ফটাঢোল

চিলনীৰ জীয়েকৰ সাধু (ৰিমিক্স) – মণিষা কাকতি

এসময়ত এখন দেশত এজন মানুহ আছিল। মানুহজনৰ অগাধ ধন-সম্পত্তি আছিল, কিন্তু মনত সুখ নাছিল। কাৰণ তেওঁ ল’ৰা সন্তানৰ মাজত নিজৰ সুখ বিচাৰি আছিল। ল’ৰা সন্তান বিচাৰি তেওঁ বহুত পূজা-পাতল কৰিছিল। কিন্তু মূৰকত বাৰেপতি ছোৱালীহে পাইছিল। খঙত একো নাই হৈ মানুহজনে প্ৰতিবাৰে ঘৈণীয়েকক গালি-শপনি পাৰি, মাৰধৰ কৰি, ঘৈণীয়েকৰ ওপৰতে বৰমতা চেলাইছিল। দিনচেৰেক পিচত ঘৈণীয়েক আকৌ গা-ভাৰী হোৱাত তেওঁ সেইবাৰ টানকৈ শুনাই কৈছিল, “এইবাৰো যদি ছোৱালীয়ে ওপজে, তেন্তে তোকে, ছোৱালীকে ঘৰৰ বাহিৰ উলিয়াই দিম। মনত ৰাখিবি কথাষাৰ।” সন্তান জন্ম হ’বৰ দিন চমু

Read more

ভদ্ৰদাৰ চাৰ্জিকেল ষ্ট্ৰাইক – বিদ্যুত বিকাশ দত্ত

সেইবোৰ এয়াৰচেল জহন্নামে যোৱাৰ সময়ৰ কথা। হাতত পইচাৰ নাটনি। দুমাহৰ বাবে পে’ হ’ল্ড হৈ আছে। ঘৰত ৰেচন পাতি আছে বুলিহে চলি আছো। তেনেতে খবৰ ওলাল খুলশালী ছোৱালীজনীৰ বিয়া। বাজেট কৰি কষ্ট কৰিবলৈ মোক পৰিবাৰে নিদিয়ে! মই আফিছৰ পৰা আহি পোৱাৰ লগে লগে শ্ৰীমতীয়ে হাতত চাহ একাপ সহ এখন দীঘল লিষ্ট দি দিলেহি।মই জানোঁ, চাহকাপ গছৰ পাত আৰু মই বলি দিবলৈ চোঁচৰাই নিয়া এটা পঠা ছাগলী। লিষ্টখন চাই মোৰ খং নুঠিল। মই জানোঁ, খুলশালীৰ বিয়াত মোৰো দ্বায়িত্ব আছে। আৰু ইহঁতক ভালকৈ

Read more

বিশেষ একো নাই – সোণটো ৰঞ্জন বৰুৱা

কিছুদিনৰ আগতে বিয়া এখনত তাৰ লগত বহু বছৰৰ পাছত মুখামুখি হলোঁ। মই বাৰু তাক দেখিলেই চিনি পালোঁ কিন্তু সিও পালে। পিছে সি মোক চিনি পোৱাতহে আচৰিত হলোঁ। নহ’মনো কিয়, কলেজ এৰাৰ পোন্ধৰবছৰৰ পাছত সহপাঠীয়ে এনেদৰে চিনি পোৱাটো আচৰিত কথাই দিয়কচোন। বিশেষকৈ তেতিয়া , যেতিয়া আপোনাৰ কঁকালৰ আশেপাশে চৰ্বীৰ পাহাৰ, আগৰ ফুলৰ দৰে চেহেৰাৰ ঠাইত ফুলি যোৱা শৰীৰ, কেইবা তৰপো মেকআপৰ তলত বয়স লুকুৱাবলৈ কৰা নিষ্ফল প্ৰচেষ্টা আৰু আঙুলিত ধৰি থকা ল’ৰা এটা অপোনাৰ লগত থাকে।ইফালে ল’ৰাৰো আচৰিত হোৱাৰ পাল, এবাৰ

Read more

চেনাইধনৰ পাৰ্লাৰ – তৃষ্ণা সোনোৱাল

“ধেত তেয়িকা, শনি চাইকেল ক’ৰবাৰ। কা মুটো কয়িবলে চেইন পয়ি দেখাইছ। কিবা খং উঠিলে ভাঙি গুৱাগুয়ি কয়ি দিম গম পাবি জানিছ।”, চেনাইধনে থেকেচা মাৰি ভোৰভোৰাই উঠিল। ঘামে ধুৱা মুখ খনি ৰুমালখনেৰে মচি তাই আকাশলৈ চালে। নাই ডাৱৰৰ চিন চাব নাই একেবাৰে। ৰাস্তাটোত দূৰ দূৰণিলৈকে মানুহৰ সাৰ সুৰ নাই। অগত্যা চাইকেলখন ঠেলি ঠেলি তাই আগবাঢ়িল। চেনাইধন পায়গৈ মানে চ’কত তেতিয়া ভীৰ বাঢ়িছে। ভৰতৰ দোকানৰ পৰা পানী এবটল লৈ দৌৰাদৌৰিকৈ তাই পাৰ্লাৰ খনৰ ভিতৰত সোমাল। গ্ৰাহক কেইবাগৰাকীও আছে। মালিকনী বাইদেউৰ ঘোপা চাৱনিক

Read more

এইচ আই ভি – পৰী পাৰবীন

কম্পিউটাৰটো শ্বাট ডাউন কৰি অংগদ নিজৰ ফাৰ্মৰ পৰা ওলাই আহি বাইক ষ্টাৰ্ট দিলে। গধূলিটো বৰ মনোমোহা হৈ উঠিছে। নিয়ন লাইটৰ পোহৰত জোনাক সনা গুড়ি গুড়ি বৰষুণজাকৰ মাজত তাৰ অনাই বনাই ঘূৰি ফুৰিবলৈ মন গ’ল। পিছে এতিয়া সময় নাই। ৰাগিনী ৰৈ আছে তালৈ। সিহঁতে আজি একেলগে ৰেষ্টুৰেন্টত ডিনাৰ কৰাৰ কথা। তাৰ পিছে মন গৈছে ৰাস্তাৰ কাষৰ ধোঁৱা বলি থকা চাহ একাপ আৰু মুৰমুৰিয়া পপ এটাৰ সোৱাদ লোৱাহে। ৰাগিনীয়ে পপ খাবলৈ ভাল নাপায়, মুখৰ সমস্ত মেকআপ বেয়া হৈ যায় হেনো। ওঁঠৰ লিপষ্টিকবোৰ

Read more

ঢৌ – মল্লিকা শৰ্মা বৰদলৈ

: ঐ, জ’ক এটা পঠিয়াও পঢ়িবি! : কি জ’ক? : মজ্জা জ’ক এটা। : একো বেয়া নহয়তো? : এহ, নহয় দে, অকণমান বেয়া পঢ়িলে নমৰ তই। : চৰ লাগে? কিমান ক’ব লাগে সেইবোৰ মোক নিদিবি বুলি? : সেইকাৰণেতো তই ইমান ব’ৰ। বৰ সতী, সাৱিত্ৰী একেবাৰে। : সতী সাৱিত্ৰী নহয়, কিন্তু মই ভাল নাপাওঁ এইবোৰ, জানই দেখোন। : এটা কাম নকৰ কিয়, গেৰুৱা বসন পিন্ধি, তুলসীৰ মালা ডিঙিত ওলমাই, দীঘলকৈ ফোঁট লৈ সেই যে “দোতোৰা” নে কি, সেইটো লৈ মন্দিৰৰ সমুখত

Read more

ৰূপালী জয়ন্তী – জয়ন্ত শৰ্মা

ডিটিপি খিনি কৰি উঠাৰ পিছতেই অংকুৰৰ ফোন আহিল। :এইটো প্ৰেছত বোলে কোনোবাই ‘ৰূপজ্যোতি যুৱক সংঘ’ বুলি পেড এটা বনাই নিছে। তহঁতে এটা কাম কৰ বুজিছ। ৰূপজ্যোতিতো ‘ৰূপহী’ বনাই দে। নামটোত গাঁৱৰ চেণ্টি এটাও থাকিব। চেহ্। আকৌ ৰিচিপ্ত বহীৰ পেড সলাই প্ৰিণ্ট উলিয়াই অনালৈ অলপ দেৰিয়েই হ’ল। মিটিঙ আৰম্ভ হলেই। মানুহ একেবাৰেই কম। তথাপিও কিবাকৈ আগত গৈ তেওঁ দেখাকে আমি কেইটাই কথাই প্ৰতি ইমানেই হাত চাপৰি বজাব আৰম্ভ কৰিলো যে তেওঁৰ মুখখনো উজ্জ্বল হৈ পৰিল। ‘তেওঁ’ মানে ‘এখেত’ যোৱাবাৰৰ আমাৰ সমষ্টিৰ

Read more

বৃহন্নলা – বিতোপন গৌৰাত্ৰ

” অ’ অ’ অ’ লা লা লা… অ’ অ’ অ’ লা লা লা লা.. আলি ঢাকি পৰ শালিকী / অগা দেৱা কৰ শালিকী…” তাৰ এই জন্মজাত স্বভাৱটো, মানে ‘মাইকী মুৱা’ কাৰবাৰটো কেৱল গান মাত্ৰতে আৱদ্ধ নহয়।থকা খোৱা, পিন্ধা উৰা, খোজ কাটল সকলোতে..!কাৰোবাৰ বাবে ই ৰং ৰহইচৰ কাৰণ ৷ আৰু আপোন মাকজনীৰ বাবে..? এৰাব নোৱাৰা তিক্ততা! বাৰিষাৰ সেমেকা কৃষ্ণ বৰণৰ পিছল চোতালখনতে থকা কাপোৰ মেলা ৰছিডালত চাৰ্টটো ওলমাই সি মাকক চিঞৰিলে। “মা অ’মা.. “ একমাত্ৰ সন্তান দীপকৰ মাত শুনি মাক প্ৰতিভা

Read more

চান্দাৰ ধান্দা – ধূৰ্জ্জটি কাকতি

গেট খোলাৰ শব্দ শুনি ৰমেশ ভাগৱতীয়ে বাতৰি কাকত পঢ়ি থকাৰ পৰা মূৰ তুলি চালে৷ ওচৰৰে ক্লাবৰ ল’ৰা কেইজন গেট খুলি সোমাই অহা দেখি মনৰ ভিতৰতে গুণা-গঁথা কৰিলে, “দূৰ্গা পূজা কমিটি, কালী পূজা কমিটি, থিয়েটাৰ কমিটি সকলোৱে চান্দা নিলেই দেখোন, এই কেইটা আকৌ কিয়বা আহিল?” “ছাৰ, পেপাৰ পঢ়িছে?” ভাগৱতীৰে প্ৰাক্তন ছাত্ৰ সঞ্জীৱে মাত লগালে৷ এনেও বাৰু তেখেত যিহেতু অৱসৰপ্ৰাপ্ত অধ্যাপক, সেইকাৰণে বাকী মানুহেও ভাগৱতীক “ছাৰ” বুলিয়ে মাতে৷ “অ’ আহা আহা, বহা, কি সকামত বা আহিলা?” “ছাৰ, ভাল কাম এটাৰ কাৰণেই আহিছো৷

Read more

প্ৰতিবাদ – মানস শইকীয়া

“তাৰমানে তহঁতে কালিলৈ প্ৰতিবাদ কৰিবিয়েই! ভাল কথা৷ পিছে,যোগাৰ পাতি হৈছেগৈ নে?”, প্ৰতিবাদ কাৰ্যসূচীৰ নিমন্ত্ৰণ দিব অহা ল’ৰাহঁতক ৰমণী কেৰাণী ওৰফে ৰমণী কলিতাই সুধিলে৷ কাৰ্যসূচীৰ আহ্বায়ক প্ৰণৱে বোলে, “দাদা,সেইবোৰ সৱ ৰেডি আছে৷ কঠীয়া তিনিমুঠি কিনি আনিলোঁ৷ নাঙলটো বিচাৰোতে কষ্ট হ’ল অৱশ্যে! পিছত, সেই আপোনাৰ সূৰ্য্য মিস্ত্ৰীৰ ঘৰত যেনেতেনে এটা পালোগৈ৷ ঘূণ লাগিছিলেই আৰু! মামৰ-চামৰ গুচাই থৈ আহিছোঁ৷” “অলৰেডি দুটা চেনেলক খবৰ দিছোঁ৷ লাইভ ক’ভাৰেজ দিব বোলে৷”, লগত অহা সুৰজিত বোলাটোৱে উৎসাহেৰে মাত লগালে৷ কলিতাই বোলে ঠিক আছে, “মই এপাক মাৰিম যা”৷

Read more
1 60 61 62 63 64 78