ফটাঢোল

কুলাগুটি আৰু খোকাৰ কাহিনী-পদ্মজা বৰুৱা মহন

: অঁ। পইচাবোৰ ঢাৰিৰ তলত থ’লেও লৈ যায় পুতেক নাতিয়েকহঁতে, বাকচত থ’লেও মনে মনে লৈ যায়। ইখন দোকানৰ পৰা সিখন দোকান ঘূৰি ফুৰোঁতেও কৈ থাকিল খোকাই। সেয়ে কুলাগুটিয়ে এবাৰ বুধি পাঙিলে, তেওঁ পলিথিন এটাত পইচাখিনি বান্ধি ঘৰৰ বাৰাণ্ডাৰ চালিখনত খোঁচ মাৰি থৈ দিলে আৰু কোনেও নেদেখিব বুলি তেওঁ গহীন হৈ থাকিল। পিচে মানুহে নেদেখিলে কি হ’ব, দেখাই দেখিলে নহয়। এদিন সেই থোৱা জেগাতে নাইকিয়া হ’ল কুলাগুটিৰ পইচা থোৱা পলিথিনটো। শালিকী চৰাইবোৰে আকৌ বাহ সাজিবলৈ পলিথিন, কাগজ আদি বৰ বিচাৰি ফুৰে।

Read more

জোখ-ৰঞ্জু হালৈ মুনি

কেতিয়াবা ক’ৰবাত আপুনি নিজৰ কৰ্মকাণ্ডৰ বাবে লাজ পাইছেনে? মই পাইছোঁ। তাকো কিহৰ বাবে জানেনে সঠিককৈ জোখ দিবং নোৱাৰাৰ বাবে। এযোৰ চেণ্ডেলে মোক লাজত পেলাইছিল। সঠিক জোখ-মাপ আজিলৈকে নাপালোঁ।জোখৰ খেলি মেলিটো লাগে জোতা-চেণ্ডেল কিনাৰ সময়ত। সেই সময়ত প্ৰায়েই এটা সমস্যা হয়। সকলোৰে হয়নে নাজানোঁ, মোৰ কিন্তু প্ৰায়েই হয়। এই ধৰক মোক ছয় নম্বৰৰ চেণ্ডেল লাগে সঁচাকৈ মোক ছয় নম্বৰৰ চেণ্ডেলেৰে হ’বনে মই কনফিউজ্ড হৈ যাওঁ। দোকানীক গৈ কওঁ   “চেণ্ডেল দেখুৱাবচোন।” দোকানীয়ে ইযোৰৰ পিছত সিযোৰ চেণ্ডেল উলিয়াই দেখুৱাই। পিন্ধি চাই দোকানীক সোধোঁ 

Read more

বিষন্নতা-নীলাক্ষী ভট্টাচাৰ্য্য

বহু বছৰৰ মূৰত নিজৰ মানুহৰ বিয়া এখন হ’ব। আগতেও হৈছিল বিয়া কিন্তু সৰু আছিলোঁ‌ নে ফিলিংছ কম আছিল জানো! আগতে বিয়া মানে তামোল বেছিকৈ খাবলৈ পাম সেয়াহে মনত ধান্দা আছিল। মোৰ মানে সৰুতে কেমেৰাৰ ফটো হওক নহ’লে ভিডিঅ’ কেচেট হওক মুখত তামোল লৈ বুঢ়ী মানুহৰ দৰে চোবাই থকা ফটোৱেই পাব। এতিয়া কলেজ পাইছোঁ‌, নিজকে ডাঙৰ ডাঙৰ লাগিছে। অলপ অলপকৈ মেকাপ কৰিব জনা হৈছোঁ‌। ইয়াতে এটা কথা কওঁ, মোৰ মানে কিবা কথাত খং উঠি থাকিলেও মই মেকাপ কৰোঁ। এতিয়া আহিছোঁ‌ বিয়াখনলৈ।

Read more

কল্যাণ জুৱেলাৰীৰ নেদেখা হাৰডাল-বন্দিতা জৈন 

জন্মদিন, বিবাহ বাৰ্ষিকী আদিত বেলেগে উপহাৰ নিদিলেও যদি নিজৰ মানুহজনে হাঁহি হাঁহি ‘দিম দিয়া’ বুলি কয়, কিযে এক বুজাব নোৱৰা আনন্দ মনলৈ আহে ক’বলৈ ভাষাহীন হৈ পৰোঁ। আচলতে কেৱল মোৰ ক্ষেত্ৰতেই নহয় প্ৰত্যেক গৰাকী মহিলাৰ মনত অপাৰ অনন্দ আহেই। দহ বছৰীয়া  বিবাহ বাৰ্ষিকী সময় সমাগত। দুদিন আগত  সুখে-দুখে দিনবোৰ কটোৱা আমি পতি-পত্নী বহি আছোঁ সন্মুখৰ বেলকনিত। তাৰো চাৰিদিনমানৰ আগত লগা উখনা-উখনি এখনৰ বাবে কাৰো মুখত মাত নাই ভালদৰে। তথাপি বহি আছোঁ ওচৰতে হাতত মবাইলটো পকাই পকাই। তেখেতৰ মুখৰ খঙৰ একো

Read more

কলপ-সত্যপ্ৰসাদ বৰুৱা

কাহিনীৰ নায়ক মানে এই নৰাধমে সেই শৈশৱতেই বহু নকৰিবলগীয়া কাম কৰি বহু লটিঘটিৰ সন্মুখীন হৈছিলোঁ যদিও নকৰাকৈ থকা নাছিলোঁ। তেনে কামবোৰৰ ভিতৰত কাপোৰ ৰ’দাবলৈ চোতালত থকা বাঁহডালত মূৰটো তলফালে ৰাখি ভৰিৰে ওলমি থাকি চাৰ্কাছ দেখুৱাই থাকোঁতে তলত সৰি পৰা, খুড়াই ব্যৱহাৰ কৰা আগৰ জামানাৰ স্ক্ৰু পকোৱা, ব্লেড লগোৱা ৰেজৰেৰে ৭-৮ বছৰীয়া মোৰ গালত দাৰি খুৰোৱাৰ নামত ব্লেডেৰে ৰঙা আঁচ বহাই উঠাৰ কিছু সময় পিছতেই পিঠিত মাৰ সোঁহাতৰ পাঁচ আঙুলিৰ মৰমৰ সাঁচ বহোৱা আদি কামেই প্ৰধান আছিল। তেনেকুৱা অইন এটি অবিস্মৃত

Read more

অভয়াৰণ্যৰ অভিজ্ঞতা- নবজিৎ বৰ্মন

চক্ৰশীলা অভয়াৰণ্য, ২০১৫ চনৰ নৱেম্বৰ মাহ৷ নাহিদ দা (Nahid Ahmed) আৰু ছোনিয়াৰ (Sonia Naznin) লগত মোৰ চক্ৰশীলা কেম্পৰ প্ৰথম দিন। আমি আগনিশা ১০ মান বজাত আহি পাইছিলোঁ বাবে গাঁৱৰ ওচৰতে কেম্প পাতিছিলোঁ। ৰাতিৰ আন্ধাৰত কেম্পৰ ওচৰত কি কি আছে বিশেষ গম নাপালোঁ যদিও আমাৰ ঠিক মূৰৰ ওপৰত যে এটা সোণালী বান্দৰৰ জাক আছে সেইটো বুজিছিলোঁ।  পুৱা সোনকালেই সাৰ পালোঁ। নৱেম্বৰ মাহ, কিছু ঠাণ্ডা পৰিছিল। মই ওচৰে-পাজৰে পৰি থকা খৰি বিচৰাত লাগি গ’লোঁ। কিছু সময়ৰ পিছত নাহিদ দায়ো সহযোগ কৰিলে। দুয়ো

Read more

কেশৱ কলিতাৰ কেশলুন – উজ্জ্বল দীপ্লু গগৈ

এবাৰ হঠাৎ জানো কি হ’ল! মনতে চুলিখিনি দীঘল কৰাৰ ইচ্ছা এটা জাগিল৷ ইচ্ছা মানে কথা ফিক্সড, অলপ দীঘল কৰি বেকব্ৰাশ্ব কৰিম৷ মুখত দাড়িকেইডাল বহুত কমকৈ ভুমুকি মাৰে বাবে মনতে ভাবিলোঁ যিদৰে বাঢ়ে বাঢ়ক, নাকাতো এইবাৰ৷ মুঠৰ ওপৰত হিপ্পী ষ্টাইলত নিজকে ৰাখিম৷ তেনেদৰে প্ৰায় তিনিমাহমান গ’ল৷ চুলি-দাড়ি বাঢ়িল, কিন্তু মই ভবা সেই ভ্ৰমণ কৰি ফুৰা হিপ্পী ষ্টাইলটো নহৈ নিজকে কিবা মন্দিৰৰ তলত বহি থকা বাবাজী ধৰণৰহে লগা হ’ল৷ চুলিত পানী বা তেল ঢালি বেকব্ৰাশ্ব কৰিলে অলপ সময় হিৰ’ নিচিনাই লাগে কিন্তু

Read more

ফটাগাঁৱত বাৰ্ষিক নাম-মানস শইকীয়া

আজি দুবছৰৰ পিছত বাৰ্ষিক নামভাগ পতা হৈছে৷ অতিমাৰী কৰোণাৰ বাবে যোৱাবছৰ উকায়েই গ’ল৷ কি ভাগৱত, কি গুৰুজনাৰ তিথি, কি বিহু, একো অনুষ্ঠানেই পাতিব পৰা নগ’ল৷ তাকে লৈ ফটাগাঁৱৰ ৰাইজৰ মাজত দুখ৷ কিবাকিবি হৈ থাকিলেহে গাঁওখনৰ মানুহবোৰৰ মাজত একতা বাঢ়ে৷ কেইদিনমানৰ পৰা সভাপতি হেমন্ত কাকতিদা আৰু সম্পাদক বিজয় মহন্ত ওলালেই সকলোৱে সোধে, নামভাগ হ’বনে? ফটাগাঁৱৰ ঘৰৰ সংখ্যা আগতেই নিচেই কম আছিল৷ তেতিয়া, যিকোনো অনুষ্ঠান পাতোঁ বুলিয়েই পাতিব পাৰি৷ আজিকালি, টিকা-টুকলি, বামমাটি-দমাটি সকলো দালাল লগ হৈ ৰাইজে বিকোঁতে বিকোঁতে ঘৰৰ সংখ্যা হাজাৰৰ

Read more

মাইনিং ইঞ্জিনীয়াৰৰ সৈতে এটা সন্ধ্যা-পূৰ্ণানন্দ শৰ্মা

২০১৩ চনৰ আগষ্ট মাহৰ ২৪ তাৰিখ৷ বাৰটো পাহৰিছোঁ৷ মধ্যপ্ৰদেশৰ মংগোলীৰ পৰা ঘৰ অভিমুখী যাত্ৰা৷ অকলশৰে৷ যমুনা নদী নাৱেৰে পাৰ হৈ অ’টো এখনত উঠি জবলপুৰ ৰেলৱে ষ্টেছন পালোঁ৷ বাহিৰতে চাহ একাপ খাই লৈ ৱেইটিং ৰূমত চকী এখনত ভৰি তুলি বহি ল’লোঁ। কাৰণ মই উঠিবলগীয়া ‘লোকমান্য’ ট্ৰেইনখন দুঘণ্টা পলমকৈ আহি আছে৷ তেতিয়া ছয় বাজিছেহে৷ লগত কিতাপ এখন আছে যদিও পঢ়িবলৈ মন যোৱা নাই৷ কাৰণ মংগোলীত দহ বছৰীয়া ভাগিনটোক এৰি থৈ আহিছোঁ৷ বিদায় দিয়াৰ সময়ত সি উচুপি উঠিছিল৷ তাৰ লগতে ময়ো৷ গতিকে মনটো

Read more

বৰলাৰ বিয়া – বিজয় মহন্ত

: হেল্ল’ বিজয় হেল্প এটা কৰা না। ৰিং হৈ থকা ম’বাইলটো ৰিচিভ কৰাৰ লগে লগে অনুনয়ৰ সুৰত দেবজিতে কৈ উঠিল। : আৰে ভাই এটা কিয় তুমি ক’লে হাজাৰ হাজাৰ কামৰ হেল্প কৰিম। এতিয়া কোৱা কি হেল্প লাগে? লাগ বুলিলেই আদা নহৰুৰ বাকলি গুচোৱাৰ পৰা হস্পিটেল লৈ যোৱালৈকে ইয়াকেই পাওঁ, সহায় নকৰাকৈ কেনেকৈ থাকে, মনতে ভাবিলোঁ৷ : মানে কি হ’ল জানা? তোমাক যে কৈছিলোঁ ঘৰৰ পৰা ছোৱালী এজনী চাইছিল তাইক এবাৰ চাই আহিবলৈ ঘৰৰ পৰা জোৰ দি আছে। অকলে সাহস হোৱা

Read more
1 11 12 13 14 15 70