ফটাঢোল

কৌতুক – মৃদুপৱন গোহাঁই

এদিন এজন মানুহ কপালত এক আঘাত লৈ পুলিচ থানা পালেহি। থানাত হাৱিলদাৰৰ প্ৰশ্ন- – কওকচোন, কি হ’ল? – মানুহজনীয়ে কোবালে। – (আচৰিত হৈ) মানে আপোনাৰ পত্নীয়ে? পিছে কিয়? – হয়,মোৰ পত্নীয়ে৷ এওঁৰ মাক-দেউতাক অহাত মোক কলে বোলে বাহিৰৰ পৰাই কিবা লৈ আনকগৈ। – তাতে কি হ’ল? – মই গৈ টেক্সী এখন ভাড়া কৰি লৈ আনিলোগৈ। ইয়াৰ পিছৰখিনি হাবিলদাৰে নুসুধিলে৷ আমিও নোসোধো দিয়কহে। ☆★☆★☆

Read more

ফে'চবুক ডট কম – দেৱজিৎ শইকীয়া

কেতিয়াবা কেতিয়াবা মূৰটোত আচৰিত আচৰিত কথা কিছুমান খেলায়হি! এইধৰক, কেনেবাকৈ যদি হঠাতে ফেচবুক, ৱাটচএপ বন্ধ হৈ যায় কি হ’ব? মই কৈছো দেশৰ উন্নতি হ’ব৷ নাই মোৰ কথা শ্ৰীমতীয়ে নামানে৷ মানিব কেনেকৈ? ইমানদিনে তেওঁ যি কয় সেয়াটো মইহে মানি আছো৷ সঁচা ক’বলৈ হ’লে শ্ৰীমতী বোলা বস্তুটো এনচাইক্ল’পেডিয়া ব্ৰিটেনিকাৰ ভলিউম কেইটাৰ দৰেই! চব জানে৷ নজনা অলগদ্ধ তেওঁৰ চকুত যদি কোনোবা আছে তেন্তে সেইটো হ’লোঁ একমাত্ৰ মই৷ তেওঁ চব জানে৷ অ’, অৱশ্যে এইটো কথা হয় যে দাইলৰ কেজি কিমান, আলুৰ কেজি কিমান সেইটো

Read more

আলিবাটটো – অভিজিত কলিতা

আমাৰ গাঁৱৰ ঘৰৰ আগেদি এটা কেঁচা আলি আছিল, একা বেঁকাকৈ যোৱা আলিটোৱে কেইবাখনো গাঁও চুই গৈছিল। মূল বাটৰ পৰা সোমাই বহুদূৰলৈকে মানুহৰ ঘৰ নাছিল, দুইফালে কেৱল ধাননি পথাৰ। বাৰিষা দুইকাষৰ পথাৰবোৰ পানীৰে চপচপীয়া হৈ পৰিলে আলিটো ৰূপত বন্ধা সেউজীয়া মণি এধাৰ এটা যেন লাগিছিল। তথাপিও দূৰৰ গাঁৱৰ পৰা স্কুলত কলেজত পঢ়িবলৈ অহা ছোৱালীবোৰে কিন্তু পথাৰৰ মাজৰ ‘শ্বৰ্টকাট’ বাটটো এৰা নাছিল। চেণ্ডেলযোৰ হাতত লৈ মেখেলা কোঁচাই সিপাৰৰ গাঁওখনৰ পৰা পথাৰৰ বোকা পানী ফালি আহিছিল। আলিটো পোৱাৰ পাছত পথাৰৰ পানীৰে ভৰি ধুই

Read more

সম্পাদকীয় – পৰিস্মীতা গগৈ

Laughter is the tonic the relief the surcease for pain ——-Charlie Chaplin হাঁহি। দুটা আখৰৰ সৰু এটা শব্দ। অথচ, এই সৰু শব্দটোতে জীয়াই থকাৰ মহৌষধ লুকাই আছে। প্ৰতিজন মানুহৰ জীৱনৰ তুলাচনীখনত সুখতকৈ দুখৰ ফালে ভৰ সদায়েই বেছি। তথাপি আমি জীয়াই থাকোঁ সুখৰ দিনৰ স্মৃতিক সুঁৱৰি বা সুখৰ দিনৰ অপেক্ষাত। আচলতে সুখ কি? সুখ মানেই দুই ওঁঠ উপচি পৰা এমোকোৰা প্ৰাণ খোলা হাঁহি নহয় জানো? হাঁহি সুখ, আনন্দ আৰু সুস্থতাৰ প্ৰতীক। হাঁহিয়ে সামৰি থ’ব জানে দুখৰ চকুলো। এমোকোৰা হাঁহিয়ে হাঁহোতাজনৰ উপৰিও

Read more

হাবু-ডুবু – ববিতা কলিতা

ডুবাইত ডুবিল শ্ৰী দেৱী দুখত ডুবিলে দেশ! পাপন ডুবিল মহাৰাষ্ট্ৰত নোহোৱা- নোপজা কেচ! দুৰ্নীতিৰ বানত ডুবিল অসম, ৰকি-ৰাজাৰ কাজিয়া বিষম। ছিৰিয়া ডুবিল নীৰিহৰ তেজত, ভূ- লুণ্ঠিত মানৱ- ধৰম! কোনোবা ডুবিছে সুৰাৰ ৰাগিত, কোনোবা ডুবিছে প্ৰেমত। মৰাৰ পাখি পিন্ধিয়ে এদিন কাউৰী ডুবিছিল ভেমত! ☆★☆★☆

Read more

ভেলেন্টাইনচ ডে' কাৰ্ড – পৰী শ্যামলী ভূঞা

ভেলেণ্টাইনচ ডে’ কি চিনি পোৱাৰ আগতেই মোৰ হাতত আহি গ্ৰিটিংছ কাৰ্ড এখন পৰিলেহি। তাকো দুদিনৰ আগত। হায় ! মই আচৰিত হৈ পৰিলোঁ । কাৰ্ড খনৰ কাৰণে নহয় ডে’ টোৰ কাৰণেহে ৷ এইটো আকৌ কি ডে’ ? একো বুজি নাপাই কাৰ্ড খন নি লগৰ কেইজনীক দেখুৱালোগৈ। আটাইকেইজনীৰ মাজত দুজনীয়ে চিঞৰি উঠিল .. ” অ’ মাই গড ! তই ভেলেণ্টাইনচ ডে’ কাৰ্ড পালি । হাউ লাকি ইউ আৰ! ” মই অবাক ” ইয়াত লাকি হ’বলৈনো কি আছে আৰু এইটোনো কি ডে’? ”

Read more

জীৱনৰ বাটত লগ পোৱা কেইটামান চৰিত্ৰ – ডাঃ ভুপেন শইকীয়া

জীৱনৰ বাটত লগ পােৱা কেইটিমান চৰিত্ৰ খগেন, ধৰণী, হৰেন, মুন্নাৰ কথাৰে দুকলম লিখিবলৈ লৈছোঁ। জীৱনৰ বাটত লগ পােৱা এই চৰিত্ৰসমূহে আমাৰ মনােজগতত এৰাব নােৱৰা ছাপ পেলাই থৈ যায়। সেই স্মৃতিসমূহৰ স্মৰণৰ মাজত জীৱনৰ ৰস আৰু ৰং অনায়াসে বিচাৰি পােৱা যায়। জিলেবীৰ ভােক! মেঘালয়ৰ নংপােত প্ৰেকটিচ কৰা দিনৰ কথা। তেতিয়া মই ঘৰ পতা নাই। অকলে থাকোঁ। লাচনি-পাচনি কৰিবলৈ আৰু ভাতকেইটা ৰান্ধি খােৱাবলৈ বুলি মেট্রিক ফেল কৰি পঢ়া বাদ দিয়া ল’ৰা এজন শিক্ষক পাটগিৰিয়ে নলবাৰীৰ পৰা মােক আনি দিলে। ল’ৰাটোৱে দুবেলা ৰন্ধা-মেলা

Read more

খা খোৱা খুওৱা – সদানন্দ দত্ত

(এই লেখাটিত খা ধাতুৰ পৰা হোৱা ১২৪ বিধৰ অধিক অসমীয়া খানা গোটাই আগবঢ়ালোঁ। উজুতি খোৱা, চৰ খোৱা, মাৰ খোৱা, ঘোঁচ খোৱা ইত্যাদি। যাৰ যি খাবলৈ মন যায় খাই চাওঁক। ) অসম মুলুকলৈ আৰ্যসকলৰ ‘খাদ্’ ধাতুটো আহি ‘খা’ হৈ কাৰ যে কিমান মূৰ খাবলৈ ধৰিলে তাক বিচাৰ কৰি টলৌ টলৌকৈ ঘূৰি ফুৰোঁতে মই যে কিমান হাবাথুৰি খাবলগীয়া হলোঁ সেইকথা কেইজন খাৰ খোৱা অসমীয়াই তৎ ধৰিব পাৰিব, তাৰ উৱাদিহ কোনে উলিয়াব, তাৰ ঠিকনা পাবলৈ নাই। খা শব্দৰ অৰ্থ খোৱা কাৰ্য বা খাওঁতাৰ

Read more

আৰু এটা ভাল খবৰৰ অপেক্ষাত – ঈশান জ্যোতি বৰা

কিছুমান খবৰ আহি কেতিয়াবা কাণত পৰে৷ পিছে খবৰটোৰ ভিতৰত থকা খবৰটো ইমানেই তিতা যে, খবৰটো শুনাৰ পাছত ভাব হয়-“ধেৎ তেৰি, এইটোনো কি খবৰ! নুশুনাহেঁতেনেই ভাল আছিল৷” ইয়াৰ বিপৰীতটোও কেতিয়াবা আমাৰ লগত সংঘটিত হয়৷ খবৰটোৰ ভিতৰত থকা খবৰটো ইমানেই মিঠা যে,খবৰটো শুনাৰ পিছমুহূৰ্ততে আমি চিঞৰি উঠোঁ “বাপৰে, কি সাংঘাতিক খবৰ!” আৰু আমি আনন্দত অধীৰ হৈ পৰোঁ। স্বতঃস্ফূৰ্তভাৱে সেইকণ আনন্দ আমি আনৰ সন্মুখত প্ৰকাশ কৰোঁ৷ কিছুমান খবৰ আকৌ ইমান আশ্চৰ্যজনক আৰু অপ্ৰত্যাশিত যে-প্ৰথমবাৰ শুনি আমাৰ বিশ্বাসেই নহয়, সেয়েহে খবৰৰ গ্ৰহণযোগ্যতা আৰু বিশ্বাসযোগ্যতা

Read more

হনুমানৰ নেগুৰৰ জুই – দেৱজিত শইকীয়া

ফাকুৱাত বিজয়হঁতৰ গাঁৱত ভাওনা হয়৷ সৰুকৈ হ’লেও ৰ’ল এটা বিজয়ৰ ভাগত পৰেই৷ দুবছৰমানৰ আগতে “ৰাৱণ বধ” ভাওনা পাতিছিল৷ বিজয়ৰ মেইন ৰ’লেই আছিল৷ মানে কুম্ভকৰ্ণৰ৷ প্ৰকৃততে কৰ্ণৰ কথা সৰুৰে পৰা সি শুনি আহিছে গতিকে ৰ’লটো তাৰ নামত দিয়া শুনি নৰখিলেই, বায়ন বৰ্তাৰ গালত টুপুককৈ চুমা এটা খাই বোলে চাবি বৰদেউতা এইবাৰ ফালি দিম৷ এই বুলি বচন মতা আৰম্ভ কৰিলেই বোলে “সুত পুত্ৰ কৰ্ণ মই পিতা ভাগিৰথ মাতৃ ৰাধাৰ নন্দন…….বায়নলৈ চাই বিজয়ে বোলে তাৰ পিছত কি আছিল? বায়নে বোলে হেৰৌ কৰ্ণক তই

Read more
1 4 5 6 7 8