ফটাঢোল

যাবলৈ দিয়া কোৱাইটি বৰহোলা বাছ-জয়শ্ৰী শৰ্মা

এখন সৰু অথচ মনোৰম ঠাই। অসম নাগালেণ্ড সীমান্তৱৰ্তী, সুন্দৰ সেউজীয়া নিৰিবিলি ঠাই হৈছে বৰহোলা। যোৰহাট সদৰৰ পৰা পূবে ৩৬ কিঃমিঃ দূৰত্বত, গোলাঘাট জিলাৰ বুৰঞ্জী প্ৰসিদ্ধ আঠখেলীয়া নামঘৰৰ পৰা পূবে ৫ কিঃমিঃ দূৰত অৱস্থিত প্ৰধানতঃ জনগোষ্ঠীয় বসতি প্ৰধান অঞ্চল হ’ল বৰহোলা। এই সৰু চহৰখনৰ পৰা উচ্চ শিক্ষাৰ বাবে ওলাই গৈয়েই সন্মুখীন হৈছিলোঁ উক্ত বাক্য শাৰীৰ। ঘৰ ক’ত ইত্যাদি চিনা পৰিচয় হ’লেই চিনিয়ৰ (বিশেষকৈ ল’ৰাবিলাকে) কৈছিল, “অ’, বৰহোলা বাছ!”  নিজৰ জন্মঠাইখনৰ ওপৰত ইতিকিংসূচক মন্তব্য কোনেও ভাল নাপায়। কোনোবাই তেনেকৈ ক’লেই গহীন গম্ভীৰ

Read more

দৰা-সাজত মাৰ খাবলৈ লৈছিলোঁ‌-বিদ্যুত বিকাশ দত্ত

আমাৰ বিয়াখন হৈছিল বহু সংকট আৰু সংঘাতৰ মাজত। বাগদত্তাৰ লগত ২০০৭ চনতে কৰ্ট মেৰেজ হৈছিল। পিছলৈ ২০১০ চনত সামাজিকভাবে বিয়াখন অনুষ্ঠিত হৈছিল। তেতিয়া মই জাগীৰোডত এটা কোম্পানীৰ প্ৰশিক্ষণৰত বিষয়া পদত আছিলোঁ‌। পিচে কামটো দুখীয়াক টেঁ‌টুচেপা দিয়া পৰ্যায়ৰ হোৱাৰ বাবে মই পদত্যাগ কৰি শিৱসাগৰলৈ ঘূৰি আহিছিলোঁ‌। ঠিক তেনে সময়তে শহুৰ দেউতাই মোলৈ ফোন কৰিলে, : জেঠৰ পাঁচ তাৰিখে বিয়াৰ ভাল দিন এটা পাইছোঁ‌, তোমাৰ আপত্তি আছে নেকি? মইনো নিজৰ ফুটনি এৰি বশ হোৱা মানুহনে! মই একেষাৰে ক’লোঁ‌, : আপত্তি নাই। অৱশ্যে

Read more

লটিঘটি: অসীমা এচ দত্ত

১৯৯৮ চনৰ কোনোবা এটা দেওবাৰৰ দুপৰীয়া.. : অ’ ফটৌ তোৰ ভাগৰ চেম্পু অকণ দে। মোৰ সেই তেতিয়াৰ দিনৰ নীলা, ভাটৌঠোঁটীয়া ক্লিনিক প্লাছটো বৰ মৰমৰ। লুকুৱাই থওঁ সৱৰেপৰা। তেনেকুৱাতে নতুনকৈ আমাৰ ঘৰলে আনিছিল উজ্বালাটো। নীলৰ ঠাইত প্ৰথম  উজ্বালা ৰঙটো অলপ মিলে টেমা দুটাৰ, ক্লিনিক প্লাছৰ লগত। মায়ে উজ্বালাতো বাহিৰত থৈ দিছিল। কিৰণদাই মোক চেম্পু খুজি নাপাই, সেইটোকে ক্লিনিক প্লাছ বুলি মূৰত সৰহকৈ বাকি, মূৰত পানী ঢালি যিমানে মোহাৰে সিমানে নীলাহে হয়।মুখে গায়ে নীলা গোটেইটো।  : অ’ দাঙনবৌ চেচ মই। ময়িলোঁ।  নীলা

Read more

ৰহঢলাৰ ভূত-উৰ্বশী প্ৰান্তৰ ভাগৱতী

আজি দহ বাৰ বছৰমানৰ আগৰ কথা দেই। সৰু, সুন্দৰ দেৰগাঁৱৰ দৰে ঠাইটুকুৰাৰ বাসিন্দা হিচাপে  অলপ চিৰিয়াছ খবৰবিলাক আমি সোনকালেই পাই গৈছিলোঁ। এনেকুৱা এটাই চিৰিয়াছ ঘটনা ঘটিছিল দেৰগাঁও গোলাঘাটৰ মাজত থকা বৃহত্তৰ ৰহঢলা পথাৰৰ সোঁমাজত। ঘটনাটো আছিল এনেকুৱা, মৃতদেহ এটা পষ্টমৰ্টেমৰ বাবে নিব লগা হ’ল দেৰগাঁও থানাৰ পৰা গোলাঘাট চিভিল হাস্পতাললৈ, যিহেতু দেৰগাঁও গোলাঘাট জিলাৰ অন্তৰ্গত। নিব লগাটো লাগেই তাকো আকৌ ৰাতি এঘাৰ মান বজাত। ড্ৰাইভাৰ আৰু এজন মৃতদেহ লৈ ৰাওনা হ’ল গোলাঘাটলৈ। যাত্ৰা আৰম্ভ কৰি গণকপুখুৰি পাওঁ কি নাপাওঁতেই এজনৰ

Read more

ছাৰপ্ৰাইজ গিফ্ট : ৰিমঝিম বৰঠাকুৰ

: মোক এইবাৰ এনিভাৰ্ছেৰীত ছাৰপ্ৰাইজ গিফ্ট কি দিবা? : ছাৰপ্ৰাইজ গিফ্ট সদায় ছাৰপ্ৰাইজড হ’ব লাগে। : কোৱানা কোৱানা। : আৰে, ছাৰপ্ৰাইজ গিফ্টটোৰ কথা যদি আগতীয়াকৈ কৈয়ে দিওঁ, ছাৰপ্ৰাইজ বুলি কিডাল থাকিলনো? : হ’ব যোৱা, বেছি কৰা তুমি অলপ। সেয়া লাগিলেই নহয় ভেম। এইজনী আন কোনো নহয় মিচেছ বুলি মানে বুলুকণ কটকী। ছিঃ, কি যে নামটো ৰাখিছে তাইৰ মাক-দেউতাকে! তাইতো একেবাৰে তাহানিৰ মানুহ নহয় যে এইটো নামৰে নামাংকিত হ’বলৈ। বুলুকণ নামটো আউটডেটেড কাৰণে স্কুলৰ ৰেজিষ্ট্ৰেশ্বনত সলাবলৈ বিচাৰিছিল, কিন্তু নোৱাৰিলে। সেইকাৰণে এতিয়া

Read more

ৰিক্সা-ভাৰা-মানসী বৰা

কলেজলৈ বুলি ঘৰৰ পৰা ওলায়েই ৰিক্সা এখনত উঠিলোঁ। বিএ পঢ়ি থকা দিনৰ কথা এয়া। যিখিনি ঠাইৰ পৰা ৰিক্সাত উঠিলোঁ তাৰ পৰা কলেজলৈ ভাৰা  তেতিয়া পাঁচ টকা। ৯:১৫ বজাৰ ক্লাছটো পাবলৈ লৰা-ঢপৰা মোৰ। ক্লাছ চলি থাকোঁতে পিছত গৈ সোমাবলৈ সমুলি ভাল নাপাইছিলোঁ বাবেই সময়ত গৈ পাবলৈ সদায় চেষ্টা কৰিছিলোঁ। পিলিঙা ল’ৰাটোৱে হালি-জালি ৰিক্সাখন চলাই নিলে। মুখেৰে গান গুণগুণাই যিটো কোবত ৰিক্সাখন চলাই নিলে যে, মই ক্লাছ আৰম্ভ হ’বলৈ পাঁচ-ছয়মিনিট সময় বাকী থাকোঁতেই  গৈ কলেজৰ গেটৰ সন্মুখ পালোঁগৈ। সময়ত গৈ পোৱাৰ সুখকণে

Read more

কবিতাই কাল হ’ল : অৰ্চন শৰ্মা

মানুহজন মাষ্টৰ, লগতে কবি। কবি মানে দুৰ্দান্ত কবি, এদিন কিবা কাৰণত ‘মা’ক বিচাৰি আমাৰ ঘৰলৈ আহিছিল, কথাই কথাই মায়ে ক’লে, “আমাৰ এইটোৱেও মাজে মাজে কিবা কিবি লিখি থাকে, কবিতাই লিখে নে কি লিখে জানো!” মাৰ কথাত ভদ্ৰলোকজন তামাম, উৎসাহিত হ’ল, মোক বাহিৰলৈ মাতি নি প্ৰায় বলপূৰ্বক বহুৱাই এঘণ্টামান তেওঁৰ কবিতা শুনালে, কবিতাও মানে একে ভয়ঙ্কৰ কবিতা ঔ, মায়ে ডাঠকৈ গাখীৰৰ চাহ একাপ নিদিয়ালৈকে তেওঁৰ কবিতা পাঠ অব্যাহত থাকিল। চাহ তামোল খাই তেওঁ যাবলৈ ওলাল, মই বোলো- “ৰক্ষা! আজিলৈ বাচিলোঁ”! পিচে

Read more

চিনি পোৱা নাই নেকি মোক?- নীতাশ্ৰী নেওগ

: উৱা,ঐ ঐ,  চিনি পোৱা নে কি মোক! অ’ই। মোক উদ্দেশ্য কৰিয়েই কথাষাৰ কোৱা যেন লগাত স্কুটিখন ৰাখি ঘূৰি চালোঁ। মিঠাবৰণৰ, কেঁকোৰা চুলিৰে মধ্যমীয়া ওখ ল’ৰা এটা। মোলৈকে চাই হাঁহি আছে। চিনাকি যেন লগা নাই একেবাৰে। অৱশ্যে এইটো একেবাৰে সাধাৰণ কথা মোৰ বাবে। প্ৰায় প্ৰতিদিনেই এনেকুৱা ঘটনা মোৰ লগত ঘটে। বজাৰৰ ভিৰৰ মাজত হঠাতে কোনোবাই মাতি দিয়ে, : অই ভালনে তোৰ? মই কোন আছিল, ক’ৰ আছিল মনত পেলাব নোৱাৰি তই ক’ম নে, তুমি ক’ম চিন্তা কৰি, ভেবা লাগি চাই থাকোঁ।

Read more

লটিঘটি-ৰাজশ্ৰী শৰ্মা

মানুহৰ জীৱনত কিমান কি যে ঘটনা ঘটে, সকলো ঘটনাই পিছলৈ স্মৃতি হৈ থাকি যায়। কিছুমান ভাল লগা স্মৃতি, কিছুমান বেয়া লগা স্মৃতি। বেয়া লগা স্মৃতিৰপৰা যেনেকৈ কিবা এটা শিকিব পাৰি তেনেদৰেই ভাল লগা স্মৃতিৰপৰা পাব পাৰি ভৱিষ্যতৰ বাবে কিছু সুখৰ খোৰাক। পিচে আমুকীৰ জীৱনত ভাল লগা, বেয়া লগা স্মৃতিতকৈও বিভিন্ন ধৰণৰ লটিঘটিৰ ঘটনাবোৰহে মেইন। কেতিয়াবা কেতিয়াবা ভাবোঁ‌, ভাল লগা স্মৃতি মানে ক’ত কেতিয়া মন খুলি হাঁহিছিলোঁ সেইবোৰ যদি গন্তি কৰিবলৈ হয় তেতিয়া দেখোন ক’ৰবাত মানুহৰ আগত চিৎভোলোঙা খাই পৰা, ৰাস্তাত

Read more

এটা যাত্ৰাৰ শেষত-বন্দিতা জৈন

এয়া মোৰ তৃতীয় বাৰৰ বাবে শহুৰৰ ঘৰলৈ যাত্ৰাৰ কথা। যাত্ৰাটোত হোৱা এটা লটিঘটিৰ কথা কওঁ৷ আজিৰ পৰা ৪/৫ বছৰ মানৰ আগৰ। সেই সময়ত মোৰ অসম্ভৱ পেটৰ বিষ এটা আছিল। গেষ্ট্ৰিকৰ সমস্যা। বাচি নাখালে মোৰ ফালে লেঠা লাগেই। বিষ সামান্য একেবাৰে নহয় গোটেই ৰাতি অসহ্য বিষ বমি আৰু বাৰে বাৰে দৌৰিব লগা হয় পিছফালে৷ মাজে মাজে বিষত বেহুঁচ হোৱাৰ দৰেই হৈ যায়। কেতিয়া কি খালে হয় একো ঠিক নাই। এই বেমাৰৰ বাবে কৰ’বাত ফুৰিবলৈ যোৱা মোৰ বন্ধ কৰিছিলোঁ। সেই সময়তে ৰাজস্থানলৈ

Read more
1 13 14 15 16 17 70