ফটাঢোল

ব্লেকমেইল – জিতা ফুকন

জীয়েকে মাকক কৈছে, : মা টকা পাঁচশ দিয়াচোন৷ বহুত ডাঙৰ কাম এটা আছে৷ মাক, : নেপাৱ নেপাৱ, কালি দুশ টকা নিছিলিহে৷ জীয়েক, : ঠিক আছে নিদিয়া যদি নাই৷ দিয়া হ’লে কালি দেউতাই কামকৰা বাইজনীক কি কৰিছিল কলোঁহেঁতেন৷ মাক, : হুঁ, এয়া এহেজাৰ টকা ল আৰু এতিয়া ক, দেউতাৰে কি কৰিছিল মানুহজনীক৷ জীয়েক, : কি কৰিব আৰু কাপোৰবোৰ ভালকৈ নাই ধোৱা বুলি উৰাই ঘূৰাই গালি পাৰিছিল আকৌ৷ মই যাওঁ দেই মা বাই বাই৷ ☆★☆★☆

Read more

ম’হ বৃতান্ত – যোগেন্দ্ৰ ভূঞা

: দেউতা মহিষী মানে কিনো ? এইযে বাতৰি কাগজ টিভিত দিয়ে। : তাকো নেজান তই? : মাইকী ম’হ বুজিছ। বিপৰীত লিঙ্গ মহিষ। : অ এতিয়াহে বুজিছোঁ। আৰু এই যে মাতামহ পিতামহ, তাৰমানেনো কি? : ওৱাই একো ডালেই নেজান। পথাৰত চৰি থকা ম’হজনী অই অই কৈ মাতা আৰু গুৰুলা গুৰুল কৈ পিটা। তাকে কয় মাতামহ আৰু পিতামহ। : থাংকীও দেউতা। উম্মাহ। এইবাৰ মই অসমীয়াত লেটাৰ টেলিগ্ৰাম সব লৈ আছোঁ চাই থাকা। ☆★☆★☆

Read more

কৌতুক – মন্দিৰা শৰ্মা

পৰীক্ষা দি আহি ছোৱালীয়ে মাকক দুটামান প্ৰশ্নৰ উত্তৰ হৈছে নে নাই সুধিলে। প্ৰশ্ন কেইটা সুধি, ছোৱালী: মা, এইটোৰ উত্তৰ ivory হ’বনে silver হ’ব? মা: তুমিনো কি লিখিলা বাৰু? ছোৱালী: মোৰ অলপ কনফিউজন আছিল৷ সেইকাৰণে মাজত শ্লেছ দি দুইটায়ে লিখিলোঁ ivory/ silver। আৰু এটা উত্তৰ চিয়’ৰ নাছিলোঁ। সেইটোও তেনেকৈ লিখি আহিলোঁ। জীৱ/জন্তু। মা: ধেই উত্তৰত তেনেকৈ অপচন দি নিলিখে নহয়। একজেক্ট উত্তৰটো হে লিখে। মেদামে কেনেকৈ নম্বৰ দিব তাত। ছোৱালী: এ হ’ব দিয়া আৰু। মই দুটা অপচন হে দিছোঁ। মেদামৰ যিটো

Read more

কৌতুক – ৰাকেশ শৰ্মা

১/ হঠাৎ কালি জুবিনৰ অনুৰাগী এজনক লগ পাই সুধিলোঁ, : জুবিন দাক ভাল পোৱাৰ পিছত তুমি উল্লেখনীয় কি কাম কৰিলা? অনুৰাগী: ফেচবুকত নামৰ আগত ZG লিখিলোঁ৷ ২/ আজি মই নিজৰ ৱালেট, ঘড়ী আৰু মোবাইল এটা ল’ৰাক দান কৰি দিলোঁ। মোৰ সুখ দেখি আপোনালোক আচৰিত ন’হব। বস্তুখিনি দিয়াৰ পিছতে হেৰামিটোৱে বন্দুকটো পিছফালৰ পকেটত ভৰাই থ’লে। ☆★☆★☆

Read more

কৌতুক – পল্লৱী কলিতা

এটা ৰোমাণ্টিক গধুলি! মই: তুমি মোক কিমান ভাল পোৱা? অভিজিত দা: সৌ আকাশৰ তৰা যিমান মই তোমাক সিমান ভাল পাওঁ জানা৷ মই: কিন্তু আকাশত আজি এটাও তৰা নাই দেখোন? অভিজিত দা: উমম!! একজেক্টলি !!!! ☆★☆★☆

Read more

কৌতুক – দিপাংকৰ চৌধুৰী

থুলুকক বিদ্যালয়ত হৈ থকা চতুৰ্থ মূল্যায়নৰ পঞ্চম শ্ৰেণীৰ ছাত্র ছাত্ৰীৰ বহি চাবলৈ লৈ ধাপলাংখাই পৰি যোৱা কাণ্ড এটা সংঘটিত হৈছে বুলি খবৰ আহিছে। আহকচোন ৰাইজ ছাত্ৰ ছাত্ৰীসকলে মূল্যায়ন বহীত কি নো লিখিছিল চাই ল‌ওঁ আমিও- প্ৰশ্ন ১-কুটীৰ শিল্প দুটাৰ নাম লিখা। উত্তৰ-এক কোটিৰ শিল্প আৰু দুই কোটিৰ শিল্প। প্ৰশ্ন২-(বাক্য ৰচনা কৰা)-খুটি পোতা উত্তৰ-বুঢ়া মানুহজনে খোজ কাঢ়িবলৈ চোতালত খুটি পোতি লৈছিল। ☆★☆★☆

Read more

কৌতুক – নিয়ৰ

সেইদিনাখন ডিব্ৰুগড়লৈ গৈছিলোঁ বাছত। মৰাণত মানুহ দুগৰাকী উঠিল। ছিট খালি আছিল এটা। দুয়ো আকোৰগোঁজ দুয়োকে বহিবলৈ লাগে। কিছু সময় তেনেকৈয়ে চলি থাকিল কাজিয়া। ওচৰতে তেনেকৈ কাজিয়া লাগি যোৱা বাবে সহ্য কৰিব নোৱাৰি মই লাহেকৈ ক’লোঁ, : আপোনালোকে ইমানকৈ কাজিয়া লগাত কৈ এটা কাম নকৰে কিয়?? বয়সস্থ গৰাকী বহি লওক। বিশ্বাস কৰক ডিব্ৰুগড় লৈকে ছিটটো খালি হৈয়ে গ’ল। ☆★☆★☆

Read more

Me Too – তুষাৰ ফুকন

ঘৰৰ বন কৰা মহিলা চম্পা: দাদা, মীটু (Me too) বস্তুটো কি? মণ্টু: চুপ থাক, তোৰ দৰমহা ৫০০ টকা বঢ়াই দিম (চম্পাৰ মনত খুব স্ফূৰ্তি কিন্তু Confused)…. চম্পা (স্বামীক): হেৰা, এই মীটু বস্তুটো কি? চম্পাৰ গিৰিয়েক হৰি: কিয় লাগে? চম্পা: আজি মণ্টু দাদাক সুধিছিলোঁ, তেওঁ লগে লগে ৫০০ টকা দৰমহা বঢ়াই দিলে। হৰিয়ে দুই চৰ মাৰি চম্পাক ঘৰৰ বাহিৰ কৰি দিলে। চম্পা আকৌ Confused… চম্পাই ভনীয়েকক গৈ গোটেই ঘটনাটো ক’লে। চম্পাৰ ভনীয়েকে বায়েকক নি ভিনিহিয়েকৰ কাষলৈ গৈ সুধিলে, : ভিনদেউ এই

Read more

কৌতুক – বিজয় মহন্ত

শ্ৰেণী কোঠাৰ পৰা নগেন: শইকীয়া চাৰ আপোনাৰ হবী কি? শইকীয়া ছাৰ: জ্যোতিষ চৰ্চা কৰা। গজেন: মোৰ জন্ম ইমান চনৰ ইমান তাৰিখে। সোৱৰণীৰ নাম অমুক। মোৰ চাই দিয়কছোন। শইকীয়া ছাৰ: হেৰৌ মই এনেকৈ নাচাওঁ। বিয়াঘৰত হে হাত চাওঁ। থোলোক: অ সেয়ে বিয়াঘৰত মহিলাসকলে আপোনাক আগুৰি ধৰি থাকে ন ছাৰ? আৰু মহিলাৰ হাতত ধৰি তেওলোকৰ ভৱিষ্যৎ কৈ থাকে মানে? ☆★☆★☆

Read more
1 17 18 19 20 21 32