ফটাঢোল

হৃদয়ৰ আধালেখা দস্তাবেজ-বাগ্মিতা ৰাজখোৱা বৰকাকতি 

চাদৰৰ আঁচলত লাগি ফুৰা প্ৰেমৰ বতাহজাকে মোৰ মেট্ৰিকৰ উত্তৰবহীৰ চিয়াঁহীবোৰ শুকুৱাই ইমানেই পাতল কৰি দিলে যে পৰীক্ষকে কি লিখিলোঁ জুপি জুপিও চাগে ধৰিব নোৱাৰিলে। সেয়ে ফলাফল আশা কৰাতকৈ বহুত বেয়া হ’ল। এইবাৰ যি হ’ল হ’ল আৰু হায়াৰ চেকেণ্ডাৰীত ভাল ৰিজাল্ট এটা কৰিবই লাগিব বুলি মোক সেই সময়ৰ নগাঁৱৰ খুব নাম থকা এখন জুনিয়ৰ কলেজত নাম লগাই দিলে। মা-দেউতাৰ সপোন বুকুত বান্ধি ষোল্ল বছৰ বয়সতে ঘৰৰপৰা বহু আঁতৰত হোষ্টেলত থাকি নতুন উদ্যমেৰে পঢ়িম বুলি ঢাপলি মেলিলোঁ। সেয়া আছিল উচ্চতৰ মাধ্যমিক প্ৰথম

Read more

ব্ৰেক আপ কে বাদ-সোণটো ৰঞ্জন বৰুৱা

মোৰ বিশ্বাস, তই এই পোষ্টটো পঢ়িবিয়েই। তোৰ দৰে তাজা তাজা ব্ৰেকআপৰপৰা হোৱা মনোকষ্টৰপৰা উদ্ধাৰ পাবলৈ ককবকাই থকা বন্ধুবোৰে সকাহ পাওক বুলি আজিকালি মই ফ্ৰী এডভাইজ দিওঁ। প্ৰেমৰ সাগৰত সাঁতুৰি থকাকেইদিন না মোৰ ফোন ধৰিবলৈ, না মেছেজৰ ৰিপ্লাই দিবলৈ তোৰ সময় আছিল। আজিকালি পিচে তোৰ ক্লিক্ ৰেস্পঞ্চ পুনৰ ঘূৰি অহা যেন লাগিছে। ভাল কথা, এইটো ভাল লক্ষণ। এতিয়া সেই কথাবোৰত গুৰুত্ব দে, যিবোৰত সেই তেতিয়া দিবলৈ সময় পোৱা নাছিলি। আজিকালি কিজানি পুৰণি চিনেমা আৰু পুৰণি গানক খুব সময় দিছ? মোৰ মতে,

Read more

সুখৰ চাবি-ৰূপজ্যোতি নাথ

হেজাৰ বুজনিৰ পিছতো একমাত্ৰ ছোৱালীজনীৰ জেদৰ ওচৰত বাপেকে অৱশেষত হাৰ মানিবলৈ বাধ্য হ’ল। অৱশ্যে তাইক বুজাইয়ো কোনো লাভ নাই। সৰুৰেপৰা আলাসৰ লাৰু কৰি ডাঙৰ-দীঘল কৰা বন্দনাৰ জেদী স্ব‍ভাৱটো মাক-বাপেকে ভালদৰেই উপলব্ধি কৰিব পাৰে। লাগ বুলিলেই সকলো বস্তু নিমিষতে তাইৰ হা‍ত‍ত তুলি দি “সকলো বস্তু বিচাৰিলেই পাব পাৰি” ধৰণৰ যোগাত্মক ধাৰণা এটা তাইৰ মনত গঢ় দি তোলাত অৱশ্যে মাক-বাপেকৰ গাতো দোষ নথকা নহয়। চহৰীয়া দম্পতীৰ সকলো সম্পত্তিৰ একমাত্ৰ উত্তৰাধিকাৰী হিচাপে তাই বিচৰাবোৰ যেন তেওঁলোকৰ বাবে তেনেই নগণ্য আছিল। পিছে এইবাৰ তাই

Read more

প্ৰথম প্ৰেমৰ জুইকুৰা-নয়নজ্যোতি বৰঠাকুৰ

২০০২ চন, তেতিয়া এইচ এচ ছেকেণ্ড ইয়েৰত। সেইদিনটো আজিও মনত আছে, আবেলিৰ সময় ৩ বাজি গৈছে। যৌৱনৰ চাকনৈয়াত উটি-ভাঁহি ফুৰাৰ সময়। হাতত ক্ৰিকেট বেটখন লৈ খেলপথাৰলৈ বুলি যাবলৈ ৰাস্তাত আগৰেপৰা ৰখাই থোৱা চাইকেলখনত উঠিছোঁ, দেখিলোঁ খুড়াৰ ছোৱালী ৰিবলী বাইদেউৰ লগত এজনী ধুনীয়া ছোৱালী, হালধীয়া চুৰিদাৰ পিন্ধি হাঁহি হাঁহি ৰাস্তাটোৰ সিটো ফালৰপৰা আহি আছে। চাইকেলখনত উঠিবলৈ লৈ থমকি ৰ’লোঁ, কিবা এটা পাহৰাৰ ভাও ধৰি নামি দি এনেই পেণ্টটোকে ঠিক কৰাৰ দৰে কৰিলোঁ। যিমানেই ওচৰ চাপি আহিছে মোৰ বুকুখনত এক অজান শিহৰণ

Read more

প্ৰথম প্ৰেমৰ বিলাই-অৰ্চন শৰ্মা

এখন গণ্য-মান্য ব্যক্তিৰ সভাত এজন ব্যক্তিয়ে এটা প্ৰশ্ন উত্থাপন কৰিলে, “মানুহ কেতিয়া প্ৰেমত পৰে?” প্ৰশ্নটো  শুনি সকলো গভীৰ সমস্যাত পৰিল, আজিলৈকে কোনেও ভবা নাছিল মানুহ কিয় প্ৰেমত পৰে! বিভিন্নজনে বিভিন্ন ব্যাখ্যা আগবঢ়ালে, বহুতৰ মাজত তৰ্ক বিতৰ্কও চলিল, লাহে লাহে তৰ্ক বিৰ্তক গৈ মাৰ-পিটৰ  ৰূপ ল’লে, বহুলোক গুৰুতৰ ভাৱে আহত  হ’ল, দুই এজন বৃদ্ধ ব্যক্তি স্বৰ্গগামীও হ’ল, যেতিয়া তিনিঘণ্টা চলা কাজিয়াৰ শেষত সকলো ফোঁপাই জোপাই বহি পৰিল, তেতিয়া এজন যুৱকে ক’লে, : ৰাইজ, মই  আপোনালোকৰ যোগ্যৰ নহওঁ যদিও আপোনালোকৰ সন্মতি হ’লে

Read more

ফটা প্ৰেম-ৰিকুমণি বৰুৱা ফুকন

প্ৰেম কি যে এক মায়া লগা শব্দ। সকলোৱে  এবাৰ হ’লেও প্ৰেমত পৰিছে নে কি কয়? কোনোবা এবাৰ, কোনো আকৌ দুবাৰ, কোনোবা আকৌ বহুবাৰ। কোনোৱে কয় প্ৰেম হৈ যায়, কৰা নাযায়। বাৰু সেইবোৰ বাদ প্ৰেমৰ বিশ্লেষণ এতিয়া নকৰোঁ। আমুকী পিচে সৰুতে প্ৰেমত পৰিলোঁ,  তেওঁৰ খোজ, ৰোমাঞ্চ, এক্সন,  ব্যক্তিত্ব, ডায়লগ উফঃ! এতিয়াও আছে, ক’বহে নোৱাৰিলোঁ।প্ৰেমৰ প্ৰ’পজেলবোৰ পাওঁ,  কিন্তু….. নিমিলে। তেতিয়া মই কলেজত। দূৰসম্পৰ্কীয় জেঠাইৰ ছোৱালীৰ বিয়া, নোযোৱাকৈ পাৰিনে? মামা মাহী, জেঠাই, মামী সকলো ওলাইছে, মাৰ লগত ময়ো, বিয়া নামনিত। জোৰোণৰ আগদিনাই আমি

Read more

মোৰ বিদিশা নাম্বাৰ ৱান-সুচিত্ৰা দেৱী

বিদিশাৰ চুলিকোছা কেঁকোৰা। তাইৰ চিন্তা ধাৰাও যে ভাজঁ লগা হ’ব মই জনা নাছিলোঁ। কোমলতাৰে ভৰি থকা মুখখন দেখি ধৰিবই নোৱাৰি তাই যে মহা সন্দেহবাদী ছোৱালী। তাইৰ লগত সম্পৰ্ক হোৱাৰ পিছত মোৰ লগৰ ছোৱালীৰ লগত ভালদৰে কথা পতা বহু দূৰৰে কথা তাইৰ আটাইতকৈ ভাল বান্ধৱীজনীৰ লগতো যদি মই দুষাৰ ভালদৰে কথা পাতোঁ তাতো তাইৰ লেঠা লাগে। কেতিয়াবা ভাবোঁ তাইৰ বান্ধৱীজনীক কৈ দিওঁ নেকি মই ছোৱালীৰ লগত কথা পাতিলেই জগৰ লাগে বুলি। পিচে বহু কথা ভাবি নকওঁ। এই পাঁচ মাহতেই তাই মোক

Read more

তাৰ-মোৰ কথাবোৰ-মিৰাণ্ডা কাকতি

একেখন কলেজৰে ক্লাছমেট আছিলোঁ‌ আমি। জধলা, সি যেন পঢ়াৰপৰা গাৰ্লফ্ৰেণ্ড বনোৱালৈ উদাসীন টাইপ! কলেজখনত মাথো আড্ডা চলিছিল তাৰ, সৰু ডাঙৰ সকলোৰে লগত। পিছে মোৰ চকুৰ কূটাডাল আছিল সি! ‘ওৱক’ টাইপ ফিলিঙো আহিছিল দেখা পালে তাক। নতুনকৈ কলেজত ভৰ্তি হোৱা মোৰ ভাইটোৰো ভাল বন্ধু হৈ পৰিছিল সি। ঘূৰা-ফুৰা, আড্ডা মৰা এইবোৰত সি মোৰ ভাইটিক লৈ যোৱা কৰিছিল সি। সেইটো কাৰণত তাক দেখিলেই মোৰ অবাইচ মাত ওলোৱা আৰম্ভ কৰিছিল। অকাটৰ পৰা আৰম্ভ কৰি চৰ মৰালৈকে কাৰ্য সম্পন্ন কৰিছিলোঁ‌ মই। সি ওলোটাই একো

Read more

চিৰিয়াচ ফটাপ্ৰেম-নীতাশ্ৰী নেওগ

ফেচবুকত একাউণ্ট এটা খুলিয়েই প্ৰথম তেওঁক চাৰ্চ কৰিলে নিৰ্মালিয়ে। আছেনে বাৰু তেওঁৰো এটা ফেচবুক একাউণ্ট। পাঁচবছৰৰ আগৰ মানুহজন একে হৈয়ে আছে নে বিয়া বাৰু কৰাই বেলেগ হৈ গ’ল! কথাষাৰ ভাবিয়েই দুখ লাগি গ’ল তাইৰ। তাইলৈ যে ৰোৱাৰ কথা আছিল তেওঁ। পাঁচবছৰৰ আগতে প্ৰথম কথা হৈছিল তেওঁৰ লগত। : আপোনাৰ গল্প নীলাকাশত পঢ়িছোঁ। খুব ভাল লাগে মোৰ। ‘সপোনৰ এনিশা’ পঢ়ি খুব ভাল লাগিল। নকিয়াৰ 1110 মডেলৰ মোবাইল ফোনটোত কথাখিনি টাইপ কৰি আকৌ মচি পেলাইছিল নিৰ্মালিয়ে। ন টকাৰ মেছেজ পেক ভৰাই লৈছে

Read more

অজলা মই-সুচিত্ৰা দেৱী

তাইক নিজৰ কৰিম বুলিয়েই মই ক’লা চুলিকেইডালৰ দুডালমান সোণালী কৰিলোঁ। ভাল লংপেণ্টটো ব্লেডেৰে কাটি আঁঠুত দুটা ফুটা কৰিলোঁ। মুঠতে যি কৰিব লাগিলেও কৰিম, মাত্ৰ তাই মোক চাওক। আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাৰে তাই সদায় যায়। ময়ো তাইক চাবলৈকে সেইখিনি সময়ত ৰাস্তাত ৰৈ থাকোঁ। মায়ে গালি পাৰে, “ক’লৈ গ’লি তই? আহ আহ। এইখিনি সময়ত তই সদায় কিয় ৰাস্তালৈ যাৱ?” মাও যে আৰু! পাৰিলে যেন চাদৰৰ আঁচলত মোক বান্ধিহে ৰাখিব। মই মাৰ খুব মৰমৰ। গালিও পাৰে, কিন্তু মনে মনে ভাৱে মই এতিয়াও ফুলকুমলীয়া,

Read more
1 5 6 7 8 9 31