ফটাঢোল

বিভিন্নজনৰ একলম – ধৰিত্ৰী শৰণীয়া

ফটা ঢোল গোটটোৰ আশাসুধীয়া চেষ্টাৰ ফল হ’ল এই ইণ্টাৰনেট আলোচনীখন। আলোচনীখনে এবছৰ পাৰ কৰিলে। বিভিন্নজনৰ কষ্টই ৰং ল’লে আৰু আজি আলোচনীখনে দোপত দোপে জনপ্ৰিয়তাৰ দিশত গতি কৰিছে। বহুজনৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা ব্যতিক্ৰমী আলোচনীখনত দ্বিগজ লিখকসকলৰ লগতে আগত ক’তো লিখি নোপোৱা লিখকসকলৰ লিখনিসমূহক স্থান দিয়াত তেওঁলোকৰ মনোবল বঢ়াত সহায় কৰিছে। আশা ৰাখিছোঁ আলোচনীখনে এনেদৰেই আৰু বহুত নতুন লিখকৰ জন্ম দিব, যিসকলে ক’ব যে, মই প্ৰথম ফটা ঢোলত লিখিছিলোঁ। জয়তু ফটা ঢোল। ☆★☆★☆

Read more

বিভিন্নজনৰ একলম – অৰ্চনা কলিতা

ফেচবুকৰ হাস্য-ব্যংগ গোট ফটা ঢোলৰ দ্বাৰা প্ৰকাশিত ‘ফটা ঢোল’ ই-আলোচনীখনে অসমীয়া হাস্য-ব্যংগ সাহিত্যক এক নতুন মাত্ৰা দিবলৈ সক্ষম হৈছে। বৰ্তমানৰ ব্যস্ততাময় একঘেয়ামী জীৱনবোৰত মানুহে হাঁহিবলৈয়ো পাহৰি যায়। তেনেস্থলত যোৱাবছৰ জুলাই মাহৰ পৰা প্ৰতিমাহে প্ৰকাশ হৈ অহা ‘ফটা ঢোল’ ই-আলোচনীখনে আমাৰ দৰে পঢ়ুৱৈক নিশ্চয় আকৰ্ষিত কৰিছে। হাস্য-ব্যংগ সাহিত্যৰ প্ৰতিটো দিশেই আলোচনীখনে সামৰি লোৱা বুলি ক’ব পাৰি। প্ৰতিটো শিতানেই আকৰ্ষণীয়। অসমীয়া হাস্য-ব্যংগ সাহিত্যত ‘ফটা ঢোল’ ই আলোচনীখন এক মাইলৰ খুঁটিৰূপে পৰিগণিত হওক। ‘ফটা ঢোল’ ই-আলোচনীৰ উত্তৰোত্তৰ কামনা কৰিলোঁ। জয়তু ফটা ঢোল। ☆★☆★☆

Read more

বিভিন্নজনৰ একলম – জয়ন্ত দাস

ফটা ঢোলৰ মই তেনেই নতুন সদস্য৷ কোনে মোক ইয়াত অন্তৰ্ভুক্ত কৰিলে গম নাপাওঁ, ইয়াৰ জৰিয়তে তেওঁলৈয়ো মোৰ ধন্যবাদ যাচিলোঁ৷ ফটা ঢোলৰ বিভিন্ন লিখনিবোৰ পঢ়ি সঁচাকৈয়ে মই বৰ আপ্লুত৷ হাস্যৰসৰ মাজেদি সমাজৰ বিভিন্ন সমস্যা ইয়াত অবলোকন হৈ আছে৷ কিন্তু ইয়াতকৈও মোক বেছি আগ্ৰহী কৰি তোলে মাহৰ প্ৰথম তাৰিখটোতে প্ৰকাশ পোৱা আলোচনীখনে৷ সঁচাকৈয়ে খুব উৎকৃষ্ট মানদণ্ডৰ লিখনি প্ৰকাশ হৈ আছে৷ ইয়াৰ প্ৰতিটো শিতানেই খুব মনোগ্ৰাহী আৰু হাস্যৰসেৰে পৰিপূৰ্ণ৷ প্ৰকাশক মণ্ডলীক ধন্যবাদ যাচিছোঁ তেওঁলোকৰ কৰ্তব্যনিষ্ঠাৰ বাবে৷ আলোচনীখনৰ লগতে ফটা ঢোল গোটটিৰ দীৰ্ঘায়ু কামনা

Read more

বিভিন্নজনৰ একলম – বন্দিতা গগৈ বৰা

প্ৰথমেই ‘ফটা ঢোল’ আলোচনীখনৰ বৰ্ষপূতিৰ বাবে ‘ফটা ঢোল’ আলোচনীৰ সৈতে জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে আলোচনীখন সম্পৰ্কে নিৰপেক্ষ মতামত এটি আগবঢ়াবলৈ সুযোগ দিয়াৰ বাবে সম্পাদনাৰ সৈতে জড়িত প্ৰতিজনলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এই যান্ত্ৰিকতাৰ যুগত আৰু ব্যস্ততাৰে ভৰা জীৱনত মোৰ দৰে বহুজনকেই ‘ফটা ঢোল’ আলোচনীখনে অলপ হ’লেও হাঁহিৰ খোৰাক যোগাইছে বুলি মোৰ সম্পূৰ্ণ আস্থা আছে। আলোচনীখনৰ সকলোকেইটা ভাগেই মন পৰশা হয় তাক নুই কৰিব নোৱাৰি। সম্পাদককে ধৰি সম্পাদনাৰ সৈতে জড়িত প্ৰতিজনে বৰ কষ্টৰে যে আলোচনীখন আমাৰ আগলৈ আগবঢ়াই দিয়ে তাক

Read more

বিভিন্নজনৰ একলম – বিজু বুঢ়াগোহাঁ‌ই

ফেচবুকৰ সংস্পৰ্শলৈ অহাৰ কিছুদিন পিছতেই হাস্য-ব্যঙ্গ গোট ‘ফটা ঢোল’ৰ সদস্য হৈছিলোঁ। তাৰপিছতেই যোৱাবছৰ জুলাই মাহত গোটৰপৰা এখন মাহেকীয়া ই-আলোচনী ওলাইছিল। আৰু তেতিয়াৰেপৰা মই অলোচনীখনৰ নিয়মীয়া পঢ়ুৱৈ। আন লিখাসমূহ সম্পাদনা কৰাৰ লগতে প্ৰতিমাহৰে সম্পাদকীয়কেইটা বৰ ধুনীয়াকৈ প্ৰত্যেকজন সম্পাদকে লিখি উলিয়ায়। আলোচনীখন আটকধুনীয়াকৈ আমাক প্ৰতিমাহে পঢ়িবলৈ দিয়াৰ বাবে প্ৰত্যকজন সম্পাদক তথা আলোচনীখনৰ লগত জড়িত ব্যক্তিলৈ ধন্যবাদ জনালোঁ। শেষত আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ। ☆★☆★☆

Read more

বিভিন্নজনৰ একলম – ৰক্তাভ কুমাৰ

এইয়া মোৰ কাৰণে মাত্ৰ এটা গোটৰ নাম নহয়; মোৰ দৈনন্দিন জীৱনৰ এটা অপৰিহাৰ্য অংশ। যান্ত্রিকতাৰ এই যুগত, নিৰ্ভেজাল হাঁহি-ধেমালিৰ পৰা বহু আঁতৰত থকা সময়ত কিছুসংখ্যক শুদ্ধ অন্তৰৰ মানুহৰ মাজত যোৱা কেইটামান মাহ ধৰি অন্তৰ খুলি হাঁহিছো আৰু হঁহুৱাব চেষ্টা কৰিছোঁ একমাত্ৰ এই গোটটোৰ বদান্যতাত। চাওঁতে চাওঁতে এই গোটটোৰ সৈতে একাত্মীয়তা ইমানেই বাঢ়ি গৈছে যে দিনত এবাৰ নহয় বাৰে বাৰে আপাতভাৱে হ’লেও গোটৰ মানুহখিনিৰ সান্নিধ্য লাভ কৰিব মন যায়, কথা পাতিব মন যায়। গোটৰ ধেমেলীয়া পোষ্টবোৰৰ আঁৰত থকা অকৃত্ৰিম মৰমবোৰ তথা

Read more

বিভিন্নজনৰ একলম – কৃষ্ণ কান্ত দাস

ৰং-ধেমালি, হাঁহি-ফূৰ্তিয়ে মনুষ্য জীৱনৰ বাবে মহৌষধৰ দৰে কাম কৰে। কিন্তু অতি যান্ত্ৰিকতা আৰু ইণ্টাৰনেটৰ সুদূৰপ্ৰসাৰী প্ৰভাৱে মানৱ জীৱনৰ পৰা সেই মহৌষধ যেন কাঢ়ি নিয়াৰ দৰে নিছে। মানুহৰ মনবোৰ খৰাংপীড়িত পথাৰৰ দৰে শুকান হৈ পৰিছে। নিৰ্দোষ হাঁহি ধেমালিবোৰ যেন এতিয়া মহঙা হৈ পৰিছে। এটা সময় আছিল যেতিয়া মানুহে জুম বান্ধি কৌতুক কৰিছিল, হাঁহি ফূৰ্তি কৰি দেহ মনৰ অৱসাদ দূৰ কৰিবলৈ চেষ্টা কৰিছিল। তাৰ বাদেও ছপা মাধ্যমতো বিভিন্ন ধৰণৰ খুহুতীয়া গল্প, কৌতুক আদি প্ৰকাশ হৈছিল। কিশোৰ কিশোৰীৰপৰা আৰম্ভ কৰি বয়সস্থ জনলৈ সকলোৱে

Read more

বিভিন্নজনৰ একলম – কৃষ্টি কেন

সাহিত্য আৰু সংস্কৃতিৰ অনুৰাগী কেইগৰাকী মান ব্যক্তিৰ প্ৰচেষ্টাত ফেচবুকৰ মজিয়াত গঢ় লৈ উঠা এটি গোট ফটা ঢোল। কিন্তু গোটটোৰ নিজা বৈশিষ্ট আৰু কৰ্মৰ বাবে এতিয়া ই এক অনুষ্ঠানলৈ পৰিৱৰ্তিত হ’বলৈ লৈছে। প্ৰায় জন্মলগ্নৰে পৰা এই গোটটোৰ অংশ হ’বলৈ পায় মই নিজকে সৌভাগ্যৱান মানিছোঁ। সকলোৰে জীৱনৰ নানা প্ৰতিকূল পৰিৱেশ পাহৰাই ক্ষণিক সময়ৰ বাবে হ’লেও হাঁহি আনন্দৰে মন জীপাল কৰা ফটা ঢোল সমাজৰ বাবে এক অনবদ্য অৱদান। ইণ্টাৰনেটৰ যুগত কিতাপ পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পাবলৈ লোৱাৰ পিছত, ‘ফটা ঢোল’ ই-মেগাজিন খনে অসমীয়া পঢ়ুৱৈ

Read more
1 2 3