চতুৰ-বৰ্ণালী এচ মূদৈ
ফ্রেণ্ডলিষ্টৰ দাদা এজনে বৰষুণৰ ফটো এখন প’ষ্ট কৰি কেপচন দিলে, “তুমি বৰষুণ হোৱা হ’লে!” বহুপৰ ছবিখন চাই নিজৰ অজানিতে মুখেৰে, “আস্ কি ৰোমাণ্টিক কেপচন আৰু ছবি” বুলি ওলাল। ওচৰতে এজন বন্ধুৱে ৰজনীত তুলসী মিলাই জোকাৰি আছিল। মই হাঁ কৰি চাই থকাত সিও উকি মাৰি চালে মোৰ ফোনৰ স্ক্রীণলৈ। প’ষ্টটো দেখি মই যিমান অবাক সি হাঁহি হে দিলে৷ মই ভ্ৰু কোঁচাই তাক প্ৰশ্ন কৰিলোঁ, : হাঁহিছ কিয় বে? সি আৰম্ভ কৰিলে, : এইজনে কাক বৰষুণ হ’বলৈ কৈছে? ক’লোঁ, : হয়তো তেওঁৰ প্ৰাক্তনক
Read more