ফটাঢোল

আহ, সোণৰ অসম গঢ়োঁ – দিগন্ত কুমাৰ ভট্টাচাৰ্য

: নাই, এনেকৈ নহ’ব। কিবা এটা কৰিব লাগিব অলকে টেবুলখনত ঢকিয়াই কোৱা কথাখিনি শুনি ৰবীনে তাৰ মুখলৈ চাই ৰ’ল অলপ দেৰি। হঠাতে অলকৰ কি হ’ল একো ধৰিব নোৱাৰিলে সি। কিছুপৰ মৌনতা…. : বুজিছনে, মন যায়। সাংঘাটিক কিবাকিবি কৰিবলৈ মন যায়। অসমখন সোণৰ কৰি পেলাবলৈ মন মোৰ। আজিলৈকে মনতে ভাবিছিলোঁ কিবা কৰিম। আজি…এতিয়াই ডিচাইড কৰি দিলোঁ, হাতে-কামে কৰিম। ৰবীনে এতিয়াও একো বুজা নাই। : জ্বলিছে বুজিছ জ্বলিছে। দেখা নাই? এনেকৈয়ে অসমৰ ৰেহ-ৰূপ সলনি কৰিব লাগিব। : হয়, দেখিছোঁ। টায়াৰ জ্বলা ফ’টো

Read more

নেভাৰ গিভ আপ – ঈশান জ্যোতি বৰা

(১) বেংকৰ পৰা আজি বৰুৱা পাঁচ মিনিট সোনকালে আহিল৷ তিতাকেৰেলাৰ ভাজি, বেচনত ভজা বেঙেনা আৰু পোৰা বিলাহী পিটিকাৰ দুৰ্দান্ত সহযোগত প্ৰাণচঞ্চল হৈ উঠা ভাতকেইগৰাহ পেটলৈ নিলে৷ খাই-বৈ এহাতে বাতৰি-কাকতখন আৰু আনটো হাতে চকী এখন লৈ বৰুৱা তাৰপিছত আগচোতাললৈ ওলাই আহিল৷ গলখেকাৰি দুটামান মাৰি চকীখনত বৰুৱা মহাজনৰ দৰে বহি ল’লে৷ এতিয়া বৰুৱাই পেপাৰ পঢ়িব৷ কিমান দিন যে হ’ল-ভালদৰে পেপাৰখন নপঢ়া৷ আজি সেয়ে পেপাৰ পঢ়াৰ উদ্দেশ্যৰেই বৰুৱা পাঁচ মিনিট সোনকালে আহিছে৷ পিচে কথাতে কয়; বোলে-দাতাই দিলেও বিধাতাই নিদিয়ে৷ পৰম আগ্ৰহৰে বৰুৱাই ‘দিনটোৰ

Read more

বহ্বাৰম্ভে লঘুক্ৰিয়া (সহজতে ধনী হোৱাৰ প্ৰচেষ্টাবোৰ) – ৰিণ্টুমনি দত্ত

১৯৯৬ চনৰ কাহিনী, পঢ়া-শুনা শেষ কৰি ঘৰত বেকাৰ জিন্দেগী তেতিয়া । ঘৰত কূটা এগছো ইফালৰপৰা সিফাল নকৰোঁ বুলি প্ৰত্যেকদিনাই একেখিনি গালি ৰিপিট মুডত খাই থকাৰ দিনৰ কথা। গাৱঁ‌ৰ ক্লাবটোত সদায় কেৰম খেলাৰ নামত আড্ডা হয়, ময়ো তাৰ নিয়মীয়া মেম্বাৰ। লগৰীয়া বিশেষ নাই, প্ৰায়কেইজন সদস্যই বয়সত মোতকৈ ডাঙৰ। গুৱাহাটীত পঢ়ি অহা বুলি ডাঙৰ কেইজনেও মোক আড্ডাত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়ে। তেনেকুৱা এটা সন্ধিয়াৰ কথা, হুৰমুৰকৈ ক্লাবলৈ সোমাই আহিল আড্ডাৰ এজন সক্ৰিয় সদস্য গণেশ তামূলী। বয়সত মোতকৈ যথেষ্ট ডাঙৰ যদিও মোৰ

Read more

বজ্ৰলেপ – অমিতাভ মহন্ত

: হেল্লো! : হেল্লো জুৰী! : অ’ কোৱা৷ ইমান ৰাতি? : অ’ ৰাতিয়েই হৈ থাকিল৷ আচলতে কথাটো খুবেই আৰ্জেণ্ট৷ সেইবাবেই… : কাইলৈ কথা পাতোঁ অসীম? লাঞ্চ, টাইমত ফোন কৰিম৷ হ’ব? : কিন্তু জুৰী… বৰ দৰকাৰী আছিল কথাটো…এতিয়াই নজনালে… : ঠিক আছে, কোৱা৷ সোনকালে কোৱা, টোপনি ধৰিছে মোৰ৷ : সাংঘাতিক কাণ্ড বুজিছা৷ কেইচটো এতিয়া একদম ক্লিয়াৰ হৈ গৈছে৷ : কি কেইচ্? কি সাংঘাতিক কাণ্ড? : খুব ঠাণ্ডা মগজুৰে শুনা! ঠিক আছে? : আৰে কি হৈছে কোৱানা৷ ৰাতিখন কামুৰিছা কিয়? : তুমি

Read more

ভদ্ৰদাৰ মেট্ৰিমণি ডট্ কম – বিদ্যুত বিকাশ দত্ত

ঘটনাটো পাকলগা। ঠিক চিৰাজ কথাছবিৰ দৰে। সেইদিনা এতিয়াৰ হৰা এম এল এ আৰু তেতিয়াৰ মৌজাদাৰৰ ঘৰৰ হালোৱা টেৰণে মহৰ পিঠিত উঠি পেঁ‌পা বজাই আছিল। বাটেদি যাওক তেতিয়াৰ এম এল এ চাহাব। পেঁপাৰ সুৰ শুনি তেওঁ ৰৈ দিলে। টেৰণৰ লগত কথা পাতিলে। লাহে-লাহে তেওঁৰ ঘৰলৈ টেৰণৰ আহ যাহ হ’ল। পিছৰ বছৰ টেৰণ পঞ্চায়তত উঠিল। জিকিলো। লাহে লাহে আগৰ এম এল এ পৰি আহিল। অনাখৰী টেৰণ বুদ্ধিৰ জোৰত উঠি আহিল। দুবাৰ এম এল এও জিকিল। লাহেকৈ আগৰ এম এল এৰ জীয়েককে বিয়া

Read more

বৈৰাগী নেতা – মানসী বৰা

: এই অসম প্ৰদেশত অতীজৰপৰা অসমীয়াৰ গাত দুই ধৰণৰ বতাহ লাগি আহিছে আৰু লাগি থাকিবই৷ প্রথমটো হৈছে বাপতিসাহোন বিহুৰ বতাহ আৰু দ্বিতীয়টো হৈছে সময়ে সময়ে নিৰ্বাচনী বতাহ এইবুলি তামোল পকতিয়াই পকতিয়াই লিখন হাজৰিকাই কেৰমবোর্ড খেলি থকা ল’ৰামখাক কৈ যায়৷ বকুলী গাঁৱত আবেলি আবেলি পৰম্পৰাগত ভাবে গাঁৱৰ ডেকামখাই চাৰি আলিৰ মোহনৰ দোকানত সেইদৰে কেৰম, তাছ খেলি আড্ডা মাৰে৷ তাতে গৈ লিখন হাজৰিকাই নিজৰ নিৰ্দিষ্ট ভংগীত চেলাউৰী মাৰি মাৰি সকলোৱে শুনাকৈ ক’লে, : গুৰুজনাৰ আশীৰ্বাদ শিৰত লৈ ভাৱিছোঁ এইবাৰ ময়ো পঞ্চায়ত ইলেকচন

Read more

শংকা – মণিষা কাকতি

ছেহ্! আজি বহুত পলম হ’ল। পুৱাৰ বেলি ওলাওঁ ওলাওঁ । মাকে এনেয়ে চিন্তা কৰি মৰে। এতিয়ালৈকে চাগৈ কি কি বেয়া চিন্তা কিছুমান মনলৈ আনি ভনীয়েক আৰু দেউতাকৰ মূৰটো চোবাই আছে পাত্তা নাই। এই লগৰকেইটাৰ কাৰণেহে। ‘যাবি ৰহ’ ‘যাবি ৰহ’ কৰি এইখন কৰিলে। তাৰ ঘৰলৈ যাওঁতে যে টাউনখন পাৰ হৈ যাব লাগিব, আড্ডাৰ কোবত সেইটো চিন্তা সিহঁতৰ মূৰৰপৰা ওলাইয়ে গৈছিল। টাউনখন এতিয়া আতংকৰ অন্য নাম। নিশা হ’লেই প্ৰাণ পাই উঠে মাতালৰ ৰাগীত। সেই ভিক্ষাৰীটোযে! কি অপৰাধ আছিল তাৰ? দোকানৰ বাৰাণ্ডাত শুই

Read more

ৰিস্ক – বৰ্ণালী ফুকন

-ঐ ক’ত পালি বে মা..টো ? বাবলিৰ কথা শুনি সেমেনাসেমেনি কৰি পাৰ্থই সুধিলে। -কাৰ কথা কৈছ ? -কিয় কালি যে তোৰ গাড়ীত এজনীক দেখিলোঁ৷ কি চেপ বে৷ -সেইজনী মোৰ ঘৈণী বে! -কি কৱ বে? যোৱা সপ্তাহত সোণাপুৰত লগপোৱাজনী তই ‘ঘৈণী’ বুলি চিনাকি কৰি দিছিলি দেখোন৷ -নহয় বে, সেইদিনা সেইজনী মিতালী আছিল৷ মোৰ বেটচ্ মেট্ এসময়ৰ৷ তই মিতাৰ সন্মুখত যা তা কৱ বুলি ছেহ্কি মাৰিলোঁ৷ -মোকো চিনাকি কৰি দিবি না৷ ময়ো কেতিয়াবা কফিৰ কাৰণে লৈ যাম৷ -হ’ব দে৷ পাৰ্থই মনত পেলাবলৈ

Read more

গোলাপী জেঠাইৰ গুগুললৈ চিঠি – পৰীস্মিতা বৰদলৈ

আমাৰ গোলাপী জেঠাই হ’ল বৰ ৰঙিয়াল মানুহ৷ কথাই কথাই হাঁহি তামাচা কৰি ভাল পায়৷ তিনিকুৰি দহবছৰ বয়সতো নিজৰ সকলো কাম নিজ হাতে কৰিয়েই আনন্দ লভে৷ গোলাপী জেঠাইৰ মানুহজন মানে আমাৰ জেঠু ঢুকুৱাৰ আগলৈকে দুয়ো মিলি টকী চাবলৈ গৈছিল৷ জেঠায়ে হলত চিনেমা চাবলৈ যোৱাটো টকী চাবলৈ যোৱা বুলি কৈছিল৷ চিনেমা চাই ঘূৰি অহাৰ এমাহমানলৈকে গোলাপী জেঠাইৰ ঘৰত “টকী বৃত্তান্ত” শুনা মানুহে গিজগিজাই থাকে৷ জেঠায়েও সেলেঙি বোৱাই তামোলখন পকটিয়াই পকটিয়াই ৰস লগাকৈ কথাবোৰ কয়৷ সেই যে চিনেমাত দেখুৱায় নায়িকাজনী নায়কজনৰ গাতে বাগৰি

Read more

প্রেম অমৃতৰ নৈ – দিব্যজ্যোতি চৌধুৰী

বাইকখন ষ্টেণ্ড কৰি দীপকে বজাৰ কৰি অনা মোনা দুটা নমালে। গধুৰ মোনা দুটা কোনোমতে দাঙি ভিতৰলৈ নিবলৈ লওঁতেই ভিতৰৰপৰা দীপকৰ পত্নী নন্দিতা ওলাই আহিল। : অ’ সোণজনী, মোনা এটা দাঙিব পাৰিবানে? – দীপকে নন্দিতালৈ চাই হাঁহি মাৰি সুধিলে। : নোৱাৰো দাঙিব। বৰমতা দেখুওৱা নহয় নিজকে। দাঙা এতিয়া। – নন্দিতাই মুখ ভেঙুচাই দিলে। : মোৰ সোণমইনা, এই যে তোমাৰ মানুহটোৱে কেকো-জেকোকৈ মোনা দুটা অতি কষ্টেৰে দাঙি নিম, তোমাৰ বেয়া নালাগিবনে! : নালাগে, একদম নালাগে। : উপায় নাই আৰু তেন্তে! হে প্রভু, এইগচ

Read more
1 55 56 57 58 59 78