মুখা – তৃষ্ণা ঠাকুৰীয়া ভূঞা
এখেতক লুচী ভাজি খুৱাই বোৱাই অফিচলৈ পঠিয়ালো৷ ৰমিলা আজি নাহিল৷ বৰ এলেহুৱা প্ৰকৃতিৰ এই কাম কৰা মানুহবোৰ৷ আজি বোলে তাইৰ গিৰিয়েকক ডাক্তৰৰ ওচৰত লৈ যাব লাগে পিঠিৰ বিষটো দেখুৱাবলৈ৷ ইস্, বৰ একেবাৰে লাট চাহাব! হওঁতে মোৰো পিঠিৰ বিষ হৈ থাকে৷ অলপ মলম সানি বাগৰি দিলেইচোন ভাল হৈ যায়। তাতে আকৌ ডাক্তৰ, ওজা এইবোৰক দেখুৱাব লাগেনে? মাইনীৰ দেউতাকেচোন মোক কেতিয়াও ডাক্তৰ ওচৰলৈ নিয়া মনতেই নাই৷ মোৰ মানুহজনৰ কামো বহুত দিয়কচোন৷ অসমৰ ভিতৰৰে আগশাৰীৰ মেগাজিন এখনৰ সম্পাদক এখেত৷ বহুত ব্যস্ত থাকে৷ সমাজৰ
Read more