৰাইজে নিশ্চয় ধৰিব পাৰিছে৷ তাহানিখন বোটানিৰ পৰীক্ষাৰ দিনাই গোসাঁই ঘৰত সোমাই “মই দুৰাচাৰ, অপৰাধী নাৰায়ণ” গোৱা শইকীয়াই এতিয়া সেইবোৰ বাদ দি নাস্তিক হ’বলৈহে মনতে ভাবি আছে৷ নহ’বনো কিয়! মাধৱদেৱেনো বাৰু অপৰাধী নাৰায়ণ বুলি লিখিব লাগেনে! মই দুৰাচাৰ বুলি লিখাটো বাৰু মানিবই লাগিব। কাৰণ পুহমহীয়া তেওঁ বাহ্যিক কৰ্ম কৰিলে বেজীৰ আগত যোৱা পানী অকণমান শৰীৰত

Read more

সস্তীয়া কম্পিটিছন – ৰাজদ্বীপ বৰা

বিদ্যালয় ছুটীৰ পিছত ৰাহুলৰ ৰিজাল্টৰ খবৰটো লৈ যাওঁ বুলি শইকীয়া ছাৰ ৰাহুলহঁতৰ ঘৰত সোমাল ৷ ৰাহুল তেখেতৰে ছাত্ৰ আছিল ৷ দুবছৰ আগতে তেখেতৰ বিদ্যালয়ৰ পৰাই সি ষ্টাৰ মাৰ্কসহ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৷ তেখেতে পঢ়োৱা ইংৰাজী বিষয়ত সি ৯৭% নম্বৰ পাই স্কুলৰ নাম উজ্জ্বল কৰিছিল , তেখেতকো গৌৰৱান্বিত কৰিছিল ৷ সেইদিনাও তেখেত আহিছিল মেধাবী ছাত্ৰজনৰ ঘৰলৈ ৷ কলিং বেলৰ শব্দ শুনি ৰাহুলৰ মাকে দুৱাৰখন খুলি শইকীয়া ছাৰক দেখা পালে , আথেবেথে ছাৰক ভিতৰলৈ মাতি নি বহিবলৈ দিলে ! ৰাহুলৰ

Read more

অৱশেষত দিপুৱে এজনী পালে – মানস শইকীয়া

মণিৰ দোকানত পাণখন লৈ মুখত ভৰাব ধৰোতেই মিণ্টুৱে ক’লে- “সকলোৱে পাব দাদা৷ আপোনাক লাগে যদি কওক, মই সব ঠিক কৰি দিম৷” পাণখন মুখৰ ভিতৰৰ নিৰ্দিষ্ট ঠাইকণত থিতাপি লগাই মই বোলোঁ-“মোক নেলাগে হেই৷ পাৰ যদি দিপুকে কিবা এটা কৰি দে, আমিতো একো কৰিব পৰাই নাই৷” সি তপৰাই ক’লে,“ঠিক আছে দাদা, কাইলৈ ৰাতিপুৱা তাক পঠাই দিব৷” দিপুৰ সৰু দোকানখনত সোমাই খবৰটো দিয়াৰ পিছদিনাই দিপুৱে মিণ্টুক লগ ধৰিলে৷ মিণ্টুয়ে ক’লে যে সি ওপৰত সকলো ঠিকঠাক কৰি দিব৷ প্ৰথমৰ কামখিনি পূৰ্ণিমা ডেকাই কৰিব৷ দিপুৱে

Read more
1 59 60 61 62 63 115