ফটাঢোল

কৌতুক – ডাঃ পার্থসাৰথি ভূঞা

১) ল’ৰা-ছোৱালীৰ মাজত দুৰ্ঘোৰ প্ৰেম। ল’ৰাৰ দাবীত বাপেকে এদিন ছোৱালীৰ বাপেকক লগ কৰিবলৈ গ’ল। চিনাকি পৰ্বৰ পাছত সুধিলে, : আপোনাৰ ছোৱালীয়ে বৰ্তমান কি কৰি আছে? ছোৱালীৰ বাপেক : তাই অভিনয় কৰে। ল’ৰাৰ বাপেক : ভাল ভাল, ক’ত কৰ নো? চিনেমা, চিৰিয়েল নে থিয়েটাৰত? ছোৱালীৰ বাপেক : নহয় মানে তাই ‘টিকটক’ত কৰে। আৰু আপোনাৰ ল’ৰাই? ল’ৰাৰ বাপেক : অ’ দুয়োটা ভাল মিলিব দিয়ক তেন্তে। মোৰ ল’ৰাই আৰ্মীত কৰে। সি সৈনিক ‘পাব জি’ত।   ২) হোমৰ গুৰিত দৰা আৰু কইনা। পূজাৰীৰ মন্ত্ৰপাঠ

Read more

কৌতুক – পূৰ্ণময়ী মেধি

(এক) দেৱজিৎ – সোনটো, ফৰেইন আৰু ইণ্ডিয়াৰ মাজত এটা চলিড পাৰ্থক্য কোৱাচোন? সোনটো – কি ক’ম দোস্ত! ফৰেইনত ৰাস্তাত চুমু খাব পাৰি, চুচু কৰিব নোৱাৰি আৰু ইণ্ডিয়াত ৰাস্তাত চুচু কৰিব পাৰি, চুমু খাব নোৱাৰি। হাউ দিচগাষ্টিং! (দুই) ইমনে ৰঞ্জনদাক সুধিছে, “পাপা ৰং কেইটা?” বাপেকে বোলে, “সাতটা”। “হেৰি, হেৰি…” (আহিল নহয় ভিতৰৰপৰা মাত) “কি শিকাইছেহে আপুনি? ৰং মাত্ৰ সাতটা! ওলাওক, ওলাওক, আজি গম পাব। ইমন বেবী আঁহা আমি ফুফু যাম।” বাপেক জীয়েকে একো বুজি পোৱা নাই। মুখ মেলিলে কথা বিষমহে হ’ব।

Read more

কৌতুক – পদ্মলোচন ভৰদ্বাজ

বাছৰ এজন পুৰুষ যাত্ৰীয়ে এগৰাকী মহিলা যাত্ৰীক কাণতলীয়া চৰ দিয়াৰ মোকৰ্দমা কৰ্টত চলি আছিল। জজ : তুমি তেখেতক থাপৰ কিয় মাৰিছিলা?” পুৰুষ যাত্ৰী : জজ চাহেব এই মহিলাগৰাকী মোৰ কাষতে বহিছিল। কণ্ডাক্টৰজনে বাছৰ ভাৰা ল’বলৈ আহিছিল আৰু তেতিয়া এই মহিলাই ডাঙৰ ভেনিটীটো খুলিলে, তাৰ পৰা মজলীয়া পাৰ্ছ এটা উলিয়ালে, ডাঙৰ ভেনিটী বন্ধ কৰিলে, মজলীয়া পাৰ্ছ খুলিলে, তাৰ পৰা সৰু পাৰ্ছ এটা ওলালে, মজলীয়া পাৰ্ছটো বন্ধ কৰিলে, এনেকুৱাতে কণ্ডাক্টৰজন সন্মূখৰ ফালে গুছি গ’ল। আকৌ তাই মজলীয়া পাৰ্ছটো খুলিলে, তাত সৰু পাৰ্ছটো

Read more

কৌতুক – মাধুৰ্য্য কুমাৰ ডেকা

আমাৰ চুবুৰীলৈ গাখীৰ দিবলৈ অহা সেই বিহাৰী ল’ৰাটোৰ কথাকে পুনৰ লিখিবলৈ ওলাইছোঁ‌৷ সি চালাক বুলি জানিছিলোঁ‌৷ কিন্তু ইমান চালাক হ’ব পাৰে সেয়া সপোনতো ভবা নাছিলোঁ‌৷ যোৱা সপ্তাহৰ কথা। আগৰ দৰে সেইদিনাও সি গাখীৰ দিয়াৰ উদ্দেশ্যে আমাৰ চুবুৰীলৈ আহিল৷ তেনে সময়তে আমাৰ বৰুৱানী খুড়ীয়ে তাক আদবাটতে ৰখাই কিছু খঙেৰে সুধিলে-“অ’ই, তই যে গাখীৰ ডুপ্লিকেট কৰিবলৈ লৈছ’ কিয়? সিদিনাৰ গাখীৰখিনি দেখোন চব পানী৷ কোনেও একো নকয়তো সাহ পাইছ? আমাক বাৰু নালাগে কিন্তু ভগৱানলৈতো ভয় কৰ!” ল’ৰাটোৱে চাইকেলখন ষ্টেণ্ড কৰি বৰুৱানীলৈ চাই ক’লে-

Read more

খুৰী আৰু কলগেট – অমূল্য কুমাৰ কলিতা

(এখন চহৰত স্থায়ীভাবে বসবাস কৰা খুব সম্ভ্ৰান্ত অৱস্থাৰ খুৰাকৰ ঘৰলৈ পাপুয়ে ৰাতি থকাকৈ গৈ, ৰাতিপুৱা মুখ ধোৱাৰ বাবে বেগৰ পৰা টুথব্ৰাছডাল উলিয়াই লৈ খুৰীয়েকৰ ওচৰলৈ গ’ল।) পাপু — খুৰী টুথপেষ্ট ক’ত আছে? খুৰী — তাৰমানে? পাপু — দাঁত ঘঁহা মলম। খুৰী — অ তোমালোক গাঁ‌ৱৰ মানুহবোৰে কোৱা কথাবোৰ মই বুজিবকে নোৱাৰো। দাঁত ঘঁহা মলমক টুথপেষ্ট নকয় নহয়। কলগেটহে বোলে। পাপু — দিয়ক কলগেট হ’লেই হ’ব। খুৰী — দাঁতৰ ডাক্তৰে আমাৰ ঘৰৰ সকলোকেইটাকে দাঁত ব্ৰাছ কৰাৰ বাবে চেঞ্চোফৰ্ম নামৰ এবিধ কলগেট

Read more

কৌতুক – ঋতুপৰ্ণ শৰ্মা

পুত্ৰ : পাপা পাপা, মায়ে আচলতে কি বিচাৰে… মই কনফিউজ হৈ যাওঁ জানানে! দেউতাক : নাপায় মাৰ কথা তেনেকৈ ক’ব। কি হ’লনো মোক ভালকৈ বুজাই কোৱাচোন। পুত্ৰ : চোৱাচোন সিদিনা মই ইংৰাজীৰ পৰীক্ষাত ৮৫ নম্বৰ পোৱাৰ বাবে মোক ইমান গালি পাৰিলে বোলে তোমাৰ বাকী ১৫ নম্বৰ কলৈ গ’ল। আজি আকৌ অসমীয়াত ৯৮ নম্বৰ পোৱাৰ বাবে চাৰক গালি দি আছে বোলে বহী ভালকৈ চাইনে নাচায়, ইমান নম্বৰ দিছে যে! মই এতিয়া কি কৰোঁ‌ কোৱা? দেউতাক : একো নাই বাবা, তুমি মাৰাৰ

Read more

জীয়াই থকাৰ হেঁপাহ – ৰাকেশ শৰ্মা

এজন ৰোগী ডাক্টৰৰ ওচৰলৈ গৈছিল বেমাৰ দেখাবলৈ। সকলো পৰীক্ষা কৰি ডাক্টৰ নিশ্চিত হ’ল যে তেখেতৰ কেঞ্চাৰ আছে আৰু বেছি দিন জীয়াই নাথাকে। সেয়ে ডাক্টৰে ৰোগীক ক’লে “আপুনি মাত্ৰ ছয়মাহ জীয়াই থাকিব।” ডাক্টৰৰ কথা শুনি ৰোগীয়ে ভুত ভৱিষ্যতৰ সকলো কথা এফালৰ পৰা চিন্তা কৰিবলৈ ল’লে। সকলো চিন্তা কৰাৰ পিছত মনতে কৃত্ৰিম খং সৃষ্টি কৰি জেপৰ পৰা পিস্তলটো উলিয়াই ডাক্টৰৰ বুকুত তিনিটা গুলি সোমোৱাই দিলে। ডাক্টৰ জেগাতে চেতেপ। তাৰপিছত ক’ৰ্টত কেছ হ’ল, ৰোগীজনক দোষী সাব্যস্ত কৰি মুঠতে 20 বছৰ জেইল দিলে। ক’ৰ্টৰ

Read more

কৌতুক – শান্তনু বৰপূজাৰী

  আজি ৰাতিপুৱাই পত্নী : হেৰা শুনিছানে, তোমাৰ লগৰটোৱে যে সেই পাগলীজনীক বিয়া পাতিবলৈ লৈছে তুমি মানা নকৰা কিয়? পতি : মৰক সি, মই কিয় মানা কৰিম, সি মোক মানা কৰিছিল নেকি? ☆ ★ ☆ ★ ☆

Read more

কৌতুক – সঞ্জীৱ কুমাৰ মহন্ত

 বাপেক : (পুতেকক উদ্দেশে )….হেৰ’ তই নপঢ়ি নুশুনি কৰিবি কি হা? পুতেক : দেউতা প্ৰথমে মই বাছৰ হেন্দিমেন কৰিম…তাৰ পিছত বাছ চলাম…লাহেকৈ…নিজে বাছ ল’ম….ফলমূল আদিৰ বাগান খুলিম…ঘৈণীক পঢ়ায় কালেক্টৰ বনাম….ফেক্টৰী খুলিম….. আৰু গাঁ‌ৱত আপোনাৰ নামত এখন হস্পিতেল খুলিম…. বাপেক : (চেণ্ডেলেৰে ৪/৫ চাট দি…) চাল্লা কুকুৰ তই আজিও সূৰ্যবংশম চাই আহিছ…ন….। হাৰামী…সেইখনে চোবাইছে তোক…suryabansm চায়.. হুহ। ☆ ★ ☆ ★ ☆

Read more

নিমখৰ পাত্ৰ : পল্লবী কলিতা

দুদিনীয়া চুটিত শহুৰৰ ঘৰলৈ বুলি ওলালোঁ‌ আমাৰ পৰিয়ালটো। এৰাতি তাত আৰু এৰাতি মাৰ ঘৰত থাকিমগৈ। ঘৰ গৈ পাই গম পালোঁ‌ দেৱৰৰ ভিষণ য়ুৰিক এচিড(uric acid)। ঘৰত আলোচনাৰ মেইণ টপিক সেইয়াই হ’ল আমাৰ। পিছদিনা যাব ওলাইছোঁ‌ কিন্তু কথাৰ ভমকত সিফালে যাবলৈ দেৰিয়ে হৈছেগৈ। আকৌ মাহঁ‌তৰ ফোনৰ উপৰি ফোন! কেতিয়া আহিবি, কেতিয়া আহিবি– বুলি, দিনৰ সাঁজ ৰাতিলৈহে খাবিহি নেকি! মানুহটো ইপিনে মাকৰ লগত কথা পাতি আছে পাতি আছে,পাতিয়েই আছে। মইনো কি কম! গৈ আছোঁ‌ বুলি বাৰে বাৰে ফাঁকি মাৰি আছোঁ‌ আৰু! অৱশেষত

Read more
1 11 12 13 14 15 32