ফটাঢোল

বিহু বুলি – প্ৰাঞ্জল শইকীয়া

বিহু পাতে অসমীয়াই হাতত নাই টকা, দাবী ধমকিৰে চান্দা তুলি বেলেগৰ খায় গঁতা ৷ পুঠি-কাৱৈ চিনি নাপায় খায় চালানী ৰৌ, বিহুৰ মঞ্চত তাণ্ডৱ কৰি পিঠিত পৰিল ঔ ৷ ওঁঠত নাই বৰহমথুৰি জেতুকা নাই হাতত, অসমীয়া বুলি চিনাকি দিয়ে বুকু ফিন্দাই বাটত ৷ নিমাই-গোমচেঙৰ চোলা নহয় পিন্ধে গামোচাৰ চোলা, নিশা এটুপি গিলি লংপেণ্ট পিন্ধি বিহু মাৰিবলৈ ওলা৷ টকা-সুতুলি তেহেলে যা গীতাৰখন লৈ আন, হিন্দী গীতৰ মাজে বিহু ভৰাই সংগীতৰ ধৰোঁ তান৷ সাতবিহুৰ নাম নাজানে সংস্কৃতি ৰক্ষা কৰে, বিহুৰকেইদিন গামোচা আঁৰি শিল্পীক

Read more

দেউতা,মই আৰু এডভেন্সাৰ – কৃষ্ণা বৰা ফুকন

(১) দেউতাই অৱসৰ লোৱা তিনিবছৰ মান হ’ল। চৰকাৰী হিচাপমতে জ্যেষ্ঠ নাগৰিকৰ শাৰীত পৰিলেও দেউতাই পিছে কথাষাৰ এতিয়ালৈকে মনে-প্ৰাণে মানি লোৱা নাই। দেউতাই এতিয়াও এনে কিছুমান কাম কৰে যিবোৰ কৰিবলৈ যোৱাৰ আগতে ডেকা মানুহেও বহুতবাৰ ভাবিব। এই ধৰক-অকলে গাড়ীখন লৈ গুৱাহাটীলৈ যোৱা নাইবা গুৱাহাটীৰ পৰা ঘৰলৈ মানে শিৱসাগৰলৈ অহা৷ মোৰ ‘ফ্লাইট’খন চলাই অকলেই গুৱাহাটীৰ পৰা ঘৰ পোৱাহি, নাইট ছুপাৰত ঘৰলৈ গৈ, ঘৰ পাইয়েই গাটো ধুই কাৰোবাৰ ঘৰত নাম বা সকামলৈ দৌৰা….আদি। অৱশ্যে অৱসৰ লোৱাৰ এমাহৰ ভিতৰতে তেওঁৰ বেঙ্কৰ কাম-কাজৰ পৰা আদি

Read more

বিজ্ঞানীৰ ৰসবোধ – পংকজ জ্যোতি মহন্ত

অসমৰে বিশ্ববিদ্যালয় এখনৰ এটা বিভাগত স্বনামধন্য অতিথি এজনে বক্তৃতা দি আছিল। এটা বৈজ্ঞানিক বক্তৃতা। দৰ্শকৰ শাৰীত বহি আছিল বহুকেইজন অধ্যাপক আৰু তীক্ষ্ণধী ছাত্ৰ-ছাত্ৰী। গভীৰ বিষয় । শ্ৰোতাসকলৰ গম্ভীৰ মুখমণ্ডল। অতিথিজনে কৈ আছিল দুটা থিঅ’ৰিৰ কথা। এটা নতুন থিঅ’ৰি আৱিষ্কাৰ কৰাৰ পিছতে পুৰণা থিঅ’ৰিটোৰ কাম নাইকিয়া হৈ পৰিল। কাৰণ সেই নতুন থিঅ’ৰিটোয়ে অধিক কথা ব্যাখ্যা দিব পাৰিলে, আগৰটোতকৈ বেছি কাম কৰিব পৰা হ’ল। গতিকে পুৰণাটোৰ এতিয়া একো কাম নাই। সকলোৱে গম্ভীৰ হৈ কথাবোৰ বুজিবলৈ চেষ্টা কৰি আছে। তেনেতে অতিথি বিজ্ঞানীজনে ক’লে:

Read more

বিভীষণ-ৰাজ – সোণটো ৰঞ্জন বৰুৱা

ৰাম আৰু ৰাৱণৰ মাজত তয়াময়া যুদ্ধ । প্ৰথমকেইদিনৰ যুদ্ধ চাই কোন জিকিব-সেইয়া অনুমান কৰিবলৈ কঠিন হৈছিল । এক ৰোমাঞ্চকৰ যুদ্ধৰ পাছত অৱশেষত ৰামৰ জয় হ’ল । ভাৰতৰ সেইসময়ৰ যিমান কবি আছিল; সকলোৱে যুদ্ধৰ অসম্ভৱ আকৰ্ষণীয় বৰ্ণনাৰে পেপাৰবোৰ ভৰাই পেলালে । মানুহে ৰামৰ বিজয়ক এনে ঐতিহাসিক ক্ষণৰূপে কল্পনা কৰিলে যেন তেতিয়াৰেপৰা সময়ৰ গতিও সলনি হৈ যাব । সেই যুঁজযেন অন্ধকাৰৰ লগত পোহৰৰ বিজয়, অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয় ! মুঠতে সকলোৰে মনত এনে অনুভৱ যেন ক্ৰিকেট খেলত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বিজয় সাব্যস্ত

Read more

ৰোল নম্বৰ ১ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

ছোৱালীৰ স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ফোন কৰা বাবেহে কথাটো গম পালোঁ ৷ আজি সিহঁতৰ হৈ যোৱা বছৰেকীয়া পৰীক্ষাটোৰ বোলে ৰিজাল্ট দিব । অলপ অনুশোচনাও হ’ল মনত যে-মোৰ দৰে ইমান দায়িত্ববোধ নোহোৱা বাপেকো আছে যিয়ে এইখন দুনীয়াত নিজৰ ছোৱালীৰ পৰীক্ষা,নামভৰ্তি,ৰিজাল্টৰ দৰে কথাবোৰত সম্পূৰ্ণ উদাসীন। অৱশ্যে বেছি গুৰুত্ব দিবলগীয়া বয়সো হোৱা নাই তাইৰ,যদিহে মোৰ পঢ়া-শুনা আৰম্ভ কৰা বয়সৰ লগত তাইক তুলনা কৰোঁ।মই নিজে ছবছৰ বয়সতহে প্ৰথম স্কুললৈ গৈছিলোঁ৷ অকল মই বুলিয়েই নহয়, আমাৰ বয়সৰ প্ৰায়বোৰৰেই স্কুলীয়া শিক্ষা আৰম্ভ কৰাৰ বয়স ছয় বছৰ।আমিবোৰ “তুমি

Read more

অৱনী মেধিৰ চাং বঙলা – বৈদুৰ্য্য বৰুৱা

এই যে বাসুটো,সঁচাকৈয়ে এক ৰহস্যময় প্ৰাণী৷ একোটাহঁত কথা সি সঁচাকৈয়ে কয় নে মিছাকৈয়ে কয় ভগৱানে জানে৷ কিছুসময়ৰ কাৰণে এক ৰহস্যময় পৰিস্থিতি সৃষ্টি কৰি মূৰটো গধুৰ কৰি থৈ গুচি যায়। অলপ দেৰিৰ আগতে বাসুৱে আহি মোক যিটো ঘটনা শুনাই থৈ গ’ল সেই ঘটনাটো আপোনালোকক ক’লে আপোনালোকৰ মাজৰ কোনোবাই হয়তো খন্তেকৰ বাবে কিবা বেবেৰিবাং চিন্তাৰ মাজত সোমাই পৰিব আৰু হয়তো কাৰোবাৰ মনৰ মাজত এটা প্ৰশ্নৰো উদয় হ’ব যে-আচলতে সঁচা কোন? মই নে বাসু?? কিন্তু মই এইটোও সম্পূৰ্ণভাৱে বিশ্বাস কৰোঁ যে বাসুৰ কথা

Read more

ৰে’ল-যাত্ৰাত লটিঘটি – অনুৰূপ মহন্ত

বিভিন্ন সময়ত আমি সকলোৱেই বিভিন্ন যাত্ৰা কৰিছোঁ ৷ কেতিয়াবা প্লেনত, কেতিয়াবা ট্ৰেইনত আৰু কেতিয়াবা বাছ বা সৰু গাড়ীত। এই যাত্ৰাসমূহৰ কিছুমান অভিজ্ঞতা আৰু লটিঘটি আমাৰ মনত ৰৈ যায়। ৰে’ল-যাত্ৰাৰ অভিজ্ঞতাবিলাক সাধাৰণতে মনত থাকি যায়। তেনেকুৱা দুটামান মনত ৰৈ যোৱা যাত্ৰাৰে কাহিনী ক’বলৈ ওলাইছোঁ। এই কাহিনী সম্পূৰ্ণ সঁচা। (১)প্ৰথম যাত্ৰা দেৰগাঁৱৰ পৰা ছিলভাচ্ছা (দাদৰা আৰু নগৰ হাভেলী) ************************************* ২০১১ চন, জুলাই মাহ। ইতিমধ্যে মই পলিটেকনিক (টেক্সটাইল) সমাপ্ত কৰি উঠি এবছৰ গুৱাহাটীৰ মিল এটাত চাকৰি কৰি ঘৰলৈ আহিছিলোঁ। তেনেকুৱাতে খবৰ পালোঁ যে-ছিলভাচ্ছাত

Read more

মৰমৰ – উত্তৰা শৰ্মা বৰুৱা

মৰমৰ মোৰ দেহলাও, জন্ম হোৱা দিন ধৰি সাঁচি ৰখা ভালপোৱাবোৰ যাচিলোঁ তোমালৈ।আশা কৰোঁ অনাদৰ নকৰি বুকুত আলফুলে সাবটি ল’বা। সোণ, যদিও একেলগেই দুইটাই জন্ম লৈছিলোঁ,একেলগেই ডাঙৰ দীঘল হৈছোঁ তথাপিও আমাৰ মাজত সদায়ে কিমান দূৰত্ব !! তুমি আগবাঢ়িলে মই এখোজ পিছ পৰি ৰওঁ,আকৌ মই এখোজ আগুৱালে তুমি পাছ পৰি ৰোৱা। ভগৱানৰ লীলা চোৱাচোন, কাষতে থাকিও আমি কিমান দূৰ ! দুখ লাগে,খুউব দুখ লাগে ৷ মন যায় সকলো বাধা যেন ভাঙি পেলাম,কিন্তু তেতিয়া যে সমাজে আমাক হাঁহিব। তোমাৰ কষ্ট হৈছে ন ?

Read more

বিয়া বুলিলেই – হিমাশ্ৰী ভাগৱতী

বিয়াৰ কেইমাহমানৰ আগৰ দৃশ্য৷ দুৰন্ত গতিৰে বিয়াৰ প্ৰস্তুতি চলিছে৷ প্ৰত্যেকদিনাই দুপৰীয়া ঘৰত ভাতসাঁজ খায়েই ওলাই গৈছোঁ মানুহ মাতিবলৈ৷ গুৱাহাটীত থকাৰ সূত্ৰে প্ৰথমে গুৱাহাটীত থকা চিনাকীসকলৰ পৰাই মানুহ মতা পৰ্ব আৰম্ভ কৰিছোঁ৷  চহৰখনৰ ইমূৰৰ পৰা সিমূৰ দিহিঙে-দিপাঙে ঘূৰি বিয়াৰ নিমন্ত্ৰণী পত্ৰ দি চাহ-বিস্কুট খোৱা কামটো কৰি থাকোঁতে ভাবিছোঁ-এইটো পেট নহয় যেন হট-ৱাটাৰ বেগহে ! অৱশ্যে এফালৰ পৰা চাবলৈ গ’লে হয়ো দিয়কচোন৷ ইমান বছৰৰ মূৰত গৈছোঁ মানুহৰ ঘৰলৈ৷ (আজিকালি সঘনাই মানুহৰ ঘৰলৈ গৈ থাকিবলৈ সময়-সুবিধাই নিমিলেচোন !) গতিকে গৃহস্থই আলহীক শুদা মুখেৰে

Read more

ফটাপদ্য – নীলাঞ্জনা মহন্ত

(১) গাৰু আৰু গিলিপ, চুলি আৰু কিলিপ ফুল মানে টিউলিপ, আপী মানে দিপলিপ ইটিয়ে সিটিলৈ ভাবে মাজত কোনে মাতে ভাতপানী খাই ফুট গধূলিতে গায় ‘চুইট শ্লিপ’। (২) চকু আৰু চশমা, আচাৰ আৰু বৰমা, জিভা আৰু খুৰমা, গান মানে নিৰমা, ইগিলা বুনিয়া ভূজিয়া ভৰি আছে এই দুনিয়া তাকে মিলাই নিমখ নিদিয়া বনালোঁ এভাজি কবিতা। (৩) আকাশ আৰু পাতাল, সাধু আৰু মাতাল শুকান আৰু ৰসাল, কেটেঙা আৰু পেটাল আঠটা ভাই ককাই আৰু কেওকিছু নাই দহে ভাবে, এই অষ্টমৰ আছে কিহৰনো আকাল। ☆★☆★☆

Read more
1 2 3 4 5 9