ফটাঢোল

মোৰ বিফল অভিযানটো – জিতেন্দ্ৰ জিতু শইকীয়া

: আজি গৰুচোৰটো ধৰিমেই বুইছ’। তই খালি মোৰ লগত ওলাবি। – মেথাৰ প্ৰত্যয়ৰে ভৰা গহীন মাত। মেথাৰ আচল নাম বেলেগ কিবা। তাৰ লগত প্ৰাথমিক বিদ্যালয়ত একেলগে পঢ়া “লংগুটিয়া য়াৰ” কেইটাৰ বাহিৰে সেই নাম পিছে গাঁৱৰ বেলেগ কোনেও নাজানে। কথাই কথাই “মোৰ মেথাটো গৰম হ’ল” বুলি কোৱাৰ বাবেই সি মেথা নামেৰেই জনাজাত হৈ পৰিল। কেশৱ পণ্ডিত, ঔম প্ৰকাশ শৰ্মা আদি লিখকৰ ডিটেক্টিভ হিন্দী উপন্যাস বোৰ পঢ়ি পঢ়ি মেথাৰ চিন্তাধাৰা একেবাৰে ডিটেক্টিভ টাইপৰ। মুঠতে হাঁচি মাৰোঁতে পাদ গ’লে, তাতো কিবা “কন্সপিৰেচী” দেখা

Read more

হেপ্পী হ'লি – হেমন্ত কাকতি

অলপ গভীৰ বিষয় এটাৰ ওপৰত অলপ আলোকপাত কৰিব বিছাৰিছোঁ ৷ হ’ল বুলি কিমান হাঁহি ধেমালি কৰিবনো? সকলো কথাকেই হাঁহি উৰুৱাই দিয়া বাবেইতো আমাৰ ৰাইজৰ আজি এই দুৰাৱস্থা৷ সৰুৰে পৰাই এশ এবুৰি উৎসৱ পাৰ্বন, ৰং ৰহইচেৰে উদুলি মুদুলি হৈ থাকোতে সিফালে বিদেশীয়ে দেশখন লুটি পুটি খালেই৷ যিয়েই নহওক, অলপ চিৰিয়াছ হ’বৰ হ’ল বুজিছেনে? “হলি” উৎসৱ আৰু দায়িত্বশীল নাগৰিক হিচাবে আপোনাৰ কৰ্তব্য সমূহ আকৌ এবাৰ সোৱৰাই দিব খুজিছোঁ৷ প্ৰথমেই কওঁ, এইবাৰ হলি উৎসৱত আপোনাৰ দায়িত্ব আৰু কৰ্তব্য সমুহ নিষ্ঠাৰে পালন কৰক আৰু

Read more

কৌতুক – ৰিতন বৰুৱা

১) পত্নী : হেৰি সোনকালে বজাৰলৈ যাওক। পতি : কিয় পত্নী : কিয় মানে ঘৰত একোৱেই নাই, চাউল, আলু, দাইল সমস্ত। পতি : আৰু এটা বস্তু নাই নহয় পত্নী :(আগ্ৰহেৰে) কি বস্তু। পতি : (কওঁ নকওঁকৈ) পইছা। ২) ৰাষ্টাত দুই বন্ধুৱে কথা পাতি গৈ আছে। ১ম বন্ধু : আজি গা ধোলা নে? ২য় বন্ধু : নাই ধোৱা। তুমি ধোলা? ১ম বন্ধু : ইচ! ইমান ঠাণ্ডা। passport size ধোলোঁ‌। ২য় বন্ধু : মানে বুজি নাপালোঁ‌। ১ম বন্ধু : ধেত অঁ‌কৰা, অকল

Read more

অহেতুক ভয় – বৰ্ণালী ফুকন

হায়াৰচেকেণ্ডাৰী পাচ কৰি কলেজত নাম ভৰ্ত্তি কৰি কলেজলৈ যোৱাৰ কথা ভাবিলেই ভয় এটাই হেঁচা মাৰি ধৰে। কেইবাদিনো গৈ আধাবাটৰ পৰা ঘূৰি আহোঁ। মা নাথাকে, স্কুললৈ যায়। দেউতাক কওঁ -“কলেজৰ সন্মুখত এসোপা ল’ৰা, ষ্ট্ৰাইক হৈছে চাগে। গুছি আহিলোঁ, ভিতৰ নোসোমালোৱেই।” দুদিনমানৰ পিচত দেউতাই দিলে ধমক- “আজি ঘূৰি নাহিবি। খবৰ লৈ আহিবি।” দেউতাৰ ধমক খাই কলেজলৈ বুলি সময়তকৈ এঘণ্টামান আগতেই ওলালোঁ। বাটে বাটে ভগৱানক ভাবি আহিলোঁ, আজি গে’টৰ মুখত ল’ৰাজাকটো নাপালেই হয়। খৰ খোজেৰে গৈছোঁ৷ কলেজত ল’ৰাবোৰ জুম বন্ধাৰ আগতেই সোমাবগৈ লাগিব।

Read more

ফটাপেৰেম – দিগন্ত বৰা

মিছা ক’লে কি ডাল হ’ব হে? প্ৰেম কৰি কৰি জীৱনটো শেষ কৰি দিলোঁ‌। আটাইবোৰেই ফটা পেৰেম চাল্লা। প্ৰথম শ্ৰেণীত থাকোতেই এজনীয়ে মোলৈ চিঠি লিখিছিল। ভাষাজ্ঞান নাছিল তেতিয়া জহনীযাতীৰ। (মোলৈ নাহিলি যেতিয়া তাইক জহনীত যাবলৈ নকৈ মুকেশ আম্বানিলৈ যাবলৈ অভিশাপ দিলেহে হ’ব।) চিঠিখন বেছেৰীজনীয়ে লিখিছিল মোলৈকে। কিন্তু ডেলিভাৰ কৰোঁ‌তে পোষ্টেল এড্ৰেছ খেলিমেলি হোৱাৰ দৰে চিঠিখন পৰিছিলগৈ ৰজনী মাষ্টৰৰ হাতত। ৰজনী মাষ্টৰে চিঠিখন পঢ়ি হাঁ‌হি ৰাখিব নোৱাৰা হ’ল। আমি তেতিয়া ক’ নে খ’ মান শ্ৰেণীত। আজিৰ দৰে আমাৰ সময়ত এক কেজি দুই

Read more

সমুদ্ৰ , হিউমেন চিকিউৰিটি ইত্যাদি – অনন্ত বৰা

কলেজৰ প্ৰিঞ্চিপাল জনক কেতিয়াবা থ্ৰি ইডিয়ট্চ চিনেমাখনৰ ‘ভাইৰাচৰ’ দৰে লাগে সমুদ্ৰৰ। এইজন অহাৰ পৰা সুখ শান্তি নাইকিয়া হ’ল কাৰোৰে। ন টা পোন্ধৰত ক্লাছ আৰম্ভ আৰু তাৰ লগে লগে কলেজৰ গেটও বন্ধ। কোনোবা যদি এক মিনিট দেৰিকৈ আহিল, গেটৰ বাহিৰত থাকিল। সেইয়া প্ৰফেচাৰেই হওঁক বা ছাত্ৰ ছাত্ৰীয়েই হওঁক। গেট খুলিব তিনি বজাত। সকলোৰে অৱস্থা বেয়া। প্ৰফেচাৰ সকলৰ কথা নকওঁ, কিন্তু ল’ৰা ছোৱালীবোৰ! ধেই, এইটো কি কলেজ লাইফ হ’ল নেকি। চুলি কেইডাল জেল অকণ লগাই আহিব নোৱাৰি, অকণমান শ্লিম ফিট পেণ্ট এটা

Read more

কৌতুক – ইন্দিমা বৰুৱা

স্কুলখনত টিকলুৰ এটা নাম আছে৷ যিকোনো বিষয়ত তাৰ অগাধ পাণ্ডিত্য৷ এদিন শিক্ষকে সুধিলে- শিক্ষকঃ- দুৰ্ঘটনা আৰু দূৰ্ভাগ্যৰ অৰ্থ বুজাই কোৱাচোন,টিকলু৷ টিকলুঃ- ছাৰ,আপুনি ধৰক,এটা কু্ঁৱাত পৰি গল৷ এইটো এটা দূৰ্ঘটনা ৷ শিক্ষকঃ- কি? মই কুঁৱাত পৰিম? (অলপ ৰৈ) বাৰু,এতিয়া দূৰ্ভাগ্যৰ কি হ’ব, কোৱাচোন৷ টিকলুঃ- ছাৰ,এই ধৰক,আপুনি কু্ঁৱাৰ পৰা ভালে কূশলে একো নোহোৱাকৈ উঠি আহিল৷ এইটো আমাৰ বাবে দূৰ্ভাগ্য৷ ইয়াৰ পিছতেই টিকলুৰ পিঠিখনত দুৰ্ভাগ্যই লগ ল’লে৷ ☆★☆★☆

Read more

অথঃ দাঁ‌তৰ সংবাদ – সৌৰভ জ্যোতি বৰ্মন

“দাঁতেই দেৱ, দাঁতেই সেৱ দাঁত বিনে নাই কেৱ ।” (গুৰুজনাৰ এই মন্ত্ৰ শাৰীক এনেকৈ ব্যৱহাৰ কৰাৰ বাবে ক্ষমা বিচাৰিছোঁ‌।) এতিয়া আহোঁ‌ আচল কথাটোলৈ। কি জানে! আজি চাৰি পাঁচদিন ধৰি এনেকুৱা লাগিছে যেন মোৰ শৰীৰত দাঁত কেইটাৰ বাদে আৰু বেলেগ একোৱেই নাই। সেইকেইটাতেই যেন মোৰ সমস্ত জীৱন, সেইকেইটাৰ কাৰণেই যেন মই জী আছোঁ। একো বুজা নাই নহয় আপোনালোকে! কেনেকৈনো বুজিব মই গছত গৰু নুঠা কথা কিছুমান আগ গুৰি নোহোৱাকৈ কৈ থাকিলে… দাঁতৰ বিষ! বুজিছে দাঁতৰ বিষ। দাঁতৰ বিষেই জীৱন যেন হৈ

Read more

কৌতুক – কিশোৰ কুমাৰ শইকীয়া

প্ৰেমিক – তুমি মোৰ বাবে কি কি কৰিব পাৰিবা? প্ৰেমিকা – সকলো। প্ৰেমিক – মোৰ বাবে বাঘ এটা মাৰিব পাৰিবা? প্ৰেমিকা – কি ফাল্টু কথা বোৰ কৈ থাকা, অসম্ভৱ! প্ৰেমিক – চাওঁ‌ তোমাৰ ৱাটচআপটো চাওঁ‌। প্ৰেমিকা – জান, বাঘটো ক’ত আছে এবাৰ ট্ৰাই কৰি চাঁও। ☆★☆★☆

Read more
1 3 4 5 6 7 8