ফটাঢোল

কৌতুক – সৌৰভ শৰ্মা

নগৰীয়া নৰেনৰ ঘৰৰ কাষতে মৰা কুকুৰ এটা পৰি আছিল ৷ৰাতিপুৱাই দেখি নৰেনে নগৰপালিকাৰ অফিচলৈ ফোন কৰিলে, “হেল্ল’ মই অমুকৰ পৰা কৈছোঁ৷ মোৰ ঘৰৰ ওচৰতে কুকুৰ এটা মৰি আছে।” অফিচ : কুকৰ মৰি আছে? পুতি থ’ব নোৱাৰেনে নিজে? সাধাৰণ কাম এটাৰ বাবে আমনি নকৰিব। নৰেন : মইতো ভাবিছিলোৱেই পুতি থও বুলি৷ আকৌ বোলো তাৰ জ্ঞাতি কুটুম্ব কোনোবাই চাবলৈ বিচাৰিবও পাৰে ন। চালেও এবাৰ চাই যাওকহি বুলিহে ফোন কৰিছোঁ‌! ☆★☆★☆

Read more

দীৱাৰঃ দ্যা ফেচবুক ভাৰ্চন – অমিতাভ মহন্ত

আনন্দ বার্মা এজন নীতিবান পুৰুষ। তেওঁৰ ফেচবুক প্রফাইল খুবেই সাধাৰণ। তেখেতে ফেচবুকত শ্রমিক শ্রেণীৰ স্বাৰ্থৰক্ষাক লৈ নিয়মিত পোষ্ট কৰে। প্ৰায় চাৰি হাজাৰ খাটি খোৱা জনতা তেওঁৰ ফল’ৱাৰ৷ সংসাৰ বুলিবলৈ স্ত্ৰী সুমিত্ৰা দেৱী আৰু দুই পুত্ৰ৷ বৰপুত্ৰৰ নাম বিজয়, সৰুপুত্ৰৰ নাম ৰবি৷ আনন্দ বাৰ্মাৰ জ্বালাময় পোষ্টবোৰত অতীষ্ঠ হৈ মালিকপক্ষই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰে৷ আনন্দ বাবুৰ এটা অসাধাৰণ পোষ্টক চুৰি পোষ্ট বুলি চাৰিওফালে প্ৰচাৰ কৰি দিয়া হয়৷ নিখুত ফটোশ্বপ কৰি প্ৰমাণ কৰি দিয়া হয় যে সেয়া আচলতে অন্য কোনোবাৰ পোষ্ট৷ এই চুৰিকাৰ্য্যক

Read more

গুণোৎসৱ – পৰী পাৰবীন

গুণোৎসৱৰ শেষৰদিনা পৰীক্ষাৰ চেন্টাৰসমূহত টহল দি থাকোতে এডিচি ছাৰৰ ফোন আহিল। ধৰিবলৈ পালোহে, “ক’ত আছা তুমি?” “ছাৰ নাহৰকটীয়াত।” “ইমিদিয়েট উত্তৰ হাতীমূৰা স্কুললৈ আহা।” ইমিদিয়েট! নাহৰকটীয়াৰ পৰা সেইখনলৈ দুঘন্টাৰ ৰাস্তা। “ছাৰ কিবা সমস্যা হৈছে নেকি ?” ছাৰ গৰম, গৰগৰাই উঠিল, “সমস্যা হৈছে কাৰণেতো কৈছো। তাত হেনো প্ৰধান শিক্ষয়িত্ৰীয়ে কম মেধাৰ লৰা ছোৱালীবিলাকক পৰীক্ষা দিবলৈ আহিব নালাগে বুলি কৈছিল। কোনোবাই ডিচিক অভিযোগ কৰিছে। যোৱা সোনকালে এনকুৱাৰী কৰা। ল’ৰা ছোৱালীবিলাকক মাতি আনা।” “অ’কে ছাৰ। কিবা কৰোঁ‌।” ৰামুকাইক ক’লো, “ৰামুকাই চৈধ্য নম্বৰ গীয়েৰ লগোৱা।

Read more

নৱবৰ্ষ – জোনমণি বৰুৱা

(ক) পুৰণিক বিদায় দি আহিল নৱবৰ্ষ ডেকা, বুঢা সকলোৰে মনত লাগিল হৰ্ষ হুইস্কী, ব্ৰাণ্ডী ৰাম মিউজিকো ধুমধাম চাৰিওফালে আনন্দৰ মেলা নহয় কোনো বিমৰ্ষ। (খ) চেঙেলীয়া ডেকাই ডিস্ক’ নাচে নিউ ইয়েৰ পাৰ্টি বুলি কাণত ফুলি, ডিঙিত চেইন , ৰাখে দীঘল চুলি লেটচ গ’ এনজয় নাই কতো ভয় মুখ বিকতাই ফেচবুকত চেল্ফী দিয়ে তুলি। ( গ) মাঘ বিহু নাপাতিলেও পাতিম নিউ ইয়েৰ পুৱাৰ পৰা সন্ধিয়ালৈ গিলি থাকিম বিয়েৰ পাৰ্টি হ’ব ফেন্টাষ্টিক বাজি থাকিব মিউজিক লগত থাকিবই হনী, চুইটি, ডিয়েৰ। ☆★☆★☆

Read more

বিয়া আজিৰ আৰু কালিৰ – উত্তৰা শৰ্মা বৰুৱা

সময়ৰ বোকোচাত বিয়াৰ পৰিৱৰ্তন গাঁ‌ৱৰ এঘৰত বিয়া মানে গোটেই গাওঁখনৰে বিয়া।তাহানি দেই। তামোল পাণ এযোৰ দি ভৰষা ধৰিলেই হ’ল আৰু বাকী দায়িত্ব ৰাইজে মূৰ পাতি লয়। বাৰীৰ গছডাল বগৰাই খৰি ফলাৰ পৰা কাষৰ গাঁৱত বৰ কেৰাহী বিচৰাৰ পৰা বিশ মাইল আঁতৰৰ পৰা চাইকেলত বান্ধি দৈ টেকেলী অনালৈকে। ৰভা-পৰলাৰ কথা নকলোৱে। খাজুৰী গছৰ পাতেৰে ডিজাইন বনাই কাঠৰ তক্তাত নমস্কাৰ লিখি ডেকাবোৰে গেট বনাই নিশাটো। মহিলা সকলৰো বিধে বিধে কাম, অতখন বিয়াৰ চিৰা খুন্দাৰ পৰা আখৈ, মুৰি, সান্দহ খুন্দালৈকে। এজাক মান সোমাই

Read more

সম্ভাষণ – সমুদ্ৰ কাজল শইকীয়া

প্ৰিয়ঙ্কাৰ, মানে প্ৰিয়ঙ্কা চাক্সেনাৰ এটা অদ্ভূত গুণ আছে। আগ পিছ একো নভবাকৈ তাই কথা কৈ যাব পাৰে; অনৰ্গল। মুহূৰ্ততে মানুহৰ প্ৰশংসাত পঞ্চমুখ হ’ব পাৰে, মুহূৰ্ততে মানুহক কুকুৰে কাঁইট নোখোৱাকৈ গালিও পাৰিব পাৰে। অলপ আগলৈকে হাঁহি মাতি কথা পাতি থকা – তুমি যে ইমান ভাল বুলি কৈ থকা মানুহ এজনকো পৰিস্থিতিৰ প্ৰয়োজন সাপেক্ষে তিৰষ্কাৰ কৰি খেদাই পঠাব পাৰে। এই অদ্ভূত সামৰ্থ্যৰ বাবেই প্ৰিয়ঙ্কা কোম্পেনীৰ এইচ আৰ মানে হিউমেন ৰিচ’ৰ্ছ বা মানৱ সম্পদ বিভাগৰ কামৰ বাবে আটাইতকৈ উপযুক্ত। কিন্তু বন্ধুত্বৰ খাতিৰত তাই

Read more

সন্ত্ৰাসবাদক চেলিব্ৰেট কৰক–অভিৰঞ্জন কুমাৰ, অনুবাদ- হিমাংশু ভাগৱতী

চহৰৰ এঠাইত বোমা বিস্ফোৰণ হৈ হতাহত হোৱাৰ খবৰ আহিছে। লগে লগে নিউজ ৰূম চঞ্চল হৈ উঠিল। হত্যা আৰু বলাৎকাৰৰ খবৰৰ অভাবত আজি দিনটো পেঘেনিয়াই থাকিবলৈ একো নাছিল। সম্পাদকে চিন্তাত পাৰ পোৱা নাছিল হেডলাইন কি হ’ব। পৰিবেশ ঠাণ্ডা হৈ আছিল, সকলো শান্ত। কোনেবাই যদি এঙামুৰি কাঢ়ি আছিল কোনোবাই আকৌ হাওঁ‌ফাও ফুলাবলৈ তলৰ স্ম’কিং জ’ন পাইছিলগৈ। কিছুমানক আকৌ ফেচবুক আৰু ব্লগৰ বেমাৰে পাইছিল, তাৰেই চৰ্চাত মচগুল আছিল। কিন্তু এই বোমা আক্ৰমণৰ কথাটোৱে সকলোকে নিজৰ ঠাইলৈ লৈ আহিল। নিউজৰুমত সৰু সুৰা হাহাকাৰ আৰম্ভ

Read more

দৌলোৎসৱৰ ইতিবৃত্ত – পাৰ্ভিছ জলী ভূঞা

ফাকুৱা বা দৌলোৎসৱ হ’ল ফাগুন মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে পালন কৰা ৰঙৰ উৎসৱ। ফাকুৱাক দৌলোৎসৱ, ফল্গুৎসৱ, ফাগুৱা, ফাকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতন উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱৰ সৈতে জড়িত হৈ আছে বহুত পৌৰাণিক আখ্যান৷ ইয়াক প্ৰাচীন মদন পূজাৰ এক আনুষঙ্গিক উৎসৱ বুলিও কোৱা হয়৷ আখ্যান অনুসৰি এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে আদিদেৱ মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ ব্ৰতত ব্ৰতী হৈছিল ৷ কঠোৰ তপস্যাত মগ্ন মহাদেৱৰ

Read more

মোহগ্ৰস্ততা – ইন্দিমা বৰুৱা

কিমান বছৰৰ আগৰ কথা বাৰু; এতিয়াও অগা ডেৱা কৰে সেইবোৰ কথাই কেনেকৈ নিজৰ মোহগ্ৰস্থতাক প্ৰেম নাম দি ভুল কৰিছিলোঁ‌৷ অৱশ্য পৰিপক্কও নাছিলোঁ‌। বয়স কম আছিল লগতে মগজুও৷ মেট্ৰিক পাছ কৰি হায়াৰ চেকেণ্ডাৰীত এডমিচন লৈছোঁ‌ আৰু মন সেই সময়ত কমোৱা তুলা উৰাদি উৰিয়েই ফুৰে। ধুনীয়া ল’ৰা দেখিলেই চকু পৰে, পিচে পতকৈ মই কাকো একো নকও কিয়নো এডাল অদৃশ্য শিকলি দেউতাৰ ৰঙাচকুৰ গাত মেৰ খাইয়ে থাকে৷ মোলৈ কোনোবা আকৰ্ষিত হোৱা যেন দেখিলেও মই পাচহুঁ‌হুকি আহিছিলোঁ‌৷ সেই বয়সতেই মূৰত এটা কথা সোমোৱাই লৈছিলোঁ‌

Read more

নিগনি – প্ৰাঞ্জল শৰ্মা বশিষ্ঠ

নিগনিপিয়ল, ২০১৪ ৰ প্ৰতিবেদন: পিয়লৰ স্থান: মোৰ আৱাস পিয়লৰ দিন: ১৩ ছেপ্টেম্বৰ ২০১৪ মুঠ নিগনিৰ সংখ্যা: ১১ জাতীয়তা: ভাৰতীয় স্বৰূপ: প্রথমে খাদ্যসন্ধানী শৰণাৰ্থী, পাছলৈ চোৰ আৰু ডকাইত প্রাপ্তবয়স্ক পুৰুষ:তথ্য নিদি পলায়ন (৩, অর্থাৎ ২৭.২৭% বুলি অনুমান কৰা হৈছে)। প্ৰাপ্তবয়ষ্ক মহিলা: ঐ (ঐ)। শিশু: ৫ (৪৫.৪৫%) ঘনত্ব: ০.০০৮৯/বর্গফুট জীৱিকা: চৌর্যবৃত্তি ৫, ডকাইতি ১, পিতৃ-মাতৃৰ ওপৰত নিৰ্ভৰশীল ৫ ধর্ম: ভক্ষণবাদ (ধাৰণা কৰা হৈছে) পন্থা: কূটনীয়া (ঐ) জাতি: জাতিভেদ নাই (ঐ) শিক্ষা: ডকাইতিত ডক্টৰেট ১, ভক্ষণ-বিজ্ঞানত। স্নাতকোত্তৰ ৫, কূটন-কৌশলত পি জি ডিপ্লোমা ৫,

Read more
1 2 3 4 5 6 8