ফটাঢোল

বৰুৱাৰ নিচা – মানস শইকীয়া

“নিচা মানে একো নিচাই ভাল নহয়৷ এই বুঢ়া বয়সত ভাল এই নিচাটো গোটাই দিলি তহঁত ডেকাকেইটাই৷” ইন্দেশ্বৰ বৰুৱাই ৰমেনক কথাখিনি আক্ষেপেৰে ক’লে৷ ডিচি অফিচৰপৰা ৰিটায়াৰ কৰা বৰুৱাৰ সঁচাকৈয়ে কোনো নিচা বা ৰাপেই নাছিল৷ আচলতে তেওঁ নিচা বা নিজাকৈ কিবা ৰাপ এটা গঢ়ি তুলিবলৈ সময়েই নাপালে৷ আন দহজনৰ দৰে দেউতাকৰ নাঙলৰ মুঠিত ধৰি কষ্টেৰে অৰ্জা ধনকেইটা নিজৰ খেয়াল খুচী মতে খৰচ কৰিবলৈ তেওঁৰ সত নগ’ল৷ কলেজৰ লগৰবোৰে চিনেমা আদিলৈ লগ ল’লেও কিবা এটা অজুহাত মুখৰ আগতে আছিল৷ তেওঁৰ মতে আজি যদি

Read more

২০২৫ চনৰ মেট্ৰিকৰ প্ৰশ্ন – ধূৰ্জ্জতি কাকতি

বিহুকালীন উৎসৱৰ বিষয়ে এখন ৰচনা লিখা – ২০ নম্বৰ৷ উত্তৰ : বিহুকালীন উৎসৱ হৈছে বিশ্বত আটাইতকৈ দীঘলীয়াকে উদযাপন কৰা উৎসৱ৷ অসম ৰাজ্যত ডিচেম্বৰ মাহৰপৰা জুন মাহমানলৈকে এই উৎসৱ পালন কৰা হয়৷ প্ৰকৃততে অক্টোবৰত কাতি বিহু থাকে যদিও, পূজা দেৱালী আদিৰ দৰে উৎসৱ থকাৰ কাৰণে এই গ্লেমাৰহীন বিহুটোৱে ইমান পাত্তা নেপায়৷ ফেচবুকত দুই এখন তুলসীত চাকি দিয়া ফটো শ্বেয়াৰ কৰিয়েই মানুহে এই বিহু অনাড়ম্বৰভাৱে পালন কৰে৷ গ্লেমাৰ থকা উৎসৱবোৰ শেষ হোৱাৰ পাছত বিহুকালীন উৎসৱৰ আৰম্ভণি ডিচেম্বৰ মাহৰপৰা হয়, পিকনিকবোৰত উচ্চ স্বৰত

Read more

ফেচবুক প্ৰেম — অসীমা শইকীয়া দত্ত

: অ’ পাপুবা, মই ল’ৰা এটা ঠিক কৰিলো। : বঢ়িয়া। ক’ৰ ল’ৰা ঐ? : ফেচবুকৰ। : চৰকাৰে ফেচবুক বুলি কেতিয়া নতুন জিলা খুলিলে? মই বহুত কথা নেজানো অ’! পঞ্জাৱ নেশ্যনেল বেঙ্কো সিদিনা নীৰৱেহে চিনাকি কৰোৱাই থৈ গ’ল। : ধেত! নহয় অ! ল’ৰাটোৰ সৈতে ফেচবুকত চিনাকী হ’লো। থাকে বাংগালুৰুত। : হৰি! নাগেৰি, মৰিবলৈ জেগা নেপালি! ফেচবুকত আমাৰ ইয়াৰ বাৰী লুৰুকাটোৱেও বাংগালুৰু বুলিয়েই দিয়ে। লোকৰ বাৰী ঘৰৰ ফটোও নিজৰ বুলি দিয়ে। হেণ্ডচাম লোকৰ মতামানুহটোও নিজৰ প্রেমিক বুলি দিয়ে হেৰৌ।ফেচবুকতে মানুহ আৰু সমাজ

Read more

থুলুক থুলুকনীৰ গল্প – মনজিত

থুলুকৰ মানুহজনীৰ মোবাইলত বেটাৰীৰ অভাৱ সঘনাই চলে। সেই সময়খিনিত মানুহজনীয়ে তাৰ মোবাইল খোচৰে। মাজে মাজে তাৰ ফেছবুক একাউণ্টত সোমাই, মেচেঞ্জাৰত সোমাই কিবা সন্দেহজনক এক্টিভিটি আছে নেকি চাই। তাৰপিছত তেওঁৰ পোষ্টবোৰত লাইক কৰিছে নে নাই স্ক্ৰুটনি কৰে। লাইক নকৰা পোষ্টবোৰত নিজৰ পছন্দৰ লাইক, লভ ৰিয়েকচন দি ফুৰে। এদিন তেনে কৰি থাকোতে সি দেখিলে। দেখি অভিযোগ কৰিলে। : তুমি মোৰ একাউণ্টত সোমাই নিজৰ পোষ্টবোৰ লাইক কৰি কিয় ফুৰা? তোমাৰ সকলো পোষ্ট মোৰ ভাল নালাগিবওতো পাৰে? : চোৱা তোমাক সদায় কওঁ যে যুক্তি

Read more

কৃপণ উবাচ – দিগন্ত বৰা

ওচৰতে সকাম এটা খাবলৈ গৈ এওঁ মাহ প্ৰসাদ এখিনি লৈ আহিছিল। দুখীয়া গাওঁ হ’ব পাৰে, কিন্তু সকাম পাতিলে মাহ প্ৰসাদ আলি বলী হয়। কিছুমানৰ দৰে মাহ এপোৱা আনি প্ৰসাদৰ পাতখনত ভাতৰ পাতত চাটনি দিয়াৰ দৰে নিদিয়ে আমাৰ গাঁৱত। এপাত এপাত দিয়ে। সিদিনা ধনী মানুহ এঘৰলৈ সকাম এটা খাবলৈ গৈছিলো। মই বোলো, “এপাত এপাত মাহ প্ৰসাদ পাম চাগৈ! মচুৰ দাইলখিনিও ৰাহি হ’ব!” কিন্তু নাই। কলপাত এখনত যি কেইটাহে প্ৰসাদ উলিয়াই দিলে ঐ! আমাৰ গাঁৱৰ দুলালৰ গেলামালৰ দোকানলৈ গ’লে কেতিয়াবা দাঁত কুটকুটাবলৈ

Read more

ডুখৰীয়া স্মৃতি – ৰাজীৱ শৰ্মা

সৰুৰেপৰাই মোৰ দুটা বস্তুৰ বৰ অভাৱ আছিল। গাৰ মঙহ আৰু সাহস। এতিয়াও মনত আছে। বিশ্ববিদ্যালয়ত নামভৰ্তি কৰোতে মোৰ ওজন আছিল উঞ্চল্লিশ কেজি। বতাহত উৰি যাওঁ যাওঁ হেন দেহৰ অৱস্থা। কাজেই সাহসৰ ঘৰত শূন্য। আনৰপৰা মাৰ খোৱাৰ ভয়ত কাজিয়াতো বাদেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাহৰৰ তলেদি (চেনী আলি) অহা-যোৱা কৰোঁতেও কোনো ছোৱালীক মাতি নাপালো। আৰু জোকোৱা! নৈব নৈব চঃ। কিন্তু বাৰিষা বৰষুণ অহাৰ দৰে কেতিয়াবা মনটো ৰঙীন হোৱা যে নাছিল এনেও নহয়। হৈছিল দুবাৰমান। লগৰ দুজনীয়ে মোক এইক্ষেত্ৰত এচুলিমানো সহায় যদি কৰিলেহেঁতেন তেতিয়া

Read more

ডাঙৰ মানুহৰ লাজ – উৎপলা কৌৰ

: দাদা নতুন ডিজাইন দেখাওক না! এইবোৰ ডিজাইন অলৰেডী মোৰ লগৰবোৰে পিন্ধি শেষ কৰিলে। কথাষাৰ কৈ নীনাই মোবাইলটো উলিয়াই যোৱামাহত পৃষাৰ বিয়াত কইনাৰ লগত উঠা ছেল্ফিখন উলিয়াই জুম কৰি নেকলেছডাল চালে। হয়, এইমাত্ৰ তাইক দেখুওৱা ডিজাইনটো প্ৰায় একেই পৃষাৰডালৰ সৈতে। গতিকে সেইডাল লোৱাৰ প্ৰশ্নই নাহে। ৰঙা চেপেটা, অলংকাৰৰ বাকচবোৰৰ পাহাৰটোৰ মাজৰপৰা তাইৰ তিনিঘণ্টাৰ মূৰত এডাল পচন্দ হ’লগৈ যেনিবা! ওজনটো অলপ বেছি। হওক, বিয়া এবাৰহে হ’ব। এনেও ভবানন্দ উকীলৰ একমাত্ৰ জীয়েক নীনাৰ পচন্দ আনতকৈ বেলেগ। সদায় ‘আনকমন’ বস্তু পিন্ধাৰ বাবে তাইৰ

Read more

ফেচবুক সংবাদ – নাজিয়া হাচান

১) মোবাইল পতি : কি লিখিছা? পত্নী : (মোবাইলটো টিপি টিপি) নাই লিখা অ’৷ কমেণ্টহে কৰিছোঁ৷ পতি : (নিজৰ গালখন খজুৱাই খজুৱাই) লিখা মেলা নকৰা হ’লা নেকি? পত্নী : (দুখেৰে) কিনো লিখিবা! পাত্তাকে নেপাওঁচোন হে! লাইক কমেণ্ট একোৱেই নাহে জানা? আঙুলিকেইটাৰহে বিষ হয় লিখি লিখি। পতি : ক’তনো বিষ হয় তোমাৰ? সেই পুৱাৰেপৰা দেখোন আজি ভাত পানী নৰন্ধাকৈ মোবাইলটোকে পিটিকি আছা! পত্নী : অ’! কমেণ্ট কৰি আছোঁ আক’! পতি : ইমান কমেণ্ট কৰিছা নে? বাপৰে! খোৱা লোৱা বাদ দি? কি

Read more
1 5 6 7 8