ফটাঢোল

কৌতুক-ৰিণ্টুমনি দত্ত

আজিৰ পৰা প্ৰায় ২০/২৫ বছৰ আগৰ কথা। এখন বিদ্যালয়ত এজন শিক্ষকে “ব্ৰহ্মপুত্ৰ নদীৰ গতিপথ” পাঠটি পঢ়াই আছিল। ঠিক সেই সময়ত পৰিদৰ্শক এজন আহি পাঠদান শুনি আছিল। শিক্ষকজনে বুজাই আছে….” ব্ৰহ্মপুত্ৰ নদী  বংগোপ সাগৰৰ পৰা ওলাই বাংলাদেশ হৈ অসমৰ মাজেৰে বৈ…….হিমালয় পৰ্বতৰ মানস সৰোবৰত উঠিছে….।” শিক্ষকজনৰ পাঠদান শুনি পৰিদৰ্শকজনে তেখেতক অফিচলৈ মাতি নি ক’লে..”আপুনিতো সৰ্বনাশ কৰিলে। ছাত্ৰ-ছাত্ৰীক কি শিক্ষা দিছে এইবোৰ? ব্ৰহ্মপুত্ৰ নদীখন ওলোটাকৈ বোৱাই দিলে যে……। শিক্ষকজনে একেবাৰে জাঙুৰ খাই উঠি ক’লে “আপুনি কি কথা কয় হে? আজি ৫ মাহে

Read more

কৌতুক-পদ্মলোচন ভৰদ্বাজ

বহুসময় ধৰি ইণ্টাৰভিউ চলি আছে৷ অফিচৰ পিয়নে লিষ্ট অনুসৰি অপেক্ষাৰত এজন এজনকৈ কেণ্ডিডেটৰ নাম মাতি গৈছে আৰু সেইমতেই সকলোৱে ভিতৰলৈ সোমাই ইণ্টাৰভিউ দি দি ওলাই আহিছে৷ এনেতে এজন কেণ্ডিডেট ওলাই অহাৰ পিছত, পিয়নজনে গলখেকাৰি মাৰি  চিঞৰিলে : “টিয়া বাৰিক”! নাই, কোনো উঠি নাহিল৷ পুনৰ পিয়নজনে জোৰকৈ চিঞৰিলে,  ‘টিয়া বাৰিক’। কিন্তু কোনেও পাত্তাই নিদিলে।  পিয়নজনে ইণ্টাৰভিউত বৰ্ডৰ মানুহকেইজনক কথাটো জনালে৷ বৰ্ডৰ চিনিয়ৰ মানুহজনে ক’লে, কেণ্ডিডেটজন হয়তো অলপ পিছত আহিব পাৰে। গতিকে কিছুসময়ৰ পিছত পুনৰ এবাৰ মাতি চাবা৷ পিছৰজনক মাতা৷ বচ! ইণ্টাৰভিউ

Read more

কৌতুক-আদিত্যজ্যোতি বৰঠাকুৰ

এবাৰ আমেৰিকাত এখন বিমান উৰি থকা সময়ত বেয়া বতৰৰ কাৰণে ওপৰতে লুটি বাগৰ খাবলৈ ধৰিলে। যাত্ৰী সকলৰ মাজত হুৱা-দুৱা লাগিল! পাইলট জনে বহু কষ্ট আৰু কৌশল প্ৰয়োগ কৰি পাহাৰ-পৰ্বতৰ মাজেৰে অবশেষত বিমানখন অবতৰন কৰোৱালে। বিমানৰ পৰা নমাৰ লগে লগে পাইলট জনক মানুহে ঘেৰি ধৰিলে, আৰু সুধিলে…….. ইমানবোৰ কৌশল,অনুভৱ আপুনি কৰ পৰা আয়ত্ব কৰিলে? পাইলটজনে গম্ভীৰভাবে উত্তৰ দিলে….. আগতে মই গুৱাহাটীত চিটিবাছ চলাইছিলোঁ। ☆ ★ ☆ ★ ☆

Read more

প্ৰশংসা-ৰাকেশ শৰ্মা

বৰুৱাৰ বিয়া পতা প্ৰায় বিশবছৰেই হ’ল। সংসাৰ ঠিকেই চলি আছিল। কেতিয়াবা খুটখাট কিবা এটা লাগে, কিন্তু ভাল হৈ যায়। তথাপি বৰুৱানীৰ এটা অভিযোগ সদায় থাকে, বৰুৱাই কেতিয়াও বৰুৱানীৰ হাতৰ খাদ্যৰ বিশবছৰে শলাগ লৈ পোৱা নাই। তাকে লৈ বৰুৱানী ভিতৰুৱাকৈ নাৰাজ হৈ থাকে। বৰুৱাই সেই কথাটো উপলব্ধি কৰে যদিও ভিতৰি হজম কৰি থৈ দিয়ে বিষয়টো। এদিন নহয় এদিন কিবা এটা বিধান ওলাব। এদিন অফিচৰ পৰা বৰুৱা ঘৰলৈ আহি থাকোঁতে ৰাস্তাত এজন সাধুবাবা লগ পালে। বাবাই বৰুৱাক লগ পাই খাবৰ কাৰণে কিবা

Read more

গগৈ পুৰাণ-লক্ষ্যদ্বীপ গগৈ

১) ছোৱালী তিৰোতাই JEC-ৰ অৰ্ণৱৰ পৰা এতিয়া আনন্দ মিশ্ৰালৈকে মাহেকে-পষেকে কিমান ক্ৰাশ্ব সলনি কৰিলে তেতিয়া একো নহয়, কিন্ত আমি নিজৰজনীক বাদ দি বেলেগ এজনীৰ ফালে চালেই পৰকিটি লৰাৰ নাম পাওঁ। এনেকুৱা কিয় অন্যায়। পোচতা হে ভাৰত ২) জিমতকৈ বেছি কেলৰি বাৰ্ণ আৰু এক্সচেৰচাইজ ঘৰ মোছা আৰু বাচন ধোৱা কৰিলে হয়। এজন আত্মনির্ভৰশীল গিৰিয়েক ৩) পৃথিৱীৰ আটাইতকৈ কঠিন প্ৰশ্নটো হৈছে “আৰু কোৱা??” আৰু তাতকৈ কঠিন প্ৰশ্নটো হৈছে ইয়াৰ উত্তৰটো “ভালেই, তুমি কোৱা।” ৪) কোনে কয় পুৰুষ হোৱা সহজ। বাহিৰত মুখত মাস্ক

Read more

কৌতুক-ডাঃ পার্থসাৰথি ভূঞা

(১) অসমৰ এজন বয়সস্থ মানুহ কিবা এটা কামত গেংটকলৈ গৈছিল। আহিবৰ দিনা তেওঁ থকা হোটেলখনৰ ৰূমতে তেওঁৰ ছাতিটো এৰি আহিল। বাছ আস্থানত কথাটো মনত পৰি তেওঁ লৰালৰিকৈ হোটেলখনলৈ ঘূৰি গৈ ৰূমটোত সোমাবলৈ খোজোঁতেই ভিতৰত কাৰোবাৰ কথোপকথন শুনিলে। আচলতে নতুনকৈ বিয়া হৈ হনিমুনলৈ যোৱা নিলাক্ষী আৰু মৃণালে ইতিমধ্যে সেই ৰূমটো লৈছিল। তেওঁ শুনিলে মৃণালে নীলাক্ষীক কৈছে, : এই ধুনীয়া চকুযুৰি কাৰ? নীলাক্ষীয়ে উত্তৰ দিলে, : তোমাৰ তোমাৰ : এই ধুনীয়া চুলিখিনি কাৰ ? : তোমাৰ তোমাৰ : এই ধুনীয়া মুখখন কাৰ?

Read more

কৌতুক – ৰিণ্টুমনি দত্ত

কলিতাই সন্ধিয়া অফিচৰ পৰা উভটি আহোঁতে প্ৰায়ে এটুপি ধৰি আহে। সেই দিনাখনো একেই কাহিনী। টিভিৰ সন্মুখত বহি মন্ত্ৰী-বিধায়কবোৰক উধাই-মুধাই গালি দিবলৈ আৰম্ভ কৰিলে। একো কাম নাই এই অপদাৰ্থবোৰৰ। মই হোৱা হ’লে একেদিনাই দেশখনৰ  চেহেৰাই সলাই  পেলালোহেঁতেন। পাকঘৰৰ পৰা ওলাই আহি কলিতানীয়ে লাহেকৈ মাত দিলে, : দেশখন বাৰু পাছে পৰে সলাব, লুঙী বুলি যে সন্ধিয়াৰ পৰাই মোৰ সেই মেখেলাখনকে পিন্ধি আছে সেয়া আগতে সলাই লওক ☆ ★ ☆ ★ ☆

Read more

শান্তি-কৃষ্ণ দাস

কাজিয়া লাগি ঘৈণীয়েক মাকৰ ঘৰলৈ গুছি গ’ল৷ বেচেৰা গিৰিয়েকে বাৰে বাৰে তাইলৈ ফোন কৰি থাকে৷ ফোনটো ধৰে শাহুৱেকে৷ শাহু : কিমানবাৰ কৈছোঁ, তাই তোমাক বেয়া পাইছে আৰু তাই কাহানিও তোমাৰ ঘৰলৈ ঘূৰি নাযায়৷ কোৱাৰ পিছতো তুমি বাৰে বাৰে কিয় ফোন কৰি আছা হে? গিৰিয়েক : (সন্তুষ্টিৰে) আপোনাৰ এই কথাখিনি শুনি কিমান ভাল লাগে, আপুনি কি বুজিব৷ ☆ ★ ☆ ★ ☆

Read more

কৌতুক – ৰাজশ্ৰী শৰ্মা

এবাৰ ল’ৰা এটাই জ্যোতিষীৰ ওচৰলৈ গ’ল। “মই আজি ছোৱালী এজনীক প্ৰপ’জ দি আহিছোঁ। মোৰ লগত তাইৰ বিয়া হ’ব নে নাই চাই দিয়ক না।” জ্যোতিষীয়ে ক’লে-তাইৰ হাতৰ ৰেখা চাব লাগিব। তাইক লৈ আহা, নাইবা হাতৰ জেৰক্স এটা আনা। ল’ৰাজনে দেখুৱালে কিন্তু জ্যোতিষীয়ে নোচোৱাকৈয়ে ‘নহ’ব’ বুলি কৈ দিলে। কাৰণ সি ছোৱালীজনীৰ হাতৰ ৰেখা নিজৰ গালত দেখুৱাইছিল। ☆ ★ ☆ ★ ☆

Read more

কৌতুক-কৰৱী দেৱী

পতি : হেৰা মোকো অলপ ৰাজনীতি শিকাবাচোন। পত্নী : আগতে কেৰাহীখনৰ তেলখিনি গৰম হৈছেনে নাই আঙুলিটো ভৰাই চোৱাচোন। পতি : হেই কি কথাবোৰ কোৱা? মাৰিব খুজিছা মোক?  পত্নী : সেয়াহে, মোৰ ওপৰত বিশ্বাসেই নাই কি ৰাজনীতি শিকিবা।  পতি : কেনেবাকৈ তেলখিনি যদি গৰম হয়?  পত্নী : আৰে, সেইখিনি কালিৰে তেল। কেৰাহীখনতে আছিল। মই কেৰাহীখন পাতিছোঁহে মাত্ৰ, ক’ৰপৰা গৰম হব? পতি : অ’ হয় নেকি হাঃ হাঃ হাঃ! মই মিছাতেই টেনশ্যন লৈ আছিলোঁ। অ’কে ছুইটহাৰ্ট, এয়া চোৱা দিলোঁ ভৰাই আঙুলিটো৷  পত্নী

Read more
1 3 4 5 6 7 32