ফটাঢোল

অস্তিত্বৰ ত্ৰি-সত্তা-ড° দীপশিখা ভাগৱতী 

দ্বৈত সত্তা আৰু  ফ্ল’ৰা ৰিটা শ্বিবাৰৰ ‘চিবিল’ বহুবছৰ আগেয়ে, অসমৰ এখন বিখ্যাত আলোচনীত (এতিয়াও এই আলোচনীখনৰ পাঠক কমা নাই) এটা চুটি প্ৰবন্ধ পঢ়িছিলোঁ- “আপুনি বেয়া পালেই এজন মানুহ বেয়া হ’ব পাৰেনে?” দুখিতঃ, লেখকগৰাকীৰ নাম মনত পেলাব পৰা নাই৷ তেতিয়া আমি বিশ্ববিদ্যালয়ৰ ছাত্ৰী৷ বিশ্ব সাহিত্যৰ বহু সৃষ্টিয়েই মানুহৰ মনস্তাত্বিক জটিলতাৰ ওপৰত আধাৰিত৷ আমাৰ এটা আকৰ্ষণৰ বিষয় আছিল ‘split personality’, বা multiple personality disorder, যাক দ্বৈত সত্তা বুলিও জানো৷ সেই প্ৰবন্ধটোৰ কথাখিনি জেনেৰিক অৰ্থত যদি চাওঁ, সত্য৷ কাৰণ এজন মানুহৰ একেটা ৰূপেই

Read more

নিজক ভালে ৰখাৰ সংকল্প- আৰাধনা বৰুৱা

মানসিক চাপ আৰু বিষণ্ণতাৰ জটিলতাৰ মাজতে এদিন চিত্ৰ নিৰ্মাতাজনে এখন অৰণ্যত সময় পাৰ কৰিবলৈ আৰম্ভ কৰিছিল৷ অৰণ্যখন আছিল আটলাণ্টিক মহাসাগৰৰ তলিত৷ মহাসাগৰৰ গভীৰতাত তেওঁ এদিন শামুকৰ খোলাৰে আবৃত্ত এক আশ্বৰ্যকৰ জীৱ দেখা পালে৷ সেয়া আছিল তেওঁক দেখি সন্ত্ৰস্ত হৈ নিজক শামুকৰ খোলা নিৰাপত্তা বেষ্টনীৰে লুকুৱাব খোজা এটা অক্টোপাছ৷ অক্টোপাছটোৰ এই আচৰণে তেওঁক ইমান অনুসন্ধিৎসু কৰি তুলিলে যে তেওঁ প্ৰতিদিনে মহাসাগৰৰ তলিলৈ আহি তাক অসুবিধা নিদিয়াকৈ অনুসৰণ কৰিবলৈ আৰম্ভ কৰিলে৷ লাহে লাহে অক্টোপাছটোৱেও তেওঁক বিশ্বাসত ল’বলৈ ধৰিলে৷ লাহে লাহে তেওঁলোকৰ মাজত

Read more

অট্টালিকাবাসীৰ বাবে ‘হাইড্ৰ’পনিক এৰ’পনিক্স’ পদ্ধতিৰ খেতি  : ধীৰেন শইকীয়া

অট্টালিকাত বসবাস কৰা লোকসকলে  খেতি কৰিবলৈ বিচাৰি কিছুসংখ্যকে ঘৰৰ ছাদত মাছ অনা কাৰ্টুনত মাটি ভৰাই দুই এবিধ শাক-পাচলিৰ খেতি কৰা দেখা যায়। বহুতে এনেদৰে লাও, জিকা, জলকীয়া, বন্ধাকবি পৰ্যন্ত খেতি কৰি স্ব-উৎপাদিত পাচলি খাইছে। এই ক্ষেত্ৰত শাক-পাচলিৰ পুলিকেইটা প্ৰতিপালন কৰাৰ বাবে ব্যক্তিজন নিজে পুৱা গধূলি তাত জড়িত হৈ থাকিব লাগে। তেতিয়াহে এই খেতিৰ ফচল খাব পাৰে আনকি প্ৰখৰ  ৰ’দ পৰিলে ওপৰত ছাঁ দিবও লাগে, পানী, গোবৰ আদি নিয়মিত দি থকাৰ সমস্যাতো আছেই, কিন্তু এই ‘হাইড্ৰ’পনিক এৰ’পনিক্স’ নামৰ এটি নতুন কৃষি

Read more

খটৰা সত্ৰত প্ৰচলিত লোকসংস্কৃতি-কলচুম বিবি

দৰং জিলাত অৱস্থিত সত্ৰসমূহৰ ভিতৰত এখন উল্লেখযোগ্য সত্ৰ হৈছে খটৰা সত্ৰ। মাধৱদেৱৰ আজ্ঞাপৰ শিষ্য গোবিন্দ আতাই ১৫৬৮ খ্ৰীষ্টাব্দত এই সত্ৰখন স্থাপিত কৰিছিল। চাৰিশ পঞ্চাশ বছৰ অতিক্ৰম কৰা দৰঙৰ এই ঐতিহাসিক সত্ৰখনক কেন্দ্ৰ কৰি অতীতৰপৰা বৰ্তমানলৈকে বিভিন্ন ধৰণৰ লোকসংস্কৃতি প্ৰচলিত হৈ আছে। ইয়াৰ ভিতৰত বিভিন্ন ধৰণৰ উৎসৱ-অনুষ্ঠান, নৃত্য, গীত, নাটক আদি উল্লেখযোগ্য। খটৰা সত্ৰত বছৰটোত কেইবাটাও উৎসৱ পালন কৰা হয়। মহাপুৰুষ দুজনাই বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যিদৰে বিভিন্ন ধৰণৰ উৎসৱ-অনুষ্ঠান পাতিছিল ঠিক তেনেদৰে মাধৱদেৱৰ আজ্ঞাপৰ শিষ্য গোবিন্দ আতৈয়েও খটৰা

Read more

বাঁহৰ চুঙাৰ আধুনিক ব্যৱহাৰ-ধীৰেন শইকীয়া

অসমীয়া সভ্যতা সংস্কৃতিত বাঁহৰ গুৰুত্ব অসীম। গীত মাত সকলোতে বাঁহৰ উল্লেখ দেখা যায়। জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন অনুসৰি বাঁহৰ বৰ্গ – Poales, পৰিয়াল – Poaceae, গোত্ৰ – Bambuseae। অসমত ২৬ বিধ বাঁহৰ প্ৰজাতি পোৱা যায়। খুব কম সময়ত ক্ষীপ্ৰতাৰে বৃদ্ধি হোৱা গছসমূহৰ ভিতৰত ই অন্যতম। অতীজৰেপৰা দক্ষিণ এছিয়াৰ দেশসমূহত বাঁহৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰমূল্য যথেষ্ট। সাধাৰণতে ইয়াক গৃহ নিৰ্মাণ, কাগজৰ মণ্ড তৈয়াৰ, ঘৰুৱা সামগ্ৰী, খাদ্যৰ উত্‍স আদি বিভিন্ন প্ৰকাৰৰ কামৰ লগতে শেহতীয়াভাৱে সংৰক্ষণৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। অসমতো অতীতজৰেপৰা নিমখ,

Read more

কাৰ্টুনৰ কথা-নিতুপৰ্ণ ৰাজবংশী

মানুহৰ ইতিহাসৰ সৈতে সম্পৃক্ত চিত্ৰকলাৰ ইতিহাসো। সেই সূত্ৰেই পুৰাতন ব্যংগচিত্ৰৰ চৰ্চাও । গুহাত মানৱ জীৱনৰ জীৱন আৰু সভ্যতা নিৰ্ণয়ৰ লগে লগেই আৰম্ভণি কাৰ্টুনৰ। তৎকালীন বিভিন্ন কথা-কাণ্ডক আদিম মানুহে মনত ৰাখিবলৈ অথবা ৰস সৃষ্টিৰ বাবে ব্যংগচিত্ৰৰ মাধ্যমেৰে গুহাত অংকন কৰিছিল নিজস্ব ভাৱ আৰু চিন্তা। অৱশ্যে এয়া সম্পূৰ্ণ ব্যংগচিত্ৰ বুলি ডাঠি ক’ব নোৱাৰি যদিও এই চিত্ৰসমূহৰ প্ৰকাশ শৈলী আছিল ব্যংগ, বক্ৰ আৰু কৌতূহলউদ্দীপক। মানুহৰ মুখাবয়ৱ বিকৃত ৰূপত অংকনৰ যি পদ্ধতি তাৰ ক্ৰমানুসাৰ উত্থান-পতনৰ পৰিমাৰ্জিত ৰূপটোৱেই আজিৰ কাৰ্টুন। প্ৰাচীন কালত আছিৰিয়া, মিছৰ, গ্ৰীছ,

Read more

অসমীয়া ই-সাহিত্য – প্ৰয়োজনীয়তা আৰু প্ৰত্যাহ্বান- অভিজিত কলিতা

বৰ্তমান সময়ছোৱাত অসমৰ বিদ্বৎ জগতখনত উপৰোক্ত বিষয়টো সম্পৰ্কে কিছু চিন্তা চৰ্চা চলি থকা দেখা গৈছে। পাৰ হৈ যোৱা প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাতো এই বিষয়ে এটি আলোচনাচক্ৰ অনুষ্ঠিত হৈছিল আৰু সেই অনুষ্ঠানত বিভিন্ন প্ৰতিষ্ঠিত সাহিত্যসেৱীৰ লগতে সামাজিক মাধ্যমৰ যোগে লিখা মেলা কৰা কেইবাজনো লেখক/সম্পাদকে নিজৰ মন্তব্য ৰাখিছিল। ইয়াৰপৰা এটা কথাই প্ৰতীয়মান হয় যে সামাজিক মাধ্যম বা বৈদ্যুতিক মাধ্যমৰ লেখা মেলাক আগৰ দৰে উপেক্ষা কৰিবৰ পৰা পৰিবেশ আজি অসমত নাই। গতিকে এই বিষয়টি সন্দৰ্ভত প্ৰণালীবদ্ধ আলোচনাৰ প্ৰয়োজনীয়তা আহি পৰিছে। এই আলোচনাত সাহিত্যৰ কলাত্মক,

Read more

আমি দেখি অহা মাঘৰ বিহুৰ লোক পৰম্পৰাত এভূমুকি-ধীৰেন শইকীয়া

বিহু অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা৷ তিনিটা বিহুৰ ভিতৰত মাঘ বিহু অন্যতম৷  মাঘ বিহু সাধাৰণতে কৃষিভিত্তিক উৎসৱ।ইয়াত ভোগৰ পয়োভৰ বেছি বাবে ইয়াক ভোগালি বিহুও বোলে। অষ্ট্ৰিক, দ্ৰাবিড়,আলপাইন আৰু আহোম সকলৰ অৱদানেৰে ই সংমিশ্ৰিত। বিহুৰ ইতিহাস বিচৰিলে বিভিন্ন পণ্ডিতৰ বিভিন্ন কথা পোৱা যায়। অৱশ্যে, আহোম সকল অসমলৈ অহাৰ আগতেও অসমৰ খিলঞ্জীয়া চহা ৰাইজে  বিভিন্ন আচাৰ অনুষ্ঠানেৰে নিজা নিজা ধৰণেৰে বিহু পাতিছিল। পিছে আহোম সকল অহাৰ পৰা বিহুৱে এটা পৰিশীলিত ৰূপ পায়। দক্ষিন পশ্চিম এচিয়াত বিহু সদৃশ আৰু অধিক আচাৰ অনুষ্ঠান আছে

Read more

 সৃষ্টিশীল সাহিত্য আৰু ভাল লেখনৰ কৌশল(সংগ্ৰহ)-মৃদুল দহোটীয়া

অৱতৰণিকা :- সুকুমাৰ কলাসমূহৰ ভিতৰত সাহিত্য অন্যতম। সাহিত্য মূলতঃ সৃজনীমূলক কলা। সাহিত্যই একোখন সমাজ, একোটা জাতি, একোখন দেশৰ দাপোন স্বৰূপ। সাহিত্যৰ যোগেদিয়েই সমাজ একোখনৰ, জাতি একোটাৰ তথা দেশ একোখনৰ প্ৰতিবিম্ব প্ৰতিবিম্বিত হৈ উঠে। সমাজৰ ভাল-বেয়া, শুভ-অশুভ সকলো দিশ সাহিত্যৰ যোগেদিয়েই প্ৰতিফলিত হয়। একেদৰে জাতি বা জনগোষ্ঠী একোটাৰ সামাজিক, সাংস্কৃতিক আদি দিশৰ প্ৰতিফলনো সাহিত্যৰ যোগেদিয়েই প্ৰতিফলিত হৈ উঠে। এক কথাত সাহিত্য আৰু সমাজ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি স্বৰূপ। সাহিত্য মূলতঃ এক সৃজনীমূলক কলা। গভীৰ অধ্যয়ন, কঠোৰ অনুশীলন আৰু সংবেদনশীলতাৰ অবিহনে সাহিত্য সৃষ্টি

Read more

অসমীয়া প্ৰবাদ -প্ৰবচন, ফঁকৰা-যোজনাত হাস্য-ব্যঙ্গ ভাবৰ প্ৰকাশ-শাশ্বতী শৰ্মা

অসমীয়া ভাষাৰ আপুৰুগীয়া সম্পদ হ’ল, প্ৰবাদ-প্ৰবচন আৰু ফঁকৰা-যোজনা৷ লোক সাহিত্যৰ অমূল্য সম্পদ এই প্ৰবাদ-প্ৰবচন আৰু ফঁকৰা-যোজনাৰ বুকুতেই  ৰক্ষিত হৈ আছে অসমীয়া জনজীৱনৰ শতিকাযোৰা জ্ঞানৰ মণি-মুকুতা৷ প্ৰবাদ-প্ৰবচন বা যোজনা শব্দ ইংৰাজী Proverb ৰ প্ৰতি শব্দ হিচাপে ব্যৱহাৰ কৰা যায়৷ ড° নবীন চন্দ্ৰ শৰ্মা দেৱে ‘লোক সংস্কৃতি’ গ্ৰন্থত এইবোৰক স্থিৰীকৃত বাক্ বৈশিষ্ট্য(Fixed -Phrase geners) আখ্যা দিছে৷ প্ৰবাদবোৰ সংক্ষিপ্ত হয়৷ এইবোৰ মানুহৰ বুদ্ধি নিষ্ঠা পৰম্পৰাগত উক্তি৷ সমজাতীয় ঘটনাৰ ৰিজনি দিবলৈ প্ৰবচন ব্যৱহাৰ কৰা হয়৷ এই ক্ষেত্রত প্ৰবচনবোৰত আমাৰ জ্ঞানৰ ভঁৰাল, নৈব্যক্তিক সম্পত্তি ৰৈ

Read more
1 4 5 6 7 8 27