ফটাঢোল

মনে পৰে ৰুবী ৰায়-ডা° পাৰ্থসাৰথি ভূঞা

“মনে পৰে ৰুবী ৰায় কবিতাই তোমাকে একদিন কত কৰে ডেকেছি, আজ হায় ৰুবী ৰায় ডেকে বল আমাকে তোমাকে কোথায় যেন দেখেছি” গাড়ীখনত বহি চকু দুটা মুদি শঙ্কৰে অজানিতে আকৌ এই গানটো গুণগুণালে। আৰ ডি বৰ্মনৰ এই বিখ্যাত বাংলা গীতটো মাজতে পুনৰ অৰিজিতৰ কণ্ঠত শুনাৰ পাছৰ পৰা তাৰ মনলৈ অনবৰতে এই গানটোৱেই আহি থাকে। অৱশ্যে এই গীতটোৰ আধাৰত ৰচিত “মেৰী ভিগী ভিগী চি, পলক’ মে ৰহ গই জেছে মেৰে স্বপ্নে বিখৰ কে, জ্বলে মন তেৰা ভি কিছিকে মিলন ক’, অনামিকা টু

Read more

আনন্দৰ লোতক- প্ৰণীতা গোস্বামী বৰঠাকুৰ

: নাই আৰু নোৱাৰিছোঁ, কিমান আৰু এইদৰে সোমাই সোমাই আলৈ-আথানিবোৰ সহ্য কৰিম!   চুলি দীঘল ৰহিলাই দুখ মনেৰে ক’লে।   : কিয় তেনেকৈ কৈছা, আলফুল বেবীয়ে তোমাক ভালেই পায়, নতুনকৈ বাৰ্বীজনীক পাইহে অলপ আদৰ কৰিছে, দুখ নকৰিবা বুজিছা৷   শান্তনা দিবলৈকে পোৱালি টেডিটোৱে বায়েক ৰহিলাক ক’লে।   : থ হেৰৌ, সেইবোৰ কথা কৈ আমাক আভুৱা ভাৰিব নালাগে, আমি সব বুজোঁ বুজিছ!   আক্ষেপেৰে টেডিটোক গেঙেৰি মাৰি ক’লে চকা লগোৱা কাছটোৱে।   গোটেইকেইটাৰ মনবোৰ মৰা। আলফুল বেবীৰ হাতৰ পৰশত সিহঁতি প্ৰাণ

Read more

উকুলি মুকুলি-মাধুৰীমা ঘৰফলীয়া

-বা ফোনটো ৰিচিভ কৰাৰ লগে লগে সিফালৰ পৰা মৃদুৱে মাত লগালে। অৰ্নিৰ সৈতে অনলাইন ক্লাছত বহি থকা মাতুৱে লেপটপৰ স্ক্ৰীণ আৰু অৰ্নিৰ ওপৰত চকু ৰাখিয়ে সুধিলে, -ক -মই বৰ ডাঙৰ বিপদত পৰিছোঁ বা। বিপদ আৰু মৃদু! মাতুৰ চেলাউৰি কোঁচ খাই গ’ল। -হেৰৌ এটাৰ লগত অনলাইন ক্লাছ কৰি কৰি ইতিমধ্যেই এই পৃথিৱীৰ পৰা বিদায় লওঁ যেন লাগিছে, তই আকৌ ক’ৰ পৰা বিপদ চপাই ল’লি? -বা মই বিয়া পাতিবলৈ লৈছোঁ! -বিয়া? ছোৱালী নে ল’ৰাক? তোলৈ কোনোবা ছোৱালী আহিব জানো? ল’ৰাই হ’ব চাগে

Read more

লাইফটো, কাম নাই দাদা-কমলেন্দ্ৰ শৰ্মা

সুৰজিতৰ লগত মোৰ বহু বছৰৰ চিনাকি। মোক দাদা বুলি মাতে। সন্ধিয়া তেওঁৰ লগত কেতিয়াবা আড্ডা মাৰোঁ। বন্ধু কমল শৰ্মাৰ কিতাপৰ দোকানত বহোঁ আমি। কমল শৰ্মাও ৰসিক ব্যক্তি। আমি দেশ বিদেশৰ বিভিন্ন বিষয়ত কথা পাতোঁ। কেইবাখনো কাকত আলোচনী আদি চোৱাৰ সুযোগ পাওঁ। এদিন এটা বিষয় ওলাল, বিয়াৰ উপযুক্ত সময়। আলোচনী এখনত এই বিষয়ে প্ৰবন্ধ এটা প্ৰকাশ পাইছে। কমল আৰু মই যিহেতু বিবাহিত, সেয়ে সুৰজিতৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিলোঁ। তেওঁ বৰ বিৰক্তি প্ৰকাশ কৰি ক’লে – ….”হেই, বিয়াতো তেনে কথা নহয়তো! বিয়াখন পতা

Read more

গল্প লিখাৰ গল্প- অনামিকা বৰুৱা

গল্প এটা লিখিব লাগে৷ কালি ‘ফটাঢোল’ আলোচনীৰ সম্পাদকৰ পৰা মেইলটো পোৱাৰ পৰাই অদিতিয়ে ভাবি আছে কি লিখে? তাইতো আৰু কোনো বিখ্যাত লেখক নহয় যে লিখোঁ বুলিলেই এটা মনোমোহা গল্প ঘপহ্কৈ লিখি পেলাব পাৰিব৷ অৱশ্যে এনেও নহয় যে তাই একেবাৰে লিখিব নোৱাৰে৷ কেতিয়াবা কেতিয়াবা তায়ো একোটা ভাল গল্প লিখে৷ কিন্তু তাৰ বাবে তাইক সময় লাগে৷ এই যে সম্পাদকে বিশ তাৰিখৰ ভিতৰত লাগিবই বুলি সময় বান্ধি দিছে সেইটোৱেহে তাইক চিন্তাত পেলাইছে৷ সৰুৰেপৰাই কিবাকিবি লিখা মেলা কৰি আহিছে অদিতিয়ে৷ দুই এটা লেখা কাকত-আলোচনীতো

Read more

হাও আই মেট ইয়ৰ মাদাৰ-মানসী বৰা

: অ’ দেতা, তুমি মাক কেনেকৈ লগ পাইছিলা? বিয়াৰ ফটো থকা এলবামটো লুটিয়াই থকা শইকীয়াৰ পুতেকে হঠাত উৎসুকতাৰে সুধি দিছিল প্ৰশ্নটো। : কোৱাচোন কোৱা, ক’ত কেনেকৈ তোমালোকে লগ  পাইছিলা? : এঃ, ককা-আইতাৰৰ ঘৰতে লগ পাইছিলো অ’। ঘপহকৈ শইকীয়াই কৈ পেলাইছিল যদিও দহবছৰীয়া পুতেকৰ প্ৰশ্নত কাহানিও পাগুলি নোচোৱা সময়বোৰলৈ মনটো উৰা মাৰি গৈছিল। আচলতে কলেজৰ জাকৰুৱা ছোৱালীৰ মাজত প্ৰথম দেখা পাইছিল তেওঁৰ সপোন কু্ঁৱৰীক। কথা পতাত ব্যস্ত হৈ যোৱা যুৱতীয়ে কিন্তু শইকীয়াই চাই ৰোৱাৰ কথা গমেই পোৱা নাছিল। নাম নজনাকৈয়ে শইকীয়াই

Read more

গোন্ধ-পৰীস্মিতা গগৈ

সূৰয নগৰৰ ২ নং উপপথটোত হঠাতে হাহাকাৰ লাগিল। এটা গেলা ভেকেটা ভেকেট গোন্ধই উপপথটোৰ আৱাসীসকলক অস্বস্তিত পেলালে। গোন্ধটো অনবৰতে নাকত লাগি নাথাকে কিন্তু দুই এছাটি বতাহে গোন্ধটো ইমান তীব্ৰতাৰে কঢ়িয়াই আনে যে প্ৰত্যেকৰ ঘৰৰ প্ৰতিটো কোণলৈকে ইয়াক বিয়পাই দিয়ে। স্বাসযন্ত্ৰক প্ৰচণ্ড শক্তিৰে চেপি ধৰিলেও ইয়াৰ ঘ্ৰাণ নিৰ্বিবাদে ভিতৰলৈ সোমাই গৈ মগজুক সংকেত দিয়েগৈ “দুৰ্গন্ধতকৈও দুৰ্গন্ধ, কিবা এটা কৰ।” সেই সংকেতৰ প্ৰতি সঁ‌হাৰি জনায়ে আজি মানুহবোৰ ওলাই আহিছে গেইটৰ মুখলৈ। প্ৰথমাৱস্থাত দত্তই গোন্ধটোত ইমান গুৰুত্ব দিয়া নাছিল। কাষৰ নলাৰ পৰা আহিছে

Read more

নাৰী শক্তি-ভূপালী দেৱী

চাওঁ‌তে চাওঁতে কণমানিজনী এখোজ দুখোজকৈ আগুৱাব পৰা হ’ল। বহুত সপোন সাঁচি ৰাখিছিল মনত পৰীক লৈ ৰিয়াই। বিয়াৰ আঠ বছৰৰ অপেক্ষাৰ অন্তত পৰী আহি ৰিয়াৰ কোলা শুৱনি কৰছিলহি। কিমানযে আনন্দ, কিমানযে স্ফূৰ্তি। কিন্তু এই আনন্দ,স্ফূৰ্তিবোৰ কেৱল যেন ৰিয়াইহে অনুভৱ কৰিছিল। নিজৰ মানুহজনৰ আৰু শাহুৱেকৰ মুখত এইবোৰ বিচাৰি তাই হাবাথুৰি খাবলগীয়া হৈছিল। কন্যা সন্তান এটি জন্ম দিয়াৰ কাৰণে তাইক মানুহে নানান কথা শুনাবলৈ লৈছিল৷ আনকি নিজৰ মা স্বৰূপ শাহুৱেকেও তাইক কথা শুনাবলৈ নেৰিছিল “এই কুলক্ষণীজনীয়ে ইমান বছৰৰ মূৰত ছোৱালী এজনীহে জন্ম দিবলৈ

Read more

আলমষ্ট পেৰাবলিক-মৃণাল কুমাৰ বৰা

মৃণ্ময় খৰধৰকৈ চেমিনাৰ ৰূমটোত সোমাল। সকলোৱে সুপ্ৰভাত জনাই আদৰিলে। তাৰ তলৰ টিম এটাই প্ৰেজেণ্টেশ্যন কৰিব বেংকিং প্ৰজেক্ট এটাৰ ওপৰত। মৃণ্ময়ৰ অনুমোদন পালেই ডেভেলপমেণ্টৰ কামখিনি আৰম্ভ হ’ব। কালি চাইছেই সি বস্তুখিনি। আনুষ্ঠানিকতাহে বাকী এতিয়া। মৃণ্ময়ে প্ৰতি সম্ভাষণ জনালে। দিগন্ত নামৰ অসমৰ ল’ৰাজনে আৰম্ভ কৰিলে। এখন এখনকৈ স্লাইডবোৰ আগুৱাই গ’ল।  “With these inputs our cost graph will look like a parabolic curve.”  মৃণ্ময়ৰ মুখত হাঁহি বিৰিঙি উঠিল।  “ঐ ফাৰ্ষ্ট চেম, তললৈ আহ চব। লাইন পাত।” কোনোবা এজন চিনিয়ৰৰ চিঞৰত বুকু কঁপি গ’ল

Read more

সুখৰ সংসাৰ-কল্যাণ দেউৰী

আবেলি ছয়মান বজাত। বিয়াৰ নিমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যেই পাঞ্জাবাৰীত থকা যোগেন দাৰ ঘৰত গৈ কলিংবেল বজালোঁ। আচল নাম যোগেন্দ্ৰনাথ চৌধুৰী। কৃষি বিভাগৰ বিষয়া। আমি দুয়োজন একে গাঁৱৰে। বয়সত যঠেষ্ট ডাঙৰ যদিও বন্ধুৰ নিচিনা। দাদাৰ ল’ৰা ছোৱালীহাল বাহিৰত পঢ়ি আছে। ইয়াত দাদা আৰু বৌ অকলে থাকে। দাদাই দুৱাৰখন খুলি দিলে। মোক দেখা পাই উৎফুল্লিত হৈ উঠিল। : সৰু দেখোন। আহ ভিতৰলৈ আহ। ভাল লাগিল দে। বহুদিনৰ মূৰত দেখা পালোঁ। মই আচৰিত। এই ফুট গধূলিতে মুখত মদৰ গোন্ধ। : দাদা গধূলিতে ধৰিলে যে,

Read more
1 23 24 25 26 27 78