ফটাঢোল

অব্যক্ত আপ্যায়ন -ৰঞ্জিত কুমাৰ শৰ্মা

: আপোনাক বিচাৰি মানুহ এহাল আহিছিল৷ : এহাল মানুহ? কেনেকুৱা এহালহে? হালখন কিহেৰে জুৰিছিল? পত্নীৰ মুখত এহাল মানুহ বুলি শব্দ দুটা শুনি বৰঠাকুৰে ৰগৰৰ সুৰত সুধিলে৷ : এই মানুহটোৱে কেৱল সকলো কথাতে খুঁতেই বিচাৰি থাকে৷ বোলো এহাল মানুহ মানে মতা-তিৰোতা এহাল, মানে দম্পতী এহাল, বুজিলেনে? বৰঠাকুৰে বুজিলে, তেওঁৰ প্ৰশ্নত পত্নী ৰুষ্ট হ’ল৷ হ’বই অৱশ্যে৷ কিমান বা উৎসাহত তেওঁ সংবাদটো দিব বিচাৰিছিল! সেয়ে পোনে পোনে মূল বিষয়টোলৈকে অহাৰ বাবে বৰঠাকুৰে ক’লে, : বাৰু বাৰু, ধেমালিহে কৰিছোঁহে ৷ কোৱাচোন কোন আহিছিল৷ বৰঠাকুৰৰ

Read more

বিয়াৰ নিমন্ত্ৰণ-পংকজ কুমাৰ নেওগ

কৃপাল দাইটিৰ দৰে কটকিনা মানুহ বৰ কমেই দেখিবলৈ পোৱা যায়। তেওঁ  ঘৰত সবাহ বা নাম আদি পাতি চুবুৰীয়াক খাবলৈ মতা কোনেও আজিলৈকে দেখা নাই কিন্তু কোনোবাই যদি তেওঁক খাবলৈ মাতে, তেনেহ’লে সপৰিবাৰে নিমন্ত্ৰণ ৰক্ষা কৰা তেওঁৰ পৰম ধৰ্ম। অকল নিমন্ত্ৰণ ৰক্ষাই নহয়, মানুহজনে সাংঘাতিক খাবও পাৰে। তেওঁৰ খোৱা দেখিলে ভাৱ হয় এসপ্তাহৰ ভোজন তেওঁ যেন এদিনতে উদৰস্থ কৰিব। দাইটিৰ ল’ৰা ছোৱালী দুটা – বাণ্টি আৰু বুলি। গোটেই বছৰটো সিহঁতহালে ঘৰত নিসনি ভাত আৰু লগতে শাক-পাত দুডালমান খাবলৈ পায়। ক’ৰবাত নিমন্ত্ৰণ

Read more

শিশু শ্ৰমিক আৰু লীনা হাজৰিকা- ঋতুপৰ্ণ শৰ্মা 

(অপৰ্ণা চৌধুৰীৰ এটা বাংলা গল্পৰ ছাঁ লৈ) : তুমি কিন্তু মোৰ লেকচাৰটো প্ৰিপেয়াৰ কৰি দিবা হা। হাঁহি হাঁহি পত্নী লীনায়ে কোৱা কথাষাৰ শুনি বিপ্লৱে বুজি পালে আকৌ এবাৰ পত্নীয়ে দিবলগীয়া বক্তৃতা প্ৰস্তুত কৰিবৰ সময় আহি পালে। : এইবাৰ আকৌ ক’ত ভাষণ দিবলৈ যাবা? কিমাননো আৰু লোকৰ পিঠাৰে বিহু পাতা। নিজে প্ৰস্তুত কৰিব নোৱাৰানে নিজে দিবলৈ ওলোৱা ভাষণটো।  বিপ্লৱে কিছু বিৰক্তি ভৰা মাতেৰে ক’লে। : এইমাত্ৰ মনীষাই ফোন কৰিছিল জানা। এইবাৰ বোলে মোকেই নিৰ্দিষ্ট বক্তা হিচাপে মাতিব আৰুনো তেনেকৈ কিয় কোৱা।

Read more

জীৱন অনুপম-মৌচুমী গগৈ

ৰজত দত্তই চিন্তাক্লিষ্ট মনেৰে ঘৰৰ আগফালৰ চোতালত পায়চাৰি কৰি আছিল। যোৱা কেইমাহমানৰ পৰা তেওঁ অলপ বেছিকৈয়ে সমস্যাত পৰিছে। দত্ত এটা চৰকাৰী বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। দুটা সন্তান, পত্নী আৰু মাতৃৰ সৈতে তেওঁৰ এখন সুন্দৰ সংসাৰ আছে। ডাঙৰ ল’ৰা বিপুল পঢ়া শুনাৰ লগতে খেলা ধুলাতো ভাল। স্কুলৰ শিক্ষকসকলেও বিপুলক বৰ ভাল পায়। তাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই দত্ত অলপ শংকাত ভূগিছে। আজি কেইমাহমানৰ পৰা তেওঁৰ দৰমহা নিয়মীয়া কৈ হৈ থকা নাই। খেতিৰ মাটি বুলিবলৈ যিকণ আছিল, সেইখিনি বিক্ৰী কৰিয়েই সৰুকৈ নিজৰ

Read more

বিক্ৰমাদিত্য আৰু বেতাল – দিগন্ত কুমাৰ ভট্টাচাৰ্য

: হেইয়া, আপুনি ইয়াত বেতাল দা! গোটেই ভৰলুখন বিচাৰি ফুৰিছোঁ আপোনাক। ভৰলুমুখৰ চ’কত মনোহৰে দিয়া এক ছ’ বিছখন মুখত সোমোৱাৰ লগে লগে পিছফালৰ পৰা বিক্ৰমাদিত্যই মাত দিলে মোক। : কোৱা কি হ’ল? : বেতাল দা, উঠক বাইকত। আদাবাৰীলৈ গৈ আছোঁ। ৰাস্তাতে কথা পাতিম। মই বিক্ৰমাদিত্যৰ বাইকৰ পিছত বহিলোঁ। : ক’বা নে আদিত্য?   বিক্ৰমাদিত্যক আমি ‘আদিত্য’ বুলিয়ে মাতোঁ। ইমান দীঘল নাম! পাণ চোবাই থাকিলে ‘আদিত্য’ বুলি মাতিবলৈও টান হয়। : আমাৰ শহুৰহঁতৰ ঘৰত পূজা পাতে নহয়। দুৰ্গাপূজা। কিবা স্মৰণিকা নে কি

Read more

ফ্ৰী_গিফ্ট – হেমন্ত কাকতি

আজিকালি এমাজ’নত আমি সকলোৱে অনলাইন শ্বপিং কৰোঁ৷ মোৰ আকৌ এমাজ’নৰ শ্বপিং কৰাৰ কোবটো অলপ বেছিয়েই৷ ব্যৱসায়ত নমাৰ পিচত কেতিয়াবা সঠিক দামত পালে কিছুমান স্পেচিয়েল বস্তু গ্ৰাহকৰ মোৰ প্ৰতি  বিশ্বাসযোগ্যতা আৰু ভৰষা ৰখাবলৈও আনি দিওঁ৷ যিহেতু একাউণ্টটো “প্ৰাইম” গতিকে ফ্ৰী ডেলিভাৰী পাওঁ৷ গতিকে প্ৰায় প্ৰতি দুই এদিনৰ মূৰে মূৰে মোৰ তাত কিবা নহয় কিবা পাৰ্চেল এটা আহেই৷  বাৰু, সেইটো ‘মেইন’ কথা নহয়৷ মেইন কথাটো হ’ল সিদিনা হঠাৎ ফোন এটা আহিল৷ নম্বৰটো আছিল, +918274061975 (চেইভ কৰি থ’ব পাৰে) সিটো মূৰত ছোৱালী এজনীয়ে

Read more

এটা অশ্লীলকাহিনী-অমিতাভ মহন্ত

পিকনিকৰ পৰা আহি বেলতলা পোৱালৈ সাতমানেই বাজিল। গলিৰ মুখতে সঞ্জীৱে অভিজিতক নমাই দিলে। সামান্য থৰক-বৰক খোজেৰে অভিজিত নিজৰ ভাড়াঘৰলৈ আগবাঢ়িল। এক গোলাপী আভাৰে অভিজিত সামান্য ৰোমাণ্টিক হৈ আছে। মাজতে দুয়োখন পকেটেৰে হাত সুমুৱাই কণী দুটা চুই চালে। আছে ঠিকেই আছে। গাড়ীত সঞ্জীৱে যি ঠেলা-হেঁচাকৈ আনিছে। তাৰ সন্দেহেই হৈছিল আজি কণী বাছেনে নাই। আচলতে এই কণী দুটা অভিজিতৰ লগত থাকিলেও দুয়োৰে মালিক বিজয়হে। পিকনিকত স্ফূৰ্তি পানী খোৱাৰ পাছত ৰাতি যে অভিজিতৰ ভাত খাবলৈ মন নাযাব সেয়া অনুভৱ কৰিয়েই জোৰকৈ দুটা হাঁহৰ

Read more

ওমলা ঘৰ-মুনমুন সৰকাৰ শইকীয়া

              (১) : নাই মিছেচ শইকীয়া, আমি দুঃখিত, আপোনালোক বায়’লজিকেল পেৰেণ্টছ হ’ব নোৱাৰে কেতিয়াও। নিজৰ সন্তান এটা জন্ম দিবলৈ আপোনালোকৰ দৈহিক সমস্যা কিছুমান আছে যাৰ চিকিৎসা এতিয়াও উপলব্ধ নহয়। নিৰ্মালি ডাক্টৰৰ চেম্বাৰৰ পৰা ওলাই আহিল। এই মূহূৰ্তত ঠিক কি কৰিব লাগে, কি ক’ব লাগে তাই একো বুজি পোৱা নাই। অভিক ফোন এটা কৰিব নেকি তাই? নাই নালাগে। কি সুখবৰটো দিবলৈনো ফোন কৰিব? দীঘলীয়া চিকিৎসাৰ অন্তত এইকেইষাৰ শুনিবলৈ তেওঁলোক প্ৰস্তুত নাছিল মুঠেও। অন্ততঃ তাই। দৰৱৰ

Read more

প্ৰাণহৰিৰ লকডাউন-উচ্চজিৎ দশগিৰি

প্ৰাণহৰিয়ে ৰিক্সাৰপৰা নামি শাক-পাচলি, আলু-পিয়াঁজ আদি ভৰি থকা মোনা দুখন নমাই জপনাখনতে আঁউজাই থৈ ৰিক্সাৱালাজনক জেপৰপৰা বিশ টকা উলিয়াই দিলে। : দাদা, আৰু দহ টকা দিয়ক। : উৱা, সদায় বিশ টকা দিওঁ, আজি তোমাক দহ টকা বেছিকৈ কিয় লাগেহে? : দাদা, এক বাজিলেই; আৰু এতিয়া ৰিক্সা সামৰি দিনটো ঘৰত সোমাই থকাহে হ’ব। উপাৰ্জন দেখোন নায়েই। সেয়ে কৈছিলোঁ। প্ৰাণহৰিয়ে ৰিক্সাৱালাজনক যোৱা তিনি বছৰ ধৰি চিনি পায়; তেওঁ কোৱাটো নোহোৱা নহয়; উপাৰ্জন দেখোন নায়েই। প্ৰাণহৰিয়ে কিবা এটা ভাবি দুশটকীয়া এখন উলিয়াই ৰিক্সাৱালাজনক

Read more

চকুলো- নাজিফ হাজৰিকা

২০১৪ চন। : তই যে জয়শ্ৰীৰ লগত লেকচাৰ মাৰি থাক, প্ৰপ’জ কৰি নিদিয় কিয়?   ৰমেনে সুধিলে প্রশান্তক।  : ধেই, লাজ লাগে।  : কিহৰ লাজ, মাৰি দে প্ৰপ’জ। পিছত পস্তাবি।  : বাৰু চাওঁচোন!  সন্ধিয়া প্ৰশান্তই জয়শ্ৰীক লগ কৰিলে।   নতুনকৈ খোলা ৰেষ্টুৰেণ্টখনত  বহি  বেবীকৰ্ণ খাই থকা মাজতে সি তাইক ক’লে, : শুনাচোন জয়শ্ৰী, কথা এটা।  : কোৱা।  : মই তোমাক হয়তো ভাল পাই পেলাইছোঁ। তুমি আমাৰ সম্পৰ্কটোক আৰু অলপ ওপৰলৈ নিব পাৰিবানে? : কি? কি কৈছা তুমি এইবোৰ?  : অঁ, মই

Read more
1 10 11 12 13 14 78