বিহু বুলি – প্ৰাঞ্জল শইকীয়া
বিহু পাতে অসমীয়াই হাতত নাই টকা, দাবী ধমকিৰে চান্দা তুলি বেলেগৰ খায় গঁতা ৷ পুঠি-কাৱৈ চিনি নাপায় খায় চালানী ৰৌ, বিহুৰ মঞ্চত তাণ্ডৱ কৰি পিঠিত পৰিল ঔ ৷ ওঁঠত নাই বৰহমথুৰি জেতুকা নাই হাতত, অসমীয়া বুলি চিনাকি দিয়ে বুকু ফিন্দাই বাটত ৷ নিমাই-গোমচেঙৰ চোলা নহয় পিন্ধে গামোচাৰ চোলা, নিশা এটুপি গিলি লংপেণ্ট পিন্ধি বিহু মাৰিবলৈ ওলা৷ টকা-সুতুলি তেহেলে যা গীতাৰখন লৈ আন, হিন্দী গীতৰ মাজে বিহু ভৰাই সংগীতৰ ধৰোঁ তান৷ সাতবিহুৰ নাম নাজানে সংস্কৃতি ৰক্ষা কৰে, বিহুৰকেইদিন গামোচা আঁৰি শিল্পীক
Read more