যমপুৰীত এদিন – হেমন্ত কাকতি
কালি ৰাতিয়েই মোৰ ডায়েবেটিছজনিত ৰোগত মৃত্যু হ’ল যদিও যমপুৰী পাওঁতে দেৰি হ’ল৷ গেইট পায়ো বহুত দেৰি ৰবলগা হ’ল৷ যথেষ্ট ভিৰ৷ কিবা ইৰাক, চিৰিয়াৰ যুদ্ধ লাগি আছিল হেনো, তাৰে আজি বহু মানুহ আহিছে৷ গতিকে লাইনত লাগিবলগা হ’ল৷ অলপ আমাৰ বিজয় যেন লগা মানুহ এজনক দেখিলো গেটত কিবা ফৰ্ম জমা লৈ প্ৰত্যেকৰে পিছফালে কিবা এটা নম্বৰ লগাই লগাই এজন এজনকৈ সোমোৱাই আছে৷ সন্দেহযুক্ত যেন লগা দুই এজনক প্ৰশ্ন কৰি ৰখায়ো থৈছে৷ জীয়াই থাকোতে এনে বহু লাইনত ঠিয় হোৱাৰ অভিজ্ঞতাপুষ্ট বাবে বিশেষ অসুবিধা
Read more