গাঁৱলীয়া! – জ্যোতিৰূপম দত্ত
বন্ধৰ দিনকেইটাত বৰ দিগদাৰ৷ ল’ৰা-ছোৱালীহালে এই পাৰৰ বাহৰ দৰে ফ্লেটটোত সোমাই থাকিবলৈ নোখোজে৷ পৰিবাৰৰো খেংখেঙনি৷ ইফালে কৰবালৈ ফুৰিবলৈ যোৱা মানেই শ্বিলং! তাৰ বাহিৰে আন জেগালৈ যাবলৈ কোনেও মন নকৰে৷ পিছে আজি হঠাতে ইহঁতক এটা চাৰপ্ৰাইজ দিবলৈ মন গ’ল৷ কথাটো হ’ল যে সিদিনা বহুদিনৰ মুৰত গনেশগুৰিত বিনন্দক লগ পালো৷ সি মোৰ স্কুলীয়া বন্ধু৷ সৰু সুৰা দুই-এপদ বস্তু কিনিবলৈ গুৱাহাটীলৈ আহিছে হেনো৷ মই খবৰ খাতি ললো৷ কি কৰি আছে সুধিলো৷ : এহ, আমাৰ কথানো কি ক’ম৷ খেতি-বাতিকেই কৰি কোনোমতে চলি আছো আৰু৷
Read more