ফটাঢোল

বিচ্ছেদৰ_বিষ – মল্লিকা শৰ্মা বৰদলৈ

ষষ্ঠ শ্ৰেণীত পঢ়ি থকা সময়ৰে কথা, নতুনকৈ প্ৰেম অনুভৱ কৰিছোঁ। প্ৰেম তাকো ষষ্ঠ শ্ৰেণীত? নহয়নো কি? যেতিয়াই তেতিয়াই তেওঁক মিচ কৰা, তেওঁক এক ঝলক দেখিলেই চকুত হাঁহি বিৰিঙি উঠা, বহুদিন নেদেখাকৈ থাকিলে পেটলৈ ভাত নোযোৱা, আনকি নেদেখাকৈয়ে দূৰৰ পৰাই তেওঁৰ সুগন্ধিতেই উপস্থিতি অনুভৱ কৰা, এইবোৰ প্ৰেমৰ লক্ষণ নহয় যদি কি? কোনোবাই হয়তো ক’ব, ইমান কম বয়সতে প্ৰেম চেম কৰিলেই। আৰে প্ৰেমৰ আকৌ কি বয়স কম বেছি। আচল কথা হ’ল কম বয়সৰ প্ৰেমত হোৱা ক্ষন্তেকীয়া বিচ্ছেদো কিমান কষ্টকৰ হ’ব পাৰে সেয়া

Read more

হেণ্ডছ আপ হেমামালিনী – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

১৯৯৩-৯৪ চন মানৰ ঘটনা, ক্লাচ চেভেনত পঢ়ি থকা সময়ৰ। দুৰ্গা পূজাৰ সময়ত ভি চি পি ভাড়াত আনি পূজা মণ্ডপৰে ওচৰতে থকা প্ৰাইমাৰী স্কুলখনত এটা অস্থায়ী চিত্ৰগৃহ বনাই লোৱা হৈছিল। ৰঙীন টিভি, বেটাৰী সকলোবোৰ আনিছিল যাতে চিনেমা প্ৰদৰ্শণ হৈ থকা সময়ত বিদ্যুৎ নাথাকিলেও একো অসুবিধা নহয়। টিভিটোৰ একেবাৰে সন্মুখত ট্ৰিপাল এখন পাৰি দিয়ে, তাৰ পিছফালে দহখন মান বেঞ্চ আৰু শেষত চাৰি পাঁচখন টিনৰ ফ’ল্ডীং চকী, প্লাষ্টিকৰ চকী ওলোৱাই নাছিল তেতিয়া বজাৰত। এইখিনি আয়োজনতেই চিনেমা হ’লটো তৈয়াৰ হৈ যায়। টিকটৰ দামবোৰো কম

Read more

জেউঠাৰ প্ৰেমত পুলিচৰ চৰ – ৰক্তাভ কুমাৰ

সৰুকালৰ পৰাই জেঠ মাহটো মোৰ খুবেই ভাল লাগে। ভাল লগাৰ বিশেষ কাৰণটো হ’ল ডাঙৰ জেঠাইৰ ডাঙৰ ল’ৰাটো আৰু সৰু জেঠাইৰ সৰু ল’ৰাটোৰ জন্ম জেঠ মাহত। জেঠ মাহত জন্মিলে যিহেতু ‘জেউঠা ভঙা’ হয় সেয়েহে দুটা ভিন্ন দিনত দুবাৰকৈ দকছি লুচি-পায়স খোৱাৰ সৌভাগ্য মিলে, জন্মদিন দুটাৰ কথা নকলোৱেই যেনিবা। আকৌ ব’নাচ ফিষ্ট হিচাপে ককাইদেউৰ দুজনমান লগৰ আৰু মোৰো লগৰ দুই এজনৰ ঘৰত নিমন্ত্ৰণ পাওঁৱেই, তদুপৰি ঘৰৰ ওচৰৰ সমনীয়া, দাদা-বাইদেউ মিলি প্ৰায় গোটেই মাহটোতেই ‘জেউঠা ভঙা’ৰ অজুহাতত আন এটা ভোগালী মাহ উপভোগ কৰাৰ

Read more

বকুলদাৰ বিলৈ – ভাস্কৰজ্যোতি বৰা

ভূমিকম্প আহিলে মুকলি ঠাইলৈ ওলাই অহাটো নিয়ম। সেয়েহে কেতিয়াবা ৰাতি বিয়লি এইভাগ বস্তু আহিলে বকুলদাহঁতৰ চুবুৰীৰ মানুহখিনি তেওঁলোকৰ আহল-বহল চোতালখনলৈকে দৌৰ মাৰি ওলাই আহে। তেনে এটা ভূমিকম্প অহা ৰাতিৰে কথা। সেইদিনাও ভূমিকম্প অহাৰ লগে লগেই চুবুৰীটোৰ মানুহখিনি বকুলদাহঁতৰ চোতাললৈ ওলাই আহিছিল। যথাসময়ত ভূমিকম্প শাম কাটিলে। সকলো ঘৰাঘৰি গ’ল। প্ৰায় পোন্ধৰ মিনিটমানৰ পিছত বকুলদাহঁতৰ ঘৰৰ ফালৰ পৰা কোলাহল এটা ভাহি আহিল। ইজনে সিজনে খবৰ লৈ গম পালে বোলে বকুলদা হেৰাল। মানুহটো ক’লৈ গ’ল বুলি ঘৈণীয়েকে ইতিমধ্যে ৰাউচি জুৰিলেই। মানুহজনীৰ মতে বকুলদা

Read more

ৰসডণ্ডা – নিংকু নিশা নেওগ

আশীৰ দশকৰ সময়। দেশ জ্বলি আছে। অসম আন্দোলনৰ ভৰপক সময়। কেইদিন মানৰ আগতে ৰাজনৈতিক ষড়যন্ত্ৰৰ ফলস্বৰূপে ওচৰৰ গাঁওখন কোনোবাই সমূলে জ্বলাই দিলে। ভড়ালঘৰবোৰৰ পৰা অহা নতুন ধানৰ পোৰা পোৰা গোন্ধটোৱে আকাশ বতাহ বিক্ষুব্ধ কৰি তুলিছে। ওচৰৰ গাঁওবোৰতো ভয় ভয় ভাৱ এটা শিপাই গৈছে। গাঁৱৰ ডেকা ল’ৰাবোৰ সন্ধিয়াৰ আগতেই গাঁৱৰ পৰা পলাই গৈ জংঘলত সোমাই থাকেগৈ। নহ’লে আৰ্মিৰ দলে গাঁৱে গাঁৱে ল’ৰাবোৰ উঠাই নি পিঠিত কোবাই মোটোকাব নোৱাৰা কৈ খুন্দেগৈ। ভয়তে সেয়ে গাঁৱত দৰৱত দিবলৈও সেইদিনবোৰত সন্ধিয়াৰ পিছত ডেকা ল’ৰা এটাকো

Read more

পাকঘূৰণী – নাজিয়া হাচান

হেৰা! পানী এগিলাচ দিয়াচোন। হেৰী! আজি আপুনি এইটো গিলাচ দি দহ গিলাচ পানী খালে দেখোন! গম আছেনে? আছে আছে। গমনো নেথাকিবনে? হৈছে কি আপোনাৰ? ভাত, ৰুটি একো নেখাওঁ বুলি কৈ, পানী গিলাচে গিলাচে খাই আছে যে! এহ! কি ক’বা, ৰহমান চাহাবে আজি মাতি নি ঠিকছে খুৱালে হে মোক। আৰু মিছেছ ৰহমানেও বৰ জুটিলগাকৈ বনাইছিল জানা গোটেইবোৰ খাদ্য। অঁ তাকেহে। খাদ্য সমূহ খুৱাই পানী নোখোৱাকৈ পঠালে নেকি আপোনাক? এ.. কথাটো সেইটো নহয় অ। পানীও খাইছিলোঁ। এ.. মানে স্পাইচি খাদ্যসমূহ খালে বহু

Read more

প্ৰতিদান – জীমণি গগৈ

পল্লৱী, নিৰ্মালি, জুৰি, বৰ্ণালী, ৰুণজুন আৰু মই – আমাৰ এই ছজনীয়া গেংটোক হোষ্টেলত এনেই সন্ত্ৰাসবাদী গেং বুলিয়ে জানিছিল। আমাৰ এটা ‘উচুল’ আছিল আমি যাৰে-তাৰে লগত কূটাঘাতমূলক কাৰ্য সংঘটিত নকৰোঁ। অৰ্থাৎ ধেমালি নুবুজাসকলৰ লগত আমি কাহানিও ধেমালি নকৰোঁ। আটাইকেইজনীৰে ডিপাৰ্টমেণ্ট বেলেগ। পল্লৱী, জুৰি আৰু বৰ্ণালী ইংলিছৰ, নিৰ্মালি পলিটিকেল চায়েন্সৰ, ৰুণজুন চচিয়’লজীৰ আৰু মই অসমীয়াৰ। গতিকে সেইসূত্ৰে আমাৰ দ্বাৰা হোষ্টেলত সংঘটিত সু-কীৰ্তি, কু-কীৰ্তিবিলাকৰ ডুখৰিয়া খবৰে আমাৰ নিজৰ নিজৰ ডিপাৰ্টমেণ্টৰ বাহিৰেও সংশ্লিষ্ট ডিপাৰ্টমেণ্টসমূহতো অফ্ পিৰিয়ডৰ আড্ডাত ঠাই পাইছিল। সেই কথাৰ উমান পাইছিলোঁ এদিন

Read more

গৰম গৰম লুচি ঐ ফুলা ফুলা লুচি – নিহাৰীকা শইকীয়া বৰা

জুলাই মাহ। গৰম বন্ধ। তথাপিও পঞ্চম শ্ৰেণীৰ হাইস্কুলীযা ছাত্ৰী হিচাপে কিতাপ হাতত ল’ব লগা হয় সেইবুলি। যোৰহাটৰ মাহীৰ ছোৱালীজনী একেবাৰে মোৰ লগৰ। বন্ধ বুলি মহাৰ লগত আহিল। আমাৰ ঘৰত এৰাতি থাকি পিছদিনা আমি বাই ভনী দুজনী, মাহীৰ ছোৱালী মহাৰ লগত গাঁৱৰ মামাহঁতৰ ঘৰলৈ গমন। সময়মতে চলা বাচ ধৰিলোঁগৈ। মহাই টিকটকেইটা কাটি আমাক ছিটে ছিটে বহুৱালে। বাচ নচলেহে, নচলে। বাচ নচলালৈকে বাচত লিখা বাক্যকেইটাকে আওঁৰাই আছোঁ। “আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়”, “নিজৰ মালৰ ওপৰত নজৰ ৰাখিব”, “ছাবাৰ বান বাচ” (যিটো পিছলৈ বুজিছিলো

Read more

চিটিবাছ সংবাদ – অনিন্দিতা কলিতা

নতুনকৈ চাকৰিত যোগদান কৰিবলৈ গোলাঘাটলৈ যেতিয়া গৈছিলোঁ তেতিয়া প্ৰাইভেট হোষ্টেলৰ আণ্টিয়ে (প্ৰথমে মই খুৰী বুলি মাতিছিলো। কিন্তু পিছত দেখিলোঁ খুৰী বুলিলে আণ্টিয়ে বেলেগক মতা বুলি কোনো গুৰুত্বই নিদিয়ে কাৰণ বছৰ বছৰ ধৰি তেওঁৰ আণ্টি বুলি শুনাৰ অভ্যাস) হোষ্টেলৰ ঠিক সন্মুখত থকা তিনিমহলীয়া বিল্ডিং এটালৈ দেখুৱাই কৈছিল,”তোমাৰ অফিচ সেইটোৱেই”। ক’ব নোৱাৰাকৈয়ে মুখেৰে অলপ ডাঙৰকৈ ‘কি?’ বুলি শব্দটো ওলাইছিল। মোৰ অৱস্থা বুজি আণ্টিয়ে কৈছিল, “কি হ’ল ওচৰত হোৱাৰ কাৰণে বেয়া পাইছা?” মই ‘নাই, নাই’ বুলি মুৰ জোকাৰিলেও আণ্টিয়ে ঠিকেই বুজিছিল মই যে

Read more

ফিফটি ফিফটি – তৃষ্ণা বৰা

চহৰখনৰ মূল পূজা কমিটিৰ সভাপতি আৰু সম্পাদকৰ বাব পাই শংকু আৰু কংকনৰ ফূৰ্তিত তত নাই। অতবোৰ ডাঙৰ ডাঙৰ মানুহ থাকোঁতেও আমাকহে দিছে বুলি আনন্দতে দুয়োজনে অলপ ফূৰ্তি কৰি আহোঁগৈ বুলি শংকুৰ গাড়ীখন লৈ ওলাই গ’ল। ঠিক হ’ল যে যি খৰচ হয় দুয়োজনে ফিফটি ফিফটি কৰি ল’ব। দুয়োৱে মনৰ আনন্দত বাইপাচৰ ৰাস্তাত গান গাই গাই গৈ থাকোঁতে কেতিয়া দুপৰীয়া হ’ল গমেই নাপালে। যেতিয়া সম্পাদকৰ অ’ডিখন হাইৱেত দৌৰাদি পেটত নিগনি দৌৰিবলৈ ধৰিলে তেতিয়াহে তত্ আহিল। শংকুৱে ভোক লাগিছে বুলি ক’বলৈহে পালে ইফালৰপৰা

Read more
1 38 39 40 41 42 70