ফটাঢোল

আকৌ কুৰুক্ষেত্ৰৰ আখৰা – দেৱজিত শইকীয়া / মানস শইকীয়া

বাপ্পা ঐ যেন তেন তিৰিমখাক কিবা কিবিকৈ সৈমান কৰি আহিছো দিয়া৷ গোটেইসোপাই বগৰাই লৈ মোক বখলিয়াব লৈছিল৷ পিচে মইও হেমন্ত কাকতি কম বস্তু নহয়৷ এনাই পাঠ পঢ়ালো একে আষাৰে সৱ সৈমান হৈ গ’ল৷ পিচে বুজিছা মাষ্টৰ সোপাকে নাটকত ৰ’ল লাগে৷ ৰ’ল নাপালে কিন্তু মই দিনতে ৰাষ্টাত ওলাব নোৱাৰিম৷ এই বিজয়ে টেটুত এইখন কি লগালে নাজানো কিবা এটা কৰা হে বাপ্পাহাৰে৷ মানস শইকীয়াই বোলে আমাৰ গাঁৱত যিমান মহিলা আছে ব্যাসদেৱৰ মহাভাৰততো দেখোন সিমান মহিলা ৰ’ল নাই৷ কাকতিঃ- ৰামায়ণৰ পৰা দুটামান ৰ’ল

Read more

মডেলৰ অৰ্ডাৰ – লক্ষ্য শইকীয়া

প্ৰায়েই ৰাতি এখুন্দা লাগোৱেই তেখেতৰ লগত! নালাগিলে ৰাতিৰ ভাত সাঁজো হজম নহয়, ৰাতি ভয়ানক ভয়ানক সপোন দেখো (তেখেতে মোৰ মূৰ পিটিকি আছে, গা মালিছ কৰি আছে, যিটো কেতিয়াও নহয়! এইবোৰ ভয়ানক সপোন নহয়নো কি?) আজিও সময়মতেই কল আহিল তেখেতৰ৷ মুদটো অলপ ভাল আজি (শনিবৰীয়া ৰাতি ফুল এজোপা শিপালৈকে চোবাই আছোতো! লগতে ডাৱৰ সৃষ্টি কৰি লৈছো ধূপ জ্বলাই, এৰোপ্লেন চলাম তলৰ পৰা বিছনাত উঠিবলৈ!) বিয়াৰ কথা কিবা কিবি কৈ আছিল, মোৰ মূৰতহে একো সোমোৱা নাছিল! কিবা ড্ৰেছৰ কথাও কৈ আছিল৷ যিকেইটা

Read more

বিদেশী কুকুৰ বনাম আলধৰা ল’ৰা – অসীমা শইকীয়া দত্ত

যি ছিৰিয়েল অথবা চিনেমাই নাচাওক লাগিলে, সেই মন-মগজুত সোমোৱা চৰিত্ৰটোৰ নামেৰেহে অভিনেতা অভিনেত্ৰীৰ নাম কয় আমাৰ পিতৃ মাতৃয়ে৷ বৰষাৰাণী বিষয়াই দহটা জনম লওক, তেখেতসকলৰ বাবে “উজনিৰ দুজনী গাভৰু”ৰ অাজলীজনীৰেই পৰিচিত৷ যতীন বৰাৰ “চুৰেন চোৰৰ পুতেক”ৰ পৰা পদোন্নতি নহ’ল৷ হলত অসমীয়া চিনেমাৰ মন্দাৱস্থা, টিভিত কিন্তু আমাৰ মা-দেউতাৰ দৰে দৰ্শকৰ বাবে অসমীয়া চিনেমা চাওঁতে সদায় বাল্টি লাগে৷ একেখনকে দহবাৰ চায়৷ হ’লেও সদায় নতুনকৈ চোৱাদি চায়৷ দহবাৰ গালি খায় ৰামধেনুখনত তপন দাসে৷ প্ৰস্তুতি পৰাশৰৰ দুখত মায়ে পাৰিলে তুলি ল’লেহি হয় তাইক মৰমতে৷ ছিৰিয়েল

Read more

ব্যৰ্থ ছাত্ৰৰ ভৱিষ্যৎ – ঋতুপর্ণা মহন্ত

ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। এই লেখাটো প্ৰকাশ হোৱা পৰ্যন্ত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলো ঘোষিত হ’ব। প্ৰাপ্ত তথ্য মতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৬.০৪% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। বিগত বছৰৰ তুলনাত উত্তীৰ্ণৰ হাৰ ৮.১০% বৃদ্ধি পাইছে। নিঃসন্দেহে ই এটা ভাল খবৰ। পৰীক্ষাৰ এনে ফলাফলে মনত আশাৰ সঞ্চাৰ কৰে। উন্নতিৰ আশা, সমৃদ্ধিৰ আশা, মানৱ সম্পদ বিকশিত হোৱাৰ আশা। উল্লেখযোগ্য যে এসময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে ৰাজ্যজুৰি হতাশাৰ সৃষ্টি কৰিছিল। তথ্য অনুসৰি ১৯৮৫ চনত ৰাজ্যখনত ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণৰ

Read more

বুজনি – অঞ্জন সাধনীদাৰ

বিভিন্ন সমস্যাই গা-কৰি উঠা দেশখনত প্ৰজাগণৰ আপত্তিৰাজি শুনি ৰাইজৰ হৈ মন্ত্ৰীয়ে ৰজাক বুজাবলৈ যাঁওতেই ৰজাই এটা কাহিনী ক’লে। শুনোঁচোন আহক,- এজন মানুহে এহাল বলধ কিনিবলৈ বজাৰলৈ গ’ল। আৰু বাচি বাচি কম দামত পাই এহাল গৰু কিনি ঘৰলৈ আহি আছিল। আহি থাকোঁতে ৰাস্তাত বিভিন্নজনে প্ৰশ্ন কৰে,- “বোলো দত্ত, গৰুহালত কিমান দিলা?” দত্তই হাঁহি মাৰি উত্তৰ দিয়ে দাম এটা কৈ…. লগে লগে সোধাজনে কয়… “অলপ বেছি দিলা নেকি বাৰু,? এনেকৈ কৈ কৈ আহি যেতিয়া ঘৰ পালেহি গৰুহাল চাবলৈ দত্তৰ ঘৰলৈ গাঁৱৰ ৰাইজৰ

Read more

গাধ কেতিয়াও বিতৰ্কত নপৰে (মূলঃ গুৰমিত বেদী) – অনুবাদঃ ৰিণ্টুমনি দত্ত

প্ৰায়েই মোৰ তথাকথিত মানুহবোৰৰ ওপৰত খঙ উঠে। যেতিয়াই তেওঁলোকৰ কাৰোবাৰ লগত কাজিয়া লাগে বা শৰীৰৰ ওপৰৰ অংশই কাম নকৰা হয়, তেতিয়াই তেওঁলোকে যাকে-তাকে গাধ বুলি অভিহিত কৰে। যেন গাধ “গাধ” নহৈ পৃথিৱীৰ আটাইতকৈ মুৰ্খ প্ৰাণীবিধ হে! আৰে ভাইসকল, গাধৰো এটা নিজস্ব ইমেজ থাকে, এটা বংশ-পৰিক্ৰমা থাকে, “ইম’চনচ” থাকে। হ’ব পাৰে, গাধই কাৰো আগত নাহাঁহে বা নাকান্দে আৰু কাকো হিংসা বা ঈৰ্ষা নকৰে, কিয়নো সিহঁ‌তে নিজৰ “ইম’চন”ৰ ওপৰত কাবু ৰাখিব জানে। সেইবুলিয়েই পৃথিৱীৰ যিকোনো নদাই-ভদাইক গাধৰ লগত তুলনা কৰিব, এইটো কিধৰণৰ

Read more

সাম্প্ৰতিক কাল – প্ৰাঞ্জল শইকীয়া

সাম্প্ৰতিক কাল ভালে চিনে ভাল জাবৰে দেখে খাল ঈশ্বৰৰ লীলা মনিচক কিলা পৃথিৱীৰ এয়াই মায়াজাল। দেখিলে গছ হলা কুঠাৰ মাৰিবলৈ ওলা নিচিনে বন মোবাইলত মন কাম বুলিলে দূৰতে পলা। মন কৰিলেই চন বাকৰি মাটিতে ধন কৰিলে এলাহ বাঢ়িব বিলাস অহংকাৰ হ’লে জানিবা পতন। ☆★☆★☆

Read more

গুণ্ডা ভিক্ষাৰী – গৌৰীশংকৰ শৰ্মা

গুৰু গম্ভীৰ খোজেৰে আহি দোকানখনৰ সন্মুখত ৰৈ, ৰঙাইয়ে ভিতৰলৈ চাই পঠিয়ালে। ডাঙৰ গলধন, ৰঙা চকুৰে প্ৰকাণ্ড অবয়বৰ ৰঙাই এই অঞ্চলৰ বাবে ত্ৰাসৰ অন্য এক নাম। দোকানে দোকানে (কেতিয়াবা মানুহৰ ঘৰতো) গুণ্ডা কৰ (মানে চান্দা) তুলিয়েই নিজৰ জীৱন নিৰ্বাহ কৰি আহিছে। বিনা দোষত কেৱল নিজৰ খেয়াল খুছিৰে ইতিমধ্যেই বহুতকে হানি খুচি জখম কৰা ৰঙাইক সেয়ে সকলোৱে সমীহ কৰি চলে। দোকানৰ মালিক হৰিপ্ৰসাদ আগৰৱালাই বৰ আদৰেৰে গুণ্ডা ৰঙাইক দৈনিক ভাট্টাটো আগবঢ়াই দিলে। ৰেচনৰ বজাৰ কৰিবলৈ অহা মইটোৱে দোকানৰ ভিতৰৰ পৰাই সকলো আলেখ

Read more

বীৰেণ সংবাদ – মানস শইকীয়া

পুতলীয়ে ফাদাৰ ডেভিদহঁতক খেদাৰ পিছদিনা কাঠিগৰকীয়া ৰাম মাধৱ সত্ৰৰ নামঘৰত পুৱা প্ৰসংগৰ পাছত বৰভগীয়া সোমেশ্বৰ ভকতে কথাষাৰ উলিয়ালে বোলে…………. “পৰভু ঈশ্বৰ, বলীধৰৰ পুতেকৰ কাহিনীটো শুনিছেনে? কালি সেই ফিৰিঙ্গি ফেদাৰটোও আহিছিল৷ বলীধৰৰ পুতেক বোলে সিহঁতৰ ভগৱান৷ আমাৰ সত্ৰৰ শিচবোৰকো টানে৷ এতিয়া কি কৰে?” সত্ৰাধিকাৰ পৰমানন্দ দেৱগোশ্বামীয়ে কিছু পৰ মৌন হৈ থাকি মাত লগালে৷ “কালি জাঁজীপৰীয়াৰ ঘৈণীয়েকে গোঁসানীক কৈ থাকোতে কথাবোৰ শুনিছোঁ৷ ইহঁতৰ পৰা নোৱাৰা হৈছোঁ৷ মিৰি-মিছিং খিনিক সিহঁতৰ পকীয়া কৰিলেই৷ এতিয়া আমাৰ সাতমপুৰুষীয়া শিচতো হাত দিছে৷” “পৰভু, এনেকৈ থাকিলে কোনোবা দিনা

Read more

বিকাশ (মূল হিন্দী: গোপাল চতুৰ্বেদী) – ভাবানুবাদ: হিমাংশু ভাগৱতী

আমাৰ ঘৰৰ সমুখৰ ৰাষ্টাটো চাৰিদিন ধৰি খান্দি ভাঙি আছে৷ বহুকেইটা বিজুলীৰ খুঁটা ধৰাশায়ী হৈ পৰি আছে৷ নলাবোৰৰ চাফাই অভিযান চলি আছে মানে নলাৰ ভিতৰৰ বোকা বাহিৰত আৰু বাহিৰৰ জাবৰ ভিতৰত৷ ঠিকাদাৰৰ কৰ্মচাৰীসকল ভয়ানক ব্যস্ত৷ ক’লা চশমা চকুত আঁৰি চুট-বুট পৰিহিত এজন চৰকাৰী বিষয়াই গছৰ ছাঁত থকা চকীত বহি এইবোৰৰ প্ৰতি পল নিৰীক্ষণ কৰি আছে৷ গোটেই চুবুৰীটোৰ বিজুলী-পানী বন্ধ৷ ঘৰৰ পৰা আমাৰ এওঁ এই সংকটৰ কাৰণ আৰু পৰিত্ৰাণৰ উপায় বিচাৰি মোক বাহিৰলৈ ঠেলি পঠিয়াইছে৷ চাৰিদিন এনেকৈ জীয়াতু ভোগাৰ পিচত স্থানীয়ভাবে একো

Read more
1 70 71 72 73 74 115